ফটাঢোল

ৰাছিয়া-ইউক্ৰেইন সংঘাত- ইতিহাসৰ পাতৰ পৰা বৰ্তমানলৈ-সাক্ষৰ জ্যোতি মহন্ত

আমি জানো যে এসময়ত USSR(Union of Soviet Socialist Republic) নামৰ এখন সমাজবাদী ৰাষ্ট্ৰ আছিল, যি ১৯২২ চনৰ পৰা ১৯৯১ লৈ বৰ্তি আছিল৷ যাক চোভিয়েট ইউনিয়ন বুলিও জনা যায় ৷ যদিও ৰাছিয়া আৰু USSR একেই নহয়, কিন্তু দুয়োটা পাৰস্পৰিক নিকট সম্পৰ্কযুক্ত। শীতল যুদ্ধৰ সময়লৈকে USSR আছিল যদিও  ১৯৯১ ত USSR বিভক্ত হৈ নতুন পোন্ধৰখন দেশ গঠন হয়৷ এই পোন্ধৰখন দেশত আছিল ৰাছিয়া, মালডোভা, জৰ্জিয়া, আৰ্মেনিয়া, কাজাখিস্তান, বেলাৰুচ, টুৰ্কমেনিস্তান, উজবেকিস্তান, ইউক্ৰেইন ইত্যাদি৷ এই সকলো দেশৰ ভিতৰত সৰ্ববৃহৎ দেশ আছিল “ৰাছিয়া”৷ আৰু তাৰ পাছতে “ইউক্ৰেইন” দ্বিতীয় সৰ্ববৃহৎ ইউৰোপীয় দেশ। ৰাছিয়াৰ বিষয়ে আমি কম বেছি পৰিমাণে জানো যদিও ইউক্ৰেইন নামৰ দেশখনৰ বিষয়ে আমাৰ জ্ঞান সীমিত৷ ইউৰোপৰ “Bread Basket” ৰূপে বিখ্যাত ইউক্ৰেইনৰ জনসংখ্যা প্ৰায় চাৰি কোটি৷ ইউক্ৰেইন চাৰিওদিশতে USSR ৰ পৰা বিভক্ত হোৱা দেশসমূহেই আছে। এই ইউক্ৰেইনৰ পূব আৰু উত্তৰ পূব দিশতে আছে ৰাছিয়া৷ ১৯৯১ চনত USSR ৰ পৰা হোৱা নতুন চৌধ্যখন দেশৰ ভিতৰত আটাইতকৈ যাৰ লগত ৰাছিয়াৰ সম্পৰ্ক বেয়া, সেইখন দেশ হৈছে “ইউক্ৰেইন”৷ ৰাছিয়াই আৰম্ভণিৰ পৰাই ইউক্ৰেইনক দখল কৰিবলৈ চেষ্টা কৰি আহিছে৷  ইয়াৰ কাৰণ কেইবাটাও৷ যেতিয়া USSR আছিল, তেতিয়া USSR তথা ৰাছিয়াৰ কেন্দ্ৰীয় অঞ্চল আছিল বৰ্তমানৰ ইউক্ৰেইন৷ পাছত যেতিয়া USSR ভংগ হয়, তেতিয়া ৰাছিয়াৰ কেন্দ্ৰীয় স্থান হৈ পৰে মস্কো৷ যদিও USSR ভাগ ভাগ হৈ ৰাছিয়া, ইউক্ৰেইন পৃথক দেশ হ’ল,তথাপি ৰাছিয়াই ইউক্ৰেইনৰ মানুহখিনিক নিজৰ মানুহ বুলি গণ্য কৰে৷ সেইবাবে ইউক্ৰেইনক Old Russia বা পুৰণি ৰাছিয়া বুলিও কোৱা হয়৷ ঐতিহাসিকভাৱে ইউক্ৰেইনৰ মানুহখিনিৰ লগত ৰাছিয়াৰ সম্পৰ্ক থকা বাবে ইউক্ৰেইনে ৰাছিয়াৰ কোনো শত্ৰু ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ৰখাটো ৰাছিয়াই কেতিয়াও সমৰ্থন নকৰে৷ 

ইউক্ৰেইনৰ ভৌগোলিক অৱস্থান এনে যে ইয়াৰ পশ্চিম দিশত ইউৰোপৰ অন্য দেশসমূহ আৰু উত্তৰ পূব আৰু পূব দিশত ৰাছিয়া আছে৷ ইউক্ৰেইনখন ইউৰোপৰ বুকুতে (ভৌগোলিক ভাবে) সোমাই থকা এখন ইউৰোপীয় দেশ৷ আৰু ৰাছিয়াৰ ৭৭% শতাংশ  ঠাই এছিয়া মহাদেশত পৰে আৰু ২৩% শতাংশ ঠাই ইউৰোপত পৰে।  ইউক্ৰেইন ইউৰোপৰ দেশ হোৱা বাবে ৰাছিয়াই ভাবে যে, ইউক্ৰেইনৰ যি বৃহৎ গেছ ভাণ্ডাৰ আছে, সেইবোৰ কেতিয়াবা ইউৰোপীয়ান ইউনিয়নে দখল কৰি নিজৰ কৰি ল’ব পাৰে৷ এইটো শংকাতে ৰাছিয়াই সদায়ে ইউক্ৰেইনখনৰ ওপৰত চকু ৰাখিছিল৷ ইউক্ৰেইনৰ দক্ষিণ দিশত “ক্ৰিমিয়া” (Cremia) নামৰ এখন ঠাই আছে৷ ইউক্ৰেইনৰ এই ক্ৰিমিয়াখন ৰাছিয়াই ২০১৪ চনত নিজৰ দখললৈ নিয়ে। এই অবৈধ দখলৰ বাবেই ২০১৪ চনত G8 (Group of Eight- Inter Governmental Political Forum য’ত আমেৰিকা, ফ্ৰান্স, কানাডা, জাপান সহিতে ৮ খন শক্তিশালী দেশ আছে) ৰ পৰা ৰাছিয়াক আঁতৰাই দিয়া হয় আৰু তেতিয়াৰ পৰা G8 গৈ G7 হয়৷ 

২০১৪ চনত ৰাছিয়াই কেৱল ক্ৰিমিয়া দখল কৰি বহি থকা নাছিল৷ লাহে লাহে ৰাছিয়াই ইউক্ৰেইনৰ দক্ষিণ পূব অঞ্চলত তথা “Donetsk” আৰু “Luhansk”  দখল কৰাৰ আৰম্ভ কৰে। এই অঞ্চলটোক “Donbass Region” বুলি জনা যায়৷ আৰু ইউক্ৰেইনৰ সেনাক হত্যা কৰি নিজৰ সেনা ছাউনি স্থাপন কৰে৷ এই অঞ্চলটো দখল কৰিবলৈ এই অঞ্চলৰ বিছিন্নতাবাদীসকলক ৰাছিয়াই সহায় কৰিছিল আৰু বিছিন্নতাবাদী শক্তিবোৰে ইউক্ৰেইনৰ বিৰোদ্ধে যুঁজ দিছিল৷ 

এতিয়া আহোঁ ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাটৰ কাৰণলৈ-  ইউক্ৰেইনৰ ক্ৰিমিয়াত প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক গেছ পোৱা যায়৷ এই গেছসমূহ ইউৰোপৰ বিভিন্ন দেশলৈ ৰপ্তানি হয়৷ আৰু ইউৰোপীয়ান দেশসমূহে এই গেছৰ ভাণ্ডাৰবোৰ তেওঁলোকৰে বুলি গণ্য কৰি নিজৰ দখললৈ অনাৰ প্ৰয়াস সদায়ে কৰি আহিছে৷ ইফালে ৰাছিয়াই ইউক্ৰেইনৰ সমগ্ৰ প্ৰাকৃতিক সম্পদৰ ওপৰত তেওঁলোকৰহে অধিকাৰ আছে বুলি বিচাৰ কৰে৷ এই সংঘাটৰ মাজত ইফালে NATO ( North Atlantic treaty Org.) য়ে এই গেছ ভাণ্ডাৰসমূহৰ বাবে ইউক্ৰেইনক নিজৰ দখললৈ অনাৰ প্ৰয়াস কৰি আহিছে৷ এই NATO ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাটত এক বৃহৎ ভুমিকা আছে৷ NATO একপ্ৰকাৰ আমেৰিকাৰ নেতৃত্বত চলা সংযুক্ত সামৰিক বাহিনী৷ এই NATO গঠন হৈছিল ১৯৪৯ চনত। NATO আমেৰিকা, কানাডা, ফ্ৰান্স, আইচলেণ্ড, ইটালী, ইংলেণ্ড, পৰ্টুগাল আদি কৰি মুঠ ৩০ খন ইউৰোপীয় দেশৰ সংযুক্ত সৈন্য বাহিনী, যি শীতল যুদ্ধৰ সময়ত চোভিয়েট ইউনিয়ন ১৯২২ চনত গঠন হৈছিল) বিপক্ষে এক সামৰিক বাহিনীৰূপে থিয় দিছিল৷ NATO মূলত USSR ৰ শক্তিক প্ৰতিহত কৰিবলৈ গঠন হৈছিল৷ যদিও ১৯৯১ চনত  USSR বিভক্ত হৈ ১৫ খন দেশত পৰিণত হ’ল, তথাপি ৰাছিয়া তেতিয়াও এই দেশসমূহৰ ভিতৰত শক্তিশালী দেশ আছিল৷ ৰাছিয়াই সদায়ে NATO ৰ বিৰোধীতা কৰিছিল আৰু লগতে ৰাছিয়াৰ আশে পাশে থকা কোনো দেশতে NATO ৰ কোনোধৰণৰ কাম কাজ মানি লোৱা নাছিল৷ ৰাছিয়াই NATO ৰ পূৰ্ণ বিৰোধীতা কৰিলেও চুবুৰীয়া ইউক্ৰেইনে NATO সদস্যভুক্ত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰি আহিছিল৷ যি NATO এসময়ত USSR ৰ বিৰুদ্ধে গঠন হৈছিল, এই USSR ৰ পৰাই পৃথক হৈ গঠন হোৱা ইউক্ৰেইন NATO ৰ সদস্য হ’বলৈ মন কৰাটো ৰাছিয়াই কোনোপধ্যেই মানি ল’ব পৰা নাছিল৷ ২০০৮ চনত ইউক্ৰেইনে জৰ্জিয়াৰ সৈতে NATO ৰ সদস্য হ’বলৈ আৱেদন কৰিছে বুলি NATO য়ে জানিবলৈ দিয়ে৷ কিন্তু কেতিয়া হ’ব উল্লেখ নকৰে৷ ইউক্ৰেইন NATO ৰ অংশ হ’বলৈ মন মেলাৰ পাছত NATO ৰ প্ৰভাৱ ইউক্ৰেইনত বৃদ্ধি পাই আৰু ৰাছিয়াৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰে৷ আৰু ইয়াৰ পাছৰে পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাত আৰম্ভ হ’বলৈ কৰে।

NATO ৰ সংবিধান অনুসৰি NATO ৰ যিকোনো এখন সদস্য দেশত যদি আন কোনো দেশে আক্ৰমণ কৰে, তেন্তে সেই আক্ৰমণক NATO ৰ সকলো দেশৰ ওপৰতে কৰা আক্ৰমণ কৰা বুলি ধৰিব৷ ইউক্ৰেইন এই NATO ৰ সদস্য হ’বলৈ আগ্ৰহ কৰাটো ৰাছিয়াই সেইবাবে মানি লোৱা নাছিল আৰু ৰাছিয়াই ইউক্ৰেইনক এইবিষয়ত সকিয়াই দি আহিছিল৷ 

ৰাছিয়াই ইউক্ৰেইনৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে আমেৰিকা, ইংলেণ্ড, ইউৰোপীয়ান ইউনিয়ন, NATO সকলোৱে মিলি ৰাছিয়াৰ বিৰুদ্ধে উঠি পৰি লাগিল৷ ৰাছিয়াৰ ইউক্ৰেইনৰ প্ৰতি দিনক দিনে বাঢ়ি অহা আগ্ৰাসনে ৰাছিয়া বিৰোধী শক্তিসমূহক শংকিত কৰি তুলিছিল,কিজানি ৰাছিয়াই ইউক্ৰেইনত আক্ৰমন কৰি দিয়ে৷ আৰু এই আংশকা সত্যত প্ৰমাণিত হ’ল যেতিয়া ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰি “ক্ৰিমিয়া” খন নিজৰ দখললৈ আনে ৷ 

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতত আমেৰিকা বিভিন্নধৰণে জড়িত হৈ আছে। শেহতীয়াকৈ আমেৰিকাৰ নতুন তথা বৰ্তমানৰ ৰাষ্ট্ৰপতি বাইদেনে নিৰ্বাচনত জয়ী হৈ ৰাছিয়াৰ ওপৰত বিভিন্ন অভিযোগ কৰিছিল। তেওঁ কৈছিল ৰাছিয়াই আমেৰিকাৰ নিৰ্বাচনত হস্তক্ষেপ কৰিছিল, Solarwind আক্ৰমন কৰিছিল, আফগানিস্তানত আমেৰিকাৰ সেনাৰ ওপৰত তালিবানৰ হতুৱাই আক্ৰমণ কৰাইছে ইত্যাদি ইত্যাদি। লগতে বাইদেনে ৰাছিয়াক সকিয়াই দিছিল যে যদি ৰাছিয়াই ইউক্ৰেইনৰ পশ্চিম অংশ দখলৰ প্ৰয়াস কৰে, তেন্তে ইয়াৰ পৰিণাম ভূগিব লাগিব৷ 

২০১৪ চনত ৰাছিয়াই ইউক্ৰেইনৰ ক্ৰিমিয়াখন দখল কৰাৰ পাছত ২০২০/২১ চনত পুনৰ ইউক্ৰেইনৰ পশ্চিম অঞ্চলৰ সীমান্তত ৰাছিয়া সেনাৰ গতিবিধি বৃদ্ধি পায়। ইফালে ইউক্ৰেইনৰ প্ৰসংগত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইদেনৰ মাজতো সংঘাত আৰম্ভ হয়। আমেৰিকাই ৰাছিয়াক ইউক্ৰেইনৰ প্ৰসংগত সকিয়াই দিয়ে যে যদি ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰে,তেন্তে ৰাছিয়া যুদ্ধৰ বাবে সাজু থাকক। ইফালে পুটিনেও বাইদেনক তেনে সকিয়নিয়ে দিয়ে। ইউক্ৰেইন এই সময়ত একেবাৰে পুতলাৰ দৰে আচৰণ কৰাৰ বাহিৰে একো উপাই নাছিল৷ ৰাছিয়াই আমেৰিকাক পোনপতীয়াকৈ সকিয়াই দিয়ে যে কোনে কাৰণতে ইউক্ৰেইনক NATO ৰ সদস্য যেন নকৰে৷ 

অৱশেষত সেই দিনটো আহিল,যিটো বিশ্বই চিন্তা কৰি আছিল৷ যোৱা ২৪।ফেব্ৰুৱাৰীত ৰাছিয়াই পুৱা ইউক্ৰেইনত আক্ৰমণ কৰাৰ কথা পুটিনে ঘোষণা কৰে আৰু ২৪ ঘণ্টাৰ ভিতৰত ইউক্ৰেইনৰ ৰাজধানী “কিৱ”ত উপস্থিত হয়৷ ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে তেওঁলোকে ইউক্ৰেইনৰ সেনা আৰু বায়ু সেনাৰ ঘাটিসমূহত প্ৰথম অৱস্থাত আক্ৰমণ কৰিছে। যোৱা প্ৰায় এটা বছৰ ধৰি ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত সেনাৰ ৰখাই থৈছিল৷ ইফালে ইউক্ৰেইনেও ৰাছিয়াৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। ইউক্ৰেইনৰ মতে তেওঁলোকেও ৰাছিয়াৰ বহু সেনাক হত্যা কৰে আৰু কেইবাখনো যুদ্ধ বিমান ধ্বংস কৰে৷ ইউক্ৰেইনত প্ৰৱেশ কৰাৰ আগতে ৰাছিয়াই “Donetsk” আৰু “Luhansk” ক স্বাধীন দেশ ঘোষণা কৰে ইয়ালৈ সেনা পঠিয়াই ইউক্ৰেইনত প্ৰৱেশৰ পথ সুচল কৰি তোলে। ৰাছিয়াই বেলাৰুছৰ দিশৰ পৰা অৰ্থাৎ উত্তৰ, দক্ষিণ, পূব তিনিওটা দিশৰ পৰাই ইউক্ৰেইনত আক্ৰমণ কৰে৷ ৰাছিয়াই প্ৰথমে ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ বন্দৰ চহৰ মাৰিঅ’পলত আক্ৰমণ কৰে, তাৰপাছত উৰেছা আদি ইউক্ৰেইনৰ ডাঙৰ ডাঙৰ চহৰবোৰত আক্ৰমণকৰে। ৰাছিয়াই ইউক্ৰেইনক নিজৰ মাজত অন্তভূৰ্ক্ত কৰি পুনৰ “অখণ্ড ৰাছিয়া” বা চোভিয়েট ইউনিয়ন স্থাপন কৰিবলৈ বিচাৰিছে৷ 

বৰ্তমান ইউক্ৰেইনৰ স্থিতি অতি চিন্তাজনক৷ চিন্তাবিদসকলৰ মতে ৰাছিয়াই অতি সোনকালে সমগ্ৰ ইউক্ৰেইন নিজৰ দখললৈ আনিব৷ আৰু ৰাছিয়াই তাৰ পাছত কি কৰে সেইয়া চিন্তাজনক হ’ব৷ ইউক্ৰেইনক এই মুহূৰ্তত কোনো দেশে সহায় কৰিবলৈ আগবাঢ়ি অহা নাই৷ ইমান দিনে ইউক্ৰেইনক সংগ দিয়া আমেৰিকা, ইংলেণ্ডেও স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনেও ইউক্ৰেইনলৈ নিজৰ সৈন্য প্ৰেৰণ নকৰে৷ ইউক্ৰেইনে নিজৰ সমস্যা নিজে সমাধান কৰিব৷ একপ্ৰকাৰে NATO সদস্য দেশসমূহে ইউক্ৰেইনক একাষৰীয়া কৰিছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি Volodymyr Zelenskyy য়েও কৈছে যে তেওঁলোকে সমগ্ৰ বিশ্বৰ পৰা নৈতিক সমৰ্থন পালেও তেওঁলোকৰ লগত লগ হৈ ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ কোনো আগবাঢ়ি অহা নাই। তেওঁ স্পষ্টকৈ কৈছে, “Ukraine left alone to defend itself”৷

এতিয়া ইউক্ৰেইনৰ পাছত যদি ৰাছিয়াই নিকটৱৰ্তী পোলেণ্ড, ৰোমানিয়া, হাংগেৰী আদি দেশতো আক্ৰমণ কৰিবলৈ যায়, তেন্তে NATO আৰু ৰাছিয়াৰ প্ৰত্যক্ষ যুদ্ধ নিশ্চিত। কাৰণ NATO ৰ নীতি অনুসৰি NATO ৰ যিকোনো সদস্যৰ ওপৰত আক্ৰমণ কৰিলে তাক প্ৰতিহত কৰিবলৈ সমগ্ৰ NATO বদ্ধপৰিকল্প! 

সমগ্ৰ বিশ্বই যুদ্ধ এৰি শান্তিৰ দিশত আগবাঢ়িবলৈ আহ্বান জনোৱাৰ সময়তে ৰাছিয়াৰ একাংশ নাগৰিকেও যুদ্ধ সামৰি শান্তি স্থাপনৰ বাবে আহ্বান জনাইছে৷ হাজাৰ হাজাৰ ৰাছিয়ান নাগৰিকে ৰাজপথলৈ ওলাই আহি নিজৰ দেশৰ, দেশৰ ৰাষ্ট্ৰপতি পুটিনক যুদ্ধ সামৰিবলৈ আহ্বান জনায়। ৰাছিয়াত যুদ্ধ সমৰ্থন কৰা লোকৰ উপৰিও একাংশ সাংবাদিক, বিজ্ঞানী, ৰাজনৈতিক নেতাইয়ো ৰাষ্ট্ৰপতি পুটিনক যুদ্ধ সামৰিবলৈ আহ্বান জনাইছে।

ভাৰতৰ ভূমিকা —

ভাৰত এই ক্ষেত্ৰত নিৰপেক্ষ স্থানত অৱস্থান কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মিটিঙত ভাৰতৰ প্ৰতিনিধি TS Tirunurti য়ে জনাই যে ভাৰতে ৰাছিয়াৰ পক্ষে বা বিপক্ষে কোনোধৰণৰ মত প্ৰকাশ কৰা নাই৷ ভাৰতে শান্তি বিচাৰে বুলি জনায়৷ বৰ্তমান বিশ্বৰ প্ৰতিখন দেশেই বিভিন্ন ধৰণে inter linked হৈ আছে৷ যদিও আমাৰ পৰা বহু হাজাৰ কিলোমিটাৰ আঁতৰত দুখন দেশৰ মাজত যুদ্ধ হৈছে, কিন্তু তাৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰতো পৰিবই৷ ৰাছিয়া বিশ্বৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী দেশ আৰু ইউক্ৰেইনো মাকৈ আৰু ঘেঁহুৰ শীৰ্ষ উৎপাদনকাৰী দেশ। যুদ্ধৰ ফলত এইবোৰৰ ৰপ্তানি বন্ধ হৈ যোৱাৰ লগে লগে মূল্যবৃদ্ধিৰ শংকাই দেখা দিছে। তদুপৰি খাৰুৱা তেল, প্ৰাকৃতিক গেছ আদিৰ ৰপ্তানিও বন্ধ হৈ যোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱো বিশ্বৰ লগতে ভাৰতে ভোগ কৰিব। ইউৰোপৰ ৩৫% গেছ ৰাছিয়াই যোগান ধৰে। যুদ্ধৰ ফলত হোৱা মূল্যবৃদ্ধিৰ অনুমান ইয়াৰ পৰাই কৰিব পাৰি যে যুদ্ধ আৰম্ভ হৈ যোৱাৰ মুহুৰ্ততে ভাৰতৰ শ্বেয়াৰ মাৰ্কেট নিম্নগামী হয় আৰু সোণৰ মূল্য যোৱা এটা বছৰৰ ভিতৰত সৰ্বাধিক হয়গৈ। এই যুদ্ধৰ ফলত সমগ্ৰ বিশ্বৰ GDP ০.৯% হ্ৰাস পোৱাৰ সম্ভানৱা আছে আৰু মুদ্ৰাস্ফীতি ৭.2% লৈ বৃদ্ধি পাব। 

এইখিনিতে মন কৰিব লগা কথা যে ভাৰতে ১৯৯৮ চনত নিউক্লিয়েৰ টেষ্ট কৰোঁ‌তে ইয়াৰ বিৰোধিতা কৰা দেশসমূহৰ ভিতৰত ইউক্ৰেইন প্ৰথম শাৰীত আছিল আৰু নিৰাপত্তা পৰিষদত ভাৰতৰ বিপক্ষে ভোটদান কৰি ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু আজি যদি ইউক্ৰেইন নিজে নিউক্লিয়েৰ দেশ হ’লহেঁ‌তেন, তেন্তে ৰাছিয়াই কেতিয়াও ইউক্ৰেইন আক্ৰমণ কৰি এনেকৈ দখল কৰিব নোৱাৰে৷ নিউক্লিয়েৰে Balance of Powerৰ পৰিৱেশ সৃষ্টি কৰে৷ এতিয়া এইটো কথা বেলেগ যে ইউক্ৰেইনৰ ভাৰতৰ ৰাষ্ট্ৰদূতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰাও সহায় বিচাৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুটিনৰ লগত আলোচনা কৰিবলৈ আহ্বান কৰিছে। বাৰু যিকি নহওঁক, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত কোনো স্থায়ী শত্ৰু বা মিত্ৰ নাথাকে, থাকে মাথোঁ‌ স্থায়ী “স্বাৰ্থ”৷

বৰ্তমান ভাৰতে ইউক্ৰেইনত থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে লাগি আছে৷ ইউক্ৰেইনত প্ৰায় ১৮/২০ হাজাৰ ভাৰতীয় নাগৰিক আছে৷ ইয়াৰে গৰিষ্ঠসংখ্যক তাত পঢ়িবলৈ যোৱা মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ- ছাত্ৰী৷ ইউক্ৰেইনলৈ প্ৰধানকৈ মেডিকেল পঢ়িবলৈ ভাৰতৰ পৰা বহুত ছাত্ৰ-ছাত্ৰী যায়৷ কিয়নো ইউক্ৰেইনত মেডিকেলৰ শিক্ষা তুলনামূলকভাৱে বহুত কম খৰছী। ভাৰতত প্ৰতিবছৰে প্ৰায় ৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল পঢ়িবলৈ এপ্লাই কৰে। কিন্তু মাত্ৰ ৮৮০০০ জনেহে ছীট পাবলৈ সক্ষম হয়৷ সেইবাবে বহুত ছাত্ৰ-ছাত্ৰী বিদেশলৈ গুচি যায়৷ আমেৰিকা, ইংলেণ্ড আদি দেশত মেডিকেল পঢ়াৰ খৰছ কোটিৰ ঘৰত বাবে কমকৈ যায়৷ কিন্তু ইউক্ৰেইনত তুলনামূলকভাৱে বহুত কমতে মাত্ৰ ২৫/৩০ লাখ টকাতে মেডিকেলৰ শিক্ষা পাব পাৰে৷ সেইবাবে বহুত ছাত্ৰ-ছাত্ৰী মেডিকেলৰ শিক্ষাৰ বাবে ইউক্ৰেইনলৈ যায়। বৰ্তমান ভাৰত চৰকাৰ এইসকল ভাৰতীয় নাগৰিককে উদ্ধাৰ কৰি আছে৷ (এনেদৰে বিদেশত গৈ মেডিকেলৰ ডিগ্ৰী লৈ আহিলে ভাৰতত আহি Foreign Medical Graduates Examination, FMGE পৰীক্ষা দিব লাগে৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে বিদেশত গ্ৰহণ কৰা মেডিকেলৰ ডিগ্ৰী ভাৰতত গ্ৰহণযোগ্য হয়।)

ৰাছিয়াৰ ইউক্ৰেইনৰ ওপৰত এই আক্ৰমণ কি পৰ্যায়লৈ যায় সময় অনুসৰি জানিব পাৰিম৷ বহুতে এই আক্ৰমণক তৃতীয় বিশ্বযুদ্ধ বুলিয়ে অভিহিত কৰিছে। তথাপি যদি এই যুদ্ধত NATO জড়িত হৈ পৰে, তেন্তে তেতিয়া ই বিশ্বযুদ্ধলৈ ৰূপান্তৰ হোৱাটো নিশ্চিত৷ বিশ্বযুদ্ধ হ’লে ভাৰতৰ স্থিতি কি হ’ব আৰু নে আগৰ দৰেই নিৰপেক্ষ স্থিতি ল’ব, সেইটো লক্ষণীয় হ’ব ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *