মূল: লেখক হোৱাৰ দুখ,গল্পকাৰ: মনোজ বেদপ্ৰকাশ পাণ্ডে,অনুবাদ-পূৰৱী কটকী
শিল এচটাত মূৰটো মাৰি দিয়া অথবা পাগল কুকুৰ এটাৰ আগত নচাটো বেছি সহজ লেখক হোৱাৰ তুলনাত। লেখকসকল প্ৰায়ে কিছুমান মানুহৰ চকুৰ শূল। কিছুমান মানুহৰ বিষয়ে যদি তেওঁ বেয়াকৈ লিখিছে, তেনেহ’লে সেই মানুহজনৰ শত্ৰুতা সহ্য কৰা। চতুৰ্থ শ্ৰেণী পাছ নকৰা ৰান্ধনিটোৱেও কাহিনী কেনেকৈ লিখে, তুমি কেনেকৈ মহান লেখক হ’ব পাৰিবা তাৰ পাঠ পঢ়াব। তুমি এইটো কিয় নিলিখিলা, তুমি সিটো কিয় নুবুজালা, এনেধৰণৰ প্ৰশ্ন সোধা হ’ব। সন্মানিত আৰু পবিত্ৰ প্ৰেমিকে নিজৰ প্ৰেমিকালৈ প্ৰেমপত্ৰ লিখাবলৈ তোমাৰ কাষ নিশ্চয় চাপিব। যদি প্ৰেমপত্ৰ বিফল হয়, তেনেহ’লেতো লেখক মহোদয়ৰ বস্ত্ৰহৰণ হোৱাটো নিশ্চিত।
চুবুৰীয়াৰ ল’ৰা-ছোৱালীবোৰক বিদ্যালয়ত শুনাবলৈ নিবন্ধ আৰু কবিতা লিখি দিয়াটো স্থানীয় লেখকৰ কৰ্তব্য। লুকাই জীয়াই থকাৰ পাছতো নৰকী সমীক্ষকে লেখকসকলক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াই তেওঁক দীঘলীয়া প্ৰবচন জৰুৰ দিবই। যিজনে কাহিনীৰ ‘ক’টোও কেতিয়াও নপঢ়ে, তেওঁ শব্দকোষ আৰু ব্যাকৰণৰ অশুদ্ধতা বিচাৰি উলিয়াব আৰু লেখকৰ মূৰলৈ মাৰি পঠিয়াব। লেখকে কিতাপ লিখে নিজৰ কাহিনী ব্যক্ত কৰিবলৈ, কিন্তু প্ৰায়ে তেওঁৰ কিতাপে কোনোবা কোনোবা ব্যক্তিৰ মানসিক ভাৰসাম্যত প্ৰভাব পেলাই, এতিয়া ইয়াত লেখকৰ কি ভুল! তথাপিতো সেই ব্যক্তিৰ মিতিৰ-কুটুম্বে টাঙোন লৈ লেখক মহোদয়ক বিচাৰি ফুৰাটো দেখা যায়।
মোৰ এজন বন্ধুৱে প্ৰায়ে এটা কথা কয়, এই পৃথিৱীত দুটাই উপায় আছে আগবাঢ়িবলৈ….
এটা হৈছে ভাল কৰি খ্যাতি অৰ্জন কৰা অথবা সকলোকে কাঢ়া উত্তৰ দি কাজিয়া লাগি কুখ্যাত হৈ যোৱা। এতিয়া মানুহক লেখকে কিদৰে বুজাব যে তেওঁৰ তৰ্ক কৰাটো বা কাৰোবাৰ লগত কাজিয়া লগাটো মুঠেই পছন্দ নহয়। সেইবাবেইতো তেওঁ বাঁহৰ হালোৱা এচাৰি নিৰ্বাচন নকৰি হাতত কলম তুলি ল’লে।
☆ ★ ☆ ★ ☆