ফটাঢোল

কণা বিধি – ৰঞ্জিত কুমাৰ শৰ্মা

ভাৰত আৰু ইণ্ডিজৰ মাজত টি-টুৱেণ্টি ক্ৰিকেট৷ সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ’ব খেল৷ দত্তই পুৱাই ভাবি থৈছিল আজি তেওঁ সন্ধিয়া বাহিৰলৈ ওলাই নাযায়, খেল চাব৷ ক্ৰিকেট দত্তৰ প্ৰিয় খেল৷ টি ভিত নিশাৰ ভাগত চাব পৰা সময়ত খেল হ’লে বা অ’ফিচ বন্ধৰ দিনত খেল হ’লে দত্তই যিমানখিনি সম্ভৱ চাবলৈ চেষ্টা কৰেই৷ টুৱেণ্টি টুৱেণ্টি, মানে কুৰি অ’ভাৰৰ চুটি সংস্কৰণটোৰ খেল হ’লেতো কথাই নাই, দত্তই চাবই চাব৷ সন্ধিয়াৰ ভাগত প্ৰায়েই তেওঁ বাহিৰলৈ এপাক ওলাই যায়৷ প্ৰায়েই তেওঁ খোজ কাঢ়ে, কেতিয়াবা দুই-চাৰিজনৰ সৈতে চ’ক এটাত থকা দোকান এখনত আড্ডাতো বহে৷ আজি ঘৰতে থাকি খেল চোৱাৰ মন দত্তৰ৷ টি-টুৱেণ্টি মানে চতুৰালি, ক্ষীপ্ৰতা আৰু পাৱাৰৰ খেল৷ তাতেই আকৌ ৱেষ্ট ইণ্ডিজৰ খেল৷ টি-টুৱেণ্টিত ইণ্ডিজ মানেই বিশাল বিশাল ছয় চোৱাৰ সুযোগ৷ দীঘল দীঘল ছয় মাৰিব পৰা ইণ্ডিজৰ সন্মুখত প্ৰত্যাহ্বান হ’ল ভাৰতীয় বলাৰ আৰু ভাৰতীয় উইকেট৷ হিটমেন ৰোহিত শৰ্মাৰ বেটিং, যুৱ ক্ৰিকেটাৰসকলৰ চমক চাবলৈও মজা হ’ব বুলি দত্ত একপ্ৰকাৰ নিশ্চিত হৈছে৷

পিচে, অসমীয়াত এফাকি যোজনা আছে নহয়, বোলে ‘ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি’৷ দত্তৰো সেয়ে হ’ল৷ অৱশ্যে তেওঁৰ বাবে কণা বিধি বাটত নাছিল, ঘৰতেই খাপ পিটি আছিল৷

খেলখন চোৱাৰ হেঁপাহটোক বুকুত সাবটি অ’ফিচৰ পৰা দত্তই সন্ধিয়া ছয় বজাৰ আগে আগে ঘৰ সোমাল৷ কাপোৰ সলাই হাত-মুখ ধুবলৈ গামোচাখন কান্ধত লৈ দত্তই বাথৰূমত সোমাল৷

‘আহোঁতে হাতত একো নেদেখিলোঁ যে, একো নানিলে নেকি?’-বাথৰূমৰ পৰা ওলাই আহি কোঠাত সোমোৱা দত্তক শ্ৰীমতীয়ে প্ৰশ্ন কৰিলে৷

‘নানিলোঁ মানে?’

‘কিয়, বিয়াৰ গিফ্‌ট এটা আনিবলৈ কৈছিলোঁ যে?’

‘গিফ্‌ট?’

‘মানে উপহাৰ৷ কালি নিশা যে কৈছিলোঁ, পাহৰিলে?’-চকু পকাই শ্ৰীমতীয়ে প্ৰশ্ন কৰিলে৷

সেইটোৱেই হয়৷ মানে দত্তই পাহৰিলে৷ কালি নিশা শুবলৈ যোৱাৰ সময়তেই পত্নীয়ে বিয়াৰ বাবে উপহাৰ কিনাৰ কথাটো কৈছিল৷ চহৰখনৰ সাপ্তাহিক বজাৰখন পাৰ হৈ চাৰি নম্বৰ ৱাৰ্ডত কাকতিৰ ঘৰ৷ আজি কাকতিৰ ছোৱালীৰ বিয়া৷ কাকতিৰ দ্বিতীয় সন্তান বাবলু দত্তৰ ল’ৰাৰ নলে-গলে লগা বন্ধু৷ মিছেছ কাকতিয়ে কেইদিনমান পূৰ্বে দত্তৰ ঘৰলৈ আহি বিয়াৰ নিমন্ত্ৰণ দি গৈছে৷ এই বিয়াখনৰ বাবেই ভাল উপহাৰ এটা কিনি আনিবলৈ দত্তক পত্নীয়ে যোৱা নিশাই কৈ থৈছিল৷ আজি আবেলিলৈকে কথাটো দত্তৰ মনত আছিলেই৷ কিন্তু কামৰ হেঁচাত আৰু ক্ৰিকেটৰ নিচাত অহাৰ সময়তহে দত্তৰ পাহৰা বেমাৰটোৱে উক দিলে৷

‘অহাৰ সময়ত পাহৰিলোঁ হে! তুমি এবাৰ ফোন কৰি ক’ব লাগিছিল৷’ -সেমেনা সেমেনিকৈ দত্তই পত্নীক ক’লে৷

‘একেটা কথাকে কিমানবাৰ ক’ব লাগে? পাহৰিবই, সংসাৰৰ কথাবোৰতো আৰু অ’ফিচ বা ক্ৰিকেট নহয় নহয়৷’

পত্নীৰ শেলপাটে দত্তক বিন্ধিলে৷ দত্তইও বুজি পায়, ‘ন-বল’টো তেৱেঁই কৰিছে, বেটাৰে ‘ফ্ৰী হিট’তো পাবই৷ পাচৰ বলটো সঠিক লাইন-লেংথত দলিয়াবলৈ ঠিক কৰি দত্তই ক’লে- ‘হ’ব দিয়া, বিয়ালৈ যাওঁতে বাবাৰ লগত দোকানৰ পৰা নিজৰ পচন্দমতে কিনি লৈ যাবা৷’

‘বাবাৰ লগত মানে? আপুনি নায়ায় নেকি? নগ’লে কেনেকৈ হ’ব৷ বাবা বিয়াতেই আছে৷ একো বাহানা নচলিব দেই, চাহকাপ খাই ওলাওক৷’- শ্ৰীমতী দত্তই দিলে কঠোৰ নিৰ্দেশনা৷

সঠিক লাইন-লেংথত বলিং কৰিবলৈ গৈ দত্তই ৱাইড বল কৰি পেলালে৷ কেপ্টেইনৰ খং নুঠিবনে?

দত্তৰ আশাত যেন চেঁচাপানী পৰিল৷ কালি নিশা পত্নীয়ে উপহাৰৰ কথাটো কওঁতে বিয়াখনলৈ মাক-পুতেকেই যাব বুলি ভাবি থৈছিল দত্তই৷ মাক-পুতেক বিয়ালৈ যাব আৰু দত্তই শান্তিৰে খেল চাব, তেওঁ সেইটোকে বিচাৰিছিল৷ কিন্তু দুভৰিৰে ষ্টাম্প ঢাকি বেট ধৰিলে ক্লীন বল্ড নহ’লেও এল বি ডব্লিউ, মানে ‘লেগ বিফ’ৰ উইকেট’ হোৱাৰ পূৰ্ণ আশংকা থাকে৷ দত্তৰো সেয়ে হ’ল৷ উইকেটৰ সন্মুখত ধৰা পৰিল তেওঁ৷ ৰিভিউ লৈ লাভ নাই, অথলে যাব যেনেই লাগিল৷ অৱশেষত পত্নীৰ সৈতে বিয়ালৈ যোৱাত সন্মতি দিবলৈ বাধ্য হ’ল দত্ত৷ তেওঁ অংক এটা কৰিলে- আঠমান বজাত ঘৰৰ পৰা ওলাই গ’লে দত্তই প্ৰথম ইনিংছৰ অন্ততঃ এঘণ্টাৰ খেল চাব পাৰিব৷ তেনে কৰিলে ঘূৰি আহি দ্বিতীয় ইনিংছৰ খেলো উপভোগ কৰিব পাৰিব৷

‘চাৰে ছয় বাজিবৰে হ’ল, আঠ মান বজাত যাওঁ নেকি?’- দত্তই প্ৰস্তাৱ ৰাখিলে৷

‘নহ’ব দেই৷ ভাতকেইটা খাব আৰু উঠিব নেকি? আৰু গৈয়েই খাবলৈ বহিব নোৱাৰিবওতো পাৰে! সাৰে সাত মান বজাত যাম৷ উপহাৰটোৰ বাবে দোকানতো সোমাব লাগিব নহয়৷’

পত্নীৰ উত্তৰত দত্ত নিশ্চিত হ’ল যে আজি তেওঁৰ খেল চোৱাৰ সৌভাগ্য নহ’ব৷ শৰীৰৰ ফালে অহা ‘বাউন্সাৰ’ৰ পৰা বাচিবলৈ মূৰ নত কৰাই ভাল বুলি ভাবি দত্তই ‘হ’ব বাৰু’ বুলি কৈ থলে৷ শ্ৰীমতীয়ে ড্ৰেছিং আইনাৰ সন্মুখত বহাৰ সুযোগতে দত্তই টি ভিটো লগালে৷ তেতিয়া ষ্টুডিঅ’ত `ক্ৰিকেট লাইভ শ্ব’ চলি আছিল৷ পিচে টি ভিৰ শব্দ শুনিয়েই পত্নীৰ ‘য়াৰ্কাৰ’ৰ সন্মুখীন হ’ল দত্ত৷

‘টি ভিটো লগালে যে? কাপোৰ পিন্ধক৷’

‘পিন্ধি আছোঁ’ বুলি কৈ দত্তই টি ভিৰ ‘ভলিউম’ একেবাৰে কমাই দিলে আৰু পিন্ধিব লগা কাপোৰখিনি টি ভি থকা কোঠালৈকে লৈ আহিল৷ কাপোৰ পিন্ধি ভৰিত মোজাও পিন্ধি ল’লে তেওঁ৷ জেকেট এটা ছোফাতেই থৈ দত্ত ছোফাত বহিল, মূৰ ফণীওৱা কামটো তেওঁ পত্নীৰ সাজ-পাৰ শেষ হ’লেও কৰিব পাৰিব৷ মূৰত চুলিনো আছে কেইডাল? খন্তেক পাচতে খেলো আৰম্ভ হ’ল৷ ‘টীম ইণ্ডিয়া’ৰ বেটিং, ৰোহিত শৰ্মা আৰু ঈশান কিষণ বেট লৈ সাজু হৈছে৷ প্ৰথমটো বল- ৰোহিত শৰ্মাৰ ‘পুল’। বল বাউণ্ডেৰীৰ সীমা পাৰ হৈ গ’ল৷ দত্তই ভাবিলে- প্ৰথমটো বলতে চাৰি, আজি খেল জমিব৷ কিন্তু তেওঁৰহে আজি চোৱা নহ’ব৷ আজি প্ৰথমতেই ইণ্ডিয়াৰ বেটিং হ’ব লাগেনে? প্ৰথমে ফিল্ডিং হ’লেও বিয়াৰ পৰা আহি বেটিং চাবলৈ পাৰিলেহেঁতেন! তথাপি পত্নীৰ সাজ-সজ্জা হয় মানে কমেও ‘পাৱাৰ প্লে’ৰ ছয় অ’ভাৰৰ বেটিং চাব পাৰিব বুলি দত্তই নিজকে সান্ত্বনা দিলে৷ পত্নীৰ সাজ-সজ্জাত কমেও এঘণ্টা লাগিব বুলি দত্ত নিশ্চিত৷ তেওঁ প্ৰথম অ’ভাৰটো চালে৷ ৰোহিতৰ দুটা চাৰিৰে অ’ভাৰটোত ভাৰতৰ ৰান সংগ্ৰহ হ’ল আঠ৷ দ্বিতীয়টো অ’ভাৰ আৰম্ভ হ’ল৷ ষ্টাম্পৰ আগত গাৰ্ড লৈ সাজু হ’ল ঈশ্বান কিষণ৷ তেনেতে দত্তৰ কাণত পত্নীৰ মাতে বিন্ধিলে- ‘হেৰি, শুনকচোন৷’

অনিচ্ছাসত্বেও দত্তই পত্নীৰ কাষ পালে৷

‘কি হ’ল কোৱা৷’

‘গেছটো এবাৰ চাই লওকচোন, ভালদৰে বন্ধ আছে নে নাই৷ পাকঘৰৰ খিৰিকীখনৰ খিলিটোও লগাই দিব৷’- গিৰীয়েকৰ ফালে নোচোৱাকৈয়েই শ্ৰীমতী দত্তই ক’লে৷

‘হ’ব বাৰু, মই চাই লম, তুমি অলপ সোনকাল কৰা৷’- দত্ত পাকঘৰত সোমাল৷

‘ঘৰৰ বাকী খিৰিকী, লাইটৰ চুইচ আদিও ভালদৰে চাই ল’বদেই৷’- কাপোৰ পিন্ধি থকা পত্নীয়ে তাৰ পৰাই মাত দিলে৷

দত্তই পত্নীয়ে কোৱা পাকঘৰৰ কামখিনি কৰি পুনৰ টি ভিৰ সন্মুখত ছোফাত বহিল৷ তেতিয়া টি ভিত বিজ্ঞাপন চলি আছিল৷

‘সোনকাল কৰাহে৷ কাপোৰ পিন্ধাতেই ইমান সময় লাগেনে? এঘণ্টা হ’বই আৰু! এতিয়া আৰু ন-বোৱাৰী হৈ থকা নাই নহয়৷ তোমালোক যে মাইকী মানুহবোৰ আৰু…!’- ছোফাৰ পৰাই দত্তই শ্ৰীমতীক উদ্দেশ্যি ক’লে৷

‘মাইকী মানুহৰ কথা আপুনি কি বুজিব? আমি আপোনালোকৰ দৰে জলহু হৈ যাব নোৱাৰোঁ নহয়৷’

খেলখনত নতুন অ’ভাৰ এটা আৰম্ভ হ’ল৷ টীম ইণ্ডিয়াৰ ৰান তেতিয়া কোনো উইকেট নেহেৰুৱাকৈ ত্ৰিশ হৈছে৷ নতুন অ’ভাৰটোৰ প্ৰথমটো বল লৈ বলাৰ সাজু হোৱাৰ সময়তে পুনৰ পত্নীৰ মাত দত্তৰ কাণত পৰিল-৷

‘মোৰ হৈছে৷ অথনি চাহ কৰা চচপেনটোত পানী ঢালি থ’ব পাহৰিলোঁ৷ তাত পানী অকনমান ঢালি থৈ আপুনি জোতাযোৰ পিন্ধি লওক৷ তলা-চাবি দুৱাৰৰ কাষতে গজালটোতে আছে৷’

দত্তই ছোফাৰ পৰা উঠিলে যদিও বলটো চাওঁ বুলি ক্ষন্তেক ৰৈ গ’ল৷ ‘শ্বৰ্ট’ বলটোত ছয় মাৰিবলৈ গৈ লেগত কেচ তুলি দিলে কিষণে৷ কিষণ আউট, ভাৰতৰ প্ৰথমটো উইকেটৰ পতন৷

‘ধেই, মই ভয় কৰাটোৱেই হ’ল৷ পাচফালৰ পৰা সেইডালে মাতটো দিয়াতেই মনটো খুটুং কৰিছিলেই৷’- পত্নীয়ে নুশুনাকৈ দত্তই মুখেৰে ভোৰভোৰাই গৈ চচপেনটোত পানী ঢালি থৈ আহিলেগৈ৷

‘হ’লনে তোমাৰ? ইমান সময় লাগেনে?’- ছোফাত থোৱা জেকেটটো পিন্ধি দত্তই পত্নীৰ কাণত বিন্ধাকৈ ক’লে৷ ভাৰতে উইকেটটো হেৰুওৱাৰ বাবে যেন পত্নীহে দায়ী!

‘এই হ’লেই, আপুনি ৰেডি হওক৷’- পত্নীৰ উত্তৰ শুনিলে দত্তই৷

দত্তই জানে, ‘এই হ’লেই’ মানে আৰু দহ-পোন্ধৰ মিনিট লাগিব৷ তেওঁ ছোফাত বহি পুনৰ খেল চোৱাত লাগিল৷ পুনৰ দুটা অ’ভাৰৰ খেল সম্পূৰ্ণ হৈছিলহে, তেনেতে মিছেছ দত্ত ‘গ্ৰীণ ৰূম’ৰ পৰা ওলাই আহিল৷ তেতিয়াও দত্তক ছোফাত বহি খেল চাই থকা দেখি মিছেছ দত্ত উচপ খাই উঠাৰ দৰে হ’ল-৷

‘আপুনি এতিয়াও খেল চায়েই আছে? এদিন খেল নাচালে কোনখন মহাভাৰত অশুদ্ধ হ’ব কওকচোন৷ আজিকালি বছৰৰ বাৰটা মাহেই দেখোন এই ক্ৰিকেটসোপা চলিয়েই থাকে৷ হৰি হৰি৷ মই তিৰোতা মানুহজনীয়েই খৰখেদাকৈ ওলালো, আপোনাৰ হোৱাই নাইনে?’

ছোফাৰ পাচফালৰ পৰা দত্তক দেখিয়েই শ্ৰীমতীৰ মুখ চলিল৷ দত্ত পিচে অকনো আচৰিত নহ’ল, মানুহজনীৰ এইটো স্বভাৱেই৷ ‘ডেৰঘণ্টাও তেওঁৰ বাবে খৰখেদাহে হ’ল! হে ভগবান!’- দত্তই থিয় হৈ ঘূৰি দিলে, যাতে ঘৈণীয়েকে তেওঁক সন্মুখৰ পৰা দেখা পায়৷

‘এনেই নবকিবাচোন৷ মোৰ দেখোন কেতিয়াবাই হৈছে৷’

শ্ৰীমতী দত্তই গিৰীয়েকৰ পোছাকৰ ফালে এবাৰ চালে৷ কিন্তু তেওঁ অধিক ক্ষুণ্ণহে হ’ল৷

‘এইবোৰ কি পিন্ধিছে? বেলেগ বিচাৰি নাপালে আৰু? এই জেকেটটো কিমান পিন্ধেহে৷ বাটৰ কুকুৰবোৰেও জেকেটটো চিনি পোৱা হৈছে৷ এনেকৈ জধলা হৈ মোৰ লগত যাব নোৱাৰে দেই৷ সলাওক সলাওক৷ কোট-চ্যুট পিন্ধক৷ আৰু ডিঙীত সেইখন কি লৈছে? মাফলাৰ নহ’ব দেই, টাই পিন্ধক।’- গিৰীয়েকক নিৰ্দেশনা দি শ্ৰীমতী দত্তই টি ভিৰ চুইচটো বন্ধ কৰি দিলে৷

‘কোট পিন্ধিলে ঠাণ্ডা লাগিব হে!’- দত্তই শ্ৰীমতীক মনাবলৈ সৰু চেষ্টা এটা কৰি চালে যদিও কামত নাহিল৷ পত্নীৰ নিৰ্দেশ কাঢ়াহে হ’ল৷

‘গাড়ীতহে যাব, একো ঠাণ্ডা নালাগে দিয়ক৷’

পত্নীৰ লগত বিয়া খাবলৈ গ’লে কি পিন্ধি যাব লাগে সেয়া পত্নীৰ মতেহে হোৱাটো বাধ্যতামূলক। গতিকে দত্তই সেইমতে নচলিলে হ’বনে? পত্নীৰ আদেশ মানি দত্তই চ্যুট-কোট-টাই পিন্ধি তেওঁৰ নিজৰ দৃষ্টিত ‘ভুচুং পহু’ সাজি আৰু পত্নীৰমতে ‘জেণ্টেলমেন’ হৈ বিয়ালৈ যাবলৈ সাজু হ’ল৷ পাৰ্ফিউমো পত্নীয়েই পচন্দমতে স্প্ৰে’ কৰি দিলে৷

কিন্তু মাঘমহীয়া জাৰতো পত্নীয়ে জেকেট বা চুৱেটাৰ আদি নিপিন্ধাত দত্ত আচৰিত হ’ল৷ নোসোধাকৈ থাকিব নোৱাৰি দত্তই পত্নীক সুধিয়েই পেলালে- ‘তুমি চুৱেটাৰ-জেকেট একো নল’লা যে? ব্লাউজটোও দেখোন সৰু হোৱা যেন লাগিছে, পিঠিখন ঢাকিবই পৰা নাই৷ ঠাণ্ডা নালাগিব নেকি? এনেই ঘৰৰ ভিতৰত দেখোন ঠাণ্ডা ঠাণ্ডা বুলি কৈ থাকাহে?’

‘আপুনি সেইবোৰ চিন্তা কৰিব নালাগে৷ গাড়ীতহে যাম, ইমান ঠাণ্ডা নালাগে নহয়৷ ঊলৰ জেকেট এটা লৈ লম৷ গাড়ীতে থাকিব, বেছিকৈ ঠাণ্ডা লগা যেন পালে পিন্ধিম৷’

নিশা আঠ বজাত দত্ত দম্পতী বিয়া খাবলৈ ঘৰৰ পৰা ওলাল৷ গাড়ীত বহিয়েই দত্তক সকীয়ালে শ্ৰীমতীয়ে— ‘বিয়াঘৰলৈ গৈ কিন্তু ম’বাইলটো উলিয়াই লৈ ক্ৰিকেট চাবলৈ নবহিব দেই, কৈ থলোঁ। ‘জেণ্টেলমেন’ৰ দৰে থাকিব৷’

*****

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *