ফটাঢোল

ডকাইত-অৰবিন্দ গোস্বামী

বাহিৰত দোপালপিটা বৰষুণ। বিজুলী ঢেৰেকনিৰে বুকু কঁপাই তোলা ভয়ানক শব্দ। চিদানন্দ বৰাই পত্নীয়ে দিয়া মাছৰ জ্বলাৰ আঞ্জাকণেৰে ভাতকেইটা খাই পত্নীক লেপৰ তলৰপৰাই চিঞৰিছে—–

“হেৰা! থোৱা….বতৰ বৰ বেয়া। বাচন কাইলৈ ধুলেও হ’ব। সোনকালে বিচনালৈ আহা।”

পিছে শ্ৰীমতীয়ে কথা শুনিলেহে! পাকঘৰত খুটুং-খাটাং শব্দ হৈয়েই থাকিল। কাৰেণ্ট নাই। ইনভাৰ্টাৰটো আছে বাবে যেনিবা বৰানীয়ে আজিকালি খোৱা বাচনবোৰ ভিতৰৰ বেচিনতে ধুই পেলায়। চিদানন্দ বৰাই লেপৰ তললৈ মোবাইলটো সুমুৱাই লৈ চিৰিয়েল এখন চোৱাত ব্যস্ত হ’ল। দূৰদৰ্শনৰ হিন্দী চিৰিয়েল ভাল পোৱা পুৰুষৰ ভিতৰত এইজনাও এজন, মানে এক কথাত দুষ্প্ৰাপ্য জীৱ। ৰাতিৰ বৰষুণ আৰু ঠাণ্ডাৰো এটা আমেজ থাকে।বৰানীয়ে বাচন বৰ্তনবোৰ থানথিত লগাই বৰাক ক’লে—–

“হেৰা, মোবাইলৰ লাইট জ্বলোৱা। মই পাকঘৰৰ লাইট অফ কৰোঁ।”

বৰাই কাছই চলঙৰ ভিতৰৰপৰা মূৰটো উলিওৱাৰ নিচিনাকৈ লেপৰ তলৰপৰা মূৰটো উলিয়াই মোবাইলেৰে কোঠাটো পোহৰাই তুলিলে। বৰানীয়ে পাকঘৰৰ লাইটটো বন্ধ কৰোঁতেই  কলিং বেলটো বাজি উঠিল। কলিং বেলৰ শব্দত বৰা আৰু বৰানী দুয়োৰে মুখত আশ্বৰ্য্য। এই মৰ ঠাণ্ডা আৰু দোপালপিটা বৰষুণৰ মাজত নিশা ন বজাত তেওঁলোকৰ ঘৰলৈ কোন আহিল! তাতে কাৰেণ্টো নাই। বৰানী দৌৰি অহাদি আহি শোৱা কোঠা পালেহি।আহিয়েই বৰাক দবিয়ালে—–

“হেৰি! আপোনাৰ ঝামেলাবোৰ কেতিয়াবা শেষ হ’বগৈনে? ক’ত কি ঝামেলা লগাই থৈ আহিছে ঠিক নাই। এতিয়া যাওক,কোন আহিছে চাই আহকগৈ। মই নোৱাৰোঁ দৰ্জা খুলিব। ক’তনো কি কৰি ফুৰে এই মানুহজনে!

বৰানী ততাতৈয়াকৈ লেপৰ তলত সোমালহি। উপায়বিহীন হৈ বৰাই স্বগতোক্তি কৰিলে——

“ৰক্ষা নাই মুঠতে। কোনেনো এই ৰাতিখন বিচাৰি আহে!”

বৰ কষ্টৰে লেপখনৰ তলৰপৰা বাহিৰ ওলাই বৰাই বিচনাৰপৰা নামি আলনাডালত থকা চোলাটোকে গাত লগাই দুৱাৰখন খুলিলেগৈ।

বাহিৰত তিনিজন মানুহ। দুৱাৰ খোলাৰ আগতে বৰাই আলহী বহা কোঠাৰ লাইটটোৰ চুইচ অন কৰিছিল যদিও তাৰ পোহৰ বাহিৰৰ বাৰাণ্ডাত ভালকৈ পৰা সম্ভৱ নাছিল। তিনিওজন মানুহৰ মুখ ক’লা কাপোৰেৰে ঢকা। বৰাদাই এনে ক্ষেত্ৰত ভয় খোৱাৰ প্ৰশ্নই নাহে। কাৰণ তেওঁৰ লগৰে দুই এজনে কেতিয়াবা মনে মনে আহি তেওঁক চিগনেল দি সিবিধ ধৰিবলৈ মাতি লৈ যায়। তদুপৰি ঠাণ্ডাত কাপোৰ এগালমান পিন্ধি আহিলে সেইজননো কোন একো ধৰিবই নোৱাৰি।

: দাদা ভিতৰলৈ নামাতে?

: আ…আহক…আহক।

মানুহ তিনিজন ভিতৰলৈ সোমাই আহি চোফাত বহিল। বৰাই বতাহে জোকাৰি থকা দৰ্জাখন বন্ধ কৰি ঠাণ্ডাত অলপ কোঁচ খাই মানুহকেইজনৰ সন্মুখৰ চোফাত বহিল।

: কওকচোন, আপোনালোক কোন আৰু কি সকামত এই ভয়ানক বৰষুণ আৰু ঠাণ্ডাৰ মাজত মোক বিচাৰি আহিলে?

: মই যম। আৰু এই দুজন মোৰ দূত।

: এই ৰাতিখন কি ধেমালি কৰে হে! কিবা দৰকাৰী কথা আছে যদি কওক।

নিজকে যম বুলি চিনাকি দিয়াজনৰ বৰাৰ অৱজ্ঞাসূচক কথা শুনি খঙে মূৰৰ চুলিৰ আগ পালেগৈ।

: কি? মই ধেমালি কৰিছোঁ! ৰ’ব আপোনাক দেখুৱাই আছোঁ মই ধেমালি নে কি কৰিছোঁ।

ধুম্ৰপাল,যা… বাহিৰৰপৰা আমাৰ বস্তাটো লৈ আহ।

যম বোলাজনৰ এই চিঞৰত বৰানীয়ে কিবা অঘটন ঘটিছে বুলি বুজি বৰা আৰু মানুহকেইজন বহি থকা কোঠা পালেহি।  ধুম্ৰপাল বোলাজনে ততালিকে বাহিৰলৈ গৈ চোঁচৰাই চোঁচৰাই প্লাষ্টিকৰ বস্তা এটা ভিতৰলৈ সুমুৱাই আনিলে আৰু সেইটো খুলি পেলালে। বৰা আৰু বৰানীয়ে হঠাৎ হোৱা কাণ্ডটোৰ একো তত ধৰিব নোৱাৰি ভেবা লাগি চাই থাকিল।

যমে তৃতীয়জন ব্যক্তিক নিৰ্দেশ দিলে—–

: মহীপাল, আমাৰ অস্ত্ৰবোৰ উলিয়া আৰু ধুম্ৰপাল… তই দৰ্জা বন্ধ কৰ।

আদেশমতেই কাম। ধুম্ৰপালে দৰ্জা বন্ধ কৰিলে আৰু মহীপালে বস্তাৰ ভিতৰৰপৰা উলিয়াই আনিলে এটা গদা, এখন কৰত আৰু এখন কুঠাৰ। যম বোলাজনে গদাটো কান্ধত তুলি লোৱাৰ বিপৰীতে ধুম্ৰপালে কৰত আৰু মহীপালে কুঠাৰখন হাতত লৈ অট্টহাস্য কৰিবলৈ লাগিল। বৰষুণ আৰু বিজুলী ঢেৰেকনিৰ শব্দত যম, ধুম্ৰপাল আৰু মহীপালৰ শব্দবোৰ বৰাৰ ঘৰৰ কোঠাৰ ভিতৰতে গুঞ্জৰিত হৈ মাৰ গ’ল।এনেতে যম বোলাজনে গদাটো বৰাৰফালে জোকাৰি জোকাৰি সদম্ভে ঘোষণা কৰিলে——-

: আমি ডকাইত। আপোনাক লুটিবলৈ আহিছোঁ। ক’ত ক’ত ধন-সোণ লুকুৱাই থৈছে কওক আৰু ঘৰৰ সৱ চাবি মোক দিয়ক।

এয়া বাৰু কোন মানুহে কল্পনা কৰিব যে কোনোবাই এই প্ৰযুক্তিবিদ্যাৰ যুগত গদা, কৰত আৰু কুঠাৰ লৈ কাৰোবাৰ ঘৰত ডকাইত কৰিবলৈ আহিব?

ডকাইতৰ সদম্ভ ঘোষণা শুনি বৰানীয়ে কান্দিবলৈ লাগিল আৰু ক’লে——–

: আমাক এৰি দিয়ক। আমাৰ ঘৰত আপোনালোকে নিব পৰা একো বস্তু নাই।

: আপুনি একদম মনে মনে থাকক।বৰাদা, চাবি দিয়ক।

এইবাৰ বৰা সচকিত হৈ উঠিল। তেওঁক যদি ‘বৰাদা’ বুলি মাতিছে, তেন্তে ডকাইতকেইটা কোনোবা চিনাকি মানুহেই। চতুৰ বৰাই একো বুজি নোপোৱাৰ ভাও জুৰি কঁকালৰ খোচনিৰপৰা চাবিকোচা উলিয়াই দিলে।

বৰা: চাওক, মই দুখীয়া মানুহ। মোৰ ইয়াত আপোনালোকে ধন-সোণ একো নাপায়। আপোনালোকে কোনোবা ধনী মানুহৰ ঘৰত চুৰ কৰিবলৈ যাব নোৱাৰেনে?

যম: কি ক’লে? চুৰ কৰিবলৈ যাবলৈ ক’লে যে! আমি কি চোৰ নেকি? এয়া আমি কি চোৰ কৰিছো নেকি? দস্তুৰমত আমি ডকাইত আৰু এতিয়া আমি ডকাইতি কৰি আছোঁ। আমাৰ আত্মসন্মানত আঘাত লগাকৈ কথা নক’ব। গদাৰে কোবাই কোবাই কুঠাৰেৰে ফালি কৰতেৰে ৰেপি ৰেপি কাটিম।

যমৰ কথা শুনি বৰাই কোঠাটোৰ ওপৰে-তলে, আগে-পিছে কিবা বিচাৰিবলৈ লাগিল। ইয়াকে দেখি যমে ক’লে—–

“এই যম অৰ্থাৎ মৃত্যু সন্মুখত থকা সময়ত আপুনি আকৌ কি বিচাৰিবলৈ লাগিল?”

বৰা : কাঠ বিচাৰিছোঁ।

যম : কাঠ? কাঠ কিয় লাগে?

বৰা : নহয়, আপুনি কিবা কোবাম, ফালিম, ৰেপিম বুলি কোৱা কাৰণেহে মই কাঠ বিচাৰিছোঁ।

যম: (কন্দনামুৱা হৈ) ঐ ধুম্ৰপাল আৰু মহীপাল, ই আমাৰ নিচিনা ডেঞ্জাৰ ডকাইতৰো ইজ্জত নাইকিয়া কৰি দিছে বে! ঐ মহীপাল, ইয়াক ফালি দে…একদম পিচ পিচ কৰি দে।

যমৰ আদেশ পাই মহীপালে কুঠাৰখন ডাঙি বৰাক ফালিবলৈ গ’ল। পিছে বৰাদা হবলা কম টেঙৰ! তেওঁ ইতিমধ্যে গম পাইছিল যে ডকাইত মানে সেইকেইটা কোনোবা ভাল চিনাকিয়েই। কিন্তু কোন সেইটোহে ধৰিব পৰা নাই। বৰাই হাঁহি হাঁহি ক’লে—–

বৰা : মহীপাল….তুমি বিয়া পাতিলানে?

মহী: আৰে! মই বিয়া পাতোঁ অথবা নাপাতোঁ, আপোনাৰ কি দৰকাৰ?

বৰা: বহুত ডাঙৰ কাৰণ এটাত সুধিছোঁ।কোৱা সোণ, ক’লে লাভ তোমাৰেই।

মহী: (অলপ দুখ মনেৰে) নাই পতা… মই বৰলা।

বৰা : ইচ ইচ!! কিয় তুমি বৰলা হৈ আছা… বিয়াখন অতদিনে কিয় পতা নাই?

মহীয়ে বৰাৰ আন্তৰিকতাভৰা কথা শুনি অলপ কন্দাৰ নিচিনা হৈ ক’লে———-

“২০ বছৰে লহপহকৈ বাঢ়ি আহিছিলোঁ।কিন্তু এই সময়তহে দেশৰ পৰিস্থিতি ইমান বেয়া হ’ব লাগেনে যে কোনো কাৰো ওচৰলৈ যাবই নোৱাৰে। ভাবিছিলোঁ বিয়া পাতি ফুলে-ফলে জাতিষ্কাৰ হ’ম। পিছে এতিয়া যেন জীয়াই থাকিবলৈ কাৰ্বন-ডাই-অক্সাইডকণো নাপাম!”

যম: ঐ গোটগৰু, তই ডকাইত কৰিবলৈ আহিছ নে ট্ৰেজেদি ফালিবলৈ আহিছ?

মহী:(খং কৰি) চেণ্টিমেণ্ট লাগি আছে। দম নিদিব কৈ দিছোঁ।

ধুম্ৰ: ইঃ! কুকুৰৰ চেণ্টিমেণ্ট লাগে! তই ঘৰলৈ যাগৈ। তই ডকাইত কৰা বাদ দে, মাখি এটাও মাৰিব নোৱাৰ তই।

বৰা: বাৰু ৰ’বা সোণহঁত, তোমালোকে কাজিয়া নালাগিবা। ইমান ঠাণ্ডাত তিনিও ইমানে আশাৰে ডকাইত কৰিম বুলি আহিছা… প্ৰথমে চাহ একাপকে খাই লোৱা।

হেৰা..যোৱা… এওঁলোকলৈ তিনিকাপ আৰু মোলৈ একাপ চাহ লৈ আহাঁ। লগতে বিকাজি ভুজিয়াৰ পেকেট গোটেইটো উঠাই আনিবা। বিস্কুটৰ পেকেট তিনিটাও লৈ আহিবা।

বৰানী আচৰিত হ’ল যদিও বৰাৰ কথা নেপেলাই চাহ বনাবলৈ গ’ল।

বৰা: বাৰু সোণহঁত, যি দেখিছোঁ তোমালোক তিনিওটাই বৰলা।

যম : খবৰদাৰ! আপুনি বাৰে বাৰে আমাৰ সন্মানত আঘাত কৰিছে। বৰলাৰ কি সন্মান নাথাকে নেকি?

বৰা:ই… বৰলাৰ আকৌ কিহৰ সন্মান?বৰলাৰ ইহজনম, পৰজনম ক’তো মুক্তি নাই।

ধুম্ৰ: কি কয় হে বৰাদা? এনেকৈ ভয় নুখুৱাব দেই! সঁচা কথা কওক না। বৰলাৰ কি ইহজনম পৰজনম ক’তো মুক্তি নাই নেকি?

বৰা: অঁ….মই চিৰিয়াচলি কৈছোঁ। বিশ্বাস নকৰা কিয়? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ— এই চাৰিপদ প্ৰাপ্ত নহ’লে মুক্তি নাই। তাতে তোমালোকে ধৰ্মৰ নামত ডকাইতি কৰি অধৰ্ম কৰিছা। এতেকে ইয়াৰ কাৰণে এক্সট্ৰা পানিচমেণ্ট।

দুই নম্বৰী কৰি অৰ্থ উপাৰ্জন কৰিছা । তাৰো এক্সট্ৰা পানিচমেণ্ট। কামনা-বাসনা পূৰণ নহ’লেই। বিয়া নাপাতিলে হ’বনো ক’ৰপৰা? গতিকে সাতে-সোতৰই মিলাই তোমালোকৰ ৫০০ বছৰমান নৰকতে জেল হ’ব। তাৰ পিছত আকৌ জন্ম ল’লেও দেখোন একো কৰাৰ জ’চ নাথাকিবই।

বৰাৰ কথাখিনি অত দেৰি ‘যম’ বোলাজনেও শুনি আছিল। অৱশ্যে এইষাৰ কথা বৰায়ো মন নকৰা নহয়।

ইতিমধ্যে চাহ আহি পাইছিল আৰু তিনিও ডকাইতে বৰাক পেৰি পেৰি ধৰ্ম, অৰ্থ, কাম, মোক্ষৰ বিষয়ে মনৰ খু-দুৱনিবোৰ মাৰিবলৈ প্ৰশ্নৰ ওপৰত প্ৰশ্ন সুধিবলৈ ধৰিলে। ইফালে বিকাজি ভুজিয়া, বিস্কুটৰ পেকেট সকলো ডকাইতে খাই আধ্যা পেলাইছিল।

যম: বাৰু বৰাদা, যি হ’ল হ’ল। এতিয়া আজিৰপৰা আমি আৰু ডকাইতি নকৰোঁ বুলি ঠিক কৰিলোঁ। পিছে আপুনি লাষ্ট ডকাইতি বুলি কিবা এটাতো দি পঠাওক।

বৰা: ধেই! ধন-বিত নায়েই। ক’ৰপৰা দিম?হেৰা! তুলিৰ তলতে খুচুৰা কেইটামান আছে, তাৰে দুটামান এওঁলোকক দি দিয়াচোন।

বৰানীয়ে বিচনাৰ তুলিৰ তল খুচৰি ৭ টকা পাই তাকে বৰাৰ হাতত দিলেহি।

বৰাই দুটকীয়া তিনিটা তিনিওটা ডকাইতকে দি এটকা এটা নিজলৈ ৰাখি ক’লে——

“হাত খালী হ’লে বেয়াতো, সেয়ে এটকাটো মই ৰাখিলোঁ। এতিয়া চাবিকোচা মোক দিয়া আৰু তোমালোক যোৱা। আমিও শুব লাগে। তোমালোকো শোৱাগৈ।

“হয় দাদা”—–বুলি কৈ প্ৰথমে যমে চাবিকোচা বৰাক চমজাই দিলে। তিনিওটা ডকাইতে বস্তাত নিজৰ হাথিয়াৰ-পত্ৰ সুমুৱাই ৰাওনা হ’ল।

ডকাইতকেইটা যোৱাৰ পিছত বৰানীয়ে আহি বৰাক সুধিলে——

“হেৰি! ডকাইতকেইটা কোন আছিল?ধৰিব পাৰিলেনে?

বৰা: কোন হ’ব আৰু! এই যম বোলাটো দেৱজিত শৰ্মা। ধুম্ৰপাল বোলাটো অৰ্চন শৰ্মা আৰু মহীপাল বোলাটো দিম্পল কলিতা।

বৰানী: অ’….কণা গোঁসাই, মোক আগতে নক’লে কেলৈ! সেই ফুকলীয়াকেইটাই আমাক ডকাইতি কৰিবলৈ আহিছিল!মোক আপুনি আগতে কোৱাহ’লে মই সিহঁতক ঢেঁকীৰ থোৰাৰে মৰিয়াই চোৰাত পাতেৰে কোবাই কোবাই খেদালোহেঁতেন নহয়।

বৰা: বাদ দিয়াহে সেইবোৰ। বৰলা জীৱন কটাই কটাই সিহঁতৰো মতিভ্ৰম হৈছে।এতিয়া সিহঁতৰ মাক-দেউতাকৰ লগত কথা পাতি তিনিওটাৰে বিয়াকেইখন পাতি দিব লাগে। ইয়াতকৈ সিহঁতক দিবপৰা ভাল শাস্তি নাই। বিয়া পাতি দিয়া আৰু সিহঁতক জীৱনভৰ চোৰাতেৰে কোবোৱা একে কথা।

বৰানী: অ’ হয়নে! আপুনি মানে এতিয়া চোৰাতৰ কোবহে খাই আছে?

বৰা: নহয়। মই ফাঁচীকাঠৰ ৰছীডাল ডিঙিত লগাই ৰৈ আছোঁ। লিভাৰডালহে তুমি টানিবলৈ বাকী।

বৰানীয়ে খঙৰ ভমকতে ভিতৰলৈ গৈ আগদিনা বজাৰৰপৰা আনি থোৱা দৈৰ টেকেলিটো কেতিয়ানো আনি বৰাৰ মূৰত থেকেচা মাৰি দিলেহি বৰাই গমেই নাপালে। আঠা দৈখিনি বৰাৰ গালে-মুখে বিয়পি পৰি টেকেলিৰ টুকুৰাবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিল।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    হাঃ হাঃ ডকাইতৰ‌ দুৰৱস্থা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *