ফটাঢোল

বোকাপানী – নীলাক্ষি কাকতি

: : প্লিইইজ৷ আকৌ এবাৰ I love you বুলি কোৱানা জানু৷
: না–না৷ আগতে কোৱা মোক এইবাৰ ভেলেণ্টাইন ডে’ট ক’ত নিবা?
: তোমাৰ পচন্দমতে হ’ব৷ কোৱা কি প্লেন কৰিছা?
: ঔকে৷ আমি প্ৰথমতে ব্লু বেল ৰেষ্টুৰেণ্টত যাম৷ তাৰপিছত জন আব্ৰাহামৰ নতুনকৈ ৰিলিজ হোৱা চিনেমাখন চাম৷
: ঠিক আছে৷ পিছে তুমি মোক কি দিবা?
: চাৰপ্ৰাইজ৷ মই তুমি ভালপোৱা কিবা এটা দিম আৰু৷ পিছে এটা কথ৷ সেইদিনা মোৰ লগত কিন্তু মোৰ কাজিন বাৰ্বীও থাকিব৷
: কি—! ভেলেণ্টাইন ডে’ৰ দিনা কোনোবাই বেলেগক লগত ডেটিং মাৰিবলৈ নিয়ে নেকি? কামোৰ নিদিবা দেই৷
: নহয় অ’৷ তেৰ তাৰিখে মোৰ খুৰা আৰু খুৰাৰ ছোৱালী বাৰ্বী নগাঁৱৰ পৰা আহিব৷ চৈধ্য তাৰিখে মানে ভেলেণ্টাইন ডে’ৰ দিনা দেওবাৰ৷ ঘৰৰ পৰা ওলাবলৈ কি বাহানা দিম? এনেয়ো মা-দেউতাই উকিলৰ দৰে জেৰা কৰিয়েই থাকে৷ বাৰ্বীক লগত লৈ কৰবালৈ ফুৰিবলৈ ওলাই যাম বুলি বাহানা দিব পাৰিম৷ বুজিছা৷
: নাজানোঁ আৰু৷ প্লেনত ফ্ৰিজৰ পানীয়েই পেলাই দিলা৷
: একো নহয় অঁ৷ পিছে এটা কথা৷ বাৰ্বী দেখাত বিৰাট ধুনীয়া৷ তাইক আকৌ লাইন মাৰি নাথাকিবা৷ নহ’লে চাবা কিন্তু মই তোমাক ব্ৰেকআপ দি দিম৷
: কচম বে৷ তুমি কিহত মাথা মাৰি থাকা বাৰু? তোমাৰ কাজিনক মই কিয় লাইন মাৰিম বাৰু? তুমিহে লগত আনিম বুলি কৈছা৷ এনেয়ো তুমি ভালপোৱাৰ কথা কোৱাতকৈ ব্ৰেকআপৰ কথা বেছিকৈ কোৱা৷ সন্ত্ৰাসবাদীৰ দৰে বাৰে বাৰে কিয় ভাবুকি দি থাকা?
: চৰী৷ চ—ৰী৷ প্লিজ বেয়া নাপাবা৷ বিদ্যা আৰু এনেকৈ কেতিয়াও নকও৷
: হ’ব আৰু৷ মইহে পৰী পৰী বুলি তোমাৰ পিছত লাগি থাকোঁ৷
: ক’লোতো চৰী বুলি৷ আৰু এটা কথা৷ তোমাৰ লগৰ বন্ধু এজনক সেইদিনা লৈ আহিবা৷ বাৰ্বীৰ লগত টাইমপাচ কৰিব পাৰিব৷
: ঠিক আছে৷ আৰু কেতিয়াও নক’বা কিন্তু৷ মই বাৰু অভিজিতক সেইদিনা লৈ যাম৷ পাৰিলে তাৰ লগত তাইৰ লিংকটো লগাই দিবা৷
: নাই নকও৷ প্ৰমিজ৷ ঠিক আছে মই বাৰ্বীৰ লগত অভিজিতদক চিনাকি কৰি দিম৷ আচ্ছা মই এতিয়া মোবাইল থওঁ৷ মায়ে ভাত খাব মাতিছে৷ শুৱাৰ সময়ত মেচেজ কৰিম৷
: ঔকে৷ তাৰ আগতে মুৱাহ এটা দিয়া আকৌ৷
: ঔকে৷ মু–ৱা—হ৷ বাই৷

ভাস্কৰে ফোনটো কাটি কাষৰ বিচনাখনত পেট পেলাই মেগাজিন এখন চান চাই থকা অভিজিতলৈ চালে৷ অভিজিতে পৰম বিৰক্তিৰে তালৈ চাই সিপিঠি দিলে৷ ভাস্কৰ আৰু অভিজিত দুয়ো একেখন কলেজৰে বি এইচ্‌ চি ফাইনেল ইয়েৰৰ ছাত্ৰ৷ দুয়ো একেলগে কলেজৰ ওচৰতে ৰূম এটা ভাৰা লৈছে৷ দুয়ো বন্ধু যদিও স্বভাৱত সুমেৰু আৰু কুমেৰু৷ আলনা ডালত ওলমি থকা জিনছ্‌টোৰ পকেটৰ পৰা ৰজনীগন্ধাৰ পেকেটতো উলিয়াই তাৰ লগত জৰ্দাখিনি মিক্স কৰি মিক্সাৰখিনি এক বিশেষ কাইদাত ফু মাৰি ভাস্কৰে সেইখিনি মুখত সোমোৱালে৷
: অই কি হ’ল? ইমান পোন্দোৱাকৈ চালি যে? কিবা ক’বি?
: তই ফোনত কিমান ফেনাব পাৰ’ বে? এই যে ডেটিং মৰাৰ প্লেনিং কৰিছ টকা ক’ৰ পৰা আহিব? যোৱামাহৰো ময়েই অকলে ঘৰভাৰা দিছোঁ৷ ভাগ্য ভাল মামাই আহি দুটামান টকা পকেট খৰচৰ বাবে বেছিকৈ দিলে বুলিহে৷ এইবাৰ তই গোটেই ভাৰা দিব লাগিব৷ কালি জগত দোকানীয়ে তোক ক’বলৈ কৈছে তোৰ ৰজনী আৰু শিখৰৰ ধাৰ মাৰিবলৈ৷
: সেয়া৷ তই আৰু মোৰ মা একেই৷ অনবৰতে খেচখেচাই থাক৷ পৰী আৰু মোৰ এইবাৰ প্ৰথম ভেলেণ্টাইন ডে’৷ দোস্ত দোস্তৰ কামত নাহিলে মই নাক ফটাই থোৱা মোৰ গাওঁৰ কানু আহিব নেকি মোক সহায় কৰিবলৈ? টকা হাতৰ মলি৷ আজি তোৰ পকেট গৰম কৰিছে৷ কাইলৈ মোৰ পকেটত নাচিব বে৷ অই শুন তইহে মোক গালি পাৰি থাক’৷ সেইদিনা মোৰ লগত ওলাবি৷ পৰীৰ কাজিন বাৰ্বীও আহিব৷ তোৰ কিবা এটা গতি লগাই দিম৷
: ইহ একেবাৰে বৰ ঘটক টো৷ ডিঙিত ওলোমাই দিব বুলি ক’লেই যেন ওলমি যাব!
‌: অই তই মোক বিশ্বাস নকৰ নেকি? পিছত নক’বি মই চেষ্টা নকৰিলোঁ বুলি৷
‌: তই সচাকৈয়ে কৈছ নে? মোক পাট্টা দিব জানোঁ?
: তই মানুহটো বৰ অধৈৰ্য বে৷ টেষ্ট মেটচ্ খেল৷ টুৱেণ্টি-টুৱেন্টি খেলি কেইটা লিজেন্দ বনিছে? দানা দি ওচৰলৈ মাত৷ কবুতৰক ধৰিবলৈ দানা দিব লাগিব না৷ তইচোন দানা দিয়াৰ আগতেই কেৰাহীত তেল ঢলাৰ কথা ভাবিছ! আগতে ইম্প্ৰেছ কৰ৷ তাৰপিছত আগবাঢ়িবি৷
: ঠিক আছে৷ তই গাইড কৰিবি৷ যদি তাই মোক পাট্টা দিয়ে সেইদিনা ময়ে ৰেষ্টুৰেণ্টৰ বিল দিম যা৷
: আইজৌ৷ মজা৷ মাত্ৰ এটা কথা৷ তই সেইদিনা জগত দোকানীৰ পৰা বাইকখন ল’বি কিবা বাহানা বনাই৷ মই খুজিলে নিদিব৷ তোক দিব৷
: অঁ৷ ঠিক আছে৷
**
ভেলেণ্টাইন ডে’ৰ দিনা অভিজিতে গা-পা ধুই উঠিল৷ নতুন বগা টি-চাৰ্টতোৰ সৈতে সি জিনচ্টো পিন্ধি ল’লে৷ ভাস্কৰৰ পৰা অলপ ঝেল খুজি চুলিত লগাই ল’লে৷ তাকে দেখি জোতাৰ ফিটা মাৰি মাৰিক’লে-
: ৱাহ৷ তোক তামাম চ্চালিয়া দেখিছে৷ আজি বাৰ্বী নপটি পাৰেনে? মাত্ৰ তই নাৰ্ভাছ নহ’বি৷ পূৰা কনফিডেণ্ট হৈ থাকিবি৷
: অই মোৰ দেখোন কিবা ভয় ভয় লাগিছে! পেটতোও কিবা কুৰুক-কাৰাক কৰিব আৰম্ভ কৰিছে৷
: ধুই৷ এইখন কলিজা লৈ তই কিডাল ফালিবি? ব’ল একো নহয়৷ তাইৰ লগত যিমান পাৰ কথা পাতিবি৷ আমাক দিগদাৰ নিদিবি দেই৷ শুন মই আগত ওলাই যাওঁ৷ চাৰিআলিত ৰৈ থাকিম৷ নহ’লে জগত দোকানীয়ে গম পাব৷ তই আহি থাক৷
: হ’ব৷ মই তোৰ পিছে পিছে গৈ আছোঁ৷

*
আগদিনা হোৱা বৰষুণৰ ফলত ৰাস্তাত ঠায়ে ঠায়ে সৰু সৰু গাঁতবোৰত পানী জমা হৈ আছিল৷ ভাস্কৰে বাইকখন চলাই থাকোঁতে সৰু গাঁত এটাত চকাটো সোমাই তাৰ বোকাপানী অলপ চিটিকি কাষেদি গৈ থকা আদহীয়া মানুহ এজনৰ গাত পৰিল৷
-চিইইইট৷
: অই চকুৰে নেদেখা নেকি? অন্ধ নেকি? বাইক এখন পালেই এৰোপ্লেন এখন পোৱাদি পায়৷ মানুহজনে বলকি আহিল৷
: অ’ খুৰা৷ কাক অন্ধ বুলি কৈছে? ৰাস্তাত গাঁতেই গাঁত৷ উৰাই নিলিহে হ’ব? ভাস্কৰেও ফেপেৰি পাতি আহিল৷
: অভদ্ৰ৷ মাৰ- বাপেৰে ভদ্ৰতা নিশিকালে নেকি? ক্ষমা খোঁজাৰ পৰিৱৰ্তে কেঙকেঙাই আহিছ যে?
: অ’ ককা৷ মা দেউতাক ধৰি কথা নক’ব৷ বোকাপানীহে লাগিছে৷ ৰাতিপুৱা পেট চাফা কৰি ওলাই যোৱা সম্পত্তিকন লগা নাই নহয়৷ চাৰ্ফ কিনি দিব লাগে নেকি?
: কটা নিধক৷ জহন্নামে যোৱা৷ কাক বুঢ়া কৈছ?
:কিয় দাদা বুলি মাতিব লাগিছিল নেকি? দুই বেটাৰী আপোনাৰ চকুত হে লাগি আছে ককা৷
: খুৰা- খুৰা তাক মাফ কৰক৷ তাৰেই ভুল বাৰু৷ আচলতে তাৰ খুৰীয়েকৰ চিৰিয়াছ৷ আমি হস্পিতাললৈ গৈ আছোঁ৷ বেয়া নাপাব৷ অই ভাস্কৰ ব’ল ব’ল৷ অভিজিতে কাজিয়াখন সাম কটাবলৈ যত্ন কৰিলে৷
ভাস্কৰে বাইকখন জোৰেৰে চলাই দিলে৷ তেতিয়াও মানুহজনে বলকি আছিল৷
: তয়ো মানে য’তে ত’তে আৰম্ভ হৈ যাৱ৷ ভুলটোতো তোৰেই৷
: মাথা নাখাবি৷ মাক বাপেকক ধৰি কিয় কথা ক’ব বে? চাল্লা মুডেই অফ হৈ গ’ল৷
: ব’ল ব’ল৷ দেৰি হৈছে৷ সিহঁত আহি ৰৈ থাকিব৷
*
ৰেষ্টুৰেণ্টত ভাস্কৰে বাৰ্বীক অভিজিতৰ লগত চিনাকি কৰি দিলে৷ বেছ মৰমলগা আৰু স্মাৰ্ট ছোৱালীজনী৷ প্ৰথমে অভিজিতে ইতস্ততঃ কৰিছিল যদিও কিছু সময় পিছতেই সি সহজ হৈ পৰিল৷ দুয় ভাস্কৰ আৰু পৰীৰ পৰা কিছু নিলগৰ টেবুল এখনত বহিল৷ মনে মনে বহু কথাই কল্পনা কৰি পেলালে অভিজিতে৷
: কি অভিজিত দা? আজি ইয়াৰ পৰা যোৱাৰ মন নাই নেকি? চিনেমা চাব নাযায়?
: হে –হে৷ তোমালোকক হে ৰখি আছোঁ৷ লাজতে সি ৰঙা পৰি গ’ল৷
: অভিজিত বাৰ্বীৰ লগত কথা পাতি ভাল লাগিছেনে? ভাস্কৰে সুধিলে৷
: হেই কি নো কৈ থাক’? ৱেটাৰ বিলটো আনা৷ আজি মই ট্ৰিট দিছোঁ দেই৷
*
ৰেষ্টুৰেণ্টৰ পৰা সিহঁতে মাত্ৰ বাহিৰ ওলাইছিল হে৷ তেনেহে বাৰ্বীৰ নাম লৈ কোনোবাই মতা যেন অনুভৱ হ’ল৷ ঘূৰি চাই সিহঁতে দেখে যে সেই ভাস্কৰৰ লগত কাজিয়া লগা আদহীয়া মানুহজন৷ পৰী আৰু বাৰ্বীয়ে ইজনংয়ে সিজনীৰ মুখৰ ফালে চালে৷
: অ’ দেউতা! তুমি ইয়াত?
: অঁ৷ মোৰ এইফালে কাম আছিল৷ পিছে তহঁতে কলাক্ষেত্ৰ চাম বুলি চান্দমাৰী পালি যে?
: নহয় মানে খুৰা৷ মোৰ বান্ধৱী এজনীক কিতাপ এখন দিব আছিল৷ তাইলৈ ৰখিছোঁ৷ তাই আহি পালেই যামগৈ৷ পৰীয়ে কিবাকৈ মাতটো উলিয়াই ক’লে৷
: ঠিক আছে৷ পিছে ডেকা ল’ৰা তোমালোকে ইহঁত দুজনীক কেনেকৈ চিনি পোৱা? তোমালোকৰ কোনোবা হস্পিতালত নাছিল জানোঁ? নে তোমালোকৰো কাৰোবাক কিতাপ দিব লগা আছে?
: নাই নাই খুৰা৷ আমি এওঁলোকক চিনি নাপাওঁ৷ খুৰা বেয়া নাপাব৷ অথনি মোৰ ভুল হৈ গ’ল৷ মই আপোনাক বেয়াকৈ ক’লোঁ৷ আচলতে খুৰীৰ গা বেছি বেয়া৷ আমাৰ লগৰ এজনে তেওঁক তেজ দিব৷ তালৈ ৰখি আছোঁ৷
: ভাল ভাল৷ অলপ সময়তে বহুত পৰিৱৰ্তন হ’ল হে তোমাৰ! অই পৰী তই লগৰ জনীক সোনকালে আহিব ক৷ আজি ময়ো তহঁতৰ লগত কলাক্ষেত্ৰ চাবলৈ যাম৷ বাৰু ডেকাল’ৰা তোমালোকে যাবা দেই৷
: হ–হয় খুৰা৷ আমাৰ বন্ধুজনক হস্পিতাললৈ আহিব কঁও৷ আমি আহোঁ৷ অভিজিতে থেৰোগেৰোকৈ ভাস্কৰে ষ্টাৰ্ট দিয়া বাইকখনত উঠিল৷

*****

4 Comments

  • ডলী

    হা হা…মজা

    Reply
  • কৰবী দেৱী

    হাঃ হাঃ হাঃ, আশাত চেঁচাপানী ঢালিলে খুৰাই। খুব সুন্দৰ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ মজা লাগিল নীলাক্ষী৷ মই আকৌ ক্ৰচ কানেকচন হব বুলি ভাবি আছিলো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *