ফটাঢোল

ভেন ম’ৰিছন, বাডী আৰু বেলফাষ্টৰ কথাৰে-বিকাশ দত্ত

প্ৰথিতযশা চিত্ৰ নিৰ্মাতা তথা শ্বেইক্সপীয়েৰৰ বিশ্বখ্যাত নাট্যকৰ্ম “হেমলেট”, “অথেলো”ক ৰূপালী পৰ্দাত জনপ্ৰিয় কৰাত বিশেষ অৱদান আগবঢ়োৱা পৰিচালক কেনেথ ব্ৰানাৰ নৱতম ছবি “বেলফাষ্ট” সঁ‌চাকৈয়েই এখন খুবেই সুন্দৰ ছবি।

৭০ ৰ দশকত উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্ট চহৰত সংঘটিত কেথলিক আৰু প্ৰটেষ্টেন্টৰ মাজৰ সংঘাতৰ ফলত ধাৰ্মিক টনা আজোৰাৰ মাজত বন্দী বাডী (Buddy) ৰ শৈশৱ কিদৰে প্ৰভাৱিত হয় তাৰ এক শক্তিশালী অথচ দৃষ্টিনন্দন উপস্থাপন “বেলফাষ্ট”। পৰিচালনাৰ লগতে কেনেথ ব্ৰানাই চিত্ৰনাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ছবিখনৰ অভিনয়ত আছে ক্ৰমে কিংবদন্তি জুডী ডেঞ্চ, জেমী ডৰ্ণান, কেটলিনা ৱল্ফে, চিয়াৰান হিন্দছ আৰু মুখ্য চৰিত্ৰ বাডীৰ ভূমিকাত জুড হিল। ৯ বৰ্ষীয় বাডীৰ চৰিত্ৰক ফুটাই তোলাত শিশু অভিনেতা জুড হিলৰ যিমানেই প্ৰশংসা কৰা হয় সিমানেই কম হ’ব।

উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্ট চহৰখন প্ৰকৃততে ইংলেণ্ডৰ অধীনত আছিল যদিও তাত বাস কৰা প্ৰতিগৰাকী মানুহৰে মনত ইংলেণ্ডৰ বিৰুদ্ধাচৰণ কৰি আহিছিল। তদুপৰি নৱজাগৰণৰ পিছৰে পৰা ইউৰূপৰ ভিন্নপ্ৰান্তত সংঘটিত ধৰ্মীয় মেৰুকৰণত জনসাধাৰণক বন্দী কৰি ৰখা একাংশ ৰক্ষণশীল ৰোমান কেথ’লিকৰ বিৰুদ্ধে গঢ় লোৱা তীব্ৰ বিৰোধিতাৰ ফচল আছিল বেলফাষ্ট চহৰত ৭০ ৰ দশকত সংঘটিত একাংশ হিংসাত্মক কাৰ্যকলাপ। তাৰ মাজতেই মধ্যবিত্ত পৰিয়ালৰ প্ৰতিগৰাকী পুৰুষে সেই ঠাই ত্যাগ কৰি লণ্ডন বা অন্যান্য ডাঙৰ চহৰমুখী হয় জীৱিকাৰ সন্ধানত আৰু বহুদিনৰ মূৰত ঘৰলৈ ওভতে। আনহাতে একাংশ পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ এৰি বেলফাষ্টৰ পৰা প্ৰস্থানো কৰে, কিন্তু বহুতো পৰিয়ালে সেই ঠাই ত্যাগ নকৰে। তাৰ ভিতৰত আছিল আত্মাভিমানী বাডীৰ মাতৃ। নিজৰ শৈশৱত কিদৰে সামাজিক অস্থিৰতাৰ মুখামুখি হৈ নিজৰ জীৱন অতিবাহিত কৰে, তাক খুব সাৱলীল ভাৱে ফুটাই তুলিছে শিশু অভিনেতা জুড হিলে। লগতে চিত্ৰনাট্যক আৱেগিক আৰু হাস্যমধুৰ কৰি দৰ্শকক বেছ আমোদ দিয়াত সম্পূৰ্ণৰূপে সফল হৈছে পৰিচালক কেনেথ ব্ৰানা। 

দৰ্শক হিচাপে ব্যক্তিগতভাৱে দুবছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত তথা শ্ৰেষ্ঠ অনুকূলিত চিত্ৰনাট্যৰ অস্কাৰ বিজয়ী টাইকা ৱাইটিটিৰ “জো জো ৰেবিট”ৰ সৈতে ছবিখনৰ এক বিশেষ সাদৃশ্য লক্ষ্য কৰা যেন লাগিল। “জো জো ৰেবিট”ৰ দৰেই, “বেলফাষ্ট”তো কূটিল ৰাজনীতি, ধৰ্মীয় টনা-আজোৰা, সামাজিক মেৰুকৰণ আদিয়ে কিদৰে এজক শিশুক প্ৰশ্ন কৰিবলৈ উদগণি যোগায়, কিদৰে এটা পৰিয়াল প্ৰভাৱিত হয় আদি সকলো উপাদানক “বেলফাষ্ট”ত চিত্ৰনাট্যকাৰ-পৰিচালক কেনেথ ব্ৰানাই খুব সুন্দৰকৈ চিত্ৰায়িত কৰিছে। ছবিখনৰ অন্য উপাদানৰ ক্ষেত্ৰত মোৰ আটাইতকৈ ভাল লাগিল চিনেমাটোগ্ৰাফী। ক’লা-বগা ছবিখনত ব্ৰানাৰ পূৰ্বৰ বিভিন্ন ছবিত চিত্ৰগ্ৰহণকাৰী হিচাপে যোগদান কৰি অহা হেৰিছ জেম্বাৰলুকছৰ সুস্থিৰ আৰু প্ৰভাৱশালী আপোনাক ছবিখনৰ বিভিন্ন দৃশ্যত মোহাচ্ছন্ন কৰি ৰাখিব। ছবিখনৰ আন এক চালিকাশক্তি হ’ল উত্তৰ আয়াৰলেণ্ডৰ প্ৰবীণ সংগীত শিল্পী ভেন মৰিছনৰ অপূৰ্ব সংগীতৰ স্বৰসমূহ। ৭৬ বৰ্ষীয় ম’ৰিছনৰ বহুকেইটা বিশ্বখ্যাত গীতৰ সমাহাৰেৰে ছবিখনৰ নান্দনিকতা দুগুণে চৰিছে। 

সুন্দৰ অভিনয়, গভীৰ কাহিনী, সাৱলীল চিত্ৰনাট্য, প্ৰভাৱশালী চিনেমাটোগ্ৰাফীৰ অপূৰ্ব সমাহাৰৰ জৰিয়তে সন্দেহবিহীন ভাৱে “বেলফাষ্ট” বৰ্তমান সময়ৰ এখন অন্যতম শ্ৰেষ্ঠ ছবি তথা আগন্তুক দিনত এই ছবিখনক এখন “ক্লাছিক চিনেমা” বুলিও হয়তো ক’ব পৰা যাব। 

গভীৰ কাহিনীকথন অথচ সামান্য হাস্যামধুৰ পৰশেৰে নিৰ্মিত ছবিৰ অনুগামী সকলে “বেলফাষ্ট” চাব পাৰে।

ছবিখনত বহুকেইটা দিশ গুৰুত্বপূৰ্ণ। তাৰ মাজতে এটা দৃশ্যত হঠাতে লক্ষ্য কৰিলো বাডীয়ে ফুটপাথত বহি মাৰ্ভেলৰ “থ’ৰ”ৰ কমিক বুক এখন পঢ়ি থকা। ৭০ ৰ দশকত “থ’ৰ”ৰ জনপ্ৰিয়তা তুংগত আছিল। আৰু উল্লেখযোগ্য যে ১১ বছৰ পূৰ্বে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ চতুৰ্থখন ছবি “থ’ৰ”ৰ পৰিচালনা কৰিছিল কেনেথ ব্ৰানাই। “বেলফাষ্ট”ৰ এই দৃশ্যটোৰ জৰিয়তে যেন ব্ৰানাই “থ’ৰ”ক এক সন্মান প্ৰদৰ্শন কৰাৰ লগতে নষ্টালজিয়া দৰ্শকৰ আগত দাঙি ধৰিছে। কেনেথ ব্ৰানাই নিজৰ শৈশৱ বেলফাষ্টতেই অতিবাহিত কৰিছিল। সেয়েহে এই ছবিখনত জড়িত হৈ আছে তেওঁ‌ৰ আৱেগ। অৱশেষত যেতিয়া বাডী আৰু তেওঁ‌ৰ পৰিয়ালে বেলফাষ্টৰ পৰা প্ৰস্থান কৰে, বাছত বহি গৈ থকাৰ মূহুৰ্তত বাডীৰ আইতাকৰ চৰিত্ৰত অভিনয় কৰা জুডী ডেঞ্চক এটা ক্ল’জ আপ শ্বটত দেখুওৱা হয়, আৰু তেওঁ‌ৰ মুখেৰে নিগৰিত এটা সংলাপ আছিল,

“Go now. Don’t look back. I love you my son.”

যেন এক সোণালী ভৱিষ্যতৰ দিশে ধাৱমান হয় বাডী।

লগে লগে ছবিখনৰ শেষৰটো দৃশ্য আৰম্ভ হয়, পৰ্দাত আমি দেখিবলৈ পাও তিনিটা শাৰী,

“For the ones who stayed, for the ones who left, and for all the ones who were lost.”

উল্লেখ্য যে “বেলফাষ্ট”ৰ বাবে ৭৯ তম গোল্ডেন গ্লোব অনুষ্ঠানত এইবৰ্ষৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁ‌টা লাভ কৰিছে পৰিচালক তথা চিত্ৰনাট্যকাৰ কেনেথ ব্ৰানাই। লগতে এইবৰ্ষৰ ৯৪ তম অস্কাৰ বঁ‌টাত ৭ টাকৈ শিতানত মনোনীত হৈছে “বেলফাষ্ট” য’ত আছে, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য তথা শ্ৰেষ্ঠ পৰিচালনা (কেনেথ ব্ৰানা), শ্ৰেষ্ঠ সহ অভিনেতা (চিয়াৰান হিন্দছ), শ্ৰেষ্ঠ সহ-অভিনেত্ৰী (জুডী ডেঞ্চ), শ্ৰেষ্ঠ ধ্বনিসজ্জা আৰু ভেন মৰিছনে লাভ কৰিছে “ডাউন টু জয়” শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ মৌলিক গীতৰ মনোনয়ন। উল্লেখযোগ্য যে ছবিখনৰ বাবে কেনেথ ব্ৰানাই লাভ কৰিছে শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ অস্কাৰ বঁ‌টা।

বেলফাষ্ট চহৰতেই নিজৰ শৈশৱ অতিবাহিত কৰা ব্ৰানাৰ ক্ষেত্ৰত বিভিন্নজনে ছবিখনক এখন “ধুনীয়া ব্যক্তিগত ছবি” বুলিও অভিহিত কৰিছে। তিনি বছৰ পূৰ্বে মুক্তিপ্ৰাপ্ত “ৰোমা”ৰ জৰিয়তে পৰিচালক আলফনচ’ কুৱাৰনৰ ৭০ ৰ দশকৰ মেক্সিকো আৰু নিজৰ শৈশৱক যিদৰে উপস্থাপন কৰিছিল, “বেলফাষ্ট”ৰ কাহিনীকথনৰ জৰিয়তে কেনেথ ব্ৰানাইও যেন উক্ত কথনশৈলীৰেই পুনৰাবৃত্তি ঘটাইছে।

☆ ★ ☆ ★ ☆

One comment

  • Prerona Das

    It was really enlightening, enjoyed your writeup. Small details keitate gom pai apuni deep study korise. Keep it up.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *