পুত্ৰ বধু : নাজিয়া হাচান
এখেত ঘৰৰ একমাত্ৰ সন্তান। চাকৰিৰ খাতিৰত এওঁ ঘৰৰপৰা বহু দূৰত থাকে। ঘৰখনত এওঁৰ মাক দেউতাক অকলশৰীয়া। বিয়া পাতি প্ৰথম অৱস্থাত তেখেতে সেয়ে মোক মাক দেউতাকৰ লগতেই থৈ গৈছিল। দেখিবলৈ মই চুটি চাপৰ, ক্ষীণ কাইৰে, অকণমানি হেন মানুহ। সঁচা অৰ্থত তেনেই এলেহুৱা আৰু থুপৰীও। পিচে তাতেনো কি হ’ল! হওঁতে মই আজিৰ যুগৰ নাৰীহে হওঁ কিবা! শহুৰৰ ঘৰত নিজক এক্টিভ স্বভাৱৰ মানুহ এজনী বুলি পৰিচয় এটা মোৰ বনাই পেলামতো। সময়খিনিক অপচয় নকৰি ধৰি ল’লোঁ; যে এয়া মই অনলাইন ক্লাছ কৰি কৰি হঠাৎ অফ লাইনত পৰীক্ষাবোৰ দিবলৈহে যেন সাজু হৈছোঁ। এই প্ৰস্তুতিৰে, আইতাই কোৱা চিলনীৰ জীয়েকৰ সাধুটোৰ দৰে বুদ্ধি লগাই লগাই ঘৰৰ সমস্ত কাম মই শাহুতকৈয়ো বেছি পকাকৈ কৰি গ’লোঁ। মোৰ কাম-বন, কথা-ব্যৱহাৰৰ ফল ইমানেই মিঠা হ’ল যে, শাহুমা আৰু শহুৰ দেউতাই কিঞ্চিতো উমান নাপালে মই মানুহজনী যে কিমান থুপৰী আৰু এলেহুৱা। খুব কম দিনতে তেওঁলোক দুয়োৰে অন্তৰখনক মই বহুত গভীৰলৈ জয় কৰিবলৈ সক্ষম হ’লোঁ। ইংৰাজীত কথা এষাৰ আছে নহয়, “ফাৰ্ষ্ট ইমপ্রেশ্যন ইজ ডা লাষ্ট ইমপ্রেশ্যন।” কথাষাৰ মোৰ জীৱনত বাৰুকৈয়ে খাতিল। শাহুমায়ে তেওঁৰ একমাত্ৰ বোৱাৰীৰ ছবিখন থুপৰী আৰু এলেহুৱাৰ ঠাইত লখিমী, গোসাঁনী, কৰ্মঠ, সুগৃহিনী বুলি মানস পতত এইদৰে বহুৱাই ল’লে যে, সেই ছবিক পৃথিৱীৰ কোনো প্ৰাণীয়েই কাহানিও আৰু নিকা কৰিব নোৱাৰিব; সেয়া লাগিলে তেওঁৰ একমাত্ৰ পুত্ৰ সন্তানেই হওক কিয়!
…..
এওঁৰ চাকৰি কৰা ঠাইখনচোন বৰ ধুনীয়া! তেওঁ থকা ঘৰটোও একেবাৰে মেইন টাউনৰ মাজত! প্ৰথম দেখিয়ে মনটো মোৰ গাৰ্ডেন গাৰ্ডেন হৈ গৈছে।ঘৰটো ঘূৰি ঘূৰি চালোঁ। নহ’লেই চলিব নোৱাৰা একেবাৰে জৰুৰী বস্তুবোৰহে ঘৰটোত থকা মোৰ দৃষ্টিত পৰিছে। পাকঘৰটোত ৰন্ধা বঢ়াৰ সৰঞ্জাম নাই বুলিবই পাৰি। বুজিছোঁ, এওঁৰ স্বভাৱ সাইলাখ মোৰ দৰেই মানে। ঘৰত ৰন্ধা বঢ়াৰ চিষ্টেম নাই। এওঁ মোক ফুৰাবলৈ নি হোটেলতে খুৱাই-বুৱাই আনে। নহ’লে অনলাইনতে খোৱাৰ অৰ্ডাৰ দিয়ে। মুঠতে ৰন্ধা বঢ়াৰ মূৰৰ বিষটো ইয়াত মোৰ শূ্ন্য হেন দেখিছোঁ। কি ক’ম; মনত মোৰ মানে অপাৰ আনন্দ! ভবা মতেই পৰিবেশ আৰু জীৱন সংগী দেখোন। লাইফটো মোৰ বোধত একেবাৰে জিঙ্গালালা।…
দিনবোৰ গৈ গৈ মাহত ভৰি দিবলৈ লৈছে ! কিন্তু এয়া কি? লাহে লাহে এওঁৰ দেখোন কথা কামবোৰ কিবা সলনি হোৱা যেন লাগিছে! আগৰদৰে এওঁ বাহিৰৰপৰা খোৱা বস্তুৰ অৰ্ডাৰো নকৰে। ফুৰিবলৈ বাৰু মোক তেওঁ ঠিকেই লৈ যায়; কিন্তু ৰন্ধা বঢ়াৰ চিষ্টেমটো ঘৰতহেচোন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে! দুদিন এদিনকৈ পাকঘৰৰ লাগতিয়াল বস্তু.. যেনে কেৰাহী, কুকাৰ, হেতা, চচপেন ইত্যাদিবোৰেৰে খালী হৈ থকা পাকঘৰটো এওঁ পূৰ্ণ কৰি গৈ আছে! চাউল, ডাইল, মাছ, মাংস, শাক পাচলিৰে বজাৰৰ মোনা ভৰ্তি কৰি কৰি আনে। হে খোদা! কি ভাবিছিলোঁ কি হৈ আছে এয়া! ইফালে মোৰ অমায়িক ইমপ্ৰেশ্যনটোৰ খাতিৰত খং ৰাগবোৰক যিমান পাৰোঁ মই কবৰ দি থৈছোঁ। এখেত মানুহজনচোন মোতকৈয়ো আচৰিত! জানি বুজি মই কেতিয়াবা নিমখ নিদিয়াকৈ বনাই দিয়া আঞ্জা আদিও এওঁচোন তৃপ্তিৰে খাই উঠি যায়। ভাল বেয়া একো নকয়। কাৰণ শাহু আয়ে এওঁৰ অন্তৰতো মোৰ প্ৰতি হাই ইমপ্রেশ্যন এটা ভৰাই পঠাইছে। বেচেৰাই ভুল কি ধৰিব মোক! প্ৰায়ে ফোনত মাকে মোৰহে খা-খবৰবোৰ লৈ থাকে। ময়ো ইমপ্রেশ্যন বৰকাৰাৰ ৰাখিবলৈ শাহুৰ ফোন আহিলেই ঘৰৰ কামৰ ব্যস্ততাভাগ জানি বুজি অলপ বেছিকৈয়ে দেখুওৱাত লাগোঁ। চকু পানী পেলাই পেলাই পিয়াঁজকেইটা কাটি থাকোঁতেই শাহুমাৰ ভিডিঅ’ কল আহিল! মজা বুলি মনতে ভাবি, পিয়াঁজ কটা হাতখন ফটাকানিৰে লৰালৰিকৈ মচি ল’লোঁ। ডাইনিং চেয়াৰখনৰ পিঠিত ওলমি থকা টাৱেলখনেৰে চকু দুটাৰ পানীখিনিও থপথপাই, ফোনটো ৰিচিভ কৰিলোঁ। লগে লগেই স্ক্ৰীণখনত শাহুমাক ডাঙৰকৈ দেখা গ’ল। চশমাযোৰ ঠিক কৰি মায়ে মোক ভালদৰে লক্ষ্য কৰিছে। মই লগে লগেই ছালাম জনাই মিচিকিয়ালোঁ।
: অ’..। কি হ’ল অ’ বোৱাৰী? কি কৰি আছিলানো? ইমান দেৰি লগালাযে ফোনটো ধৰোঁতে? মনটোও কিবা আন্ধাৰ আন্ধাৰ যেন দেখিছোঁ। চকুহালো ইমান ৰঙা পৰি আছে! কান্দি আছিলা নেকি ঔ মোৰ আই?…
মোৰ উত্তৰলৈ অলপো বাট নাচাই কপালৰ ৰেখাবোৰ আকৌ একগোট কৰি তেওঁ এইবাৰ অলপ গৰম সুৰত সুধিলে,
: বুজিছোঁ। ই বদমাছটোৱে তোমাক বৰকৈ জ্বলাইছে চাগে ন? ক’ত গ’ল এইটো?
পুতেকক এতিয়া এসেকা দিব বুলি ভাবি মোৰ মনটো ফূৰ্তিত উৰা মাৰিবলৈয়ে লৈছিল। আবেগক কণ্ট্ৰোল কৰি, মই যিমান পাৰোঁ নম্ৰ সুৰত ক’লোঁ..
: নহয়, নহয় মা! মই ভালেই আছোঁ। এওঁ মোক অলপো জ্বলোৱা নাই। বজাৰৰ পৰা অলপ আগত ছাগলী মাংস দুই কেজি লৈ আহিছে। আজি বন্ধবাৰ যে, তেওঁৰ বোলে বৰকৈ ছাগলী খাবলৈ মন গৈছে। মছলা পাতি ভালকৈ দি, তৰকাৰীখন আঙুলি চেলেকি খাব পৰাকৈ মই এয়া ৰান্ধিবলৈ লৈছিলোঁ। তেওঁ শুই আছে মা। পিয়াঁজ কাটি আছিলোঁযে সেয়ে চাগে চকুহাল মোৰ তেনে দেখিছে আপুনি।
এইবুলি মই ৰন্ধাৰ যোগাৰখিনিৰ ফালে কেমেৰটো সুবিধা বুজি ঘূৰাই দিলোঁ। শাহুমাৰ চকু দুটা ওলাই যেন সৰিহে পৰিব তেনে অৱস্থা..!
: ইমানযে খকুৱা ঔ এইটো। নিজেতো পাকঘৰৰ কূটা এডাল ইফাল সিফাল নকৰে; আৰু ন-ছোৱালীজনীৰ হতুৱাই কত কিযে বনসোপা কৰোৱাই থাকে। মাছ মাংস খাবলৈ তাৰ ইমানেই যদি মন গৈছে, তোমাকো লগত নি বাহিৰতে খাই বৈ আহিব নোৱাৰেনে এই চিকতাটোৱে! এ..ই মানে ল’ৰাটো নুসুধৰে আৰু দেই! একেবাৰে বাপেকটোৰ দৰেই গজিল অ’ ই। তুমি চাগে সেই দুখতে কান্দিয়ে আছিলা মনে মনে। আয়ৈ দেহী! অকল পিয়াঁজহেনে এয়া? পিয়াঁজ! নহৰু! আদা! এই গোটেই সোপা কাটি পিচি লওঁতে কমখন কষ্ট লাগিছেনে তোমাৰ! চাওঁ, তুমি মোৰ ভিডিঅ’ কলটো তাৰ কাষলৈ লৈ যোৱাচোন।
: নহয় নহয় মা। তেওঁ মোক একো কৰিবলৈ নিদিয়ে…।
মই মোৰ মূৰতো যিমান পাৰোঁ সিমান জোৰত লেফ্ট ৰাইট কৰি সৰল স্বভাৱত ক’বলৈ ধৰিলোঁ।
: এহ মই জানো নহয় ইহঁত বাপেক পুতেকৰ গুণবোৰক! তুমি আৰু নতুনকৈ ঢাকিব পৰিবানে। আয়ৈ দেহী নিমাখিত ছোৱালীজনী পাই ইমান কচিছে ঔ ই। যোৱাচোন যোৱা, তুমি ভিডিঅ’টো তাৰ ফালে লৈ যোৱাচোন এতিয়াই―
মোৰ অৱস্থা দেখি মায়ে যে এওঁক এথেকেছা দিবই মই কণফাৰ্ম আছিলোঁ। গতিকে সুযোগ পাই মোবাইলটো মই একেলৰে নি বেডৰূম পোৱালোঁ। এওঁ বেচেৰা উবুৰি খাই নাক বজাই শুই আছিল..।
: ঔ আই! এইহেন দিন দুপৰত তাৰ নাকৰ ঘেৰঘেৰণী শুনাচোন! ক’ত বোলে ন কইনাজনীক পাকঘৰত অলপ সহায় কৰি দিব; সি মানুহটো বিছনাত ওলোটাটো হৈ নাক বজাই বজাই কেনেকৈচোন শুই আছে! কি ল’ৰা তুলিলোঁ অ’ মই এইটো!
: নহয়, নহয় মা। বজাৰৰ পৰা আহিছে যে ভাগৰে-যোগৰে; সেয়ে ময়ে তেওঁক অকণমান জিৰাবলৈ কৈছিলোঁ। নহ’লে তেওঁ আহিছিলেই মোক পাকঘৰত সহায় কৰিবলৈ।
কথাখিনি মানুহজনেও শুনাকৈ মই শব্দ কৰি ক’লোঁ।
: হয়নে? এহঃ, তুমি ক’লা বুলিয়েইনো সি ইমানসোপা বন তোমাক গতাই দি এইদৰে কুম্ভকৰ্ণ হ’ব লাগিছিলনে!
: একো নাই মা। মইতো ঘৰৰ কাম কৰি ভালেই পাওঁ নহয়, আপুনিতো জানেই!
: অ’, মই মোৰ লখিমী বোৱাৰীক জানোতো। সেইবুলি সি তাৰ ফাইদা ল’ব নালাগে নহয়। উঠোৱাচোন উঠোৱা তাক। খাই খাইতো পেটেলা হৈছেই এইটো। শুই শুই থপৰাটোও অদ্ভুত কৰিব ই এতিয়া।
: একো নাই মা। শোৱক দিয়ক তেওঁ। মই ৰন্ধা বঢ়া হোৱাৰ পাছত তেওঁক জগাই দিম।
কথাখিনি এইবাৰো মই মানুহজনে শুনাকৈয়ে ক’লোঁ।
: তুমিও নহয়, মা! মোক মানে শুই, বহি, এনেই থকা, খকুৱা, নিষ্কর্মা এটা বুলিয়েই পকা ইমপ্ৰেশ্যন এটা বনাই ৰাখিছা ন? এতিয়া মই ঘৰৰ সমস্ত কাম কৰোঁ বুলি ক’লেওতো বিশ্বাস নহ’ব তোমাৰ?
মোৰ মনতে, আমাৰ কথা এওঁ মানে সকলো শুনিলে। বঢ়িয়া। দে তালি!
: ইচ..! হ’ল আৰু মোৰ বোপাই! এনে
ঘৰৰ সমস্ত কাম কৰাতো তই! এ..যা যা গা ধুই ল গৈ যা। বজাৰৰ পৰা আহি চাগে গাডালো নোধোৱাকৈ শুই আছহি। বোৱাৰীজনীয়ে ইমান সোপা কটা বচাখন অকলে অকলে কৰিলে। হেৰৌ, বন্ধৰ দিন, তাইক অলপ কামত সহায় কৰি দিব নোৱাৰনে তই? উঠ, উঠ। তাই বেচেৰীক অলপ আৰাম কৰিবলৈ দে এতিয়া। মই অলপ পিছত আকৌ ভিডিঅ’ কল কৰিম বুইছ। আৰু শুন; তাইক বেছিভাগ ফুৰাবলৈ নিয়েই খুৱাই বোৱাই, আনিব নোৱাৰনে তই? নিজৰ নতুন মানুহজনীক কেনেকৈ মন ভুলাই ৰাখিব লাগে তাকো মইহে শিকাই দিমনে তোক..?
কথাখিনি কৈ তেওঁ ফোনটো ঘপকৈ কাটি দিলে।
: মাৰ দেখোন বৰ খং উঠিছে। তোমালৈ তেওঁৰ ইমান মৰম; মোলৈ তাৰ আধাও নাই! কৰা কৰা আৰাম কৰা তুমি। ভাত, মাংসখিনি ময়েই বাৰু ৰান্ধোঁগৈ আৰু!
: নালাগে দিয়ক ময়ে ৰান্ধিম।
কওঁ নকওঁকৈ লাহেকৈ ক’লোঁ।
: এহঃ! নালাগে দিয়া তুমি বনাবলৈ। শুনা নাই জানো, মায়ে যে অলপ পিছত আকৌ ভিডিও কল কৰি মোৰ কামৰ প্ৰমাণ চাব।
এইবুলি তেওঁ মূৰটো খজুৱাই খজুৱাই পাকঘৰৰ ফালে আগবাঢ়িল। মোৰ মনতেহে, বোলো মানুহ এনেকৈয়ে চলিব লাগে আচলতে; সাপো মৰে লাঠিডালো যেন নাভাঙে। সমন্ধবোৰ তেতিয়াইতো এনেকুৱা আদৰ চেনেহেৰে ভৰি থাকিব।..
: হেৰা! আমি দুয়ো নাইনিতাললৈ দুদিনমান থকাকৈ ফুৰিবলৈ যাম দিয়া..।
তেল মছলাৰ সুন্দৰ ৰঙেৰে মানুহজনে লোভনীয়কৈ ৰন্ধা মাংসৰ তৰকাৰীখন মোৰ পাততো দি, মোলৈ তেওঁ মৰমেৰে চাই চাই ক’লে..।
*****
4:36 pm
এয়াহে বুদ্ধি ন বা।
9:14 pm
মজা
5:06 pm
বৰ সুন্দৰকৈ লিখিলে। ভাল লাগিল পঢ়ি।
7:56 pm
পঢ়ি ভাল লাগিল
8:10 pm
মজা লাগিল
5:03 pm
এএএ মজাআআআ।
10:56 pm
কি বুদ্ধি এ?