ফটাঢোল

পিকনিকলৈ যাব নেকি!-কমলা দাস

মাঘৰ মাহত, বহুতেই ‘ভোগেশ্বৰী’ মন্দিৰ দৰ্শন কৰিবলৈ যায়। বিশেষকৈ নামনিৰ ফালে, বৰপেটা, নলবাৰী, টিহু, বজালী আদি ঠাইৰ মানুহে প্ৰায় প্ৰতিবছৰেই যায় বুলিব পাৰি। মন্দিৰটোৰ বহুত ‘তপ’ থকা বুলি শুনা যায়। সেই মন্দিৰত কিবা মানস কৰিলে হেনো সিদ্ধি হয়েই, এয়া লোকবিশ্বাস। নামনিৰ ফালে ভোগেশ্বৰী মন্দিৰক ‘ভোগী গহয়’ বুলি কোৱা হয়। মাঘ বিহুৰ গোটেই পাঁচ দিন তাত ‘ভোগী মেলা’ বহে। গোটেই মাঘৰ মাহটোতে মন্দিৰটোত দৰ্শনাৰ্থীৰ ভিৰ হৈ থাকে। 

মন্দিৰটোলৈ যোৱা বুলিলে সাধাৰণতে সৰু পৰিয়ালবোৰে নিজৰ গাড়ী লৈ যায় আৰু নিজৰ মতে ভ্ৰমণ কৰে।  কিন্তু বাছ নাইবা অন্য গাড়ী ভাড়া কৰি মন্দিৰ দৰ্শন কৰিবলৈ যোৱাসকলৰ উদ্দেশ্য দুটা; ভ্ৰমণ হিচাপে চিনাকি বন্ধু – বান্ধৱ আৰু আত্মীয় স্বজন লগ লাগি ফুৰিবলৈ গৈ একেলগে প্ৰীতিভোজ এসাঁজ খোৱাও হয় আৰু মন্দিৰ দৰ্শন কৰাও হয়। আমিও এবাৰ তেনেদৰে বাছ ভাড়া কৰি ওলালোঁ মন্দিৰ দৰ্শন কৰাৰ লগতে প্ৰীতিভোজ এসাঁজ খাবলৈ। 

সেইবাৰ  ভোগেশ্বৰী মন্দিৰ ভ্ৰমণ কৰিবলৈ যোৱা আমাৰ দলটোৰ ব্যতৱস্থাপনাৰ দায়িত্বত আন দুজনৰ সৈতে ময়ো আছিলোঁ। আমি আশা কৰাতকৈ মানুহ কম হ’ল বাবে বাছৰ সলনি ট্ৰেভেলাৰ গাড়ী এখন ভাড়াত লৈছিলোঁ। গাড়ীভাড়া আৰু খোৱাৰ খৰচ মিলাই হিচাপ কৰি টকা উঠোৱা হ’ল। বজাৰ – সমাৰ কৰি নিৰ্দিষ্ট দিনত যাত্ৰাৰ বাবে আমি সাজু হ’লোঁ। ৰাতিপুৱাই আহি সকলোবোৰ মানুহক এঠাইত গোট খাবলৈ কোৱা হৈছিলেই। সময়ত  মানুহখিনি আহি পালে। আটাইবোৰ গোটখোৱাৰ পিছত হিচাপতকৈ বেছি মানুহ যেন লাগিল!  ভালদৰে মন কৰাত দেখা গ’ল, মহিলাখিনিৰ লগত আঠ-দহ বছৰীয়া ল’ৰা-ছোৱালী যাৰ  যি আছে, সকলোৱে এজন এজনকৈ লগত আনিছে। দায়িত্বত থকা আমিবোৰে দেখি অবাক! কাৰণ সেইবোৰ ল’ৰা – ছোৱালী হিচাপত নাছিল বাবে সিহঁতৰ কাৰণে গাড়ীৰ চিট নাই। খোৱাৰ নামতো কোনেও টকা দিয়া নাই। কি কৰোঁ এতিয়া! চিন্তা – চৰ্চা কৰি থাকোঁতে যাত্রা পলম হোৱাত মানুহখিনিৰ উচপিচ লাগিল। আমাৰ চিন্তাৰ কাৰণ জানিব পাৰি মাকহঁতে ক’লে- 

“ইহঁতে আমাৰ কোচতে বহি যাব দে।  ঘৰতনো কাৰ লগত থৈ আহিম! সেয়ে লগতে লৈ আহিলোঁ। আমাৰ ভাগৰে অলপ অলপ খাব দে।” 

আটাইখিনি চিনাকি মানুহ হোৱাৰ বাবে কাকো একো ক’ব নোৱাৰি। কিবা এটা কৰিব লাগিব বুলি ভাবি সকলোকে গাড়ীত উঠিবলৈ ক’লোঁ। ঠাণ্ডা দিনৰ কথা। সকলোৱে শ্বল, চুৱেটাৰ পিন্ধি শকত হৈ আহিছে। সেইবাবে দুজনীয়া চিটত এতিয়া দুজনলৈকে ঠাই কম পৰাৰ নিচিনা হৈছে। তাতে আকৌ মাকহঁতৰ কোচত বহা ল’ৰা-ছোৱালীকেইটাৰ সৈতে প্ৰায় দুজনীয়া চিটটো এজনেই আগুৰাৰ নিচিনাই হ’ল। তেওঁলোকৰ কাষৰ চিটত বহাকেইজনে অশান্তি পাই উঠি আহি বেলেগ চিট বিচাৰিলে। ক’ৰপৰা বেলেগ চিট দিওঁ এতিয়া! অশান্তিৰ পৰিৱেশ এটাৰ সৃষ্টি হোৱাৰ নিচিনা হ’ল। আমি উপায় নাপাই আৰু এখন সৰু গাড়ী ভাড়া কৰিলোঁ। সেয়াও এক বেমেজালি। সেইখন গাড়ীত দিবলৈ অতিৰিক্ত টকা উঠোৱাত মানুহবোৰে দিবলৈ টান পালে। ভালদৰে বুজাই – মেলি অনুৰোধ কৰাত যেনিবা কিছুমানে দিলে, কিছুমানে নিদিলেই। যেনেতেনে যাত্ৰা আৰম্ভ কৰিলোঁ। 

যাত্ৰাৰ সময়ত সকলোৱে হাঁহি স্ফূৰ্তি কৰিয়েই গ’ল। গৈ পাই দেখোঁ ইতিমধ্যে আমাৰ নিচিনাকৈ আৰু বহুত গাড়ী আহি ঠাইখন ভৰ্ত্তি হৈ গৈছে। সুচল ঠাই বিচাৰি লৈ আমি মন্দিৰৰ পৰা কিছু দূৰৈত, যিখিনি ঠাই মন্দিৰ কমিটিয়ে ভ্ৰমণকাৰীৰ বাবে নিৰ্দিষ্ট কৰি থৈছে, তাতেই আমাৰো গাড়ী ৰখাই বয়-বস্তুবোৰ নমালোঁ।  গৈ পাওঁতেই দেৰি হোৱাৰ বাবে লৰালৰিকৈ চৌকা পাতি আমি চাহ বনালোঁ। আটায়ে চাহপানী খোৱাৰ পিছত ৰান্ধনিয়ে ৰন্ধা-বঢ়া আৰম্ভ কৰিলে। ৰান্ধনিৰ যোগাৰ-পাতিখিনি আমি দায়িত্বত থকা কেইজনেই কৰিব লগা হ’ল। ধৰাধৰিকৈ সহায় কৰিব লাগে বুলি কোনেও নাভাবিলে। সকলো কাম আমাৰ ওপৰতে এৰি দি সকলোৱে মন্দিৰ দৰ্শন কৰিবলৈ গ’ল। পাচলি আদি কাটি ৰান্ধনিক যোগাৰবোৰ কৰি দি আমিও এপাক গৈ মন্দিৰত সেৱা লৈ আহিলোঁ। অলপ ঘূৰি- পকি আমি পুনৰ ৰন্ধা-বঢ়া কৰা ঠাইলৈ আহিলোঁ। ইতিমধ্যে ৰান্ধনিৰ ৰন্ধা-বঢ়া কৰাও হৈছিল। সেয়ে সকলোকে খাবলৈ মাতিলোঁ। 

খাবলৈ বুলি ঘূৰণীয়াকৈ সকলোৱে মাটিতে বহি ল’লে। সকলোৰে আগে আগে ডিচপ’জেবল প্লেট দি গ’লোঁ। সৰু ল’ৰা ছোৱালীবোৰো একে শাৰীতে বহাৰ বাবে সিহঁতকো সমানেই প্লেট গিলাচ দিব লগা হ’ল। সকলোকে ভাত-আঞ্জা, ভাজি তৰকাৰী বিলাই দিয়া হ’ল। ৰন্ধা বঢ়া বৰ ভাল হৈছে, তৃপ্তিৰে খাইছে সকলোৱে।  আমাৰ ভালো লাগিছে। ঠিক খোৱা হ’ব আৰু, এনেতে এগৰাকীয়ে বেগৰ পৰা এটা টিফিন উলিয়াই বিলনীয়াক কৈছে– “ইয়াতে অলপ ভাত আৰু দাইল দিবা দেই। থানৰ ভাত যে! ঘৰত আইতাকে নিৰ্মালী হিচাপে খাবলৈ আশা কৰি আছে।”  বিলনীয়াই সেইজনক অলপ ভাত-দাইল দি দিলে। তাকে দেখি আমাক আচৰিত কৰি প্ৰায় প্ৰত্যে কেই নিজৰ নিজৰ বেগৰ পৰা কোনোবাই টিফিন, কোনোবাই ডাঙৰ বৈয়াম আদি উলিয়াই থানৰ নিৰ্মালী ঘৰলৈ নিবলৈ বুলি বিচাৰিলে। মানুহবোৰৰ কাণ্ড-কাৰখানা দেখি আমি দায়িত্বত থকাকেইজন বেহুঁচ হোৱাৰ উপক্ৰম হৈছোঁ। এনেয়েতো সৰু ল’ৰা – ছোৱালীকেইটা হিচাপতকৈ বেছি হৈছেই। সিহঁতে ভাত আঞ্জা লৈ লৈ খাব নোৱৰাখিনি পেলাইছে। সৰু গাড়ীখনৰ ভাড়া দিবলৈ বুলি উঠোৱা অতিৰিক্ত টকাখিনি দিবলৈও বহুতেই টান পাইছে।তাতে আকৌ ভাত-তৰকাৰী ঘৰলৈ নিবলৈ বুলি এনেদৰে বাচন – বৰ্তনো লগত লৈ আনিছে! কিহৰ পাল্লাত যে পৰিলোঁ! এতিয়া সকলোকে এনেদৰে ভাত-দাইল, তৰকাৰী ঘৰলৈ নিবৰ বাবে দিবলৈ হ’লে আমাৰ কাৰণেই কম পৰিব। সেয়ে সকলোৱে খোৱা হ’লেহে ৰৈ যোৱাখিনি ঘৰলৈ নিবলৈ দিব পাৰিম বুলি কৈ আমিও খাবলৈ বহিলোঁ। আমাৰ খোৱা হোৱালৈকে মানুহখিনিয়ে ক’লৈকো নোযোৱাকৈ ওচৰতেই অপেক্ষা কৰি থাকিল। খোৱা হোৱাৰ পাছত ৰৈ যোৱা বস্তুখিনি ল’বলৈ মানুহখিনিৰ যিহে হেতা-ওপৰা লাগিছিল সেয়া নেদেখিলে বিশ্বাস কৰা টান।

বাচন – বৰ্তন ধুই পখালি, ঠাইখিনি চাফ-চিকুণ কৰি থৈ আমি ওভতনি যাত্রা কৰিলোঁ। আহোঁতে যিখিনি মানুহে অতিৰিক্ত টকাখিনি দিয়া নাছিল, তেওঁলোকৰ পৰা পুনৰ এবাৰ বিচৰা হ’ল। কোনোবাই লগত টকা নাই, কোনোবাই পিছত দিম বুলি কৈ কোনেও নিদিলে। ঘূৰি আহি পাওঁতে সন্ধিয়া হৈছিল বাবে সকলোকে ঘৰৰ আগে আগে নমাই থৈ আহিবলগীয়া হ’ল। সকলোকে থৈ অহাৰ শেষত, হিচাপ নিকাচ কৰি গাড়ীক দিবলগীয়া টকা ভালেখিনি কম পৰিল। আমি দায়িত্বত থকা কেইজনে নিজৰ নিজৰ পৰা উঠাই লৈ গাড়ীৰ লেঠা মাৰিলোঁ। 

ঘৰে ঘৰে গৈ মানুহ বিচৰাৰ পৰা আৰম্ভ কৰি, টকা-পইচা উঠোৱা, গাড়ী ভাড়া কৰা, বজাৰ কৰা, ৰান্ধনি বিচৰাৰ লগতে ৰান্ধনিক যোগাৰ দিয়া, টেণ্ট হাউচৰ বস্তু লৈ গৈ ঘূৰি আহি চমজাই দিয়া আদি সকলোবোৰ কৰাৰ উপৰিও নিজৰ পকেটৰ পৰা টকাও ভৰি মৰিলোঁ। সেইসাঁজ প্ৰীতিভোজলৈ যোৱাৰ লাভ এয়াই হ’ল যে আহি পাই  শপত খাইছোঁ– কোনোবাই লগ ধৰিলে পিকনিকলৈ যাম ঠিকেই কিন্তু দায়িত্বত আৰু কেতিয়াও নাথাকোঁ দেই।

☆ ★ ☆ ★ ☆

4 Comments

  • কি যে পয়মাল!

    Reply
    • ইমৰান হুছেইন

      এনেধৰণৰ বহুত অভিজ্ঞতা‌ আছে। বহু বাৰ এনে ধৰণৰ সমস্যাৰ সম্মুখীন হৈছোঁ।

      Reply
      • কমলা দাস

        পঢ়ি চোৱা বাবে ধন্যবাদ জনালো

        Reply
    • কমলা দাস

      সচাকৈ নীলাক্ষী। ধন্যবাদ জনালো

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *