বন্ধুত্ব (কেৰেপা আৰু ভেলৌৰ কথাৰে)-কৰৱী দেৱী
গৰমকালিৰ নিশা।
আহাৰ পৰিবেশনৰ অন্তত চাধা মলি মলি কেৰেপা পদূলিৰে ওলাই উত্তৰ চুবাৰ তিনিআলিটোত ৰয়গৈ বতাহ অকণ বিচাৰি। হঠাতে দেখা দীঘলীয়া সমদলটোত কেৰেপা আচৰিত হৈ ওৰ উলিয়াবলৈ বুলি পিছে পিছে গৈ থাকে। জোনাকৰ ম্লান পোহৰত খগেনৰ মুখখন চিনি কিবা এটা সুধিব খোজোতেই সি খৰকৈ খোজকাঢ়ি আগবাঢ়ে। একো উৱাদিহ নাপায় কেৰেপায়ো ক্ষিপ্ৰ গতিৰে খোজ আগবঢ়ায়। গাঁৱৰ একেবাৰে শেষ মূৰত থকা ভেলৌ বায়নৰ পদূলিতহে কেৰেপাই সঁচা কথাটো গম পালে।
কৈছিল কোনোবা এটাই,
: ভেলৌ ককাইৰ পুতেকে ছোৱালী পলুৱাই আনিলে।
মনটো ভাল লাগে কেৰেপাৰ। ভেলৌটো তাৰেই বন্ধু যদিও মাটি – বাৰী অলপ বেছিকৈ থকা বাবে কথাই কথাই ফুটনি মাৰি থাকে।
: অ’ বোলো এতিয়া কেনে ভেলৌ? একমাত্ৰ পুতেৰে ছোৱালী পলুৱাই আনিলে। পালিনে মজাটো ?
—পেটে পেটে হাঁহিবলৈ ধৰে কেৰেপাই।
অন্যহাতে বাৰাণ্ডাত ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি দুৰ্যোধনৰ দৰে তৰ্জন- গৰ্জন কৰি আছে ভেলৌ বায়নে। ভেলৌক বুজাবলৈ কাৰো সাহস নাই। অৱশেষত এটা কঠোৰ সিদ্ধান্ত শুনাই দিয়ে ভেলৌ বায়নে,
“মই একমাত্ৰ পুত্ৰ সন্তানটো ত্যা।জ্যপুত্ৰ কৰিলোঁ।”
ভেলৌৰ কথাত হতবাক হয় উপস্থিত ৰাইজ। হতবাক হয় কেৰেপাও। হাজাৰ হওক, সন্তান সন্তানেই। একমাত্ৰ সন্তানটো ত্যাজ্যউপুত্ৰ কৰাটো অনুচিত। বৃদ্ধ বয়সত কোনে চাব? কোনে পৰিচৰ্য্যা কৰিব?
এখোজ – দুখোজকৈ ভেলৌৰ কাষলৈ গৈ কেৰেপাই যিমান পাৰে সৰলভাৱে বুজাই ক’লে,
: অ’ ভেলৌ, তয়ো দেখোন ঘৈণীয়েৰক পলুৱাই আনিছিলি? বাপ চাইহে বেটা। তই যিটো ৰাস্তাৰে গৈছিলি, সিয়ো একেই ৰাস্তাৰে গৈছে। তাতে ইমানকৈ খং কৰিবলগা কি আছে? ল’ৰা- ছোৱালীয়ে মিলি ভুল কৰিলেই যেনিবা, সেইবুলি মৰিবলৈ দিবতো নোৱাৰি ন।
কেৰেপাৰ কথাত উপস্থিত সমূহ ৰাইজ বিস্মিত, বাকৰুদ্ধ। বোলে কেৰেপাকে চাবা নে ভেলৌকে চাবা। কাৰ শুনিবা, কাৰ এৰিবা !
অৱশেষত কেৰেপা জয়ী হয়।কেৰেপাৰ বুজনিত ভেলৌৱে খং পৰিহাৰ কৰি স্বাভাৱিক হয়। কাষৰ ঘৰতে লুকাই থকা পো- বোৱাৰীক আকলুৱাকৈ ৰিঙিয়াই ঘৰলৈ আহিবলৈ অনুমতি দিয়ে। আহে দুয়ো। ন-কইনাজনীয়ে দীঘলকৈ ওৰণিখন টানি ভিতৰ সোমাব খোজোঁতেই কেৰেপাই পৰামৰ্শ দিয়ে সমূহ ৰাইজৰ চৰণত সেৱা জনাই একাঁজলি আৰ্শীবাদ ল’বলৈ। পৰামৰ্শমতেই ভেলৌৰ পো – বোৱাৰীয়ে আঁঠুকাঢ়ি ঘোষা মাতিবলৈ ধৰে। ঘোষাফাঁকিত ভেলৌ আৰু পত্নীৰ মাত দুটাহে স্পষ্টকৈ ভাঁহি আহে। বেচেৰী ন – কইনাজনীয়ে চাগৈ লাজে-ভয়ে পাহৰিয়েই থাকিল ঘোষাফাঁকি। তাতে যিডালহে ৰণচণ্ডী ৰূপ ধাৰণ কৰিলে ভেলৌৱে। – – – ভাবে কেৰেপাই।
নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৰি….
ঘোষাফাঁকি শেষ হোৱাৰ লগে লগে কেৰেপাই মন- প্ৰাণ খুলি আৰ্শীবাদ দি লাহেকৈ হাঁহি ক’লে,
: আই অ’ ন- বোৱাৰী, চাওঁ ওৰণিখন গুচাই সৱকে মুখখন এবাৰ দেখুৱাই দে আকৌ। এখন ৰাইজ ৰৈ থকা নাই জানো?
কেৰেপাৰ কথাত এইবাৰ ৰাইজ নিস্তব্ধ। কাঁহ পৰি জীণ যোৱা অৱস্থা। কাৰো মুখত মাত-বোল নাই। আনহাতে থকথককৈ কঁপিবলৈ ধৰে ভেলৌৰ বোৱাৰীজনী। তাইলৈ পুতৌ জাগে কেৰেপাৰ। নিজেই কাষ চাপি বোৱাৰীজনীৰ ওৰণিখন আলফুলে তুলি দি মুহূৰ্তৰ বাবে কেৰেপা বেহুঁচ।
যেতিয়া হুঁচ আহে, ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি ভেলৌৰ চৈধ্য পুৰুষ উজাৰি কেৰেপাই গালি পাৰিবলৈ ধৰে।
নিৰুপায় হৈ এইবাৰ ভেলৌৱে বুজাব খুজি কেৰেপাক কৈছে….
: কেৰেপা অ’…. তই এতিয়া এনেকৈ খং কৰিলে কি হ’ব কচোন? এটা কথা মনত ৰাখিবি, ময়ো আকৌ তোৰ জীয়েৰে বাবেহে বোৱাৰী কৰি আদৰি লৈছোঁ। হাজাৰ হওক তই মোৰ বাল্যকালৰে বন্ধু দেচোন। অন্যথা আজি খাটাং এইহালক গতিয়াই বাহিৰ কৰিলোঁহেঁতেন।
মুঠতে কেৰেপা আৰু ভেলৌক আজি পাই কোনে!
☆ ★ ☆ ★ ☆
7:37 pm
বেছ ৰস পালোঁ। বন্ধুত্বই হে বচালে বিয়াখন।