ফটাঢোল

সহযাত্ৰী – মানসী বৰা

: এই বহি ল’ব, বহি ল’ব…

দীঘল ট্ৰেকাৰখনৰ পিছফালটো খুলি উশাহ নোলোৱাকৈ চালকজনে চিঞৰিলে। দুজনমান যাত্ৰী পিছফালে আগৰে পৰা বহি আছিল। আগফালৰ আসনকেইখনো মানুহে আগৰে পৰা অধিকাৰ কৰি বহি আহিছে।
ইফালে মই ৰৈ থকা ঠাইকণত মানুহৰ ভিৰ।

সেইদিনা বজাৰৰ দিন। বজাৰত ৰৈ থকা সকলোৱে যেন ট্ৰেকাৰখন অহালৈকে বাট চাই আছিল। ইমান মানুহ ক’ত কেনেকৈ বহিব একো উমান পোৱা নাই। আগতেও দেখিছোঁ সেই পথচোৱাত ট্ৰেকাৰ অথবা গ্ৰাম্যটেক্সীত উলমিও মানুহ উঠি যায়। তেনেকুৱাই কিবা এটা হ’বলৈ গৈ আছেঁ বুলি ধৰি লৈ পিছফালৰ আসন এখন অধিকাৰ কৰি নিজেও বহি ল’লোঁ। এজনৰ পিছত এজনকৈ যাত্ৰী উঠি থাকিল। পিছফালে আৰু মানুহ বহিবলৈ কোনো খালী আসন নাই।

: চাপি চাপি বহিব দেই। চালকে আকৌ চিঞৰিলে।
হে ভগৱান! আৰু কিমান চাপিম বাৰু !

মনতে ভাবিলোঁ।

পান জপাদি যিমান পাৰে চালকে মানুহ
জাপিছে। চালকৰ নিজৰ আসনখনো বাদ পৰা নাই ।কাষতে এজনক বহুৱাই সেইখনো ভাগবতোৱাৰা কৰিছে।
বজাৰ সামৰাৰ পিছত বেপাৰী-গ্ৰাহক মিলি ভিৰ অধিক হয়।

: আমাকো লৈ যোৱা। ক্ষীণ-মিন মানুহ এগৰাকীয়ে হঠাতে দৌৰি অহাদি আহি চিঞৰিলে। হাতত ডাঙৰ মোনা এখন। মানুহগৰাকীৰ পিছে পিছে মানুহ এজনো ঢপলিয়াই আহিল। বয়স বোধকৰো পঞ্চাশমান হ’ব । তেওঁলোককো পিছফালে উঠিবলৈ দিব লাগে।
চালকে কিছু সময় তলকা মাৰি পুনৰ চিঞৰিলে

: অলপমান আৰু চাপি চাপি দিয়কচোন,
পাৰিব।

যাত্ৰীসকলৰ সৈতে নিজেও কিছু প্ৰয়াস কৰিলোঁ। সামান্য ঠাই অকণ ওলাল। সেইকণ ঠাইত এজনকে ভালকৈ বহিবলৈ নাটে। তাত আকৌ দুজন কেনেকৈ বহিব?
কথাটো ভাবোঁ‌তেই পঞ্চাশ বছৰীয়া যেন মানুহজনৰ টেটুফলা চিঞৰ।

: এ হৈ যাব হৈ যাব। এয়াই বহুত। আহ তই মোৰ কোলাত বহি যাবি।

মানুহগৰাকীক উদ্দেশ্যি তেওঁ মাতিলে।

মানুহজন ঠাইকণত বহিল। কেনেকৈ বহিব পাৰিলে মই তত ধৰিব নোৱাৰিলোঁ। পিছ পাকতে তেওঁৰ কোলাত নিৰ্বিকাৰ হৈ থপককে ক্ষীণ মিন মানুহগৰাকীও বহি দিলে। মানুহগৰাকীৰ কোলাত থাকিল মস্ত ডাঙৰ মোনাখন।

: বহিব পাৰিছনে?

মানুহজনে লাহেকৈ সুধিলে ।

মূৰ দুপিয়াই পাৰিছে বুলি মানুহগৰাকীয়েও সন্তুষ্টিৰে শলাগ ল’লে। একেবাৰে সহজ পৰিৱেশ, সহজ দৃশ্য।আচহুৱা একো নাই। মাথোঁ‌ সকলোতকৈ ওখ হৈ পৰা ক্ষীণ মিন মানুহগৰাকীয়ে মূৰটো গাড়ীত খুন্দা খোৱাৰ ভয়ত তললৈ হাউলাই কোঁজা কৰি বহিছে।

ঘেৰ্ ঘেৰ্ শব্দেৰে অৱশেষত গাড়ীখন চলিল।

ওখোৰ মোখোৰা বাট। মাজে মাজে গাত।অথালি-পঠালিকৈ হালি-জালি অথবা মূৰ-ডিঙি আগলৈ হাউলাই হাউলাই গাড়ীৰ সৈতে আমিও গৈ থাকিলোঁ। অলপ দূৰ অহাৰ পিছত হঠাৎ শব্দ এটা আহি কাণত পৰিল,

‘পেক্..’

সেই শব্দ কিহৰ একো তত ধৰিব নোৱাৰিলোঁ।
গাড়ী আগলৈ গৈ থাকিল। কিছু সময়ৰ বিৰতিৰ মূৰত আকৌ শুনিলোঁ সেই একেটা শব্দ,

পেক্ …পেক্…

চিনাকি চিনাকি মাত। ইফালে সিফালে লক্ষ্য কৰোঁতে চিধাই চকুত পৰিল সেই বিশেষ শব্দৰ উৎস ।
মানুহজনৰ কোলাত বহি আছিল মানুহগৰাকী আৰু মানুহগৰাকীৰ কোলাত আছিল মস্ত মোনাখন। সেই মোনাখনত কি আছিল সেয়া জনাই নাছিলোঁ নহয়। সেই মোনাখনতে আছিল সেই পেক্ পেক্ শব্দৰ উৎস, এটি নিমাখিত জীৱ।

দীঘল ডিঙিটো সামান্য দাঙি মোনাখনৰ পৰা মূৰৰ কিছু অংশ উলিয়াই নিজৰ অস্তিত্ব প্ৰমাণ কৰি থকা সেই জীৱটো আছিল এটা হাঁহ।

হাঁহৰ সৈতে সহযাত্ৰী আমি। গাড়ী আগলৈ গৈ থাকিল।নিৰ্দিষ্ট বিৰতিৰ অন্তত ঠোঁট মেলি মেলি সেই নিমাখিত জীৱটোৱে চিঞৰি গৈ থাকিল
পেক্ …পেক্ ..পেক্.. পেক্।

*****

2 Comments

  • লীনা বড়া দত্ত ,দেৰগাঁও ।

    পঢ়ি ৰস পালোঁ মানসী ।

    Reply
  • Chandan Deka

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *