ফটাঢোল

আলোচনা-দিম্পল কলিতা

প্ৰথম বন্ধু: সময়বোৰ বৰ জটিল হৈছেৰে বন্ধু। বেমাৰৰ মাজতে আমাৰ পিনে আকৌ হাতীৰ উৎপাত। কালি আমাৰ ঘৰৰ একদম ওচৰেৰে এজাক পাৰ হ’ল।

দ্বিতীয় বন্ধু: আমাৰ পিনে বাৰু হাতীৰ সমস্যা নাই। বানপানীৰ দিনবোৰ আহি আছে বাবে অলপ চিন্তিত হৈ আছোঁ।

তৃতীয় বন্ধু: আমাৰ বাৰু হাতী, বানপানীৰ চিন্তা নাই। মাত্ৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বান্দৰৰ উৎপাতত থাকিব নোৱাৰি। ঘৰৰ ভিতৰত সোমাই বস্তু উলিয়াই নিয়ে।

: এৰা, কাকনো দোষ দিম! সকলো সময়ৰ খেলা। জন্তুবোৰো উপায়বিহীন হৈছে। সিহঁতৰ ঠাইবোৰ আমি দখল কৰিছোঁ। গতিকে সিহঁতে খাদ্যবস্তু বিচাৰি যাব ক’লৈ?
প্ৰথম বন্ধুৱে ভাগৰৰ সুৰত কথাখিনি ক’লে।

অলপ দূৰত বহি থকা চতুৰ্থ বন্ধুৱে মাত লগালে,
: এইবোৰৰ ফালৰপৰা বৰ শান্তিৰ জেগাত আছোহে। না হাতী আহে, না বান্দৰ আহে, না বানপানী আহে৷

এজনে মাত লগালে,
: তেনেহ’লে তোৰ চিন্তাই নাই দেখোন, সুখী জীৱন।

চতুৰ্থ বন্ধু: কিহৰ চিন্তা নাথাকিব মোৰ? তহঁতে বিয়া পতা নাই, মই বিবাহিত। মোৰ ঘৰত পত্নী আছে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *