ফটাঢোল

শৈক্ষিক ক্ষেত্ৰত প্ৰাসংগিকতাৰ দৃষ্টিৰে সৰস্বতী পূজা-শ্ৰুতিমালা মিশ্ৰ

सरस्वति महाभागे विद्ये कमललोचने ।

विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते ॥

হিন্দু বৰ্ষপঞ্জী অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা ‘বসন্ত পঞ্চমী’ উদযাপন কৰা হয়। এই দিনটোতে জ্ঞান, বাগ আৰু কলাৰ দেৱী মা সৰস্বতীক পূজা কৰা হয়। হিন্দু ধৰ্মত শিশুৰ শিক্ষা আৰম্ভ কৰা বা সৰস্বতী পূজাৰ দিনা আখৰৰ জ্ঞান প্ৰৱৰ্তন কৰাৰ পৰম্পৰা আছে। সেই অনুসৰি চলিত বৰ্ষতো মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম তিথি, শনিবাৰে অৰ্থাৎ ৫ ফেব্ৰুৱাৰী তাৰিখে সৰস্বতী পূজা উদযাপন কৰা হ’ব। 

সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত। সৰস্বতী পূজা অকল হিন্দু ধৰ্মাৱলম্বী লোকসকলেই পালন নকৰে; কিছুসংখ্যক জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকেও সৰস্বতী পূজা পালন কৰে, বিশেষকৈ পশ্চিম আৰু মধ্য ভাৰতত জৈনসকলেও সৰস্বতীৰ পূজা কৰে। খ্ৰীষ্টিয় চতুৰ্থ-পঞ্চম শতিকাতে ৰচিত মহাযান বৌদ্ধ ধৰ্মগ্ৰন্থ ‘মহাযান সূত্ৰ’তো সৰস্বতী দেৱীৰ উল্লেখ পোৱা যায়। লক্ষ্মী আৰু পাৰ্বতীৰ সৈতে ‘ত্ৰিদেৱী’ৰ অংশস্বৰূপে সৰস্বতীক জ্ঞান, বোধ, সংগীত, কলা আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীস্বৰূপে ঋগবেদত উল্লেখ কৰা হৈছে । 

দেৱীভাগৱত পুৰাণ অনুসৰি, দেৱী আদ্যাপ্ৰকৃতিৰ তৃতীয় অংশত দেৱী সৰস্বতীৰ জন্ম। সংস্কৃতত ‘সৰস’ মানে ‘বাগ’, ‘ৱতী’ মানে ‘যিয়ে ধাৰণ কৰে’ আৰু সেয়ে ‘সৰস্বতী’ মানে ‘যিয়ে বাগ ধাৰণ কৰে’। বঙালী সম্প্ৰদায়ৰ লোকসকলেও বসন্তকালৰ আৰম্ভণিত (জানুৱাৰী-ফেব্ৰুৱাৰী) এই উৎসৱ পালন কৰে। সেয়েহে ইয়াক ‘বসন্ত পঞ্চমী’ বুলিও কোৱা হয়। বিশ্বাস কৰা হয় যে এই উৎসৱৰ পৰাই ধৰণীত বসন্তকালৰ আগমন ঘটে। 

সৰস্বতী স্তোত্ৰম্ঃ (অগস্ত্য ঋষিৰ দ্বাৰা সৃ্ষ্ট)

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।

या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী সুন্দৰতাৰ প্ৰতীক হিচাপে বৰ্ণিত। দেৱীৰ পিন্ধনত বগা শাৰীয়ে পৱিত্ৰতাক চিহ্নিত কৰে; হাতত পুস্তক, মালা আৰু বীণা আছে। বীণা সকলো সুকুমাৰ কলাৰ প্ৰতীক আৰু দেৱীৰ হাতত থকা সকলো বস্তুৱেই জ্ঞানৰ মাজেৰে সংহতি প্ৰতিষ্ঠা কৰাক সূচায়। হাতত থকা পুস্তকে ‘বেদসমূহ’ক সূচায় যিয়ে সাৰ্বজনীন, পৱিত্ৰ, শাশ্বত আৰু অনাদি জ্ঞানক প্ৰতিনিধিত্ব কৰে। দেৱী পদুমফুলত অধিষ্ঠিতা অৰ্থাৎ ইয়ে সৰ্বোচ্চ বাস্তৱিকতা আৰু সৰ্বোচ্চ জ্ঞানৰ লগত সংযুক্ত হোৱাটোকেই সূচায়। দেৱীৰ বস্ত্ৰ আৰু আভূষণত স্বচ্ছতা আৰু দিব্যতা পৰিস্ফুট। এনে স্বচ্ছতা আৰু দিব্যতা আত্মিক সৌন্দৰ্যৰ প্ৰতীক। 

দেৱীৰ নামসমূহৰো সুন্দৰ অৰ্থ আছে। দেৱীৰ বদন বা মুখ সদাহৰ্ষিত তথা প্ৰফুল্লিত। সেয়েহে দেৱীৰ নাম প্ৰফুল্লবদনা। দেৱীৰ পাণিত বীণা থাকে বাবে নাম বীণাপাণি, বাণী বা বাক-চাতুৰ্যৰ বাবে দেৱীৰ নাম বাণী, দেৱীৰ চকু কমল (পদুম)ৰ দৰে বাবে কমললোচনী, ভক্তক অভয়দান কৰা বাবে অভয়া, জ্ঞানদান কৰা বাবে জ্ঞানদা, বৰদান কৰা বাবে বৰদা, ব্ৰহ্মাৰ তোলনীয়া পুত্ৰী বাবে ব্ৰাহ্মী, সাতপ্ৰকাৰৰ স্বৰৰ জ্ঞানৰ বাবে দেৱীৰ নাম সৰস্বতী। 

সৰস্বতী পূজাৰ দিনা ছাত্ৰ-ছাত্ৰী তথা অন্যান্য ভক্তগণে উপৱাসে থাকি স্নান কৰি সুশোভিত বস্ত্ৰেৰে পুৱাই দেৱীৰ সন্মুখত উপস্থিত হৈ সভক্তিৰে দেৱীৰ চৰণত ধূপ-দীপ-নৈবেদ্য, আমৰ আগ, চিঁয়াহী-দোৱাত, ফুল-চন্দনসহিতে পূজা-অৰ্চনা আৰম্ভ কৰে। পুৰোহিতৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলেও “ঔঁ সৰস্বতৈ নমো নিত্যং ভদ্ৰকল্যৈ নমো নমঃ” বুলি পুষ্পাঞ্জলি অৰ্পণ কৰে। তাৰপাছত বিদ্যালয়-শিক্ষানুষ্ঠানত বিভিন্ন নাম-প্ৰসঙ্গ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ন কৰি শেষত সকলোৱে মা বীণাপাণিৰ শ্ৰীচৰণত আশীৰ্বাদ লয় আৰু বিভিন্ন খাদ্যসম্ভাৰ গ্ৰহণ কৰে। পূজাৰ পিছদিনা ছাত্ৰ-ছাত্ৰীসকলে আনন্দেৰে নাম-কীৰ্তন কৰি যথাবিহিত বিধিৰে দেৱীৰ মূৰ্তিটো সাধাৰণতে নৈ বা জলাশয় আদিত বিসৰ্জন দিয়ে, আনহাতে কিছুমান শিক্ষানুষ্ঠানত দেৱীৰ মূৰ্তিটো বিসৰ্জন নিদি যথাস্থানত ৰখা হয়।

সৰস্বতী পূজাৰ প্ৰকৃত উদ্দেশ্য হৈছে সৎ বিদ্যা-বুদ্ধিৰ বল অৰ্জনেৰে নিজৰ স্থিতি মজবুত কৰা, নিজক প্ৰতিষ্ঠা কৰি নিজৰ লগতে আনকো উপকৃত কৰা। শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা উদযাপন কৰা প্ৰথা পৰম্পৰাগতভাৱে চলি আহিছে। কিন্তু শিক্ষাৰ্থীৰ চেষ্টা, আন্তৰিকতা, দৃঢ়তা আৰু মনোবল অবিহনে কোনো ঐশ্বৰিক শক্তিয়ে সফলতাত ইন্ধন যোগাব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী দেৱীৰ সকলো দিশৰ আধ্যাত্মিক তাৎপৰ্য উপলব্ধি কৰি নিজৰ আত্মিক জাগৃতি আনিব পাৰিলে নিজকে পূজ্য তথা পূজনীয় ৰূপত প্ৰতিষ্ঠা কৰি সমাজৰ সৰ্বাংগীন উন্নতিত যে অৰিহণা যোগাব তাত কোনো দ্বিমত নাই। 

অতীজৰে পৰা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো উলহ-মালহেৰে সৰস্বতী পূজা উদযাপন কৰি অহা হৈছে। বিশেষকৈ শিক্ষানুষ্ঠানবোৰত এই উৎসৱৰ প্ৰভাৱ বেছি পৰিলক্ষিত হয়। নৰকাসুৰ আৰু ৰজা ভগদত্তৰ দিনত এই পূজাক ‘বাসন্তী উৎসৱ’ নামেৰে পালন কৰা হৈছিল। কালক্ৰমত এই উৎসৱ সৰস্বতী পূজালৈ ৰূপান্তৰিত হ’ল। কিন্তু আধুনিকতাৰ ধামখুমীয়াত পৰি সৰস্বতী পূজাৰ মাদকতা ক্ৰমশঃ যে ম্লান পৰি আহিছে সেই কথা আমি নুই কৰিব নোৱাৰোঁ। বহুতো ক্ষেত্ৰত পূজাৰ আধ্যাত্মিক দিশটোতকৈ প্ৰতিযোগিতামূলক চিন্তাই আজিৰ সৰস্বতী পূজাক এক জাকজমক আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠানলৈ পৰিণত কৰি পেলাইছে বুলি কʼলেও বঢ়াই কোৱা নহ’ব। পৃথিৱীৰ একমাত্ৰ অপৰিবৰ্তনশীল বস্তুটোৱেই হৈছে ‘পৰিৱৰ্তন’। গতিকে, যুগৰ পৰিৱৰ্তনৰ লগে লগে কিছু কিছু ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন গ্ৰহণযোগ্য হয় যদিও ঘাই শিপাডালৰ পৰা বিচ্ছিন্ন হৈ আমি কেতিয়াও বহুদূৰলৈ যে আগুৱাই যাব নোৱাৰোঁ সেয়া ধ্ৰুৱসত্য। 

(বিঃদ্ৰঃ – প্ৰবন্ধটো প্ৰস্তুত কৰোঁতে ইণ্টাৰনেটৰ পৰা যাৱতীয় তথ্য সংগ্ৰহ কৰা হৈছে।)

☆ ★ ☆ ★ ☆ 

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *