ফটাঢোল

মোৰ জীৱনৰ ৰসাল ঘটনা – আশাদীপা শইকীয়া

“বলে নোৱাৰা লেখা এটা লৈ আহিছোঁ। মই মানুহজনীৰ ভিতৰত “ৰস” বোলা বস্তুকণ বিচাৰি কেতিয়াবা গিৰিহঁতেই ওফোন্দ পাতে। কয়,

: মাইকী মানুহ অলপ মৰমিয়াল হ’ব লাগে। কমনীয়তা থাকিব লাগে কথাত। তুমি অনবৰতে দমদমাই থাকা।

 সাংঘাতিক দুখ মোৰ। “মই যে হাঁহিব নাজানো, হঁহুৱাব নাজানো”।

কিন্তু, নিজে এটা কথা বিশ্বাস কৰোঁ, “হাঁহি” থকা মানুহ দেখিলে মই ৰিলেক্স হওঁ, সেয়ে কোনোবা অশান্তিত থাকিলে মই চটফটাই থাকোঁ। এই কথাও বিশ্বাস কৰোঁ, ‘প্ৰাণ খুলি সকলোৱে হাঁহিব নোৱাৰে। হাঁহি থকা মুখ এখনৰ আঁৰত হয়তো শোকৰ এখন সাগৰ থাকে”। আন মানুহৰ দৰে ময়ো আচলতে হাঁহি ভাল পাওঁ। সেয়ে চাগে, নিজৰ ৰসাল অভিজ্ঞতাৰ দৰে  গধুৰ লেখা আজি বাছি লৈছোঁ। 

(“মন নগলেও ,হাঁহি নুঠিলেও হাঁহে যেন”)

১) আজি মোৰ দেউতাৰ কথা ক’ম। মোৰ জন্মদাতা পিতৃ ঢুকোৱা বহু দিনেই হ’ল। দেউতা বৰ সৰল মনৰ আছিল, কিন্তু  তেওঁৰ আগৰ পৰাই বুদ্ধি অলপ কম আছিল। থিতাতে সমস্যা সমাধান কৰিবলৈ তেওঁ সক্ষম নাছিল। মা আছিল তেওঁৰ বিপৰীত। আজি দেউতাৰ খেলিমেলি কিছুমান কথা ক’ম। যিবোৰ এটা সময়ত আমাৰ বাবে হাঁহিৰ খোৰাক হৈছিল।

আমাৰ ঘৰত পাৰ চৰাই পুহিছিল। আমাৰ উত্তৰ পাৰে পাৰ খুব খায়। জোঁৱাই গ’লে উজনিত যিদৰে হাঁহ মাৰে, আমাৰ ফালে পাৰ মাৰে। সৰুকৈ এটি ব্যৱসায়ো চলি থাকে পাৰৰ। কোনোবা গ্ৰাহক আহিল, পাৰ পোৱালি বিচাৰি। এযোৰ আছিল। মায়ে ধৰি আনিলে সজাৰ পৰা। তেনেতে কোনোবা আলহী আহি ওলাল। মায়ে দেউতাৰ হাতত পাৰযোৰ দি জুলুকি (মাছ ধৰা)টোৰে ঢাকি থ’বলৈ ক’লে, ভিতৰত চাউল কেইটামান দি। আলহী গ’ল, মা ভিতৰলৈ আহি এটা আচৰিত ঘটনা দেখিলে। মাৰ ভেণ্টি বেগটো (তেতিয়া কয়), অলপ ডাঙৰ। সেইটো গঁজালত ওলমি থকাৰ পৰা বিছনাত পৰি আছিল আৰু বেগটো ইফাল, সিফাল কৰি আছিল। মা যথেষ্ট সাহসী যদিও সেইদিনা ভয় খাইছিল। তেওঁ অলপপৰ বেগটো চাই থাকি লাঠী এডালেৰে লৰচৰ কৰি চালে। সাপ সোমাবও নোৱাৰে, চেইন মৰা আছিল। এপাকত বেগটো নিজে নিজে ঠেলি ঠেলি আহি পকাত পৰিল। মায়ে চিঞৰ বাখৰ লগালে। ওচৰৰ দুই, এজনে লাঠী লৈ আহিল কি ওলাইছে বুলি। তেতিয়া সন্মুখত পতকৈ দেউতাক দেখি মাৰ পাৰৰ কথা মনত পৰিল। সুধিলে, বোলে,

: পাৰ ক’ত থলে?

দেউতাই মাৰ অৱস্থা দেখি ভয়ত ক’লে,

: তুমি জুলুকি ক’ত থলা নাপালোঁ বিচাৰি, সেয়ে ভেণ্টি বেগতে পাৰ জোৰ সুমুৱাই থৈছোঁ।

সেইদিনা যে দেউতাৰ ওপৰত মাৰ খংটো উঠিছিল আৰু; নুঠিবনে? পাৰৰ  গুৰে লেটিপেটী হোৱা মাৰ ভেণ্টি বেগৰ কথানো কি ক’ম।

২) আমাৰ বিয়াৰ পাছৰে কথা। মানুহজন, মই  আৰু দেউতা টিভি চাই আছিলোঁ জামুগুৰিৰ ঘৰত। পকা চুলি ক’লা কৰা এডভাৰটাইজ দিলে এইবুলি- ” অ’,খুড়া, আপোনাৰ সকলো চুলি পকিল দেখোন”

দেউতা বিৰাট চৌখিন আছিল পিন্ধা-উৰাত। ভালকৈ থাকি ভাল পাইছিল বাবে চুলি পকাৰ কথা কওঁতে তেওঁক কোৱা বুলি ভাবি আচৰিত হৈ নিজৰ মূৰত হাত বোলাই টিভিত বিজ্ঞাপন দিয়া মানুহজনক কৈছে, “এ,হয় নেকি?”

নতুন জোঁৱাই সেইদিনা ভাগ্যেহে বেহুচ হোৱা নাছিল।

“এইবাৰ মোৰ কাহিনী”( ৰন্ধন )

মই মানুহজনীহে ৰস নোহোৱা, কিন্তু খেলিমেলিত দেউতাৰ ডুপ্লিকেট মই। য’লৈকে যাওঁ, যি কৰোঁ এতিয়াও কিবা এটা  নঘটিবলগীয়া ঘটিবই। কেতিয়াবা মূৰত পোকে খাই ৰন্ধন কাৰ্যৰ বাবে।  YouTube চাই বিয়াৰ ছমাহমান পাছতে এবাৰ “ধোকলা” বনালোঁ। সামগ্ৰীসমূহ ঠিকেই আনিলোঁ, মিশ্ৰণ তৈয়াৰ কৰিলোঁ। পিচে, প্ৰেচাৰ কুকাৰত পানী দি ষ্টেণ্ডত বাতিটো দিবলৈ কৈছিল। পাহৰি কুকাৰতে ঢালি জুই দি টিভি চালোঁগৈ। জ্বলি যোৱা গোন্ধ পাই, কুকাৰ খুলি মই অবাক। কয়লাও তেহেলৈ যাওঁক। লৰালৰিকৈ পানী দি ৰূমৰ দুৱাৰ, খিৰিকী খুলিছোঁ, যাতে মানুহটো অহাৰ আগতে গোন্ধ নোহোৱা হয়। কুকাৰটো চাফা কৰিবলৈ দুদিন পানী দি থ’লোঁ। কিবা জ্বলি যোৱা গোন্ধ পাই মানুহজনে সুধিছিল যদিও মই বৰ বিশেষ পাত্তা নিদিলোঁ। তেনেদৰেই বিভিন্ন খাদ্য মই এতিয়াও প্ৰস্তুত কৰোঁ, পেলাওঁ। আচলতে যেতিয়াই ভালকৈ কিবা ৰান্ধিম বুলি ভাবোঁ, ভবাতকৈ বহু বেছি বেয়া হয়।

সিদিনাৰ কথা। মাছৰ মূৰ আৰু ফিছা আছিল এটুকুৰা। মানুহটোৱে পিঁয়াজ আৰু জলকীয়া দি ভাজিলে খুব ভাল পায়। সেইমতে মই ভাজিলোঁ। দুদিন আগতেও ৰান্ধিছোঁ, টকালি পাৰি খাইছে। সেইদিনা ৰাতিপুৱা খাদ্যত নিমখ লৈ আমাৰ দুটাৰ কিবা এটা বাকযুদ্ধ। মই নিমখ একেবাৰে কম খাওঁ, কম দিওঁ। যুক্তিত মই জিকিলোঁ, শাহুৱে সমৰ্থন দিলে মোক। লাজ পাব লাগে যে, দুপৰীয়া এই শুকান ভাজিত কিমান নিমখ দিলোঁ জানো, এনেয়ে টেষ্ট কৰিবলৈ মুখলৈ নি মই ভাগ্যেহে নপৰাকৈ থাকিলোঁ। নিমখ মানে, কি কওঁ; উপায় নাপাই  বা এগৰাকীক কল কৰিলোঁ। বায়ে আলু, বিলাহী কিবাকিবি দিবলৈ ক’লে। মূৰত একো নোসোমাল। দিলোঁ পানী ঢালি, তেজপাতে নিমখ শুহি লয় বুলি ক’ৰবাত পঢ়িছিলোঁ। তাকো দিলোঁ, নাই নকমে। টমেট’ চচ দিলোঁ। কি ভাজি কি হ’ল ভাৱকচোন। শাহুৱে মোৰ অৱস্থা দেখিয়েই নেকি কৈছে,

: ভাতৰ লগত সাউতকৈ গিলি থৈছোঁ, নিমখ নাপালোঁ।

মই বাৰু নিজে ৰান্ধিলোঁ বাবে খালোঁ আৰু। শইকীয়া এফালে গৈছে, আহি পোৱা নাই, কি মূৰ্তি ধৰে ঠিক নাই। শাহুৱে কৈছে,

: আগতে নিমখ বেছি হোৱা বুলি নক’বা, নিজে কয় যদিহে কবা।

ভাবিছোঁ, কি কৰোঁ?  ক’লেও গালি শুনিম, নক’লেও শুনিম। সেয়ে , “কৈ মৰাই ভাল” বুলি ভাবি ক’লোঁ। একো নামাতিলে। চকুৰ চাৱনিৰেই সকলো ক’লে।

আজিলৈ এয়াই মোৰ ৰস

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *