ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

(১)

জাতিদ্ৰোহীৰে সনা-পোটোকা, নেতা চমৎকাৰ!

ৰাইজৰ মনৰ পৰা সেইবাবেই বহিষ্কাৰ৷

ভেবাহঁতক দিছিল পাঠ,

খিলঞ্জীয়াক মাৰিছিল লাথ৷

ক্ষমতা হেৰুৱাই এতিয়া কৰি আছে হাহাকাৰ৷


(২)

বিক্ৰেতাই মাৰি থাকে মাখি।

লেখকে ভাবে কি হ’ব লিখি।

পঢ়া লোক কম,

পুথি দ’ম দ’ম,

ম’বাইল লৈয়ে আমি সুখী৷


(৩)

উদৰ পূৰাই খাম ভোগালীৰ ভোজ-ভাত।

ক’ৰোনা হ’লে হওক- ভাবিবলৈ নাই তাত।

ওৰে ৰাতি কৰিম স্ফূৰ্তি,

হেৰালে হেৰাব দে চুৰ্তি,

উৎসৱৰ বতৰ যে- তত নাইকিয়া গাত৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *