ফটাঢোল

গোলাপী-সদানন্দ ভূঞা

ৰতনপুৰ গাঁওত গোলাপীক চিনি নোপোৱা লোক এজনো নাই । ৰতনপুৰ গাঁওৰ বাবে গোলাপী এক সন্ত্ৰাস । গোলাপী নিৰ্ভীক , সাহসী আৰু স্পস্তবাদিতাৰ প্ৰতীক । গোলাপী বগী নহ’লেও সিমান কলীও নহয় । মাগুৰ বৰণীয়া গোলাপীয়ে কেনেবাকৈ ডেকা ল’ৰাৰ পোচাক পিন্ধিলে পাহুৱাল ডেকা বুলি যে নাভাৱিব সেইটো নুই কৰিব নোৱাৰি । সুগঢ়ী আটিল চেহেৰাৰ গোলাপীৰ মন পাবলৈ ৰতনপুৰ গাঁওৰ বহু ডেকা বলীয়া যদিও তাইৰ আগত মনৰ বতৰা দিবলৈ কোনো এজনৰে সাহসে নুকুলায় । ৰতনপুৰ গাঁওত গোলাপীৰ অসংখ্য গুপ্ত নাম আছে । দন্দুৰী , দাংকাটি , পাখৰী , চতাইমুৰী , মতামুৰী ইত্যাদি ইত্যাদি । কিন্তু গোলাপীয়ে শুনাকৈ সেইবোৰ নামেৰে মাতিবলৈ কাৰো সাধ্য নাই । মুখচোকা ছোৱালী , কাক কত কি কৈ দিয়ে একো ঠিক নাই ।

গোলাপীৰ শিক্ষাজীৱন তেনেই পুতৌলগা । তিনিবাৰকৈ পৰীক্ষা দিওঁ চতুৰ্থ শ্ৰেনী পাৰ কৰিব নোৱাৰা গোলাপীয়ে তাতেই… ‘ মই আৰু পঢ়া-শুনা নকৰো বুলি সৰস্বতী আইক বিদায় দিলে । তাইৰ মতে… পঢ়ি-শুনিনো কি লাভ , খেতিয়কৰ জীয়ৰী খেতি-খোলাতেই দিন পাৰ কৰিব লাগিব । কোনটো ইঞ্জিনীয়াৰৰ , কোনটো ডাক্তৰৰ ঘৈনী হ’বগৈ । খাৰাংখাচ কথা , মাক-দেউতাকেও সেওঁ মনাব নোৱাৰে । 

গোলাপীৰ যদিও শিক্ষাজীৱনৰ অৱস্থা পুতৌ লগা কামে-কাজে কিন্তু তাইক কোনেও চেৰ পেলাব নোৱাৰে । ৰন্ধা-বঢ়া , তাঁত বোৱা , পথাৰৰ ৰোৱনী-দাৱনীৰ পৰা আৰম্ভ কৰি খৰি ফলা , হালবোৱা আদি মতা মানুহৰ কামতো কোনেও চেৰ পেলাব নোৱাৰিছিল । তাই ঘৰখনত মাকক সকলো কামতে যিদৰে সহায় কৰি দিয়ে , সেইদৰে দেউতাককো সকলো কামতে সহায় কৰি দিয়ে । গোলাপীয়ে যেতিয়া খৰি ফালে ‘ মাহৰ মাৰ দেখি তিলে বেট মেলা ‘ৰ দৰে খৰিও ফাহ ফাহ হৈ যায় । ৰতনপুৰ গাঁওৰ নব্বৈ শতাংশ মানুহেই কৃষিজীৱি । সকলোৰে কম-বেছি পৰিমানে আছেই । গোলাপীহঁতৰ পাঁচ পুৰা মাটিৰ ধাননি পথাৰ । দুই পুৰা মাটি ঘৰখনৰ লগতে বাৰীমাটি । পথাৰৰ ধান নদন-বদন হোৱাৰ লগতে বাৰীত শাক-পাচলিও উভৈনদী হয় । গোলাপীহঁতৰ বাৰীখন বাঁহ বেতৰ লগতে নানা ফলমুলৰ গছৰে ভৰপুৰ । নিজৰ ঘৰতে গৰু , ম’হৰ খুটী । হাহ , ছাগলীৰ লেখ-জোখ নাই । বাৰিষা পথাৰত পানী হয় । নিজৰ বাৰীতে গোলাপীৰ দেউতাকে হাল বাই কঠিয়া সিচে । ৰাতিপূৱা দেউতাকে কুকুৰা ডাকতে শোৱাপাটীৰ পৰা উঠি পথাৰলৈ হাল বাবলৈ যায় । গোলাপীয়ে সময়মতে দেউতাকক চাহ-জলপান দিবলৈ খৰখেদাকৈ গৈ পথাৰ পায়গৈ । দেউতাকে চাহ-জলপান খাই থকা সময়তে গোলাপীয়ে পথাৰত হাল বাবলৈ আৰম্ভ কৰে । গোলাপীয়ে নাঙলৰ মুঠিত ধৰাৰ লগে গোণাম’হ দুটা তলমুৰ হয় । থৰ-কাছুটি হেৰুৱাই দৌৰি যোৱাদি যায় । গোলাপীয়েও সিহঁতৰ বেগত হাল বাই গৈ থাকে । গোলাপীয়ে হাল বালে দেউতাকে বহুত সকাহ পায় । পথাৰত আলি দিয়া কামত ব্যস্ত হৈ পৰে । গোলাপী আৰু দেউতাকৰ হাতৰ মুঠিৰ নাঙলৰ সিৰলুৱে পথাৰৰ মাটি বোকাময় কৰি পেলায় । বাৰীৰ কঠিয়াবোৰো লহপহকৈ বাঢ়ি আহে । মাক আৰু গোলাপীয়ে গধুলি কঠিয়া তোলে । মাকে যিমান কঠিয়া তোলে গোলাপীয়ে তাৰ চাৰিগুণ বেছি কঠিয়া তোলে । ৰাতিপূৱা দেউতাকে পথাৰৰ ৰুবলগীয়া মাটিখিনিত মৈয়াই থকাৰ সময়তে গোলাপীয়ে দুটা ডাঙৰ ডাঙৰ পাচি সিকিয়াৰ ভিতৰত সুমুৱাই প্ৰতিটো পাচিত পাঁচ/ছয় ফেৰাকৈ কঠিয়া জাপি বিৰিয়া মাৰিদাল সিকিয়াৰ ওপৰৰ মুৰত সুমুৱাই পথাৰলৈ ভাৰ বুকি লৈ যায় । পথাৰত হাল বাই থকা , কঠিয়া কঢ়িয়াই থকা ডেকাবোৰে তাইক জোকায়… ঐ গোলাপী , তোৰ কলাফুলত সৌটো মস্ত ডাঙৰ জোক । তাই সিহঁতক উভটি ধৰে… হেৰৌ শগুনে খোৱাহঁত   জোকে মোৰ কলাফুলৰ তেজ হে শুহি খাইছে , তহঁতৰ বাপেৰহঁতৰ মুৰৰ তেজ শুহি খোৱা নাই দে । ডেকাবোৰে আকৌ জোকায় , গোলাপীয়ে ‘ অই জহনী যোৱা কেইটা , ৰহ ‘ বুলি ভাৰখন নমাই মানে পথাৰত এটাও ডেকাল’ৰা দেখা নোপোৱা হয় । সকলোৱে ভয়তে ফৰিং-চিটিকা দি পলায় । গোলাপীৰ মুখত হাঁহি বিৰিঙি উঠে । পথাৰৰ ধানগছবোৰ বাঢ়ি লহপহীয়া হয় । কাতি বিহুত মাক আৰু গোলাপীয়ে তুলসীৰ তলত প্ৰসাদ এভাগ দি চাকি-বন্তি জ্বলোৱাৰ লগতে হাতত জ্বলি থকা জোঁৰ লৈ পথাৰতো চাকি জ্বলাই পথাৰখন শুৱনি কৰিবলৈ ভগৱানক প্ৰাৰ্থনা জনায় ।

গোলাপীৰ লোদোৰ-পোদোৰ সুঠাম চেহেৰাৰ গৰাকী হোৱাৰ কাৰণটোৱেই হ’ল… তাই যিমান কষ্ট কৰে ঠিক তেনেকৈ খাইও । ফল-মুলৰ পৰা আদি কৰি সন্মুখত যি পায় তাকেই বজাই থাকে । মুঠতে গোলাপীৰ মুখখন কথাতকৈ খোৱাত বেছি আগৰণুৱা । খোৱাৰ বাচ-বিচাৰ নাই । শাকে-পাতে , মাছে-মঙহে যিপায় হেপাহ পলুৱাই খায় । সদায় ঘৰখনৰেই হওঁক বা সকাম-নিকাম , বিয়া-সবাহত আনতকৈ বেছি তাইক লাগিবই । নহ’লে বিলনীয়াৰ ফালে আধ্যা । লগৰ সেউতী , মালতী , তগৰ , জেতুকীহঁতৰ লগত কিবা খোৱাৰ ক্ষেত্ৰত বাজী মাৰিলেও গোলাপীয়েই জিকে । লগৰ লগৰী কেইজনীয়ে তাইলৈ ভেবা লাগি চাওঁতেই যায় । সেই সময়ত আকৌ গোলাপীৰ উপনামবোৰ বেলেগ হয় । ৰাক্ষসিনী , খকুৱনী , পেটগেৰেলী , খাইভুতুনী আদি । গোলাপীয়ে সেইবোৰ কেৰেপেই নকৰে । মুঠতে তাই সোপাসোপে খাবলৈ পালে হ’ল , পেটটো ভৰিলেই হ’ল ।

গোলাপী ৰতনপুৰ গাঁওৰ নৱপ্ৰজন্ম । অন্ধবিশ্বাস , কুসংস্কাৰ আদিৰ বিৰুদ্ধে তাই কাহানিও মৌন হৈ থাকিব নোৱাৰে । আজি প্ৰায় চাৰি বছৰ আগৰ কথা । একেখন গাঁওৰে ডিম্বেশ্বৰ বৰা দদায়েকৰ নুমলীয়া জীয়েক মাকনিৰ টায়ফয়েদ জ্বৰ হৈছিল । তাইৰ আচহুৱা আচৰণবোৰ দেখি ঘৰৰ আৰু গাঁওৰ কিছুলোকে আলোচনা কৰি অলপদুৰৰ গাঁও এখনৰ বেজ এজনক মাতি আনিছিল । বেজে বীৰা ভুতে লম্ভিছে বুলি কৈ ভুত খেদা মন্ত্ৰৰে জাৰিবলৈ আৰম্ভ কৰিছিল । প্ৰথমতে বিহলঙণীৰে জাৰি ফল নোপোৱাত ঝাড়ুৰে জাৰিবলৈ ধৰিছিল । শুকান জলকীয়া এসোপা জ্বলি থকা জুইত জাপি দিছিল । শুকান জলকীয়াৰ জ্বলা গোন্ধত কোনেও থাকিব পৰা নাছিল । সকলোৰে হাঁচি , কাঁহে উপাই নোপোৱা অৱস্থা হৈছিল । মাকনি কাঁহি কাঁহি লেবেজান হৈ এই মৰে এই মৰে অৱস্থা হৈছিল । গোলাপীও সেই সময়ত তাত উপস্থিত আছিল । অতিষ্ঠ হৈ তাই গুপগুপকৈ ভিতৰলৈ সোমাই গৈ বেজক ঝাড়ুৰে কোবাই কোবাই জ্বলি থকা শুকান জলকীয়া আৰু পকা অঙঠা বেজৰ গায়ে-মুৰে জাপি মাকনিক কোঁচত তুলি বাহিৰলৈ ওলাই আহি ৰাষ্টাই ৰাষ্টাই দৌৰি কিছু দুৰৰ চিকিৎসালয়খন পোৱাইছিল । চিকিৎসালয়ৰ চিকিৎসকে কেইদিনমান চিকিৎসা কৰাৰ পিচত মাকনি সুস্থ হৈ উঠিছিল ।

যৌৱন কালত ডেকা-গাভৰুৰ জীৱনলৈ প্ৰেমৰ মৃদু মলয়া বা বলে । গোলাপীৰ গাভৰু দেহ-মনতো প্ৰেমৰ বা বলিছিল । গাঁওৰে হায়াৰ চেকেণ্ডেৰি পাছ সুন্দৰ সুঠাম যুৱক মদনক গোলাপীয়ে কব নোৱাৰাকৈয়ে ভাল পাই পেলাইছিল । গোলাপী যেনেকুৱাই নহওঁক কিয় , তাইৰ নাকটোতো লাজ বোলা কিবা এক অজান অনুভৱ এটাই আমনি কৰিছিল । মদনৰো গোলাপীলৈ মন । কিন্তু মুখ ফুটাই গোলাপীক কবলৈ সাহসে নুকুলায় । কিজানিবা চোঁচা মাৰি আহে । মনৰ কথা কব নোৱাৰা অৱস্থাটোৱে মদনক বৰকৈ আমনি দিব ধৰিছিল । সদায়ে কম বুলি সংকল্প লোৱা মদনে গোলাপীৰ নিৰৱতাত মৌন হৈ তাইৰ পৰা আতৰি আহিবলগীয়া হৈছিল ।

গাঁওবোৰতো পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ কিছু কিছু পৰিছে । গাঁওৰ মানুহৰ ঘৰবোৰতো বাৰ্থ দে , এন্নিভাৰচেৰি দে , ভেলেন্টাইন দে আদি আদৰি লবলৈ ধৰিলে । দুবছৰ আগৰ কথা । ভেলেন্টাইন দে’ৰ দিনাখন মদনে কিবা ভাগ্যৰ বলত গোলাপীক লগ পাই আঠু কাঢ়ি লুকুৱাই অনা ৰঙা গোলাপ পাহ হাত দুখনৰে ধৰি গোলাপীলৈ বুলি আগবঢ়াই দি ‘ হেপ্পি ভেলেন্টাইন দে ‘ বুলি কলে । আজলী গোলাপীয়ে ভেলেন্টাইন দে মানে কি বুজি পালেহে ? তাই মদনক উভটি ধৰিলে… হেৰৌ শগুনে খোৱা , এইটো কি বস্তু অ ? খায় নে পিন্ধে ? মদনে লাজে-ভয়ে সেপ ধুকি যেন-তেন কলে… আজিৰ দিনটো প্ৰেমিক-প্ৰেমিকাৰ দিন । ভালপোৱাৰ দিন । গোলাপ ফুলৰ আদান-প্ৰদানৰ দ্বাৰা আজিৰ দিনটোত গোলাপ ফুলৰ দৰে প্ৰেমৰ সুৱাস চটিওৱাৰ দিন । তোক বহুদিন কম কম বুলি ভাৱিও কথা এটা কব পৰা নাছিলোঁ । তোলৈ বহুত ভয় লাগে । তোক মই বহুত ভাল পাওঁ অ গোলাপী । গোলাপীয়ে বোলে… মাউৰত যোৱা , তোকো মোৰ মনটো কাহানিবাই দি থৈছোঁ । তইহে উমান লব জনা নাই । পিচে তইযে গোলাপ পাহ আনিলি , বগৰীকে কেইটামান নানিলি কিয় ? গোলাপ পাহ দে আৰু কৰপৰা পাৱ বগৰী আনগৈ যা । গোলাপীৰ মন পাই মদনৰ আনন্দৰ সীমাই নধৰা হ’ল । মদনে এজোপা নতুনকৈ লগা বগৰীৰ গছ দেখিছিল । ডাঙৰ ডাঙৰ পকা পকা বগৰীয়ে মোক খা মোক খা কৰি আছে । কিন্তু বগৰীজোপাক আকৌ এজোপা কোটকোৰা বাঁহে ঘেৰি ৰাখিছে । সেইজোপা বগৰীৰ গুৰিলৈ যোৱা মানে কোটকোৰা বাঁহৰ কাইটৰ আচোৰ খাবই লাগিব । পিচে নতুনকৈ জন্ম লোৱা প্ৰেমৰ আগত কোটকোৰা বাঁহৰ কাইট কোন কুটা । মদনে কোটকোৰা বাঁহৰ আচোৰ খাই দেহৰ যতে-ততে তেজৰ দাগ গাত লৈ এটোপোলা বগৰী চিঙি আনি গোলাপীক দিলেহি । মদনৰ প্ৰকৃত ভালপোৱা নিজ চকুৰে দেখি গোলাপীৰ দুচকুৰে চকুলো বাগৰি আহিল । 

মদনে গোলাপীৰ মন পাই আনন্দত মতলীয়া হৈ কাক কওঁ কাক নকওঁ ভাৱত  লগৰো লগ বসন্ত , যাদৱ , হেমন্তহঁতক বুকু ফুলাই বতৰাটো দিলেগৈ । কথা কান বাগৰি বাগৰি গোলাপীৰ লগৰী সেউতী , তগৰ , মালতীহঁতৰ কানত পৰিল । সেইকেইজনীৰো তত্ নাই , পোনচাটেই গোলাপীক কামোৰৰ ওপৰত কামোৰ । গোলাপীয়ে সিহঁতক না না কৰি শেষত স্বীকাৰ কৰিবলৈ বাধ্য হ’ল ।

মদন আৰু গোলাপী এদিন মুখামুখি হ’ল । গোলাপীয়ে মদনক আগভেটা দি বোলে… হেৰৌ নিধকটো কটা , মোৰ মন পায়েই গোটেই গাঁও ৰজনজনাই দিলি । মদনৰ মনত বিৰাট ভয় সোমাল । এইজনীয়ে এতিয়া কি কৰে থিক নাই বুলি সেমেনা সেমেনি কৰিব ধৰিলে । হেন সময়তে গোলাপীয়ে আকৌ কলে… হেৰৌ যি কৰিলি , ভালেই কৰিলি দে । গাঁওখনৰ ভিতৰত মোকো যে মনে-প্ৰানে এজন ভালপোৱা পুৰুষ আছে সেইকথা গাঁওৰ ৰাইজে গম পালে । তেতিয়াহে মদনৰ উশাহটো ঘুৰি অহা যেন লাগিল ।

গোলাপীৰ মন পাই মাজে মাজে মদনে তাঁহাতৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰি দিলে । মদন গলে গোলাপীও আপোনভোলা হয় । গোলাপী আৰু মদনৰ মিলনত গোলাপীৰ মাক-দেউতাকো সুখী । গোলাপীৰ বিয়াৰ বাবে যে কোনোবা ওলাব সেয়া তাইৰ মাক-দেউতাকে কল্পনাই কৰিব পৰা নাছিল । মদন কেৱল দেখাই-শুনাই ধুনীয়া নহয় , স্বভাৱে-চৰিত্ৰইও ভাল । সেয়েহে গোলাপীৰ মাক-দেউতাকে পলম নকৰি কথাবোৰ মদনৰ মাক-দেউতাকৰ মন চোৱালেগৈ । মদনৰ মাক-দেউতাকৰো কোনো ওজৰ-আপত্তি নাই । মদন সুখী হ’লে তেওঁলোকো সুখী । দুয়োঘৰে মিলি সিহঁত দুয়োৰে বিয়াৰ দিন-বাৰ ঠিক কৰিলে ।

মদন আৰু গোলাপীৰ কালি সুকলমে শুভ বিবাহ হৈ গ’ল । আজি ভালে ভালে খোবা-খুবুনীও হৈ গ’ল । ফুলশয্যাৰ নিশা । গোলাপীয়ে লাজ লাজকৈ বিচনাখনত বহি আছে । মদন ভিতৰলৈ সোমাই আহি দুৱাৰখনৰ হুকটো লগাই দিলে । মদনে বিচনাত বহি গোলাপীৰ মুখলৈ তধা লাগি চাই আছে । আজি যে সি তাৰ প্ৰানৰ প্ৰিয়ত্তমাক একেবাৰে নিজৰ কৰি তাৰ কাষতেই পাইছে । মদনৰ দুচকুত আজিৰ গোলাপী সৰগৰ পৰীবোৰতকৈও ধুনীয়া হৈ ধৰা দিছে । মদনে একেথৰে গোলাপীলৈ ৰ’ লাগি চাই থকা দেখি তাইৰ নাকত লাজটোৱেও বেছিকৈ আমনি কৰিব ধৰিছে । মদনৰ গাত লাহেকৈ চিকুটি বোলে… অই বৰজহনি হেবাংটো কটা , তই যে এনেকৈ চাই আছ মোৰ লাজ নালাগে নেকি কিবা । এনেকৈ অকৰা লাগি চাই থাকিলে চকু কেইটা উকটি আনিম বাপ্পেকে , গম পাবি তেতিয়া । মদনেও গোলাপীয়ে নেদেখাকৈ মিচিক-মাচাক হাঁহি মনতে বোলে… হেৰৌ মৰতী তই মোৰ চকু দুটাহে উকটি নিবি , মই যে তোৰ হিয়াখনেই উকটি আনিলোঁ সেইকথা গম পাইছ নে নাই তই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *