ফটাঢোল

প্ৰেম বছৰে বছৰে – দিব্যজ্যোতি কলিতা

বাটত থিয় হৈ আছিলোঁ। কাম বন নোহোৱা ডেকা ল’ৰা। গতিকে বাটে-ঘাটে, চকে বজাৰে এনি তেনি থিয় হৈ যেতিয়াই তেতিয়াই আদ্দা দি ফুৰিব নোৱাৰিলে আত্মসন্মানত লাগে। লাগিবই। সিদিনাও আছিলোঁ। এনেতে আহক সেইপিনেৰে চেঙেলীয়া ল’ৰা এটা। বয়স বেছিতে তেৰ-চৈধ্য। চৌবিশ ফুটিয়া চাইকেলখন তেৰেং-ভেটেং কৰি চলাই আহিছে। পেদেল ভালদৰে লগ পোৱাই নাই। পিছে মুখেৰে একেবাৰে প্ৰাণ ঢালি গাইছে–

“জীৱনটো যে হ’ল অসাৰ

প্ৰয়োজনো নাই

তথাপিও আছোঁ জীয়াই   

মই….”

মোক দেখি চাইকেলখন অলপ খৰকৈ মাৰোঁ বুলি ভাবিছিল চাগে। পিছে মই হে ৰখালোঁ, বোলোঁ–“ঐ এইটো আমাৰ আধাফুটীয়াৰ পুতেক ফচহু নহয় নে?”

: হয় দাদা হয়। ময়েই।

: অ একেবাৰে কৰুণ সুৰেৰে দেখোন জীৱনৰ সমস্ত আবেগ বাৰিষাৰ নৈখনৰ দৰে হুৰ-হুৰাই বোৱাই আহিছ! কথাটো কি? 

মোৰ প্ৰশ্নটি শুনি ল’ৰাকণে কিছু আবেগেৰেই ক’লে– “নক’ব দিয়ক দাদা। বৰ দুখ।”

মই বোলোঁ “নকওঁ দে। তয়ে কচোন এই বয়সতে তোৰ আকৌ কিহৰ দুখ?”

: অলপ আগত মোৰ ব্ৰেক আপ হ’ল দাদা। 

কৃষ্ণ! ল’ৰাকণৰ দঢ়িয়েই ফুটা নাই, এতিয়াই ব্ৰেক আপ! প্ৰভুৰো যে লীলা আৰু দেই। আজি কালি দেখিছোঁ তেৰাই জন্মতেই ল’ৰা-ছোৱালীহঁতক প্ৰেম পিৰিতি শিকাই পঠিয়ায়। কি ঠিক! আৰু কেইবছৰমান পিছত হয়তো একেবাৰে সংসাৰখনো পাতিয়েই পঠিয়াব। 

কথাখিনি মনতে ভাবিলোঁ যদিও তাক নুসুধি নোৱাৰিলোঁ– “ক চোন ফচহু।এই বয়সতেই যদি তোৰ ব্ৰেক আপ হ’ল ‘ব্ৰেক ডাউন’ নো হৈছিল কেতিয়া?”

বেচেৰাই মোৰ প্ৰশ্ন শুনি ভকুৱা মাছে মুখ মেলাৰ দৰে মুখ মেলি ৰ’ল। মই বুজিলোঁ, সি বেটাই মোৰ কথাৰ তলা নলা একো পোৱা নাই। মই এইবাৰ বুজাই সুধিলোঁ–

:মানে তই কচোন তোৰ যে ব্ৰেক আপ হ’ল, প্ৰেমত নো পৰিছিলি কেতিয়া? 

এইবাৰ সি মোলায়েম হাঁহি এটা ফটা ওঁঠ দুটাত ব্ৰেডত বাটাৰ সনাদি সানি লাজ লাজ কৈ ক’লে “এক বছৰেই হ’ল। মানে মই চেভেনত থাকোঁতে।”

: চেঃ বৰ বেয়া কথা হ’ল। একো নাই এতিয়াও। প্ৰথম প্ৰেমত হে উজুটি খাইছ। তামোলৰ আগৰ সমান বয়স আছে তহঁতৰ। 

: নহয় দাদা। এইবাৰকে ধৰি মোৰ তিনিবাৰ ব্ৰেক আপ হ’ল। 

এইবাৰ বৰ দুখেৰে ল’ৰাকণে দিয়া উত্তৰত মই জাঁপ মাৰি উঠিলোঁ। নুঠি পাৰোঁ নে? মনতে ভাবিলোঁ “তহঁতৰেই ভাল। হাইস্কুলীয়া দেওনা পাৰ নহওঁতেই তিনিবাৰকৈ ব্ৰেক আপ হ’ল। আৰু আমি এতিয়ালৈ সেইবিধৰ ওচৰকে চাপিব পৰা নাই। জীৱনটো তহঁতৰ নহয়, আমাৰ বাবেহে অসাৰ যেন পাওঁ।” পিছে মনৰ ভাব মনতে এৰি তাৰ ব্ৰেক আপৰ কাৰণ হে জানিবৰ মন গ’ল। সুধিলোঁ–

ঃ পিছে ফচহু, তইতো দেখিছোঁ নামে কামে বহুত আগবাঢ়িছ। এনেহেন ল’ৰা এটাৰ তিনিবাৰকৈ ব্ৰেক আপ! বৰ আচৰিত লাগিছে। কচোন ক, ইয়াৰ কাৰণ ক। 

: আচলতে দাদা ইয়াৰ কাৰণটো অলপ বেলেগ।

 সি আৰম্ভ কৰিলে। 

: মানে আপোনালোক ডাঙৰবোৰেতো আমাক সদায়েই কয় বোলে মানুহ সদায় দূৰদৰ্শী হ’ব লাগে।” কৈ উঠি সি মোলৈ চালে। অৱশ্যে মই তাক কেতিয়া দূৰদৰ্শী হ’বলৈ কৈছিলোঁ মনত নাই। তথাপিও কলোঁ -” হয় তো।জীৱনৰ বাটত দূৰদৰ্শী হ’বই লাগিব। অৰ্থাৎ দূৰলৈ দেখিব পাৰিবই লাগিব। আগতে অৱশ্যে ময়ো দূৰলৈ নেদেখিছিলোঁ। আজি দুবছৰ আগতে ডাক্তৰে চচমাযোৰ দিয়াৰ পৰা হে ময়ো দূৰদৰ্শী হ’লোঁ। অৱশ্যে তহঁতৰ সমান নহয় দেচোন।” মোৰ শেষৰ কথাখিনিত সি কি জানো ৰস পালে “দাদাৰো যে কথা আৰু” বুলি হাঁহিৰে সৈতে দেহৰ এনেকুৱা এটা ভাঁজ দিলে নহয়, যেন বিয়া খাবলৈ যোৱা কোনোবা ৰূপহী গাভৰুক হে সমনীয়া ছোৱালীয়ে তাইৰ মন পচন্দৰ কোনোবা ডেকাৰ নাম কৈ জোকালে আৰু তাই লাজতে কৈ উঠিল “তহঁতৰো যে কথা আৰু”। 

ঃ বাৰু বাৰু এতিয়া কচোন দূৰদৰ্শী হোৱাৰ লগত তোৰ ব্ৰেক আপৰ কি সম্পর্ক? দূৰদৰ্শী হোৱাটোত তাই ভাল হে পাব লাগে! —-মই পুনৰ সুধিলোঁ। 

ঃদাদা, গণ্ডগোলটো তাতেই। মানে মই ভৱিষ্যতলৈ চিন্তা কৰি এজনীৰ লগত প্ৰেমৰ সম্পর্কত থকা অৱস্থাতেই অন্য এজনীও ঠিক কৰি থৈছিলোঁ যাতে কেতিয়া কিবা কাৰণত প্রথম জনীৰ লগত ব্ৰেক আপ হ’লে মাজতে কোনো সময় অপচয় নকৰাকৈ দ্বিতীয় জনীৰ লগত সহজে সম্পর্ক কৰিব পাৰোঁ। কাৰণ সময় অমূল্য ধন। ইয়াক অপচয় কৰিব নেৱাৰি। 

ঃ বাঃ বাঃ 

দাঢ়ি নুফুটিল কি হ’ল? এই বয়সৰ পৰাই ল’ৰা একদম মাল্টি টেলেণ্টেড। গতিকে বাঃ বাঃ নিদি পাৰি জানো? এনেকুৱা মগজুৰ ভিতৰত টেলেন্টে ভক্-ভক্ কৈ উতলি থকা ল’ৰা এইখন অসমতেই আছে। গতিকে অসমীয়া ল’ৰাই ঠেলা, ৰিক্সা চলাবলৈ লাজ কৰে বুলি সিহঁতৰ দূৰ্নাম কৰি থাকিলে নহ’ব। কিহৰ গৰজত ঠেলা ঠেলিব, ৰিক্সা চলাব? নচলায়, দস্তুৰমত নচলায়। পেচটিজৰ কথা আছে। 

ঃ বাৰু এতিয়া কচোন ইমানৰ পিছতো তোৰ ব্ৰেক আপ হ’ল কিয়? 

মই পুনৰ তাক কথাৰ আঁত লগাই দিলোঁ। সি কৈ গ’ল। 

ঃ এদিন হঠাতে প্ৰথম জনীয়ে দ্বিতীয় জনীৰ খবৰটি পাই গ’ল। বেচেৰীয়ে মোক ভুল বুজিলে। লগে লগেই ব্ৰেক আপ। সেয়া ৫ম মানৰ কথা। তাৰ পিছত মই ষষ্ঠ শ্ৰেণীত থাকোঁতে এদিন দ্বিতীয় জনীয়েও তৃতীয় জনীৰ হাতত মোক এৰি থৈ গুচি গ’ল। কাৰণ একেটাই। আৰু আজি তৃতীয় জনীয়েও চতুর্থ জনীৰ খবৰ পাই লগে লগেই আঁহতৰ তললৈ মাতি মোক ব্ৰেক আপ দিলে। 

কথাখিনি কৈ সি অলপ ৰ’ল। ফাঁক এটা পাই মই ক’লোঁ

ঃ এতিয়াও নো কি কথা! চতুর্থ জনীৰ সৈতে নতুন সম্পর্ক এটা আৰম্ভ কৰ। অন্তত আকৌ এবছৰ। 

এইবাৰ বেচেৰাৰ মাত থোকা থোকি কৈ ওলাল। 

ঃ আৰু নহ’ব দাদা। আচলতে তৃতীয়, চতুর্থ দুয়োজনী বায়েক ভনীয়েক আছিল। আৰু ইতিমধ্যে তায়ো….!

ল’ৰাকণৰ আৰু মাত নোলোৱা হ’ল। মোৰো তালৈ দুখ লাগিল। হাজাৰ হওক একে গাঁৱৰ ল’ৰা। গতিকে এনে সময়ত তাক কিবা এটা পৰামৰ্শ দিয়া উচিত। বহুত বেছি নোৱাৰিলেও তাহানি বুঢ়া ককাক শিয়ালে কচু ৰুবলৈ দিয়া পৰামৰ্শৰ দৰে কিবা এটা হ’লেও…। 

মই বোলোঁ “দুখ নকৰিবি।তোৰ প্ৰেমৰ এডাল চেইন হে চিঙিল। আকৌ এডাল নতুন চেইন গঢ়ি তোল। এইবাৰ তই ভনীয়েক নথকা ছোৱালী বিচাৰ। দেখিবি তোৰ প্ৰেমে এইবাৰ বছৰে বছৰে নতুনত্ব পাব। মাজত চিঙিবলৈ নাই। ধৰি ল এই প্ৰেম বছৰে বছৰে।”

কথাষাৰ ক’বলৈ হে পালোঁ একে জাঁপে সি চাইকেলত উঠিল আৰু দীঘল কৈ জুৰিলে–

   “মোক এটি সুৰ কৰি তোলা

    তোমাৰ প্ৰেমেৰে প্ৰেমেৰে..”

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply to Rimjhim Borthakur Cancel reply

Your email address will not be published. Required fields are marked *