সম্পাদকীয়- জয়ন্ত প্ৰীতম
আলোচনীখনৰ সম্পাদকৰ দায়িত্ব লোৱা দিনটোৰ পৰা মই চিন্তা কৰি থাকিলোঁ যে মই কেনেধৰণৰ সম্পাদকীয় লিখিম বা লিখা উচিত। খাৰখোৱা মগজুক যিমানেই এই কথাটোক লৈ জোৰ দিলোঁ, সিমানেই দেখোন চিন্তাবোৰ কৰ্পূৰৰ দৰে ক’ৰবালৈ উৰি যাবলৈ ধৰিলে। কি কৰিম, কি লিখিম একো উৱাদিহ নাপালোঁ। আনপিনে আলোচনী সম্পূৰ্ণ কৰাৰ অন্তিম মুহূৰ্তটোও একেবাৰে কাষ চাপি আহিল। অৱশেষত সকলোবোৰ নঞৰ্থক কথা মনৰ মাজৰ পৰা আঁতৰাই থৈ ভাবিলোঁ, মনলৈ যি আহে তাকেই লিখোঁ। বৰ বেছি চিন্তা কৰি নাথাকোঁ। লেখাটো লিখি থাকোঁতে ক’ৰবাত কুলি চৰাই এটাই কু-উ কু-উ বুলি মাতি থকা শুনা পাইছোঁ। বছৰটোত প্ৰথমবাৰৰ বাবে কুলিৰ মাত শুনিলে অসমীয়া হিচাপে মোৰ তেজত কিয় জানো এক বুজাব নোৱাৰা পিৰপিৰণি অনুভৱ হয়। যোৱা দুদিন ধৰি পাতলীয়াকৈ অলপ অলপ বৰষুণ দি আছে। গছবোৰত লাহে লাহে নতুন কুঁহিপাত ওলাইছে। আমগছবোৰ ফুলিবলৈ আৰম্ভ কৰিছে। কঁঠালৰ মুচি ওলাইছে। প্ৰকৃতিৰ এই পৰিৱৰ্তনবোৰে মোক সোঁৱৰাই দিছে যে বাপতি-সাহন আদৰৰ বিহুটি আহিবলৈ আৰু বেছি পৰ নাই। বিহু বুলি ক’লেই শৈশৱৰ মোৰ গাওঁখনলৈ মনত পৰে। সৰু থাকোঁতে বিহু বুলি মনৰ মাজত কিমান যে উছাহ আছিল সেয়া ভাষাৰে লিখি কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ। গৰু বিহুৰ দিনা গৰু-ছাগলীক গা ধোৱাই সমাপ্ত কৰাৰ লগে লগে আমাৰ সমনীয়াসকলৰ সৈতে লগ হৈ ঘৰে ঘৰে হুঁচৰি পৰ্ব আৰম্ভ হৈ গৈছিল। ঘৰে ঘৰে পিঠা-পনা জলপান আদি খাই পেট ভৰিছিল। দিন-ৰাতিৰ কোনো হিচাপ নাছিল। শৰীৰত কোনো ভাগৰ নাছিল। বিহু কেইদিনত ঘৰৰ পৰাও কোনোধৰণৰ বাধা-নিষেধ নাছিল। গতিকে স্ফূৰ্তিৰ কোনো অন্ত নাছিল। দুখৰ বিষয়, আধুনিকতাৰ ধামখুমীয়াত যেন সেই উছাহ উদ্দীপনাবোৰ চকুৰ সন্মুখতে লাহে লাহে ক’ৰবাত হেৰাই যাবলৈ ধৰিছে। গাঁৱত আজিকালি আমাৰ শৈশৱৰ সেই পৰিৱেশ দেখা পোৱাটো কিবা পৰ্বতত কাছৰ কণী বিচৰাৰ দৰেই কথা। সেইবুলি অৱশ্যে বৰ বিশেষ হতাশ হোৱাৰো কাৰণ নাই বুলিও মই ভাবোঁ। ইয়াৰ মূল কাৰণ হ’ল,পৰিৱৰ্তনশীল সময়ৰ সৈতে খাপ খাই থাকিব পৰাকৈ বিহুৰো পৰিৱৰ্তন হোৱাটো নিশ্চয় এটা স্বাভাৱিক প্ৰক্ৰিয়া। কেৱল ইয়াক কোনেও যাতে বিকৃতি কৰিব নোৱাৰে বা অপসংস্কৃতিৰ হাতোৰাৰ পৰা ইয়াক বচাই ৰাখিব পৰাটোৱেই হ’ব অসমীয়া হিচাপে আমাৰ প্ৰকৃত সাৰ্থকতা।
এতিয়া আহিছোঁ মই সম্পাদনা কৰিবলৈ সৌভাগ্য লাভ কৰা ব্যংগ আলোচনীৰ কথালৈ। আমি যদি হাস্য-ব্যংগ আলোচনীৰ ইতিহাস খুচৰি চাওঁ তেন্তে দেখা পাওঁ যে ১৯ শতিকাৰ পৰা এই ধাৰাটো যথেষ্ট জনপ্ৰিয় হ’বলৈ আৰম্ভ কৰিছল। ১৮৩২ চনত ফ্ৰান্সৰ পৰা প্ৰকাশ পোৱা লে চাৰিভাৰি(Le Charivari),১৮৪১ চনত ইউনাইটেড কিংডমৰ পৰা প্ৰকাশ পোৱা পাঞ্চ(Punch) আৰু ১৮৫৯ চনত আমেৰিকাৰ পৰা প্ৰকাশ পোৱা ভেনিটি ফেয়াৰ(Vanity Fair) এনে আলোচনীৰ ভিতৰত অন্যতম। অসমতো এনেধৰণৰ আলোচনী কেইবাখনো প্ৰকাশ হৈছিল বা হৈ আহিছে যদিও মোৰ জীৱনত যদি এনেকুৱা কোনো আলোচনীয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে, সেই আলোচনীখন হ’ল ‘অবিকল’। এতিয়াও মোৰ মনত পৰে, কলেজত পঢ়ি থকা দিনবোৰত প্ৰতিমাহে মই অবিকলখনৰ বাবে অতি আগ্ৰহেৰে বাট চাই থাকিছিলোঁ। হয়তো এয়াই হৈছে এখন আলোচনীৰ বাবে সফলতা আৰু সাৰ্থকতা।
এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ কথাৰ মাজলৈ। অলপতে ২০২২ চনৰ পৃথিৱীৰ আটাইতকৈ সুখী মানুহৰ দেশৰ তালিকাখন প্ৰকাশ পালে। আমি ভাৰতীয়সকলৰ বাবে এইটো অতি দুৰ্ভাগ্যজনক কথা যে এই তালিকাত ভাৰতৰ স্থান হৈছে ১৩৬ নম্বৰ। সংখ্যাটো চায়েই আমি উপলব্ধি কৰিব পাৰোঁ যে আমি পৃথিৱীৰ আন আন সুখী দেশৰ তুলনাত কিমান বেছি দুখী। এই ক্ষেত্ৰত আমি কিমান বেছি পিছুৱাই আছোঁ। ইয়াৰ অৰ্থ হ’ল, যিহেতু আমি আমাৰ জীৱনত সুখী নহয়, গতিকে আমি হয়তো ভালদৰে হাঁহিবও নাজানোঁ। হয়তো সেয়ে বেজবৰুৱা দেৱে সেই তাহানিতে কৈ গৈছিল যে অসমীয়া মানুহে হাঁহিব নাজানে। আচলতে তেওঁ কেৱল অসমীয়া বুলি কথাষাৰ কৈছিল যদিও এই কথাষাৰ হয়তো আজিৰ তাৰিখত সকলো ভাৰতীয়ৰ ক্ষেত্ৰতে প্ৰয়োগ হয়। আজিৰ তাৰিখত আমি যদি ভালদৰে চাৰিওফালে চকু ফুৰাই চাওঁ তেন্তে আমি দেখা পাম কিছুমান হতাশাত জৰ্জৰিত মুখ। সকলোৱে নিজৰ নিজৰ জীৱনৰ সমস্যাবোৰত ইমান বেছিকৈ আৱদ্ধ হৈ পৰিছে যে তেওঁলোকে তেওঁলোকৰ জীৱনত থকা ভালবোৰ ক্ৰমাৎ নেদেখা হৈ পৰিছে। ইয়াৰ ফলত তেওঁলোকে লাহে লাহে হাঁহিবলৈ পাহৰি গৈছে। পৰিস্থিতি এনেকুৱা হৈছেগৈ যে তেওঁলোকে তেওঁলোকৰ সন্মুখত হঁহাৰ হাজাৰ কাৰণ থাকিলেও বৰ্তমান হাঁহিব নোৱাৰে।
আগতে মানুহৰ মুখত অলপ হ’লেও হাঁহি দেখিবলৈ পোৱা গৈছিল যদিও আজিকালি মানুহৰ মুখত দেখা যায় মাথো হতাশা, চিন্তা, অৱসাদ। ইয়াৰ ফলস্বৰূপে
এতিয়া বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো ঠায়ে ঠায়ে লাফিং ক্লাৱ গঢ় লৈ উঠিছে। কৃত্ৰিম ভাবে হাঁহিবলৈ মানুহবোৰ এই ক্লাৱবোৰলৈ যায়। লাফিং ক্লাৱবোৰৰ জৰিয়তে মানুহে কিছু সময় হাঁহি শাৰীৰৰ অৱসাদ দূৰ কৰে। প্ৰাণখুলি তাত হাঁহিবলৈ চেষ্টা কৰে।
হাঁহি মানুহৰ শৰীৰৰ এক ব্যায়াম সদৃশ। হাঁহিয়ে মানুহক সতেজ কৰে। আমি আজি যান্ত্ৰিকতাৰ যন্ত্ৰণাত পৰি হাঁহিবলৈ পাহৰি পেলাইছোঁ। নিয়মীত হাঁহিব পৰাতো স্বাস্থ্যৰ হকে উপকাৰক বুলি সকলোৱে জনাৰ পিছতো আমি হাঁহিব নোৱাৰোঁ।
হাঁহিব নজনা মানুহ হেনো চয়তান। ভূত-প্ৰেতেহে হাঁহিব নাজানে। আৰু আমি নিশ্চয় ভূত-প্ৰেত নহয়। বৰ্তমান যান্ত্ৰিক পৃথিৱীত আপোনাৰো প্ৰাণখোলা হাঁহি মাৰিবৰ নিশ্চয় মন যায়। অৱশ্যে হাঁহিবলৈ মানুহক কিছুমান কাৰণো লাগে। বিনা কাৰণত মানুহে হাঁহিব নোৱাৰে। এতিয়া তেনে এটা কাৰণ আপোনাৰ মবাইলতে প্ৰতিমাহে বিনামূলীয়াকৈ উপলব্ধ হৈছে। যাৰ নাম হ’ল, ‘ফটাঢোল’। এতিয়া আপুনি ফটাঢোল পঢ়ি লাফিং ক্লাৱলৈ নগ’লেও ঘৰতে হাঁহিব পাৰিব বুলি মই এশ শতাংশ নিশ্চিত। আলোচনীখন পঢ়ি থাকোঁতে পাঠকৰ মনৰ মাজত চলি থকা হতাশা, অৱসাদবোৰ অন্ততঃ ক্ষন্তেক সময়ৰ বাবে হ’লেও দূৰ হৈ তেওঁৰ মুখত এমোকোৰা হাঁহি ফুটাই তুলাব পৰাটোটেই আছে এই আলোচনীখনৰ লগতে ইয়াৰ লেখক আৰু কৰ্মকৰ্তাসকলৰ সাৰ্থকতা। আৰু এনে এখন আলোচনীৰ সম্পাদনা কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা বুলিয়েই মই ভাবোঁ। আশাকৰোঁ আন বাৰৰ দৰেই এই সংখ্যাটোও পাঠকে আকোঁৱালি লৈ এই অভাজনক কৃতাৰ্থ কৰিব। জয়তু ফটাঢোল আলোচনী।
সম্পাদক, ফটাঢোল-ই আলোচনী
পঞ্চম বৰ্ষ,নৱম সংখ্যা
12:38 pm
ভাল লাগিল পঢ়ি
5:32 pm
সুন্দৰ সম্পাদকীয়, খুব ভাল লাগিল
5:42 pm
বৰ সুন্দৰকৈ লিখিলে সম্পাদকীয় পৃষ্ঠাটো। অভিনন্দন লগতে অযুত ধন্যবাদ এটা সুন্দৰ সম্ভাৰ পাঠক সমাজলৈ আগবঢ়াই দিয়াৰ বাবে।
6:12 pm
সাম্প্ৰতিক সময়ৰ এক চিন্তনীয় সত্য এয়া যে প্ৰায়বোৰ মানুহে সন্মুখত হঁহাৰ হাজাৰ কাৰণ থাকিলেও হাঁহিব নাজানে।মানুহৰ মানসিক স্বাস্থ্য আজি অসুস্থ।
কথাখিনি বৰ সুন্দৰকৈ প্ৰকাশ কৰা হৈছে।সুন্দৰ সম্পাদকীয়।
11:17 pm
ভাল লাগিল সম্পাদকীয়টো৷