ফটাপ্ৰেম-কৰবী দেৱী
: কেনেকৈ পাগল হ’ল তোমাৰ বন্ধুজন? তুমি নিশ্চয় জানা?
ফুটপাথত বহি প্ৰলাপ বকি থকা মানুহজনক লক্ষ্য কৰি অ’. চি দীনবন্ধু দাসে প্ৰশ্ন কৰে হৰিচৰনক। কাৰণ হৰিচৰনে মানসিক ভাৰসাম্য হেৰুৱা মানুহজনক কিবাকিবি কথাৰে শান্ত কৰাব খুজিছিল। কোন হয় বুলি প্ৰশ্ন কৰাত কৈছিল হৰিচৰনে, “ই মোৰেই বন্ধু ছাৰ”।
: কোৱাচোন কেনেকৈ পাগল হ’ল মানুহজন? – পুনৰ প্ৰশ্ন কৰে অ’. চি দাসে।
: সি ছোৱালী এজনীক ভীষণ ভাল পাইছিল ছাৰ।
: অ’ বুজিছোঁ, ছোৱালীজনীয়ে নিশ্চয় প্ৰতাৰণা কৰিলে।
: নাই ছাৰ, প্ৰতাৰণা কৰিবলৈ ছোৱালীজনীয়ে তাক জানিলেহে…
: আচ্ছা, বুজিলোঁ, তোমাৰ বন্ধুৰ হয়তো কাৰোবাৰ লগত একপক্ষীয় প্ৰেম হৈছিল। এই একপক্ষীয় প্ৰেমবোৰৰ পৰিণতি সদায় এনেকুৱাই হয় বুজিছা। বেচেৰাটো, ছোৱালীজনীক কথাবোৰ খোলাখুলিকৈ ক’ব নোৱাৰা বেজাৰত পাগলেই হৈ গ’ল।
অ’. চি দীনবন্ধু দাসে গহীনভাৱে কয়। পেটে পেটে খঙো উঠে এনেধৰণৰ পগলাক লৈ। আৰে পাগল হোৱাৰ কাৰণটোৱেই অলপ উন্নত হওকচোন। অন্ততঃ বুকু ফিন্দাই যেন ক’ব পৰা যায়। কিন্তু নাই, সেয়াও নহয়গৈ। পেনপেনীয়া প্ৰেমত পাগল হোৱা মানুহ। শুনিলেই লাজ লগা। কথাবোৰ খোলাখুলিকৈ ক’বলৈ সাহস নাই।
: কথাবোৰ খোলাখুলিকৈ ক’বলৈ সি সুযোগেই নাপালে নহয় ছাৰ। কাৰণ ছোৱালীজনীৰ লগত সি টিকটকৰ জগততহে চিনাকি। পুৱা শুই উঠিয়েই তাইৰ ভিডিঅ’ এটাৰে দিনটো আৰম্ভ কৰে আৰু নিশা শুবলৈ লওঁতেও তাইৰ ভিডিঅ’ এটা চোৱাটো তাৰ অভ্যাসত পৰিণত হৈ গ’ল। লাহে লাহে অনুভৱ কৰিলে তাইৰ প্ৰেমত পৰিছে সি। এদিন মাক দেউতাকক ক’লে নিৰ্ভয়ে তাৰ মনৰ কথাবোৰ। মাক দেউতাকে হাঁহিমুখে সঁহাৰি জনালে। যিহেতু ঘৰৰ একমাত্ৰ ল’ৰা পুতুকণ। গতিকে আপত্তি কৰাৰ প্ৰশ্নই নুঠে। তদুপৰি ছোৱালীজনীৰ প্ৰফাইলত ঠিকনা আছেই, তেনেস্থলত সিহঁতৰ ঘৰলৈ গৈ বিয়াৰ প্ৰস্তাৱ দিয়াটোনো কি ডাঙৰ কথা?
হৰিচৰনৰ কথাত অ. চি দীনবন্ধু দাসে এটা ৰসাল হাঁহিৰে ক’লে,
: আচ্ছা এতিয়া বুজিলোঁ। পিছদিনা হয়তো ছোৱালীজনীয়ে তাৰ লগতে মাক দেউতাককো অপমান কৰিলে। যিবোৰ অভাৱনীয় কাণ্ড তোমাৰ বন্ধুজনে মুঠেই সহিব নোৱাৰিলে। ফলস্বৰূপে হেৰুৱাই পেলালে মানসিক ভাৰসাম্য। এইধৰণৰ ল’ৰাবোৰো অলপ নহয়। গাত নাই ছাল বাকলি, মদ খাই তিনি টেকেলি। হিৰ’ইনহে লাগে সিহঁতক। গাঁৱৰ আজলী, সহজ সৰল ছোৱালীবোৰৰ যেন জন্মই অসাৰ।
ভোৰভোৰাই উঠে অ’. চি দাসে। বিপৰীতে অস্থিৰতাৰে কয় হৰিচৰনে,
: ছাৰ আপুনি এতিয়াও মোৰ কথাবোৰ সম্পূৰ্ণকৈ শুনা নাই। সেয়ে বুজাও নাই।
: কি কথা? কি কথা এতিয়াও বুজিবলৈ বাকী আছে মোৰ? – গৰ্জন কৰি উঠে অ’. চি দাসে।
: ছাৰ, খং কিয় কৰেনো? আগতে শুনকচোন মোৰ কথাখিনি। – নম্ৰতাৰে কয় হৰিচৰনে।
: আচ্ছা কৈ যা।
: ছাৰ, অাচলতে মাক দেউতাক দুয়ো পিছদিনা ছোৱালীজনীৰ ঘৰলৈ যোৱাৰ কথা আছিল। অট’ৰিক্সা এখনো ঠিক কৰিছিল। কিন্তু সেই নিশা হঠাতে “টিকটক” বয়ক’ট কৰা হ’ব বুলি বাতৰি প্ৰকাশ পালে। কান্দোনত ভাঙি পৰি সকলো টিকটক প্ৰেমীয়ে ভিডিঅ’ বনালে। কোনোবা ককা এজনে হেনো গাৰু তিয়াই তিয়াই কান্দিছিল। সেই নিশাই পুতুকণৰ প্ৰেমিকাজনীয়েও নকল ভেশ পৰিহাৰ কৰি অাচল ৰূপত কান্দি কাটি ভিডিঅ’ এটা আপলোড দিছিল। তেতিয়াহে উৰহি গছৰ ওৰ ওলাইছিল। ইমানদিনে “মালতী”ৰ ভেশ ধৰি আকৰ্ষণীয় অভিনয়েৰে সকলোকে মোহাচ্ছন্ন কৰা লাহি পাহি শৰীৰৰ ছোৱালীজনী, মানে মালতীয়ে বুকুত ঢকিয়াই ঢকিয়াই কৈছিল, “মই এতিয়া কেনেকৈ আকৌ ভদাই ৰূপ লওঁ!”
: ভদাই মানে? ভদাই কোন আকৌ? – এইবাৰ আগতকৈয়ো বেছি আচৰিত হয় অ’. চি দাস।
: মালতীৰ আঁৰৰ আচল পুৰুষজনৰ নাম আকৌ ভদাই। জহনীত যোৱাটো আমাৰ চুবুৰিৰে। বেচেৰা পুতুকণে সহিব নোৱাৰিলে ইমান ডাঙৰ জখম। ডাইৰেক্ট ব্ৰেইনত শ্বুত পালে ছাৰ। সেয়ে সি পগলা হৈ গ’ল।
চকুলো টুকি টুকি ক’লে হৰিচৰনে। হৰিচৰনৰ মুখত পুতুকণৰ হৃদয় বিদাৰক কাহিনী শুনি দুখৰ হুমুনিয়াহ এৰিলে অ’. চি দাসে।
আনহাতে পুতুকণে চিঞৰি চিঞৰি দৌৰিবলৈ ধৰিলে,
“মালতী, মালতী……..”
☆ ★ ☆ ★ ☆
12:54 pm
😂😂বঢ়িয়া