ফটাঢোল

ভ্ৰম-মানসী বৰা

কেন্দ্ৰীয় বজাৰৰ সমীপতে  আদিত্যৰ দোকানখন। নাম ‘আদিত্য কমিউনিকেচন’। চেলফোন বিক্ৰী কৰাৰ উপৰি তাত ৰিচাৰ্জ কৰা আৰু বেয়া চেলফোন ভালো কৰা হয়। দোকানৰ বিক্ৰী ভাল। প্ৰথমে অকলে আৰম্ভ কৰা দোকানখনত আদিত্যই মণ্টুৰ দৰে বিশ্বাসী কৰ্মচাৰীও ৰাখিব পৰা হ’ল। সকলো কাম মন্টুৱে অতি নিয়াৰিকৈ কৰে। মণ্টু অবিহনে আদিত্যৰ হাত ছিগা। নতুন মোবাইল কিনিবলৈ যিসকল লোক আহে, সেইসকল গ্ৰাহকক আদিত্যই চকু দিয়ে। মোবাইল ভাল কৰা আৰু ৰিচাৰ্জ কৰা প্ৰায়ভাগ কাম মণ্টুৱে কৰে। আদিত্যৰ দোকানত বেছিভাগ ৰিচাৰ্জ কৰা আৰু বেয়া চেলফোন ভাল কৰাবলৈ অহা গ্ৰাহক। 

মোবাইলত নেটপেক ভৰাবলৈকে এদিন মধুমিতাও আহিছিল আদিত্যৰ দোকানলৈ। তাৰ পিছত কতবাৰ যে  আহিছে তাৰ হিচাপ নাই। মধুমিতা ওচৰৰে বিউটি পাৰ্লাৰ এখনৰ কৰ্মচাৰী। আদিত্যৰ দোকানৰ সন্মুখেদি তাইৰ আহ-যাহ হয়। পাৰ্লাৰলৈ আহোঁতে-যাওঁতে আদিত্যৰ দোকানলৈ মধুমিতাৰ চকু যায়। দুইটাই চকুৱে চকুৱে পৰিলে ইটোৱে সিটোলৈ মিচিকিয়াই হাঁহে। দীঘল চুলিৰে লাহী দেহৰ মিঠাবৰণীয়া মধুমিতাই লাহে লাহে আদিত্যৰ হৃদয়তো ঘৰ সাজি পেলালে।

কেতিয়াবা দোকানত আদিত্য নাথাকিলে মধুমিতা ৰৈ থাকে। আদিত্যই অনুভৱ কৰে, মনৰ কথা দু-আষাৰমান পাতিবলৈকে যেন আদিত্যলৈ তাই অপেক্ষা কৰে। দুয়ো বহুদিনীয়া চিনাকি যেনেই হৈ পৰিল। ক্ৰমাৎ মধুমিতাক লৈ আদিত্যৰ মনৰ আশাবোৰ বাঢ়ি গ’ল।

মাঘৰ বিহু পাইছিলহি। আদিত্যৰ আশা, মধুমিতাৰ ঘৰলৈ এইবাৰ বিহু খাবলৈ তাকো মাতিব। কথাবোৰ সি ভবামতে নহ’ল। মধুমিতাই বিহু খাবলৈ নমতাকৈ মাঘৰ বিহুটো পাৰ হৈ গৈছিল।

বিহুত ক’ৰবাত গৈছিলা নেকি? ঘৰলৈ  বিহু খোৱা আলহী কিমান আহিছিল?  কি কি পিঠা বনাইছিলা? আদি ধৰণৰ কথা পিছত মধুমিতাক সুধিছিল সি। 

মিচিকিয়া হাঁহিৰে মধুমিতায়ো কৈ  গৈছিল।

সুযোগ বুজি আদিত্যৰ দোকানত সময় কটাব পাৰিলে মধুমিতাৰো যেন ভাল লাগে, আদিত্যই সেই কথা মৰ্মে মৰ্মে অনুভৱো কৰে। বাকী সকলোবোৰ কাম পিছ পেলাই আদিত্যই মণ্টুক মধুমিতাৰ  কামটো আগতে কৰিবলৈ অৰ্ডাৰ দিয়ে। সেইকণ সময় সি আন গ্ৰাহকক সন্তুষ্ট কৰাৰ মাজতে হাঁহি হাঁহি মধুমিতাৰ সৈতেও কথা পাতি থাকে।

ভেলেন্টাইন ডে’ আছিল সেইদিনা। প্ৰেমৰ বলীয়া বতাহজাক বাৰুকৈয়ে বলিছিল। প্ৰেমৰ দিৱসত সকলো প্ৰেমিক-প্ৰেমিকা মগন হৈ থকা দিনটোত আদিত্যয়ো অপেক্ষা কৰিছিল মধুমিতালৈ। তাই আহিলে দিব বুলি থৈ দিছিল এখন গ্ৰীটিং কাৰ্ড আৰু এটা কেডবেৰী চেলিব্ৰেছনৰ ডাঙৰ চকলেটৰ পেকেট। সেইদিনা কিন্তু  আদিত্যৰ দোকানলৈ মধুমিতা অহা নাছিল। গোটেই দিনটো আদিত্যই বোন্দাপৰ দি ৰৈ আছিল। দুবাৰমান  মধুমিতাৰ ফোনলৈ সি ৰিঙো কৰিছিল।কিন্তু কোনো সমিধান পোৱা নাছিল।ইফালে গোটেই দিনটো অকলে অকলে সি গ্ৰাহকক সন্তুষ্ট কৰিব লগাতো পৰিছিল। কাৰণ সেইদিনটোত দোকানৰ কৰ্মচাৰী মণ্টু ছুটীত আছিল।

পিছদিনা মণ্টুৰ এক্টিভাখনত উঠি  আদিত্যৰ দোকানৰ সন্মুখেৰে মধুমিতা পাৰ্লাৰলৈ আহিছিল। সেই অকল্পনীয়, অনাকাংক্ষিত দৃশ্য আদিত্যই দোকানৰ পৰাই দেখিবলৈ পাইছিল। দোক‍ানলৈ অহা-যোৱা কৰিবলৈ সেই ছেকেণ্ড-হেণ্ড এক্টিভাখন কিনোতে মণ্টুক পইচা জোৰা মাৰি দিয়া মানুহটো আদিত্যই আছিল।মন্টু যে তাৰ একমাত্ৰ বিশ্বাসী কৰ্মচাৰী! 

এতিয়া সেইখন এক্টিভাৰ পিছতে মধুমিতা বহি গৈছে। আদিত্যই মন কৰিছিল, তাৰ দোকানলৈ সেইদিনা মধুমিতাই এবাৰো চোৱা নাছিল। তাৰমানে, আচলতে তাই কোনোদিনে আদিত্যক চাবলৈ  তাৰ দোকানলৈ দৃষ্টি দিয়াই নাছিল!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to ৰাজু কুমাৰ নাথ Cancel reply

Your email address will not be published. Required fields are marked *