ফটাঢোল

ধূলিকণা – বিনীতা বৰশইকীয়া

নমস্কাৰ। মই ফুলেশ্বৰী বৰুৱা। আপোনাৰ সম্পৰ্কত মই মোৰ ল’ৰাটোৰ দেউতাকৰ ঘৈণীয়েক আৰু মোৰ মানুহজনৰ ল’ৰাটোৰ মাক। মই ত্রিভূৱনতে বিচিত্র বৃত্তান্তৰ বাবে ব’ বিখ্যাত মহিলা।

এবাৰ যে মোৰ লিহিৰী পিহিৰী আঙুলিৰে (খঁহটা হ’লেও লিহিৰি বুলিয়ে কওঁ পায়) পূৰ্ণগতিত ৰন্ধন কাৰ্যসূচী চলাই আছোঁ আৰু দেই। ইপিনে ঘৰত বহি বহি উঠি অহা বুঢ়া আৰু উঠি অহা ল’ৰাকণৰ খককণো যিটো গতিত বাঢ়িছে নহয়, কৃষ্ণহে বুলিছোঁ আউ। সোনকালে সিজক বুলি ময়ো গান এফাঁকি গাই দিছোঁ বুইছেনে। বোলো “লাম্বা হৌ হৌ খানা জল্দি সিজ্ ঔ”। ইম্মান ইস্পীদত হেতা ঘূৰাইছোঁ নহয়, ফুলস্পীদত ঘূৰি ওলমি থকা ফেনখনৰ দৰে। কি ভাৱিছে? বহুত একচপাৰাট জানে নাই? এপাকত হেঁতা উফৰি গৈ উঠি অহা বুঢ়াকণৰ ভৰিতে পৰিল নহয় হেৰৌ।

মোৰ গান শুনি থাকিব নোৱাৰি আহিছিল আক’ মোক চাবলৈ। মই বোলো, খা বাপ্পেকে। গৰম হেঁতা ভৰিতে পৰাত মোলৈ যিটো চাৱনি এৰিছে! ভয়ে লাগিল নহয়। তেওঁ বা কোনফাঁকি গজল জুৰে। ময়ো টপাটপ কৈ দিলোঁ,

: বোলো মোৰ গাত হ’লে দোষ নাই দেই। এই হেঁতাপাতহে বৰ চঞ্চল।

টেলেকাকৈ চাৱনিটো দি সাপডালৰ নিচিনাকৈ গ’লগৈ আউ দেই। মই ভাবিলোঁ আউ; পতাব পাৰিলোঁ দেই। হেঁতা ঘূৰাই ঘূৰাই এপাকত কুকুৰাটোৰ নিচিনাকৈ ডাক এটাও দিওঁ আউ ল’ৰাকণক, “বোলো পঢ়িছানে বৰশী বাইছা ঐ দেহা?”

সি বোলে “ছবি আঁকিছো মা”। মই বোলো হক দেও আঁক বাক অকণ কৰিছে। ভৱিষ্যতে এমুঠি খাব। পিচে এপাকত সন্দেহ অকণ হোৱাত পৰ্দাখন ফাঁক কৰি চালো, ঠিকেই আছে। জুবিনকাইৰ গান এভাগো বজাই লৈছে। বেংজনীৰ লেখিয়াকে জঁপিয়াই জঁপিয়াই গুচি আহিলোঁ আউ ফূৰ্তিতে। ফূৰ্তি মানে প্ৰকাণ্ড প্ৰকাণ্ড মানুহবিলাকে কোৱা শুনিছোঁ দেই ছবি আৰু গানৰ মিতিৰালি বোলে ইংলিছৰ Q আৰু U ৰ নিচিনা। মই সেইবোৰ বাউ বুজি নাপাওঁ। এওঁহে বুজাই দিলে বোলে,

: চূণ আৰু চাধাৰ নিচিনা হৰিভকত আক’।

তেহে বুজটো পাইছোঁ। তাৰপিছত পটককে কথা এটা মনত পৰাত দৌৰি গৈ দৰ্জাখনৰ ওচৰলৈ গৈ ক’লোঁ বোলো,

: চকুত সোমাব বন্ধ কৰ, বন্ধ কৰ।

নাই নুশুনেহে নুশুনে। ইমানকে কৈছোঁ হেৰৌ। মাকৰ বুকু আমি মাকবোৰেহে জানো ন? কেনেকুৱা ধান বনাদি বানিছে আউ “ঢেংকুলুচ”

“ঢেংকুলুচ”। আই ঔ নিজে বন্ধ কৰিব নাজানো বুলিহে। ল’ৰাৰ কাণসাৰেই নাই বুইছে। এইবাৰ ৰ’ব নোৱাৰি কঁচুপাত দুখনৰ ওচৰলৈ গৈ ক’লোঁ বোলো,

: অ’ পোণাকণ মোবাইলৰ ডিঙিকণ চেপি দেচোন, তোৰ চকুত সোমাব।

সি বোলে,

: কি চকুত সোমাব মা?

মই বোলো,

: অ’ সোণ ধূলিকণা সোমাব।

মোবাইলত জুবিনৰ “ধূলিকণা” গানটো বাজি আছিল আক’। ভয় নেখাম নেকি ন? বন্ধ কৰাতহে বুকুখন শাঁত পৰিছে হেৰৌ। মই বোলো এতিয়া চকুকেইটা ভালকৈ ধুই আহগৈ যা।

*****

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    অ, হয়তো। ধূলিকণা চকুত সোমালে পঢ়েই বা কেনেকৈ!

    Reply
  • বন্দিতা জৈন

    বঢ়িয়া

    Reply

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *