ফটাঢোল

চুটি হাতৰ মানুহ-মৃদুল নাথ

“আজি দেখোন শুই উঠিয়ে গীটাৰখনত ধৰিলে, ভোকবোৰ কʼলৈ গ’ল আজি? আনকালেচোন এইখিনি সময়ত চাহ-জলপান বিচাৰি চিঞৰ-বাখৰ আৰম্ভ কৰে।”

গীতিৰ কথাত মই অলপো আচৰিত নহ’লোঁ। খোৱাত মোৰ চখটো অলপ বেছি। তাতে যদি দেওবাৰ হয়, ভোকটোৱে অনবৰতে লম্ভি থাকে। পিচে আজিৰ কথাটো অলপ বেলেগ। আজি প্ৰগ্ৰেম আছে। মানে এঠাইত অনুষ্ঠান এটাত গীটাৰ বজাবলৈ যাম। বিছনা এৰাৰ পাছত নিত্য কৰ্ম সামৰি পোনেই আহি ডাইনিং টেবুলৰ কাষ চাপিলোঁ‌। খোৱাৰ কথা এবাৰো নকৈ গীটাৰখন টিউন কৰি থকা দেখি গীতিয়ে হাঁহি হাঁহি কোৱা কথাষাৰত প্ৰশ্ৰয় মিহলি বিদ্ৰূপৰ সুৰ এটাও আছিল। 

প্ৰগ্ৰেম বুলি ক’লেই মোৰ ভোক চোক নলগা হয়।এয়া আজিৰ কথা নহয়, কলেজত পঢ়ি থকাৰ সময়ৰে পৰা বিহু ফাংচনবোৰ কৰি ফুৰিছিলোঁ। দূৰণিৰ ঠাইবোৰলৈ যাবলৈ হ’লে ৰাতিপুৱাই ঘৰৰ পৰা ওলাব লাগে। আৰু অনুষ্ঠান পৰিবেশন কৰালৈ ৰাতি দুপৰ হয়। মঞ্চৰ পৰা নামিহে অনুভৱ কৰোঁ‌ পেটৰ ভোকৰ কথা। এটা সময়ত কমিটিৰ মানুহে ওচৰৰে কোনোবা এঘৰলৈ লৈ যায়। ভাগ্য সুপ্ৰসন্ন থাকিলে গৰম ভাত এসাঁজ পাওঁ। নহ’লেও চেচা, শুদা ভাতমুঠি লগে ভাগে পৰম তৃপ্তিৰে গোগ্ৰাসে গিলোঁ। তাৰ মাজতে এটা কথাই আমাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কেতিয়াবা কেতিয়াবা দেখিছিলোঁ, নামী গায়ক-গায়িকাৰ বাবে কমিটিৰ মানুহে খোৱা-বোৱাৰ বাবে আছুতীয়াকৈ বিশেষ ব্যৱস্থা কৰে। অৱশ্যে সেইবোৰলৈ আমি বজোৱা মানুহকেইজনে বৰ বিশেষ ধ্যান দিয়া নাছিলোঁ। কাৰণ আমি “হেণ্ডছ”হে, “ছিংগাৰ” নহয়। লগৰ এজনে এবাৰ মোক সুধিছিলে, 

“শিল্পীৰ মাজতো এনে শ্ৰেণী বিভাজন থাকে নেকি?”

মই তাক বুজাব খুজিছিলোঁ হেণ্ডছৰ সীমাবদ্ধতাৰ কথা। তাক কৈছিলোঁ, “আমাৰ বাবে প্ৰগ্ৰেমৰ আগত মঞ্চত ডিঙিত এখন গামোচা আৰু অনুষ্ঠানৰ পিছত এসাঁজ ভাত পোৱাটোহে মূল কথা।” সিদিনা বাকীকেইজনেও হাঁহি হাঁহি শলাগিছিল মোৰ কথাষাৰ। 

চাকৰি পোৱাৰ পাছত আগৰ দৰে ফাংচন কৰি ফুৰিব নোৱৰা হ’লোঁ। তাৰ মাজতে বন্ধ মিলাই দুই এখন কেতিয়াবা কৰোঁ। গীটাৰ মোৰ নিচা, পেছা নহয়। মনৰ খোৰাকেই মোৰ বাবে। সেয়ে যোৱা সপ্তাহত হঠাতে মনালী বাইদেউৰ ফোন পাই মনটো ভাল লাগি গৈছিল।

মনালী বাইদেউ নামজলা ছিংগাৰ। তেখেত দূৰদৰ্শন, আকাশবাণীৰ নিয়মীয়া শিল্পী। খুব চিলেক্টিভ প্ৰগ্ৰেম কৰে। বাইদেৱে কৈছিল, “তোমালোকৰ চহৰলৈ আহি আছোঁ, প্ৰগ্ৰেম এটা আছে। তুমি লগত থাকিলে ভাল লাগিব।”

কিছুমান মানুহক না কৰিব পৰা নাযায়। মনালী বাইদেউ তাৰ মাজৰে এগৰাকী। তথাপি মই কৈছিলোঁ, “মই বহুদিন তেনেকৈ ফাংচন কৰা নাই বাইদেউ। ঘৰতে মন গ’লে মাজে মাজে বজাওঁ। আপুনি গুৱাহাটীৰ পৰাই প্ৰফেচনেল কাৰোবাক লৈ আনিব পাৰিলেহেঁ‌তেন।”

বাইদেউৰ অনুষ্ঠানৰ এক গাম্ভীৰ্য আছে, আৰু তাৰ বিষয়ে মই  খুব ভালকৈ অৱগত। কিন্তু বাইদেৱে মোক সহজ কৰি ক’লে, “তুমি পাৰিবা, মই জানো। এইটো অলপ বেলেগ ধৰণৰ অনুষ্ঠান। আনপ্লাগড। গান আৰু কথাৰ মাজত অকল গীটাৰ থাকিব, বেলগ ইন্সট্ৰুমেণ্ট নাথাকে। তুমি পাৰিবা। গান কেইটা হোৱাটছএপ কৰি দিম।” 

: “বাইদেউ ৰিহাৰ্চেল?” মই সুধিছিলোঁ। 

: “মঞ্চত উঠাৰ আগতে কৰ্ড কেইটা এবাৰ চাই ল’ম। হৈ যাব।”

তাৰ পিছত মোৰ আৰু ক’বলগীয়া একোৱে নাছিল। ক’ব নোৱৰাকৈ মোৰ ওপৰত এক দায়িত্ব আহি পৰিছিল। বাইদেউৰ অনুষ্ঠানটোৰ মৰ্যদা অক্ষুণ্ণ ৰাখিব লাগিব মই। 

:” আপোনাৰ যাবৰ হ’লেই নে ? আবেলিহে অনুষ্ঠান, দুপৰীয়াৰ ভাতসাঁজ খাই যাব পাৰেচোন।”

:” অনুষ্ঠানটো অলপ ভিতৰুৱা ঠাইত পাতিছে, টাউনৰ পৰা কিছু সোমাব লাগে। মই আগেয়ে গৈ পোৱা নাই। সেয়ে সোনকালে যোৱাটো ভাল হ’ব। মনালী বাৰ লগত প্ৰগ্ৰেমৰ আগতে অলপ বহিব লাগিব, ৰিহাৰ্চেল কৰাই নাই নহয়। আৰু খোৱাৰ বাবে চিন্তা নকৰিবা। স্পেচিয়েল এৰেঞ্জমেণ্ট কৰিব তাত। আজি হাঁহে মাহে খুৱাব চিয়ৰ।” মই হাঁহি হাঁহি ক’লোঁ। 

: “সপ্তাহত এটা দিনেই পাওঁ, সেই দিনাও আপোনাৰ সময় নাই ঘৰখনৰ বাবে। হ’ব, আপুনি হাঁহে মাহে বাহিৰতে খাই থাকক, আমি শুদা ভাত খালেও হ’ব।”

গীতিৰ অভিমান মই বুজি পাওঁ। অফিচৰ কামৰ হেঁচাৰ বাবে মোৰ ঘৰ সোমোৱাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। ব্যতিক্ৰম অকল দেওবাৰটো। এই সময়খিনি আনৰ লগত ভাগ-বতৰা হোৱাটো তাই নিবিচাৰে।

:”কথাষাৰ তুমি বুজা উচিত। এয়া মনালী বাইদেউৰ প্ৰগ্ৰেম, আন হোৱা হ’লে আজিৰ দিনটোত ওলাই যোৱাৰ প্ৰশ্নই নুঠে।”

গীতিয়ে বুজে। কেতিয়াবা ভাবোঁ তাই মোক মোতকৈও বেছি ভালকৈ বুজি পায়। কিন্তু মোৰ বাবে সকলোতকৈ টান কামটো আছিল মোৰ ছবছৰীয়া ছোৱালীজনীক বুজোৱাটো। পিছত যেনিবা সেইটোও সহজতে হৈ উঠিল। টেবলেটটোত নতুনকৈ ডাউনলোড কৰি লোৱা গেমটোৰ লগত তাই আজি ভীষণ ব্যস্ত। তাৰ মাজতে মূৰ দাঙি তাই মোক ক’লে, 

:”মোৰ বাবে পিজ্জা আনিবা দেতা।” 

ঘৰৰ পৰা ওলাই অহাৰ আগমুহূৰ্তত সেয়া আছিল জিয়াৰ হুকুম মোৰ বাবে। 

অনুষ্ঠানটো বৰ ভাল লগা হৈছিল। ঠাইখন ভালেখিনি ভিতৰুৱা হ’লেও তাৰ পৰিবেশে মোক মুগ্ধ কৰিছিল। ধুনীয়াকৈ সজোৱা মঞ্চখন দেখিয়েই মোৰ মনটো ভাল লাগিছিল। মনালী বাইদেউ সম্বৰ্ধনা ল’বলৈ যেতিয়া মঞ্চলৈ উঠি গৈছিল, মই দৰ্শকৰ মাজৰ পৰা চাই ৰৈছিলোঁ। পৰিচিত হাঁহিটো আৰু খুব সাধাৰণ বেশভূষাত মনালী বাইদেউৰ ভীষণ আকৰ্ষণীয় ব্যক্তিত্ব ফুটি উঠিছিল। 

সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পিছত মই মঞ্চৰ ওপৰলৈ লাহে লাহে উঠি গৈছিলোঁ। বাইদেউৰ ডিঙিত থকা গামোচাখনত চকু পৰাত বুজিছিলোঁ, দামী গামোচা এইখন। ভিতৰুৱা ঠাইত হ’লেও কমিটিখনৰ অৱস্থা মোটামোটি বেছ ভালেই হ’ব।

সৰস্বতী বন্দনাৰে মনালীবায়ে অনুষ্ঠান আৰম্ভ কৰিছিল। মুহূৰ্ততে পৰিবেশটো সলনি হৈ পৰিছিল, মানুহৰ মাজৰ গুণগুণনিবোৰ নোহোৱা হৈ গৈছিল। তাৰ পিছতে আৰম্ভ হৈছিল মোৰ প্ৰিয় ৰাগ মেঘমল্লাৰ। মই একাত্ম হৈ পৰিছিলোঁ সম্পূৰ্ণৰূপে। আচৰিতভাৱে মোৰ পেটত উকমুকাই থকা ভোকটো নাইকিয়া হৈ গৈছিল। মই উপলব্ধি কৰিছিলোঁ, মেঘমল্লাৰে অকল যে বৰষুণ নমাব পাৰে তেনে নহয়, মেঘমল্লাৰে ভোক নোহোৱা কৰিব পাৰে।

 গান আৰু কথা চলি থকাৰ মাজতে অলপ সময় বিৰতি পালোঁ। সন্মানীয় অতিথি এজনে সভা এৰাৰ আগতে একাষাৰ ক’ব। তেনে সময়তে ছোৱালী দুজনী হাতত ট্ৰে এখনত চাহ আৰু কল কেইটামান লৈ মঞ্চলৈ উঠি আহিল। মোৰ ভোকটো জানো কʼৰ পৰা আকৌ এবাৰ উভতি আহিল। ডাঙৰ পকা জাহাজী কল কেইটা, গছতে পকা হ’ব নিশ্চয়। কলকেইটা দেখি মোৰ তেনেকুৱাই লাগিল। মোৰ মনৰ ভাবটো সঁচা বুলি প্ৰমাণিত কৰি ছোৱালীজনীয়ে ক’লে, “দাদা, এয়া আমাৰ ঘৰৰে কল, খাওক।” তেনেতে মোৰ মনলৈ আহিল, মোৰ দেউতা ঢুকোৱা আজি দুমাহ হৈছে মাত্ৰ। আমাৰ গাঁৱৰ প্ৰচলিত ৰীতি অনুসৰি বাপেক ঢুকালে এবছৰলৈ কল খোৱা মানা। মই চাহকাপ একে ঢোকে খাই দিয়াত জিভাখন অলপ পুৰিলে। চাহকাপ গৰম আছিল, ময়ো অলপ সচেতন হোৱা উচিত আছিল। চাহকাপ খাই মই ছোৱালীজনীক ক’লোঁ,

“ভণ্টি, আৰু একাপ চাহ পাম নেকি?” ছোৱালীজনী গুচি গ’লে ইমান সোনকালে যে আকৌ চাহ বিৰতি পাম তাৰ আশা মই দেখা নাছিলোঁ। লৰালৰিকৈ চাহকাপ খোৱাৰ এইটোৱে কাৰণ আছিল।

এটা সময়ত অনুষ্ঠান শেষ হৈছিল। জাউৰিয়ে জাউৰিয়ে  পৰা হাত চাপৰিবোৰৰ পৰাই আমি বুজিছিলোঁ, অনুষ্ঠান খুব সুন্দৰ হৈছে। মনালীবাৰ উজ্বল হৈ পৰা মুখমণ্ডলৰ পৰা বুজিছিলোঁ, ময়ো সফল হৈছোঁ। আয়োজকসকল পুনৰ ব্যস্ত হৈ পৰিছিল মনালী বাইদেউক লৈ। এখন দামী গাড়ী আহিছিল, বাইদেউক লৈ গাড়ীখন গুচি গৈছিল। যোৱাৰ আগতে বাইদেৱে কৈছিল, “পুনৰ লগ পাম”।

ময়ো উত্তৰ দিছিলোঁ, “নিশ্চয় লগ পাম।”

মই গীটাৰ সামৰি অলপ দেৰি চকী এখনত বহি ৰ’লোঁ। ভোকটো আকৌ উজাই আহিল ক’ৰবাৰ পৰা। ইফালে সিফালে চালোঁ, কমিটিৰ মানুহে মোক বিচাৰিব পাৰে বাবে মানুহৰ জুমটোৰ পৰা আঁতৰি আহি অলপ মুকলি যেন ঠাইত থিয় দি ৰ’লোঁ। মুকলি ঠাইত থাকিলে মোক দেখা পোৱাটো নিশ্চিত। মানুহৰ মাজৰ পৰা এগৰাকী মহিলাই ক’লে, “আজিৰ প্ৰগ্ৰেমটো সঁচাকৈ খুব ভাল লাগিল। বিশেষকৈ গীটাৰখনে গোটেই অনুষ্ঠানটো ভৰাই ৰাখিলে।” আকৌ এবাৰ ভোকটো নোহোৱা হ’ল। কেতিয়াবা প্ৰশংসাই অলপ দেৰি ভোক নোহোৱা কৰি দিব পাৰে। কি যে বিচিত্ৰ এই ভোকটো!

ঘড়ীলৈ চাই দেখিছিলোঁ ছয় বাজিবৰ হৈছে। লৰালৰিকৈ ময়ো গাড়ী চলাই দিলোঁ চহৰ অভিমুখে। মই পিজ্জা কিনিবলৈ যাম। জিয়া ৰৈ আছে চাগে পিজ্জাৰ বাবে। কলেজৰ সন্মুখেৰে যোৱাটোকে ঠিক কৰিলোঁ। আধা ঘণ্টাৰ পাছত আহি ডমিন’জৰ সন্মুখ পালোঁ। কাউণ্টাৰত গৈ অৰ্ডাৰ দিলোঁ, “এটা চিকেন বাৰ্বিকিউ পিজ্জা, উইথ এক্সট্ৰা চীজ।”

ল’ৰাজনে সুধিলে, “ছাৰ, ইয়াতে খাব নে পেকিং ল’ব?”

উত্তৰ দিবলৈ গৈ মই অনুভৱ কৰিলোঁ মোৰ খুব বেছিকৈয়ে ভোক লাগিছে। এবাৰ ভাবিলোঁ ভোক নালাগিবই বা কিয়, ডিঙিত গামোচাখন থাকিলেহে পেটত ভোক নালাগে। নিজৰ ৰসিকতাত নিজেই ৰস পাই ঢেকঢেকাই হাঁহি দিয়াত বেচেৰা ল’ৰাজনে উচপ খাই উঠিল। কোনোমতে হাঁহি সামৰি ল’ৰাজনক ক’লোঁ, “তুমি নহ’লে দুটা পিজ্জা দিয়া মোক। এটা ইয়াতে খাম, আনটো পেকিং কৰি দিবা।”

ল’ৰাজনে অৰ্ডাৰটো লৈ মোক টʼকেন এটা দিলে। এইবাৰ মই গীতিলৈ ফ’ন লগালোঁ,

“মই যাওঁতে হাঁহৰ মাংস অলপ লৈ যাম। লগতে জহা কোমোৰা এটা। তোমাৰ দৰে জুতি লগাই হাঁহৰ মাংস কোনেও ৰান্ধিব নোৱাৰে।”

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *