অসম দেশৰ আজৱ কথা-ফণীন্দ্ৰ বৰগোহাঁই
১)
চহৰৰ হোটেলত বিয়া পাতিছে। শাৰী শাৰীকৈ বিভিন্ন খোৱা বস্তুবোৰ ধুনীয়াকৈ সজাই থোৱা আছে। আমাৰ গাঁৱলীয়া ভকত নগেন দদায়েও বিয়ালৈ গৈছে। খাবলৈ পতা শাৰীত দেখোন উৱা সেইটো দেখোন নগেন দদাই। কি আচৰিত কথা। মোৰ চকুকেই মই নিজে বিশ্বাস কৰিবলৈ টান পাইছোঁ দেখোন। এইটো আকৌ কেনেকুৱা কথা। ভাবিলোঁ! দদায়ে কিহৰ শাৰী নজনাকৈ কিজানি শাৰী থিয় হৈ আছে। পিচে নহয়। এয়া কি কাৰবাৰ। দদায়ে দেখোন প্লেটখন লৈ আগবাঢ়িছে কেটাৰিঙৰ বয় কেইটাৰ ওচৰলৈ। এয়া প্লেটত ভাত, পোলাও, দাইল, বাঃ ছাগলীৰ মাংস, মাছৰ টুকুৰা। দদায়ে থিয়ৈ থিয়ৈ আপোন পাহৰা হৈ প্লেটৰ সকলো খাদ্য শেষ কৰি আকৌ ভাত আৰু ছাগলী মাংস ল’বলৈ আগবাঢ়িল। দদায়ে খাই উঠি ডাঙৰকৈ উগাৰ এটা মাৰি খৰখেদাকৈ বাহিৰলৈ মূৰ তল কৰি কোবাকোবিকৈ আহিবলৈ ধৰিলে। মই বোলো দদাই আপোনাৰ হ’ল – দদাইৰ মুখখন লাজত ৰঙা চিঙা পৰি একো নোকোৱাকৈ ওলাই গ’ল।
ৰ’ব। আপোনালোকক কোৱাই নাই নহয় দদায়ে বিয়া খাই মোৰ আগত ৰঙা চিঙা পৰাৰ আচল কাহিনীটো। আচলতে দদাই হ’ল শৰণ ভজন লোৱা সমাজৰ প্ৰথম শ্ৰেণীৰ ভকত। বাহিৰত আহাৰ খোৱাতো … ৰাম ৰাম ভাবিলেও পাপে চুব। এইবোৰ মোৰ কথা নহয়। দদাইৰ কথা। গাঁৱত সকাম-নিকাম হ’লে দদায়ে গাঁৱৰ সমজুৱা ৰান্ধনিয়ে ৰন্ধা অন্ন গ্ৰহণ নকৰে। তেওঁৰ দৰে দুই এজন ভকতৰ বাবে আকৌ দুগৰাকী বিশেষ মহিলা ভকতেহে ৰান্ধিলেহে অন্নমুঠি গ্ৰহণ কৰে।
দদায়ে মোক দেখি সেই সময়ত বসুমতি ফাঁট দিয়া, পাতালে লুকাওঁ অৱস্থা।
মই বোলো এয়াই অসম দেশৰ আজৱ কথা। কৃষ্ণ…
২)
আকৌ এখন বিয়া ঘৰ। বিয়া ঘৰ উদুলি-মুদুলি। ওচৰৰ পাজৰৰ হিন্দু-মুছলিম সকলোৱে বিয়া ঘৰত খাই খাই উগাৰ মাৰিছে, সেই উগাৰে কইনা ঘৰতো ডাইৰেক্ট এটেক্ট কৰিছে। কিন্তু কইনা ঘৰৰ মানুহ নাই বিয়া ঘৰত। কইনা আৰু দৰা ঘৰৰ মাজত মাত্ৰ ৰিঙটোৰ বাট। কইনা ঘৰৰ সীমাতে লাগি থকা নগেন দাইটিৰ ঘৰৰ মানুহো আহিছে বিয়া ঘৰলৈ। আচলতে দৰাৰ ঘৰ মুছলমান সম্প্ৰদায়ৰ আৰু ছোৱালীৰ ঘৰ হিন্দু সম্প্ৰদায়ৰ।
গতিকে গাঁৱৰ সমজুৱা বিচাৰ হ’ল ছোৱালী ঘৰৰ ওপৰত। বোলে তোমালোকক সমাজ লাগিবনে ছোৱালী লাগিব। যিকোনো এটা ল’ব পাৰিবা। ছোৱালী ঘৰত বিয়া খাবলৈ গ’লে আমাক বাদ দিব লাগিব। সেয়েহে ছোৱালী ঘৰৰ কোনো বিয়া খাবলৈ নগ’ল। মুছলমানৰ ঘৰত বিয়া খালে ছোৱালী ঘৰৰ মানুহৰহে চুৱা লাগে। গাঁৱৰ বাকী মানুহৰ নালাগে। বাঃ ধন্য আপোনালোকৰ বিচাৰ। সেয়েহে কৈছোঁ আজৱ দেশৰ আজৱ কথা। কৃষ্ণ…
৩)
হাতে কাম পাকৈত ছোৱালীজনী। ল’ৰা ঘৰৰ বিৰাট পচন্দ হৈছিল। দৰা ঘৰৰ পৰা ছোৱালী চাবলৈ যোৱা সকলোকে ছোৱালীজনীয়ে নিজ হাতেবোৱা গামোচা আৰু চাদৰেৰে সন্মান যাঁচিলে। ছোৱালীজনীয়েও সন্তোষ লভিলে। দৰা ঘৰৰ মানুহে মাতি পঠাইছে। দৰা ঘৰলৈ।
কিন্তু আমাৰ অন্ধবিশ্বাস বুলি কথা এবাৰ আছে নহয়। মানুহ শিক্ষিত হ’লেও ই আমাৰ লগত মৰিলেও যাব। গতিকে চহৰৰ বিখ্যাত পণ্ডিত এজনৰ ঘৰলৈ গৈ ল’ৰা-ছোৱালীৰ ৰাহি যোৰা চোৱালেগৈ। ৰাহি যোৰা নিমিলিল। হ’ব লগীয়া বিয়াখন নহ’ল।
এইবাৰ ৰাহি-যোৰা চাই এই ফাগুনতে বিয়াখন পাতিব বেলেগ এজনী ছোৱালীৰ লগত। দৰা সেই একেজনেই। একেবাৰে বোলে পাভ- যোৰা। ইমান ধুনীয়াকৈ বোলে গণ গোত্ৰ মিলিছে। এনেকুৱা গণ গোত্ৰ মিলা যোৰা পণ্ডিতে বোলে বহুত কমহে পাইছে। গতিকে মহা ধুমধামেৰে বিয়াখন পাতিব এইবাৰ। বিয়াৰ দিনা ছোৱালী আনিবলৈ দৰা ওলাই ছোৱালী ঘৰৰ পাবলৈ আধা বাট থাকোঁতে বৰযাত্ৰীৰ গাড়ীখন খাৱৈত সোমাল। দৰাসহ সখিয়েক আৰু আন দুগৰাকী একেবাৰে সিফলীয়া হ’ল। ছোৱালী ঘৰৰ মানুহে হুমুনিয়াহ কাঢ়িলে। যি হ’ল, হ’ল সকলো ভগৱানৰে লীলা। ৰাখে হৰি মাৰে কোন? মাৰে হৰি ৰাখে কোনে?
দৰা ঘৰৰ এটা দল ঘৰলৈ আহিল এটা দল গ’ল পণ্ডিতৰ ঘৰলৈ। অসম দেশৰ আজৱ কথা । কৃষ্ণ …
অসম দেশৰ আজৱ কথাৰ অন্ত নাই। আৰু আছে। নকওঁ। ক’লে জানোচা লাগে ভকতৰ দোষ। সময় সুবিধা পালে বেলেগ এদিন কম। আজিলৈ আহিলোঁ। কৃষ্ণ…!
☆ ★ ☆ ★ ☆
4:36 pm
ভাল লাগিল
6:54 pm
ভাল লাগিল।
4:29 pm
সমাজৰ সত্য।বৰ ভাল পালো পঢ়ি।
4:35 pm
সুন্দৰ