ফটাঢোল

সময়ৰ শৰ (সময়ৰ ২ খণ্ড)-নয়নজ্যোতি বৰঠাকুৰ

মেজিৰ তলত খটাসুৰে প্ৰৱেশ কৰিয়ে ভেলাঘৰৰ তলত বহিয়েই চিঞৰি চিঞৰি কোৱা, “পৰী বা জনীয়ে লগত তাইৰ মৰমৰ আমলৰীয়া হাঁহটোও লৈহে পলাই গৈছে ঔ !”

কথাষাৰে গোটেই মেজি তল মিছিকিয়া হাঁহিৰে ভৰাই তুলিলে। পৰীৰ দেউতাকে সময়ৰ কথা কৈ বিদায় লৈ ঘৰমূখী হোৱাৰ লগে লগেহে যেন সকলোৰে মূখবোৰ মোৰফালে উৎকণ্ঠাৰে ঘূৰি গ’ল। মইও পাশুপাত অস্ত্ৰ এৰি পুনৰ একো নজনাৰ ভাওত মেজিৰ জুইত হাতখন সেকি নৰাৰ  ওপৰতে বহি দিলোঁ। 

তেনেতে খটাসুৰে মেজিৰ তলৰপৰা অলপ আঁতৰলৈ কিবা এটা আনিব যাওঁতে আগনিশা চুৰি কৰি নিয়া হাঁহৰ আধাজ্বলা পাখিবোৰ দেখি আকৌ চিঞৰি উঠিল, “কালি ইয়াত ৰাতি ৰখিবলৈ অহাবোৰে হাঁহ আনি ভোজ খালে ঔ, পাখি কিছুমান ইয়াতে জ্বলাই থোৱা আছে ।”

সকলোৱে এইবাৰ তাৰফালে বেছি গুৰুত্ব দিয়াত সি হাঁহৰ আধা পুৰা পাখি অলপমানেই আনি একেবাৰে মেজিৰ তল পোৱাত কাৰো বুজিবলৈ বাকী নাথাকিল যে সেইবোৰ আমলৰীয়া হাঁহৰেই পাখি । এইবাৰহে যেন মই চক খাই উঠিলোঁ কাৰণ এনেই এটা অপবাদেই পাইছিল তাতে আকৌ এইটো চুৰি কাৰ্যৰো কৈফিয়ৎ তলব কৰিব এইবাৰ। তেনেতে যেনিবা মণি দাদাই ক’লে, “সেইবোৰ কথা বাদ দে, পৰী বায়েৰৰ বিয়াত তইও হাঁহ খাবলৈ পাবি। এইটো আগতেই খোৱা হাঁহৰ পাখি।” 

সিফালে পৰীৰ ককায়েকেও কাহিনী কি সুধিবলৈ মেজিৰ তললৈ মোক লগ কৰিবলৈ খৰ খোজেৰে আহিল। ইণ্টাৰেষ্টিং কথাটো হ’ল পৰীৰ ককায়েক বিনন্দ হ’ল অসম পুলিছৰ কনিষ্টবল আৰু প্ৰীতম ডিফেন্সৰ। গতিকে আমি দুয়োটাকে অলপ জ্বলাই থাকোঁ। বিনন্দই পৰীৰপৰা প্ৰীতমক আঁতৰাবৰ বাবে মাজতে ধমকিও দিছিল যিটো কথাত প্ৰীতমেও তাইকেই বিয়া পাতিম বুলি চেলেঞ্জো কৰিছিল। গতিকে দুই ম’হৰ যুঁজ যে হ’বই তাক বুজি উঠিছিলোঁ । কিন্তু এই যুঁজত বিৰিণাৰ মৰণো অৱশ্যম্ভাৱী আছিল।

মেজিৰ তল পায়েই বিনন্দই মোক উদ্দেশ্য কৰি এটাই প্ৰশ্ন, “প্ৰীতমে তোক ফোন কৰি এতিয়া ক’ত আছে বুলি ক’লে ? তাৰ ফোনটো অফ হৈ আছে কিয় ?”

-“সি পেহীয়েকৰ ঘৰত আছে বুলি ক’লে। ফোনটো কেলৈ অফ হৈ আছে মই নাজানোঁ দেই।”

-“তই নাজানিলে কোনে জানিব। আৰু মইও পুলিছৰেই মানুহ, তাক মই সুখেৰে এৰি নিদিওঁ। মেজিৰ তলত শপত খাই কৈছোঁ অকল তাকে নহয় তাক সহায় কৰা কোনোবাক পালেও মই চাই ল’ম।”

-“মই সেইবোৰ কি জানোঁ, মোক ফোন কৰি কোৱাতহে ক’লো।”

-“একো নাই, মই এতিয়াই থানালৈ গৈ অপহৰণ আৰু ঘৰৰপৰা সোণৰ অলংকাৰ পইছা এইবোৰ নিয়াৰো এজাহাৰ দি আহিমগৈ।”

-“যি কৰ কৰি থাক, এইবোৰত মোক সাঙুৰি নাথাকিবি। মন্দিৰত দহ বজাত গৈ ভনীয়েৰক বুজাই ঘৰলৈ লৈ আহিলেও আহিবি, নহ’লে বিয়া পাতি দিয়েই আহিবি। এনেও তোৰ দেউতাৰ দেখোন হাঁহি হাঁহিয়েই মিশ্ৰ খুৰাৰ ঘৰলৈ বিয়াৰ দিন চাবলৈ যাওঁ বুলি কৈ গৈছে।”

-“মই দৰকাৰ হ’লে পুলিছ লৈ তাইক লৈ আহিম তথাপিতো প্ৰীতমলৈ তাইক বিয়া নিদিওঁ , লিখি ৰাখ তই।”

-“লিখি থৈ মই কি কৰিম, মই সিহঁতৰ বিয়া ঠিকা লোৱা নাই নহয়। তাৰ সলনি ঘৰলৈ গৈ আলোচনা কৰি ল’গৈ যা।”

-“ঘৰতটো আলোচনা নকৰোৱেই এতিয়া যি আলোচনা হয় থানাত হ’ব।”

-“থানাত যোৱাতকৈ সেইকেইটা টকাৰে খানা এটা খোৱাই দে বুজিছ।” অলপ ধেমালিৰ সুৰতেই ক’লো এইবাৰ। 

তেনেতে মোৰ লগৰ জানেও ধেমালিতেই ক’লে, “তই পুলিছৰ মানুহ হৈ ডিফেন্সৰ জোৰ নাপাওঁ বুজিছ এইবোৰ কৰাতকৈ ঘৰলৈ ব’ল তহঁতৰ ঘৰতেই বিয়াৰ আলোচনাটো কৰোঁগৈ।”

মইও ক’লো- “এইখন কৰি থাকিলে বিহুটোৰ ছুটী লৈ একসপ্তাহৰ কাৰণে আহিছোঁ আৰু প্ৰীতমৰো আৰু ১০ দিন মানহে ছুটী আছে। তাৰ বিয়াও নহ’ব আৰু মইও খাবলৈ নাপাম।”

লগে লগে যেন জুইকুৰা জ্বলি গ’ল এইবাৰ। সি গুজৰি উঠিল -“জানে কি ক’লি পুলিছে ডিফেন্সৰ জোৰ নাপায়। ৰ’হ দেখুৱাই আছোঁ তঁহতক এতিয়াই আৰু বিয়া খাবলৈ কি পাবি নাজানোঁ কিন্তু ঘৰৰ হাঁহ যি চোৰ কৰি আনি খাইছিলি সিহঁতৰো হাঁহ খোৱা মুখেৰে বাহিৰ কৰি আছোঁ।”

লগে লগে মেজিৰ তলৰ সকলোৰে হাঁহিয়েই উঠিল নে কি নাজানোঁ কিন্তু মোৰ ইমানেই হাঁহি উঠিল যে ৰখাব নোৱাৰিলোঁ। মই হাঁহি হাঁহি ক’লো, “উৰুকাৰ হাঁহ চোৰৰ কেচো পুলিছ থানাত এণ্ট্ৰি হ’বগৈ নেকি এইবাৰ। বাঃ দুটা কেচ ৰেজিষ্ট্ৰাৰ একে ঘৰৰে- এটা ছোৱালী অপহৰণ আৰু এটা হাঁহ চোৰ। পাৰিলে হাঁহটোও অপহৰণ হোৱা বুলিয়ে কৈ দিবি কাৰণ হাঁহটো আকৌ চোৰ কৰা বুলি ক’লে হাঁহৰো ইজ্জত যাবগৈ।”

লগৰ সৱেই এইবাৰ যেন হাঁহি ৰাখিব নোৱাৰিলে, এটাই ক’লে- “কি ক’লি অ’ নয়ন, হাঁহৰো অপহৰণ ?? হা হা হা।”

-“ই নিজেই পুলিছ, এইবোৰ থানাত থকা মানুহ ভাই, সৱ কৰিব পাৰে।”

বেছেৰাই এইবাৰ খঙত অগ্নিশৰ্মা হৈ “তহঁত সৱকে চাই ল’ম ৰ’হ, মোৰ ঘৰত এজনী ছোৱালী নাই আৰু তহঁতৰ ফটুৱামি কৰাৰহে সময়।”

-“হেৰৌ পৰী হেৰুৱা নাই নহয়, গন্ধৰ্ব বিবাহে হৈছে।”

-“বিয়া এতিয়ালৈকে হোৱা নাই, সি ফুচুলাই নিছে বুজিছ।”

-“মাষ্টাৰ ডিগ্ৰী নহয় তাই এইবাৰ বৃত্তিহে পাছ কৰিছিল নেকি? প্ৰীতমে কিন্তু কাশ্মীৰৰপৰা কাশ্মীৰি মৰ্টন লৈ আহিছিল চাগে। ঐ জান তইও তাৰপৰা মৰ্টন এটা লৈ থ’বি বুজিছ। ৰাতি ১:৩০ বজাতো গোন্ধ পাই ছোৱালী বিছনাৰপৰা উঠি পলায় যায় । লগত যোৱাটোৱেও একো গমকে নাপায়।”

-“তই কেনেকৈ জানিলি ১:৩০ বজাত পলাইছে বুলি । মোৰ অনুমান ঠিকেই আছে তইয়ে আছিলি তাৰ লগত।”

-“তাকেইটো, পাছৰখিনি শুনিলি নাই নে আন অসম পুলিছৰদৰে আধা শুনি কথা কোৱাৰ অভ্যাস কৰিলি? লগত থকাটোৱেও গম নাপায় বুলি ক’লোৱেই দেখোন।”

-“তই তাৰ লগত আমাৰ ঘৰলৈ ৰাতি ১:৩০ বজাত কি কৰিবলৈ গৈছিলি? হাঁহ চোৰ কৰিবলৈ তইয়ে গৈছিলি চাগে।”

এইবাৰহে মৰিলোঁ মই নিজৰ মুখতে ধৰা পৰিলোঁ বাপেকে, তথাপিতো পাছ হুঁহকি নিদিয়াৰ পণ বান্ধি ল’লো মিনিটতে -” হাঁহ চোৰ কৰিবলৈ যোৱাৰ প্ৰমাণ কি আছে ঔ বোপাই তোৰ লগত।”

-“গঁড়ালৰ কাষত থকা সেই জেকা মাটিখিনিত চোৰ কৰিবলৈ যোৱাটোৰ জোতা চিন ধুনীয়াকৈ আছে, ম’বাইলত ফটো মাৰি থৈছোঁ। পুলিছৰ কাৰণে সেইয়াই যথেষ্ঠ।”

এইবাৰ ধুনীয়াকৈ মই মোৰ পিন্ধিথকা জোতাযোৰ আগবঢ়াই দি ক’লো, “হু, এইযোৰ মোৰ জোতা তইয়ে লগত লৈ থানালৈ যা, চোৰ ধৰা কামত পুলিছৰ কামত আহিব। স্নিফাৰ ড’গ কেইটাৰো কাম অলপ কমিব।”

লগৰ গোটেই গালে এইবাৰ গিৰিজনী পাৰি হাঁহিব ধৰিলে। তাকে দেখি সি খঙত ভোৰভোৰাই মেজি তলৰপৰা গুছি গ’ল। 

সি যোৱাৰফালে চাই মই ক’লো, “ঐ বিনন্দ, তই হাঁহ অপহৰণৰ কেচটোত মোৰ নামটো লিখি থৈ আহিবি আৰু পৰী অপহৰণত প্ৰীতমৰ। পুলিছ বুলি সেইকণ সহায় কৰি দিলোঁ যা। আৰু ম’বাইলৰ ফটো কেইকপি google drive অত save কৰি থ’বি ঔ। জীৱন মৰণৰ লগতে তোৰ পুলিছৰ সন্মানৰ কথা আছে।”

মেজিৰ তলত থকা সৱেই যেন এইবাৰ প্ৰাণ খুলি হাঁহিলে। এইবাৰ সৱেই মোক আগুৰি ধৰি ঘটনাটো কেনেকৈ হ’ল ক’বলৈ ক’লে। তেনেতে মিছেছৰ ফোন অহাত ফোনটো ধৰাৰ লগে লগে ফোনটে গোটেই ঢোলে-দগৰে বজা যেন লাগিল। মুঠতে দুটা দিনলৈ ঘৰলৈ আহিও কিয় নলগা জেঙত লাগিব লাগে। মইও সময়ৰ দোহাই দি ক’লো, “সময়বোৰ কেতিয়া কাৰ লগত কেনেকুৱা হয় সেইয়া ভগৱানেহে জানে ঔ আই। মাত্ৰ সময়ৰ শৰ সময়ত মাৰিবলৈ শিকিব লাগে।”

ফোনটো কাটি ক’লো, “তহঁতক এতিয়া সেইবোৰ নকওঁ কিন্তু প্ৰকৃততেই মই একো গম নাপাওঁ। প্ৰীতমক ফোন কৰি সুধিম ৰ’হ সি কিয় মোক ঠগন দি হাঁহ চোৰ নকৰি ছোৱালী চোৰ কৰিলে? তাৰপাছত সন্ধিয়া আড্ডাত নহ’লে দুপৰীয়া নামঘৰত কম। সেইডালৰ লগত মুখচুপতি মাৰি থাকোঁতেই সময়ো ৮ টা বাজিলেই, বিহু বুলি মিছেছৰ লগত চাহ কাপ নাখালেও জগৰ লাগিব। প্ৰীতমক ফোন কৰি ক’ব লাগিব পৰীৰ দেউতাকে বিয়াৰ দিন ল’বলৈ যোৱাৰ কথাটো আৰু বিনন্দই পুলিছ কেচ দিবলৈ লোৱা কথাটো। টেনচন অকল মইয়ে নলওঁ সিও ল’ব লাগিব ৰ’হ।”

সকলো ঘৰমুখী হ’লো মেজিৰ তলৰপৰা। ঘৰত আহি প্ৰীতমলৈ ফোন কৰাত সিহঁতৰ পলুৱাৰ ঘটনা শুনি হাঁহিত বিচনা বাগৰি ফুৰিলোঁ আৰু সিফালে বিনন্দই দেউতাকে নজনাকৈয়ে সঁচাকৈয়ে থানাত কেচ দি আহিল আৰু দেউতাকে বিয়াৰ দিন লৈ আহিল। তাৰ পাছৰ ঘটনায়ে গাঁৱ একেবাৰে ন-দিনমান তল ওপৰ কৰি থাকিল। প্ৰতিযোগিতা আহিল এইবাৰ কোনে সময়ৰ শৰ সময়ত উপস্থিত বুদ্ধিৰে মাৰিব পাৰে।

ক্ৰমশঃ

 ☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *