ফটাঢোল

কমেডিৰ SOP-ধূৰ্জ্জতি কাকতি

এজন মহান ব্যক্তিয়ে কৈ গৈছে “অসমত মধ্যবিত্ত হৈ জন্ম লোৱাটো এটা অপৰাধ আৰু মধ্যবিত্ত চাৰকাষ্টিক হোৱাটো তাতকৈও ডাঙৰ অপৰাধ”৷

আচলতে কোনো মহান ব্যক্তিয়ে এই কথাষাৰ কোৱা নাই, মই নিজেই সৰুৰেপৰাই এই কথাটো অনুভৱ কৰিছোঁ৷ কাৰণ ব্যঙ্গাত্মক হ’বলৈ গৈ সৰুৰেপৰা সকলোৰে গালিয়েই খাইছোঁ। কোনেও কোৱা নাছিল এইটো টেলেণ্ট,  ইয়াক আৰু ভাল কৰিবলৈ চেষ্টা কৰ৷ জমনি, ব্যংগ এইবোৰক আমাৰ সমাজত অপৰাধৰ দৰে গণ্য কৰা হয়। সেইবাবে ব্যংগ কৰিলে  মুখচোকা, বেছি কথা কোৱা আদিহে নাম পোৱা যায়৷ 

সৰুতে এবাৰ আমাৰ ঘৰলৈ বাইদেউ এজনী আহিছিল৷ মাষ্টৰৰ চাকৰিৰ বাবে তেওঁক তেওঁৰ জেগাৰে বেলেগ এজন শিক্ষকে দিচপুৰত লিংক থকা বুলি সহায় কৰিবলৈ আহিছিল৷ মানুহজনৰ নামটো জমনি ধৰণৰ আছিল আৰু বাইদেউগৰাকীৰ মুখত নামটো শুনি মই  নামটো লৈ জমনি কৰিলোঁ৷ মোক বাইদেউজনীয়ে লগে লগে ধমকি দি ক’লে, “তেওঁ এজন শিক্ষক হয়, এনেকৈ কিয় কৈছা?”

মই সুধিবলৈ বিচাৰিছিলোঁ শিক্ষকৰ সলনি বেলেগ কিবা হোৱা হ’লে জোকটো ভেলিদ হ’ল হয় নে? কিন্তু আৰু গালি খোৱাৰ ভয়ত নুসুধিলোঁ৷ এনেও শিক্ষক বুলি অসমত এক্সট্ৰা আৱেগ এটা থাকেই৷  একবছৰমান পাছত বাইদেউজনীয়ে দুখ কৰি আছিল শিক্ষকজনে বোলে টকা পইচা লৈ একো নকৰিলে৷ মই  ক’ম বুলি ভাবিছিলোঁ তাতকৈ সেইদিনা মোৰ জ’কটোত হঁহা হলেই ভাল আছিল৷

সেইবোৰ বাদ দি এতিয়া আহোঁ মূল প্ৰসংগলৈ৷ অসমত জমনি কৰা কিয় কঠিন? কাৰণ জমনি কৰাৰ লগে লগে বহুত বাধা নিষেধ আহি যায়। যেনে:

1) এইয়া ব্যংগ/জমনি কৰাৰ সময় নহয়

2) এইটো ব্যংগ/জমনি কৰা বিষয় নহয়

3) এইটো ব্যংগ/জমনি অমুক জাতিৰ বাবে অপমান

4) এইটো ব্যংগ/জমনি অমুক ঠাইৰ বাবে অপমান

5) এইটো ব্যংগ/জমনি অমুখ ধৰ্মীয় ভাবধাৰাৰ বাবে অপমান

6) এই মানুহজনক আমি বহুত সন্মান কৰোঁ, কিয় জমনি কৰিব

7) এই বৃত্তিটোক লৈ জমনি নকৰিব

মুঠতে এনে বহুত ধৰণৰ বাধা- নিষেধৰ মাজত আচলতে জমনি বা ব্যংগ কিহক লৈ কৰিব পাৰি, সাধাৰণ ৰসস্বাদ বিচৰা মানুহবোৰ কনফিউজড হৈ যায়৷ তাতে আজিকালি আকৌ নতুন ট্ৰেণ্ড এটা আহিছে, ব্যংগ/ জমনি কৰিলে মানুহ চিধা গৈ থানা বা ক’ৰ্ট পায়গৈ৷ এটা কৌতুকৰ ওপৰত দহটামান কেচ হৈ যাব পাৰে,  বেলেগ বেলেগ ধৰণৰ দল- সংগঠনে কিমান কেচ দিয়ে ঠিক নাই। মই বাৰু ইয়াত নিকৃষ্ট ধৰণৰ হাঁহি নুঠা জমনিৰ কথা কোৱা নাই, কিছুমান নিৰ্দোষ ধেমালিও গৈ থানা পায়গৈ, য’ত আচলতে ইমান বেয়া পাবলগীয়া একো নেথাকেই। 

গতিকে মই বাৰুকৈয়ে অনুভৱ কৰোঁ, হাস্য -ব্যংগক এই ভয়াৰ্ত পৰিবেশৰ পৰা বচাবলৈ  অসমত ক’ভিদ SOPৰ দৰে  কমেডিৰ SOP এখনো জাৰী কৰা খুবেই প্ৰয়োজনীয়৷ নহ’লে অসমত হাস্য- ব্যংগ সুৰক্ষিত নহয়৷

এই SOPত থাকিবলগীয়া মূল বিষয়সমূহ হ’ব লাগে :

1)জমনিৰ সময়: কোন সময়ৰ পৰা কোন সময়লৈ জমনি কৰিব পাৰিব আৰু কোন সময়ৰ পাচত হাস্য -ব্যংগৰ বাবে কাৰ্ফিউ হ’ব সেইয়া SOPত নিৰ্দ্দিষ্টকৈ উল্লেখ থাকিব লাগিব যাতে কোনেও ক’ব নোৱাৰে যে এইয়া জমনি কৰাৰ সময় নহয় বা সকলো সময়ত কৌতুক ভাল নালাগে৷ তেনেকৈ ক’লে কমেডীৰ SOP দেখুৱাই যাতে ক’ব পাৰি এইয়া চাওক মই SOPত দিয়া সময়মতেই জমনি কৰিছোঁ৷

2)  জমনিৰ বিষয়: কি কি বিষয়ৰ ওপৰত জমনি/ কৌতুক  কৰিব পাৰিব, সেয়াও কমেডিৰ SOPত নিৰ্দ্দিষ্ট কৰি দিব লাগিব৷ জাতি -ধৰ্ম -বৰ্ণ -স্থান কিহৰ ওপৰত কৰিব পাৰিব আৰু কিহৰ ওপৰত কৰিব নোৱাৰে, উল্লেখ কৰাটো প্ৰয়োজনীয়৷ 

3) জমনি কৰিব পৰা  ব্যক্তি: SOPত কোন কোন ব্যক্তিৰ ওপৰত কৌতুক বা ব্যংগ  কৰিব পাৰি, সেয়াও উল্লেখ থকাটো অতি  প্ৰয়োজনীয়৷ নহ’লে কোনোবা চেলিব্ৰিটী বা ৰাজনৈতিক নেতাৰ ওপৰত কৌতুক কৰিলে তেওঁলোকৰ সমৰ্থকবোৰ ক্ষুণ্ণ হৈ যিহে গালি গালাজ কৰে, জমনিৰ পৰা গৈ কুৰুক্ষেত্ৰ হয়গৈ৷ 

4) জমনি কৰিব পৰা প্ৰফেচন: কোন কোন বৃত্তিৰ ওপৰত জমনি কৰিব পাৰি সেইটোও এক গুৰুত্বপূৰ্ণ বিষয়৷ নহ’লে অমুক বৃত্তিটোৰ ওপৰত কিয় জমনি কৰিব বুলি খেদি আহেই নহয়৷ 

 কিন্তু অকল কমেডিৰ SOP বনালেই নহ’ব৷ ক্ষুণ্ণ হোৱাৰো SOP বেলেগকৈ বনাব লাগিব৷ যিহেতু আমাৰ ৰাজ্যত কোনেও SOP নামানেই, SOP মানি কৌতুক বা ব্যংগ কৰাৰ পাছতো মানুহ ক্ষুণ্ণ হ’ব পাৰে৷ গতিকে কমেডিৰ লগতে  ক্ষুণ্ণ হোৱাৰো এখন SOP বেলেগকৈ  বনোৱা অতি প্ৰয়োজনীয়৷ সেই SOPত লিখা থাকিব লাগিব কি কি ধৰণৰ জমনি বা ব্যংগ কৰিলে মানুহে প্ৰতিবাদ কৰিব পাৰিব বা গালি দিব পাৰিব৷ SOPত বাধা নথকা বিষয়  বা ব্যক্তিৰ ওপৰত  জমনি কৰিলে ক্ষুণ্ন হোৱাটো মানি লোৱা নহ’ব বা তেনে প্ৰতিবাদ গ্ৰাহ্য কৰা নহ’ব।

গতিকে হাস্য ব্যংগ আৰু কৌতুকৰ এক সুন্দৰ ভৱিষ্যত বিচাৰি, যাতে সকলোৱে সুৰক্ষিতভাৱে ভয় শংকা অবিহনে জমনি কৰিব পাৰে, তাৰবাবে আমি কমেডীৰ SOP এখনৰ বাবে চৰকাৰৰ ওচৰত অতি সোনকালেই আৰু সজোৰে দাবী জনোৱা উচিত।

☆ ★ ☆ ★ ☆

2 Comments

  • Apurba Goswami

    ভোগসৰ্বচ্ছ সমাজত মানুহৰ হাঁহিবোৰ লাহে লাহে লুপ্তপ্ৰায় হ’ব ধৰিছে ।স্বতস্ফুৰ্ত হাহিৰ বাবে এটা SOP সময়ৰ দাবী । লিখনিটো পঢ়ি ভাল লাগিল । আগলৈও আশা থাকিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *