ফটাঢোল

মুখা – মৌচুমী বৰুৱা

“উস্‌ উস্‌ যোগেন বৰ ঠগ হ’লি দেই তই আজিকালি ৷”
“কি হ’ল দাদা ?”যোগেনে ভয়ে ভয়ে শুধিলে ৷
“এনেকৈ গ্ৰাহকক ঠগন দিব নাপাই দেই ৷ভগৱানলৈতো অলপ ভয় কৰিবি ৷কালি তোৰ দোকানৰ পৰা নিয়া আলুৰ আধা গেলা ওলাল ৷”
“আলু আপুনি নিজেই বাচি লৈছিলচোন দাদা ৷”
যোগেনে সেমেনা সেমেনি কৰিলে ৷আলুখিনি ঘুৰাই দি পইচা লৈ মানুহজন ওলাই গ’ল ৷
দোকানত দাইল আৰু মিঠাতেল কিনিবলৈ সোমোৱা বিনোদে মানুহজনৰ ফালে চালে ৷হয় হয় এইজন মানুহেই তাক দেউতাকৰ পেঞ্চনৰ ফাইল এটা পাছ কৰি দিবলৈ পইচা বিচাৰিছিল ৷ মুখাপিন্ধা সৱ ৷সি ভোৰভোৰালে ৷

★★★★

 

Leave a Reply

Your email address will not be published. Required fields are marked *