ফটাঢোল

সময়-নয়নজ্যোতি বৰঠাকুৰ

:-“হেৰা, উঠা আকৌ , বহুত সময় হ’ল, সিফালে ঘৰলৈও যাব লাগিব। তাৰ আগতে বিহুৰ বজাৰো কৰিবলৈ আছে। এনেকৈ শুই থাকিলে সময়বোৰ গৈহে থাকিব। পাছত একোৰে একো নহ’ব। বাপৰে, ইমান চিঞৰি থাকিলেও সাৰ নাপায় হেৰৌ।”

– মিছেছৰ প্ৰতিটো শব্দই মোৰ কাণত সোমাই আছিল যদিও পুহ মাহৰ নিহালিখনৰ তলৰপৰা ওলাবলৈ মন যোৱা নাছিল।

মনতে ভাবিলোঁ , “হয় এওঁ ঠিকেই কৈছে, কামো বহুত আছে। সিফালে ভাড়াঘৰটো যোৱাৰ আগতে এবাৰ চুক-কোণ সৰা, মচাৰপৰা আৰম্ভ কৰি, বিহুৰ বজাৰ, গাড়ীখনো অলপ চাফ-চিকুণ কৰিব লাগিব। মুঠতে হাতত থকা সময়তকৈ কামৰ সময় বেছিহে লাগিব যেন লাগিছে।” 

সেইবোৰ ভাবি থাকোঁতেই পুনৰ ক’লে, “তোমালোক মতা মানুহবোৰক বকিলেও মুখ চোকা বুলি কোৱা, কিন্তু নবকিলেও কামেই নহয়। উঠিলে উঠা, নহ’লে মই ঘৰলৈ ফোন কৰি সময়ৰ অসুবিধাৰ বাবেই বিহুত যাব নোৱাৰোঁ বুলি কৈয়ে দিওঁ।”

:-“বাপৰে তোমালোকৰ মুখবোৰ ভগৱানে বৰ বেয়াকৈ ধাৰ দি পঠায় দেই। ইঞ্জিন ষ্টাৰ্ট হ’লে বন্ধ হোৱাৰ নামেই নলয় হে। সময়নো কিমান হৈছেহে, ৯টাকে বজা নাই।”

অনিচ্ছাকৃতভাৱে মাতটো মাতি ভুলেই কৰিলোঁ নেকি! কাৰণ এইবাৰ মুখখন বন্ধ হোৱাৰ নামেই নোলোৱা হ’ল। শেষত এটাই ক’লে, “১ চেকেণ্ডো কিমান মূল্যৱান যিদিনা গম পাবা, সেইদিনাহে অনুভৱ কৰিবা।”

মইও মুখ চুপতি মাৰি লাভ নাই বুলি জানি ততাতয়াকৈ ব্লেংকেটখন গাৰপৰা নমাই চিধাই ব্ৰাছডালত ক’লগেট লগাই দাঁত ব্ৰাছ কৰাত লাগি গ’লো। তেনেতে লগৰ প্ৰীতমে ফোনটো কৰাত মিছেছে ধৰি মোক দিলেহি। সি ক’লে যে সি ঘৰলৈ আহি আছে ১৫ দিনৰ ছুটীত, সি শিলিগুৰি পাইছেহি, পাছদিনা অৰ্থাৎ উৰুকাৰ দিনা ঘৰ পাবহি। ময়ো তাক জনালোঁ যে মই আজি আবেলিলৈ ঘৰ পামগৈ। 

সি ক’লে, “ঐ নয়ন, এইবাৰ উৰুকাত হাঁহ-পাৰ সৱ চুৰ কৰিম, ৰাতিটো মেজিৰ তলত ভেলাঘৰত থাকিম দেই ।” 

:- “হ’ব দে তই পাই ল’চোন” 

-মই ক’লোঁ।

সিফালে মিছেছে আকৌ সময় মনত পেলাই দিয়ে,”হেৰৌ সময়বোৰ এনেকৈয়ে যাবগৈ, সময়ৰ কাম সময়ত হৈ নুঠিব যেতিয়া, তেতিয়া আকৌ কোবটো তোমাৰহে বেছি হয়।” লৰালৰিকৈ ওলাই ভাত কেইটামান খাই বজাৰ-সমাৰ কৰি নগাঁৱৰপৰা ১ মান বজাত ঘৰমুৱা হ’লোঁ। ৰাস্তাটোত এসোপামান নীতিশিক্ষা বুজি বুজি ৮ মান বজাত ঘৰ পালোঁহি । ঘৰ পায়েই গাড়ী চোতালত ৰখাই বাহিৰে বাহিৰে লগৰ দুটামানক লগ কৰোঁ বুলি তিনি আলি পালোঁগৈ। সিহঁতৰপৰা গম পালোঁ যে, “সৰু ল’ৰা-ছোৱালী আৰু বয়োবৃদ্ধসকলৰ খোৱাৰ সময়বোৰ খেলিমেলি হয় বাবেই ভোজ নহ’ব।”

মই ক’লোঁ, “ল’ৰা আৰু বুঢ়াৰহে প্ৰব্লেম, আমাৰতো প্ৰব্লেম নাই, আমি খাম।”

লগৰকেইটা প্ৰথমতে মান্তি হোৱা নাছিল কিন্তু পাছত ক’লোঁ যে, “চুৰ কৰা হাঁহেৰে ৰাতি দেৰিকৈ ভোজ খাম। তাৰ আগতে ঘৰত খাই আহিম আৰু সোনকালেই সকলো বনাই ল’ম। মাত্ৰ হাঁহ চুৰ কৰি আনি তাক মেজিৰ তলতে কুটি-বাচি ৰেডী কৰি ভোজ খাম, লাগিলে ৩ টা বাজক কথা নাই, কিন্তু খানা হ’বই লাগিব।” প্ৰীতম অহাৰ খবৰটোও দিলোঁ।

তেনেতে এটাই ক’লে, “তহঁতে সেইখন কৰি ছুটী শেষ কৰি এটা নগাঁও আৰু সিটো কাশ্মীৰ যাবিগৈ। মাজত পৰি আমিকেইটাই সময়ে সময়ে কথা শুনি থাকিম আৰু।”

মোৰ এই সময় শব্দটো শুনি মাথা নষ্ট হৈ গৈছিল। কিন্তু কথাটো মিছা বুলিও ক’ব নোৱাৰোঁ, গতিকে ক’লোঁ, “চুৰ কৰি ধৰা নপৰিলে কাকো কোনেও চোৰ বুলি ক’ব নোৱাৰে আৰু তঁহতি একো চুৰ কৰিব নালাগে, যি কৰিব লাগে মই আৰু প্ৰীতমেই কৰিম।” তেনেতে মিছেছৰ ফোনটো পোৱাৰ লগে লগে ফোনত গালি খোৱাতকৈ ঘৰত খোৱাই উত্তম বুলি ভাবি ফোনটো নধৰাকৈ ঘৰলৈ গুচি আহিলোঁ। ঘৰ পোৱাৰ লগে-লগে পুনৰ পৰিয়ালৰ সন্মুখতে শিল-বৰষুণ বৰষিবলৈ ধৰিলে, কাৰণ চোতালত থকা স্কুটীখনত উঠিয়েই তিনিআলি পাইছিলোঁগৈ।

যি কি নহওক, অন্নমুঠি গ্ৰহণ কৰি বিচনাত পৰি ভাবিবলৈ লাগিলোঁ কাৰ ঘৰত কি চুৰ কৰিম। সেইবোৰ ভাবি থাকোঁতেই টোপনিনো কেতিয়া আহিল গমেই নাপালোঁ। ৰাতিপুৱা পুনৰ মায়ে মতাতহে সাৰ পালোঁ। ঘড়ী চাই দেখোঁ ৮ বাজি গৈছে। লগে লগে ফ্ৰেচ হৈ গৰম চাহকাপ আধা খাই উৰুকাৰ বজাৰ কৰি আনিলোঁ। সিফালে আহি দেখিছোঁ প্ৰীতম ঘৰতে বহি আছে।

মই সুধিলোঁ, “অলপ জিৰাই ল’ব লাগিছিল আকৌ।” 

সি ক’লে, “প্ৰত্যেকটো কামৰে এটা নিদিষ্ট সময় থাকে বুজিছ। আমি ডিফেন্সৰ মানুহ, সময়ৰ লগত চলিবই লাগে।” 

মই বোলোঁ, “আমি আকৌ অসম চৰকাৰ কৰ্মচাৰী যে, ঘড়ী কাঁটাৰ পাছত চলোঁ। সময় আমাৰ বাবে বেছি মূল্যৱান নহয়, দিনটোহে মেইন ।” 

সি হাঁহি এটা মাৰি ক’লে, “ব’ল ভেলাঘৰৰপৰা আহোঁ।”

নৈৰ পাৰৰ ভেলাঘৰৰফালে যাওঁতেই পানীত ঢাপ-ঢাপ-ঢাপ শব্দ কেইটামান কাণত পৰাত বুজিবলৈ বাকী নাথাকিল দিখৌত মাছ ধৰি আছে মাছমৰীয়াই। প্ৰীতমে লগে লগে ক’লে, “ব’ল নৈত মাছ মৰা চাই আহোঁগৈ।” গৈ দেখিলোঁ জাল চপাই আনিছে মাছ মৰীয়াই। মাছবোৰ ধৰি ধৰি নাৱত থৈ লাহে লাহে নাও ঘাটলৈ চপাই দিলে। ঘাটত দেখিলোঁ সৰু ল’ৰাকেইটামানে লাইন পাতি থিয় হৈ আছে, একেবাৰে আগত গাঁৱৰ খটাসুৰ ল’ৰাটো। মোৰ বুজিবলৈ বাকী নাথাকিল, কিবা এটা অঘটন ঘটাব এইকেইটাই। মনে মনে মথাউৰিৰ ওপৰত বহি ৰ’লোঁ। তেনেতে দেখিলোঁ প্ৰায় ৫ কেজি ওজনৰ এটা বাহু মাছ কাণত ধৰি দাঙি খটাসুৰে লিৰিকি বিদাৰি চাইছে। তেনেতে লাইনত থকা পাছৰটোৱে ক’লে, “ঐ চাওঁ চাওঁ মোক দেচোন, ঠিকেই আছে নে ?” খটাসুৰে সিটোলৈ দিলে তাৰ পাছত একেটা বুদ্ধিৰে একাদিক্ৰমে পাছ কৰি মথাউৰিৰ ওপৰ পোৱাত শেষৰটোৱে মাছটো লৈ ভিৰাই লৰ মাৰিলে । 

খটাসুৰে তলৰপৰা চিঞৰিবলৈ ধৰিলে, “ঐ সেইটোক ধৰ ধৰ, সি মাছটো লৈ যাব।” 

মাছমৰীয়াই কিবা এটা তৰ্কিবপৰাৰ আগতেই বাহু মাছ নি সেইকেইটাই ভেলাঘৰত নৰাৰে ঢাকি থৈ আহিল আৰু মাছটো লৈ দৌৰমৰা ল’ৰাটোৱে নিজৰ চুৱেটাৰটো খুলি খুউব গহীনভাৱে পুনৰ মথাউৰি পালেগৈ। 

সিফালে প্ৰীতমে ক’লে, “নিৰাপত্তাৰক্ষীৰ সন্মুখতে এইগালে যি ডকাইত কৰিলে, মই একোৱেই কৰিব নোৱাৰিলোঁ।” সিফালে ঘাটত মাছমৰীয়াৰ লগত খটাসুৰৰ তৰ্ক । সি সেইটোক চিনি নাপায়, কোন হয় নাজানে। সি আমাৰ গাঁৱৰে নহয়। মই হাঁহিত থাকিবপৰা নাই।

লাহেকৈ প্ৰীতমে ক’লে, “চা নয়ন, সময়ৰ লগত কম-বেছি পৰিমাণে সকলো পৰিৱৰ্তন হৈছে, কিন্তু ইহঁতি আমাৰ পৰম্পৰা ধৰি ৰাখিছে। গতিকে ইহঁতৰ সপক্ষেই যুক্তি দিম মই ।” মই তাৰ মুখলৈ চাই মনত পেলাইছিলোঁ ল’ৰালিৰ সেই দুষ্টামিবোৰ। তাৰ পাছত সি যুক্তি দি বাহু মাছ হস্তগত কৰাত সফল হ’ল, আমোদজনক কথাটো হ’ল মাছটো লৈ লৰ মৰা ল’ৰাটোৱেও খটাসুৰৰ সপক্ষে চিঞৰাত লাগিল। শেষত মাছমৰীয়াই বাহু মাছৰ টকা বাদ দি দিলে।

পুনৰ আমি ভেলাঘৰলৈ গৈ আলেখ-লেখ চাই ঘৰলৈ ঘূৰি আহিলোঁ। সন্ধিয়া সময়ত প্ৰীতম আৰু জান আহি মোক ক’লেহি যে মেজিৰ কাৰণে জেওৰা চুৰ কৰিবগৈ লাগে। আমি সন্ধিয়াতে জেওৰা চুৰ কৰিবলৈ এজনৰ বাৰীৰ ফালে গৈ থাকোঁতে প্ৰীতমে ক’লে, “ব’ল আমি আজি মহন্তী ঘৰৰ জেওৰা চুৰ কৰোঁগৈ।”

মই ক’লো, “মহন্তী দেখোন আমাৰ লগতে আছে ?”

সি ক’লে, “সিহঁতক বিপৰীত দিশত পঠাই দিওঁ, বিন্দাচ চুৰ কৰিব পাৰিম।”

কথামতেই আমি জুমটোৰপৰা ফালৰি কাটি মহন্তীৰ ঘৰৰ বাঁহনি বাৰীৰ জেওৰা উঠাই সিহঁততকৈ সোনকালেই মেজি তল পালোঁহি। সিটো পাৰ্টিয়েও এখন আনিলে। 

মেজি বনাই থাকোঁতে প্ৰীতমে ক’লে, “বাপৰে, আমি জেওৰা আনিবলৈ যোৱাফালে সিখন গাঁৱৰ এগালেও জেওৰা চুৰ কৰিবলৈ আহিছিল নেকি ? আমাক দেখি বৰ ভয় খাইছিল।” 

কথাটোত মহন্তীয়ে ক’লে, “আমাৰ জেওৰা নিবলৈ হ’লে ৰাতিপুৱাই সিহঁতক মেজিৰ তলতে ধৰিমগৈ।” 

প্ৰীতমে বেঁকা হাঁহি এটা মাৰি ক’লে, “হেৰৌ মাঘৰ বিহুত সেইকণ কৰা মানে নিজৰে মংগল।”

মহন্তীয়ে বিশেষ একো নামাতিলে যদিও বাঁহৰ হিচাপ আৰু হাজিৰাৰ হিচাপ দিবলৈ নাপাহৰিলে।

পুনৰ সকলো অলপ সময় থাকি ঘৰত  অলপ খোৱা-বোৱা কৰি আমি ৰাতি ৰখা ল’ৰাকেইটাই ভোজ খাবৰ বাবে চৌকা তৈয়াৰ কৰি ভাজি, ভাত বনোৱাত লাগিলোঁ। তেনেতে জানে ক’লে, “ঐ, ৰাতিপুৱাৰ কাৰণে কুমলীয়া তামোল চুৰ কৰোঁগৈ ব’ল। তাৰ পাছত হাঁহ চুৰৰ পৰ্বটো নয়নজ্যোতি আৰু প্ৰীতমে কৰিব।” লগে লগে তামোল চোৰৰ মিছন আৰম্ভ হ’ল। তামোল চুৰ কৰাৰ বাবে অৰূপ খুৰাৰ ঘৰ নিৰ্বাচন কৰা হ’ল। ৰাতি ১১ বাজিছিল, তামোল গছত উঠিল জান, আমি পহৰা দি থাকিলোঁ। কিন্তু বিধিৰ বিপাক অৰূপ খুৰা উঠি আহি টৰ্চটো জ্বলাই এফালৰপৰা তামোল গছ নিৰীক্ষণ কৰাত লাগিল। তেনেতে মই ৰাস্তাৰ পৰা তেওঁলোকৰ ঘৰৰফালে সোমাই গ’লোঁ। 

তেওঁক দেখি, “অ’ কুনু দাইটি, কি হ’ল ?”

কুনু দাইটি, “অ’ তই কেতিয়া আহিলি?”

মই -“কালি আহিলোঁ ।”

:-” ৰহ কোনোবাই তামোল চুৰ কৰিছে নেকি, গছ লৰা যেন পালোঁ।”

মই, “ব’লক ময়ো চাই দিওঁ । টৰ্চটো মোক দিয়ক ।”

প্ৰথমতেই জান উঠি থকা গছ জোপালৈকে টৰ্চ মাৰিলোঁ, সি পাত এখিলা টানি নিজকে ঢাকি ৰাখিছে। মই অলপ সময় সিফালে-সিফালে মাৰি পুনৰ সিজোপালৈ মাৰি আগ বাঢ়ি পাছফালৰ দুৱাৰে কুনু দাইটিৰ ঘৰ সোমাই জুই সেকিলোঁ। তেনেতে জানে মেছেজ দিলে-“মিছন চাকছেছফুল।” ময়ো অলপ পৰ কথা পাতি, মাংস টেষ্ট কৰি গুচি আহিলোঁ। ভেলাঘৰৰ তল পাওঁতে ১২:২৫ হ’ল। এটাই ক’লে যে ভোজৰ সকলো ৰেডী, হাঁহ আনিলেই ভোজ হৈ যাব। বহুত আলোচনা-বিলোচনাৰ অন্তত সিদ্ধান্ত হ’ল যে পৰীৰ ঘৰৰ হাঁহৰ গড়ালটোৰ পৰাই চুৰ কৰাত সুবিধা হ’ব, কিন্তু পৰীৰ ককায়েকে ধৰা পেলালে বচাৰ আশা নাই। কথামতেই প্ৰীতম আৰু মই হাঁহ চুৰ কৰা মিছনলৈ আগবাঢ়িলোঁ। আমোদজনক কথাটো হ’ল যে প্ৰীতমে পৰীক ভাল পায়। গতিকে আমি দুয়োটাই সিদ্ধান্ত ল’লোঁ যে প্ৰীতমে পৰীলৈ ফোন কৰি কথা পাতি থাকিব আৰু মই গড়ালৰপৰা হাঁহ চুৰ কৰিম। সিহঁতৰ ঘৰ পোৱাৰ আগতেই প্ৰীতমে পৰীলৈ ফোন কৰি কথা পতা আৰম্ভ কৰিলে। আমি দুয়োটাই কথা পাতি ল’লোঁ যে কোনোবা ঘৰৰপৰা ওলালেই সি টৰ্চ জ্বলাই মোক এটা চিগনেল দিব।

অৱশেষত সি ঘৰৰ আগ দুৱাৰ আৰু পাছৰ দুৱাৰ দেখি থকা এটা স্থানত অৱস্থান ল’লে আৰু মই হাতত সাৰে-ভৰিত সাৰে হাঁহৰ গড়ালৰ ফালে আগবাঢ়িলোঁ। ঘৰৰ মাজভাগতে ফুচফুচনি শুনি মোৰ বুজিবলৈ বাকী নাথাকিল যে প্ৰীতমৰ লগত পৰীয়ে কথা পাতি আছে। লাহে লাহে পাছফালৰ হাঁহৰ গড়াল পোৱাৰ লগে লগে হাঁহবোৰৰ মাজত মৃদু কথোপকথন আৰম্ভ হ’ল। তাত-তাত, পেক-পেক-পেক, কুক-কুক-কুক। মই গড়ালৰ ওপৰত থোৱা কাঠডাল আঁতৰাই লাহেকৈ টিঙৰ ঢাকনিখন আঁতৰাই দিয়াৰ লগে লগে হাঁহৰ মাজত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈ অলপ হৈ চৈ লাগিল। ময়ো শুভ কামত পলম নকৰি অলপ হাউলি পেটত ভৰ দি হাতেৰে খেপিয়াই পতকৈ এটা হাঁহ থাপ মাৰি ডাঙি ল’লোঁ। লগে লগে দুই ভৰিৰে হাঁহটোৰ ডিঙি আৰু ঠোঁটত গচকি ধৰি টিংখন আৰু কাঠডাল তুলি লৈ এইবাৰ হাঁহটোৰ ঢপঢপাই থকা ডেউকা দুখন পাক মাৰি, এখন হাতেৰে ঠোঁটটোত ধৰি মুচৰি লৈ লাহে লাহে গেটখন পাৰ হৈ প্ৰীতমলৈ ৰাস্তাতে অপেক্ষা কৰিলোঁ। পিছে প্ৰীতমৰ একো খা-খবৰেই নাই। প্ৰায় পোন্ধৰ মিনিটমান অপেক্ষা কৰাৰ পাছতো একো সাৰ-সিকতি নেদেখি বহুত কষ্ট কৰি ম’বাইলটো উলিয়াই প্ৰীতমলৈ ফোন কৰিলোঁ। নাই, তাৰ ম’বাইল চুইছ অফ দেখুৱাইছে। মই নেটৱৰ্ক প্ৰʼব্লেম বুলি ভাবি পুনৰ দুবাৰমান ট্ৰাই কৰি নাপাই মেজিৰ তললৈ গুচি আহিলোঁ। কিন্তু মেজিৰ তলতো প্ৰীতমক নাপালোঁ। মনতে ভাবিলোঁ কিজানি ঘৰলৈ যাবলগা কিবা কাম ওলোৱাত ঘৰলৈ গ’ল। সিফালে লগৰকেইটাইও তাৰ হঠাৎ নাপাট্টা হোৱাৰ কথাটো হজম কৰিবলৈ টান পালে। সিফালে দীপাংকৰে হাঁহ হাতৰপৰা থপিয়াই নি মাৰি পাখি গুচোৱা আৰম্ভ কৰি দিলে। আমি সি আহিব বুলি ৰৈ থাকোঁতে ২:৩০ বাজিল। ইফালে মাংসও সিজি প্ৰায় হ’লেই, সিফালে প্ৰীতমৰ দেখা দেখিয়ে নাই।

তেনেতে জানে ক’লে, “সেইটোক কেনেবাকৈ ককায়েকে ধৰি পিটন দিয়া নাইতো! ব’ল চাই আহোঁগৈ।”

 নাই, পৰী ঘৰৰ গোটেই বাউণ্ডেৰী চালোঁ, একো উম-ঘামেই নাই। শেষত প্ৰীতমৰ ঘৰ পালোঁগৈ ।

 প্ৰীতমৰ ঘৰৰ দুৱাৰমুখত ৰৈ প্ৰীতমক চিঞৰাত মাকে ভিতৰৰপৰা ক’লে, “সি মেজিৰ তলতে আছে, মাজনিশা ভোজৰ তাত মছলা নাই কাৰণে গগৈৰ ঘৰৰপৰা মছলা আনিবলৈ বাইকৰ চাবি লৈ বাইক লৈ গৈছে।” 

আমি দুয়োটা এইবাৰ আচৰিত হ’লোঁ, কাৰণ ভোজৰতলীত মছলা নথকাটো সঁচা নহয়। এইবাৰ মই কিবা এটা ৰহস্যৰ গোন্ধ পোৱা যেন লাগিল। 

মই জানক ক’লোঁ, “ব’লচোন পৰীৰ ঘৰত পুনৰ হামলা এটা দি আহোঁ।” দুয়োটাই গৈ পৰীৰ ঘৰৰ আগফালৰ গ্ৰীলৰ দৰ্জাখন পৰীক্ষা কৰি দেখিলোঁ দুৱাৰখন ভিতৰফালৰপৰা লক কৰি থোৱাই আছে। একো বুজি নাপাই পুনৰ আমি মেজিৰ তললৈ ঘূৰি আহিলোঁ, ঘড়ীত সময় ৩:১৫ মিনিট। দুটামানে ভাত বাঢ়ি খাবলৈ লৈছে। আমাকো মতাত আমিও বহি দিলোঁ। 

জানে কৈছে, “পাগলটো গ’ল ক’লৈ?”

মই- “মই গড়াললৈ যাওঁতে সি ফোনত কথাই পাতি আছিল।”

সেইবোৰ পাতি-মেলি থাকি ভেলাঘৰৰ খেৰৰ ওপৰতে দীঘল দি থাকোঁতে কেতিয়ানো টোপনি আহিল গমকে নাপালোঁ। ৰাতিপুৱা বৰতালৰ শব্দতহে সাৰ পালোঁ। শোৱাৰপৰা উঠি নদীত গা ধুই মেজিৰ তলত সেৱা কৰি নিজৰ ব্লেংকেট, টুপী লৈ ঘৰলৈ আহিবলৈ লৈছোঁ, তেনেতে ফোনটো বাজিল। ফোনটোত দেখিলোঁ – প্ৰীতম কলিং।

দেখিয়ে খং উঠিছিল, কিন্তু গালি দিম বুলি ধৰোঁতেই প্ৰীতমে ক’লে, “নয়ন, মই ৰাতিয়ে পৰীক লৈ আহি পেহীৰ ঘৰ পালোঁহি। দিনৰ দহটামানত মন্দিৰলৈ আহিবি, নিয়মটো কৰি থ’ম।” মই কিবা ক’বলৈ মুখ মেলাৰ আগতেই ফোনটো কাটি দিলে। 

সিফালে পৰীৰ বাপেকে দৌৰি দৌৰি মেজিৰ তললৈ আহিছে, “ঐ ঐ প্ৰীতম ইয়াতে আছেনে? পৰী ৰাতিপুৱাৰ পৰাই ঘৰত নাই।”

মোৰ অৱস্থা ফাঁট মেলা বসুমতী পাতালে লুকাওঁ। সিফালে ৰাতি মেজিৰ তলত থকাকেইটাই মোলৈ চকু ডাঙৰ কৰি চাই আছে। 

মই বোলোঁ, “মোলৈ কি চাইছ? মই সেইবোৰ একো নাজানো।” 

তেনেতে এজন বয়োবৃদ্ধ বৰদেউতাই কৈছে, “সি যদি নিছেই, পলুৱাই নিয়াৰ সময়টো মাঘত পৰিলে নে নাই বা! পুহত বিয়াও পাতিব নাপায়।”

এজনে কৈছে, “এইটো কি ৰকমৰ পুলিছ ঔ, ছোৱালীকে চুৰ কৰিছে দেখোন।”

খটাসুৰে কৈছে, “সি পুলিছ নহয় মিলিটাৰীহে।”

তেনেতে গাঁৱৰ বয়োজ্যেষ্ঠ ককাজনে কৈছে, “পুহত নিছে যদিহে বৰ বেয়া কথা হৈছে। পঞ্জিকাখন চাগৈচোন যা কোনোবাই। সেইকেইটা ক’ত ক’ত বা গ’ল ! সময়বোৰ বেয়া হ’লে পাছৰ জীৱনটোত বৰ বেয়া হয় ঔ।” 

মুঠতে সময় মেইন। এইবাৰ সময় শব্দটো শুনি মোৰ মূৰটো পাক খাই গ’ল, খঙতে কৈয়ে দিলোঁ- “হেৰৌ, গৰ্ভৱতী মহিলা এগৰাকীক হাস্পতাললৈ উলিয়াই নিয়াৰ সময়টো ধৰে নে শিশুটো জন্ম হোৱাৰ সময়টো ধৰে? প্ৰীতমে ছোৱালী পলুৱাইহে নিছে, মই জনাত এতিয়ালৈকে বিয়া পতা নাই। গতিকে ভাল সময় এটা চাই দিয়ক মই তাক ফোন কৰি কথাটো কৈ দিওঁ।” 

লগে লগে গোটেই মেজিৰ তলৰ মানুহ কাঁহ পৰি জীণ গ’ল। ময়ো খঙৰ ভমকতে সঁচা কথাটো কৈ দি লগে লগে  প্ৰীতমলৈ ফোন কৰিলোঁ, “ঐ, তই পৰীক ১০ টাত মন্দিৰত বিয়া পাতিব নালাগে, মই সৱ আলোচনা কৰিলোঁ মেজিৰ তলত, পৰীৰ দেউতাকে এতিয়াই মিশ্ৰ খুড়াৰ তাত ভাল সময় এটা চাই দিব, সেই সময়তে দেউতাকে কন্যাদান কৰিব। এইবোৰ শুভ কামত সময় বুলিও কথা এটা থাকে বুজিছ মূৰ্খ।” 

সি কি ক’লে নাজানো, কিন্তু মই পৰীৰ দেউতাকৰ মুখলৈ চালোঁ, কিবা অঁকৰা মানুহৰ দৰে মোৰ মুখলৈ চাই ৰৈছিল। আন নালাগে মেজিৰ তলৰ সকলো মানুহেই মোলৈ কিবা ডাইন’চৰ চোৱাৰ দৰে চাই ৰ’ল। 

তেনেতে গাঁৱৰ দ্বিতীয় এটা খটাসুৰ পোৱালি দৌৰি আহি মেজিৰ তল পায়ে চিঞৰি চিঞৰি কৈছে, “পৰী পেহী ঘৰত নাই নহয়, তাই তাইৰ ভাগৰ মৰমৰ আমৰলীয়া হাঁহটোও লগত লৈ গ’ল ঔ।”

এইবাৰ আমি হাঁহি ৰখাব নোৱাৰিলোঁ, খুক-খুক হাঁহিৰ মাজতেই পৰীৰ দেউতাকৰ মুখতো হাঁহি বিৰিঙি পৰিল। 

যাওঁতে কৈ গ’ল, “বিহুৰ দিনানো কি আৰু হুলস্থূল কৰিম, যি হ’ল হ’লেই আৰু। ইহঁতৰ বাবেই ভাল সময় এটা চাই আহোঁগৈ।”

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to Tabibar Rahman Cancel reply

Your email address will not be published. Required fields are marked *