ফটাঢোল

শিল্পীৰ পৃথিৱীত – একাৰ্ণৱ গোস্বামী : সুনয়না গোস্বামী

মানৱ জীৱনৰ এটি অবিচ্ছিন্ন অংগ হ’ল চিত্ৰকলা। ছবি হ’ল শিল্পীৰ ভাষা। গতিশীল প্ৰকৃতিৰ ৰূপ – ৰস – ছন্দত শিল্পীয়ে বিচাৰি পাই শিল্পৰ সমল।
চাৰুকলাৰ আনুষ্ঠানিক শিক্ষাৰ অন্তত বিদ‍্যায়তনিক শিক্ষাত নিজৰ চিন্তা, নান্দনিক গুণেৰে তাক বিকাশ কৰা অসমীয়া চিত্ৰশিল্পীসকলৰ এজন নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ একাৰ্ণৱ গোস্বামী আজিৰ ‘শিল্পীৰ পৃথিৱী’ শিতানৰ শিল্পী।

পুৰণিগুদাম খাউণ্ডৰ চুক গাঁৱৰ নিবাসী শিক্ষাবিদ প্ৰয়াত অতুলচন্দ্ৰ গোস্বামী আৰু প্ৰাক্তন শিক্ষয়িত্ৰী পদ্মাৱতী দেৱীৰ জ‍্যেষ্ঠ পুত্ৰ একাৰ্ণৱ গোস্বামীৰ জন্ম হৈছিল ১৯৭০ চনৰ ২৪ এপ্ৰিলত। পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ‍্যালয়ত শিক্ষাৰ পাতনি মেলা গোস্বামীদেৱে ‘অসম চাৰু কাৰু কলা মহাবিদ্যালয়’ৰ পৰা ‘পেইণ্টিং’ বিষয়ত স্নাতক আৰু গোৱালিয়ৰৰ ‘জিৱাজী বিশ্ববিদ্যালয়’ৰপৰা ‘চাৰুকলা’ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

শিল্পী গোস্বামীদেৱৰ বিমূৰ্ত চিত্ৰসমূহত প্ৰাকৃতিক অবয়ৱৰ মাজত মানৱ অবয়ৱৰ বিভিন্ন চৰিত্ৰৰ উপস্থাপন আৰু প্ৰকৃতিৰ উপাদানৰ গুৰুত্ব বিশেষভাৱে দেখা যায়।

থাইলেণ্ড, শ্ৰীলংকা, ডুবাই আদিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা এইজন শিল্পীয়ে ইউৰোপৰ ক’চ’ভ’ প্ৰদেশৰ ‘পঞ্চম আন্তৰ্জাতিক চিত্ৰকলা শিবিৰ আৰু প্ৰদৰ্শনী’তো অংশগ্ৰহণ কৰে। ইস্তানবুল আৰু মেচিডনিয়াৰ কেইবাখনো প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি তেখেতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

তেখেতে ‘ললিত কলা একাডেমী’ জয়পুৰত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় ললিত কলা একাডেমী’ৰ জ‍্যেষ্ঠ শিল্পীৰ কৰ্মশালাতো অংশগ্ৰহণ কৰে। ‘অসম চৰকাৰী চাৰু কাৰু কলা পৰিষদ’ৰ বছৰেকীয়া প্ৰদৰ্শনী,

‘ললিত কলা একাডেমী গেলেৰী’ নতুন দিল্লী, কলিকতা, মুম্বাই, শ্ৰীমন্তশংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী আদিত অনুষ্ঠিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা একাৰ্ণৱ গোস্বামীয়ে ‘ৰাজ‍্যিক কলা বীথিকা, গুৱাহাটী’ত একক প্ৰদৰ্শনীও অনুষ্ঠিত কৰে।

বৰ্তমান গুৱাহাটীস্থিত মহৰ্ষি বিদ্যালয়ৰ শিক্ষক গোস্বামীদেৱে চিত্ৰকলাৰ লগতে তবলাৰ বিশাৰদ ডিগ্ৰী লৈ সংগীত সাধনাও অব‍্যাহত ৰাখিছে।

সদৌশেষত, ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা আমি তেখেতৰ শিল্পী জীৱনৰ সফলতা কামনা কৰিলোঁ। শিল্পী একাৰ্ণৱ গোস্বামীৰ এই সৃষ্টিশীল চিৰসেউজ মধুময়তা সদায় সজীৱ হৈ থাকক, এয়ে কামনা।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *