ফটাঢোল

লটিঘটি-অসীমা দত্ত শইকীয়া

গেঙটকৰ হোটেলত এবাৰ, ডিনাৰ কৰি চফ বিচাৰিছো।মুখলে আ কে চাই  আছে।   চফেইতো কয় হিন্দীত, মনত পেলালো।নুবুজে সিহঁতে।  ইংৰাজীতো মনত নাই মোৰ।।কেৱল চেহেৰাতো মনত আছে।হিন্দীত চফ নুবুজিলত, মচলা চাহিয়ে ক’লো,  কিটচেনৰ মচলা বক্সতোৰ ওচৰলে মাতিলে।    কি অলগদ্ধ এই কিটাা বুলি বুজাবলে লাগি গ’লো, হাত দুটাৰ চয়েটাৰ কোচাই।প্ৰথম ধান চিনি পাতা হে না সুধি লৈছো।  পাতা হে,ক’লে। ধান কি চেহেৰাৰ, লেকিন ৱ’ গোন্ধাতা হে।চেহেৰা ধান কি তৰহ, লেকিন ধান দেখনে মে চফ কী   বাপ কী তৰহ হে।

 সিহঁতৰ ৱেটাৰ,মেনেজাৰ, বাচন ধোৱাও জেগাতে ৰৈ চাইছে মোক।

নাই নুবুজিল কোনেও।  আকৌ বুজালোঁ…জিৰা চিনি পাতাহে কি নেহী।  অলপদেৰীৰ মূৰত শূণ্যতে মাংস হেতাৰে লৰোৱালেকে বুজালত বুজিলে।আট্ছা ৱ’ চফ কা চেহেৰা জিৰা কি তৰহ,লাইক এ জিৰা কি ম’তী বেহেন ।লেকিন গোন্ধাতা হে। গোন্ধ অলগ হে।

 নাই বুজা নাই  এটাইও।   আঁকি দিবলে বাকী। বিয়া মে জৌ ইস্টিমাল কৰতা হে ৱ’ চফ। 

বিয়া কিয়া হে সুধিছে।  কইনা হৈ এবাৰ ওৰণী লৈ দেখুৱাইছো,দৰা  হৈ মুখ ঢাকিছো এবাৰ। নাই নুবুজে অলগদ্ধ কিটাই। চাদীটো পাহৰি থাকিলো চফৰ কথা ভাবি মেথাত চুট পৰি। দৰা আহিলে ফটকা ফুটুৱা শব্দলেকে কৈছো।কইনাই বহুত কন্দাতা হে বুলিও বুজাই , নোৱাৰিলো।

বালৰ চফেই নেখাও তহঁতৰ বুলি গুছি গ’লো ৰূমলে। পিছদিনা মোক দেখিলে মেনেজাৰতোৱে সিফালৰ মূৰ কৰে পাগল বুলি।

পিছদিনাও একে গতি।নাই নুবুজে এটাইও।মূৰ খজুৱাই দিছেগে।

 পিছত থকা দুদিন, হোটেলৰ কামকৰা কেইটাইও মুখ ঘূৰাই দিবলে ল’লে।পাগল বুলি। চ উচ্চাৰণ কৰিলেই পলাই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *