ফটাঢোল

শিৱৰাত্ৰি বিশেষ- ধূৰ্জ্জতি কাকতি

আজি শিৱ ৰাত্ৰী৷ শিৱ ৰাত্ৰীত মন্দিৰ বোৰত প্ৰসাদ হিচাপে ভাঙেৰে বনোৱা লাড়ু আৰু ঘোটা দিয়া হয়৷ শিৱ ৰাত্ৰীত ঘোটা খাই যি সকলে পাইছে, তেওঁলোকে জানে এবাৰ ঘোটা বা ভাঙৰ লাড়ুৰ নিচা লাগিলে কেনে লাগে৷ এবাৰ আমাৰ চিনাকী দাদা এজনে নিচা লগাৰ পাচত ঘৰৰ ওচৰৰ সৰু নলা এটাৰ কাষত বহি কান্দি আছিলে এই মস্ত নদীখন পাৰ হৈ মই ঘৰলৈ কেনেকৈ যাম৷ বন্ধু এজনৰ ককায়েকে এবাৰ বিচনাৰ ওপৰত বহি আছিলে গোটেই ৰাতি কাৰণ তেওঁ ভাবিছিলে মজিয়া পানীৰে উপচি পৰিছে আৰু তেওঁ নামিলেই ডুবি যাব৷
শিৱৰাত্ৰীৰ এই ঘোটা আৰু ভাঙৰ লাড়ুৰ পৰা মোৰ কেইবাবাৰ লটি ঘটি হৈছে৷

প্ৰথমবাৰ হৈছিলে মই পাঁচবছৰ মান থাকোতেই৷ ওচৰতে মানুহ এজন থাকিছিলে৷ মই খুড়া বুলি মাতিছিলে৷ তেওঁৰ আচল ঘৰ আছিলে শিৱসাগৰত৷ শিৱ ৰাত্ৰীত শিৱসাগৰৰ পৰা পকা মিঠৈ আৰু ভাঙৰ লাড়ু আনিলে৷ মোক ভুলতে পকা মিঠৈ বুলি ভাঙৰ লাড়ু এটা দি দিলে৷ খাই মই প্ৰায় দুদিন শুলো৷ মাজে মাজে সাৰ পাই এনে ভাব হয় যেন মিকি মাউচ, ডনাল্দ ডাক টিভিৰ পৰা ওলাই আহি চাকৰিওফালে নাচি থাকে৷ বিচনা চাদৰ খনে মোক ওপৰলৈ উৰুৱাই লৈ যায়, ওপৰত গৈ গৈ ফেনত লাগি যাওঁ বুলি মোৰ ভয়ত অৱস্থা নোহোৱা হৈ যায়৷চিঞৰ বাখৰ কান্দা কটা কৰো৷ শেষত ডাক্তৰক দেখোৱাব লগা হৈছিলে ৷

কিন্তু ভয়ংকৰ নিচা কেইবছৰমান আগতে লাগিছিলে যেতিয়াৰে পৰা মই শিৱ ৰাত্ৰীত ঘোটা খুৱাই বাদ দিলো৷ সেইদিনা মন্দিৰত কেইবা গিলাচো ঘোতা খালো, ৰাতি খিচিৰি খাই খোজ কাঢ়ি ঘৰলৈ আহি আছো আমাৰ গলিত সোমোৱাইছো লাহে লাহে গাটো পাতল লাগি আহিল, তাৰপাচত দেখোন উৰিব মন গল৷ মন গ’ল মানে উৰিব চেষ্টা কৰিলোৱেই৷ এখন হাত চিধা কৰি ভৰি এখন ডাঙি ৰাস্তাৰ মাজতে ৰৈ হনুমানৰ দৰে উৰিব চেষ্টা কৰিলো৷ হঠাট সম্বিত ঘুৰাই আহিল, লগালগ ভাবিলো এইয়া কি কৰি আছো৷ ৰাস্তাত এনেকৈ এখন হাত আৰু এখন ভৰি ডাঙি ঠিয় হৈ থকা দেখিলে মানুহে কি ভাবিব৷ নিচা লগা বুলি পুৰা গম পাব৷ লগালগ খোজ দিয়া আৰম্ভ কৰিলো, কিন্তু কেইটামান খোজ দিয়েই গা আকৌ পাতল পাতল লাগিলে৷ আকৌ হনুমান হব ঈচ্ছা গ’ল, আকৌ হাত ভৰি ডাঙি একেদৰে হনুমান হব চেষ্টা কৰিলো৷ অলপ পাচত সম্বিত ঘুৰাই অহাত মানুহে হাঁহিব বুলি চিধা খোজ ললো৷ মুঠতে ঘৰ পোৱালৈকে এই একেটা কামৰে পুনৰাবৃত্তি কৰি থাকিলো৷ কেইবাৰ উৰি চেষ্টা কৰিলো ঠিক নাই, অলপ বেচি হোৱা হলে সচাকে উৰিয়েই গলো হয়৷ কিন্তু ঘৰ পায়ো মোৰ লটি ঘটি শেষ নহ’ল৷ শুব লওঁতে এনে লাগিলে মোৰ উশাহটো লাহে লাহে দীঘল হৈছে৷ তিনিবাৰ মান উশাহ লোৱাৰ পাচত এনে লাগিলে উশাহ ইমান দীঘল হৈছে যে উশাহ টানিব নোৱাৰি মৰিম৷ লগা লগ খপ জপকৈ উঠি বহিলো৷ অলপ পাচত আকৌ শুব খুজিলো আকৌ একে একে ঘটনা৷ উশাহ ইমান দীঘল হৈ যায় যে মোৰ লাগে উশাহ টানিব নোৱাৰি মৰিম আকৌ বহি লওঁ৷ মোৰ ভাৱ হ’ল ৰাতি যদি শুওঁ আজি মোৰ মৃত্যু নিশ্চিত৷ উশাহ টানিব নোৱাৰি মৰিম মই৷ গতিকে আজি নুশোওঁ, বিচনাতে বহি থাকিম৷ এনেদৰে কেতিয়া টোপনী গলো গম নেপাওঁ বাৰু কিন্তু ৰাতিপুৱা নিজকে জীয়াই থকা দেখি ভগৱানক ধন়্যবাদ দিছো আৰু শপত খাইছো যে আজিৰ পৰা ঘোটা নেখাওঁ৷

*****

One comment

  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি???

    Reply

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *