ফটাঢোল

খাই কাৰ্শলা ডালত উঠিল-সঞ্জীৱ কুমাৰ মহন্ত

“খাই কাৰ্শলা ডালত উঠিল কাঠি চেলেকাৰ মৰণ মিলিল”

 

উক্ত আপ্তবাক্যশাৰী যে ইনেই নকয় তাৰ বহুবাৰ প্ৰমাণ পাইছোঁ । তাৰে এটি কাহিনী আগবঢ়ালোঁ।

 

কলেজত পঢ়ি থকা দিনৰে কথা, আমাৰ লগৰ বন্ধুকেইজনৰ ভিতৰত এজন বৰ আগলিকা (আগবাঢ়ি আগবাঢ়ি কথা কোৱা) প্ৰকৃতিৰ, অলপ চেলেপু অথচ খুব জমনি টাইপৰ বন্ধু এজনো আছিল (তেওঁ বৰ্তমান চৰাইদেউ জিলাৰ বাসিন্দা), আমিবোৰৰ মাজত সিয়েই এনেকুৱা এটা ল’ৰা আছিল যি ছাৰ বাইদেউ হে নালাগে অচিনাকী এজনকো চিনাকিৰ দৰে মাতি কিবা এষাৰ কথা ফটকৈ কৈ দিব পাৰিছিল ,কথা ক’বলৈ কাকোৱেই কেৰেপ নকৰিছিল৷

 

এদিনাখনৰ কথা, আমাৰ ফৰ্মফিলাপৰ সময়, ডকুমেন্টবোৰৰ জেৰক্স কপিত কোনো gazetted অফিচাৰৰ দ্বাৰা এটেষ্ট (প্ৰত্যায়িত) কৰাব লাগে বাবে আমি ৪/৫ জন বন্ধু চহৰৰ চিকিৎসালয়খনৰ চিনাকি ডাক্তৰ এজনৰ ওচৰলৈ ওলালোঁ ,লগতে ওলাল সেই কথাচহকী বন্ধুজনো।

 

হস্পিতেল গৈ পাই ছাৰক আমি ডকুমেন্টত এটেষ্ট কৰাবলৈ আহিছোঁ বুলি কোৱাত তেখেতে অকনমান সময় ৰ’বলৈ ক’লে ভিতৰতে যাতে আৰু দুজনমান ৰোগীক পৰীক্ষা কৰি লয়।

 

আমি দুটা বেঞ্চতে বহিলোঁ বাকী ৩ টা ৰোগীসকলৰ ওচৰত থিয় হৈ ৰ’ল। তেনেকুৱাতে এগৰাকী খুব শকত-আবত আদবয়সীয়া মহিলাই ডাক্তৰক দেখুৱাৰ পিছত লেঙেৰাই লেঙেৰাই বেঞ্চত আমাৰ কাষতে বহিবলৈ আহিল (ডাক্তৰে তেখেতক অকনমান বহিবলৈ কৈছিল বেঞ্চতে কিবা কাৰণত)। আমাৰ কথা-চহকী বন্ধু জনে তেখেতক দেখি চিনাকিৰ দৰে কথা পাতিবলৈ আগবাঢ়ি আহিল।

 

বন্ধুজন ~~ অ’ বাইদেউ আপুনি ভৰিত দুখ পালে নেকি ?

মহিলা~~ হয় অ’ ভাইটি , ভৰি দুয়োটাতে দুখ পালোঁ, কঁকালতো পালোঁ।

~~ কি হৈছিল , মানে কেনেকৈ ? পৰিল চাগৈ

~~ হয় অ’ বাৰ্থৰূমতো বৰ পিছল হৈ আছিল তাতে পিছলি ধামকৈ শব্দ কৰি পৰিলোঁ , বৰ দুখ পালোঁ।

 

বন্ধু~~ (এইবাৰ অলপ ডাঙৰ মাতেৰে) আচ্চা বাইদেউ আপোনাৰ ওচৰৰ মানুহবোৰে উৰুলি দিছিল নাই বাৰু ডাঙৰকৈ ??

 

তাৰ কথা শুনি মহিলাগৰাকীৰ লগতে ডাক্তৰ ছাৰ আৰু আমিও হতবাক ! কি সুধিছে সি আকৌ ?

 

মহিলা~~ কি প্ৰশ্ন কৰিছা হে !উৰুলি আকৌ কিয় দিব মানুহে ???

 

বন্ধু~~ নহয় মানে আপোনাৰ দৰে ইম্মান শকত-আবত মানুহএগৰাকী (আঙুলিৰে ইংগিত দি) পকা-মাটিত ধামকৈ পৰিছে যেতিয়া ওচৰৰ ঠাইত ভূমিকম্প নহ’বনে আৰু ! (সেইষাৰ কৈ চিধা সি ৰূমটোৰ পৰা পলাল )

 

মানুহগৰাকীয়ে তাৰ কথা শুনি উত্তৰ দিয়ে মানে সি বাহিৰ পালেগৈ

 

আমাকে চাই জাৰণ দিলে ~~ চাল্লা ননচেন্সহঁত ,অভদ্ৰ ল’ৰা…মই পৰি মৰিছোঁ, বিষত কেঁকাইছোঁ …ই অভদ্ৰই ঠাট্টা কৰিব আহে… গৰুচব …

তেখেতৰ গালি শুনি আমিকেইটাই তলমূৰকৈ মুখ টিপি হাঁহিছোঁ আৰু ইফালে doctor চাৰেও খুব ৰস পাই হাঁহিব ধৰিলে । আমাৰ হাঁহি দেখি তেখেতৰ চকুৰে যেন অগ্নি বৰষিব তেনে চাৱনি দিবলৈ ধৰাত আমি আটায়ে ওলায় আহিলোঁ।

(তাৰ লগত গৈ তাৰ ভুলৰ বাবে আৰু বহুবাৰ গালিখোৱাৰ লগতে অপমান পাইছোঁ ।

One comment

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *