মূল: জয়তু দূৰভাষ,গল্পকাৰ:চম্পা দাসগুপ্ত,ভাবানুবাদ-অঞ্জু মহন্ত
আজি লতিকা দৃঢ়প্ৰতিজ্ঞ, ঘৰলৈ উভতিয়েই বায়েকলৈ ফোন কৰিবই কৰিব। সদায় ভাবে, কিন্তু স্কুলৰ ছাত্ৰীসকলৰ লগত বকবক কৰি ঘৰলৈ অহাৰ পিছত ফোন কৰা বিষয়টো পিছদিনালৈ থৈ দিব লগা হয়। নিজকে কয় লতিকাই, বায়েকৰ খবৰ-খাতি লোৱাটোতো তাইৰ কৰ্তব্যৰ ভিতৰতেই পৰে। কেৱল কৰ্তব্যয়েই নে? মনেওতো বিচাৰে বায়েকৰ লগত কথা পাতিবলৈ। মনটো ভাল লাগিবলৈ।
কোলকাতাৰ উত্তৰ দিশৰপৰা ফোন গ’ল দক্ষিণ দিশত থকা বায়েক শান্তিৰ ওচৰলৈ। হেল্লো, হেল্লো পৰ্ব শেষ হোৱাৰ পিছত কথা আৰম্ভ, “বাইদেউ, কিমান দিনৰ পৰা যে ভাবি আছোঁ তোক ফোন এটা কৰিম বুলি, সময়েই নহয় অ’। অৱশ্যে মইতো নিজৰ চাকৰিৰ বাবে ব্যস্ত হৈ থাকোঁ, তইতো ঘৰত শুই বহি সময় পাৰ কৰ, তই কেনেকৈনো সমস্যাটো বুজি পাবি! ভিনদেৱে যে তোক কিমান কামত সহায় কৰে, আমাৰজনেতো আকৌ আৰাম কৰিয়েই সময় পাৰ কৰে। আচলতে জীৱনত একো সমস্যা নাই যে, সেইবাবে তেনেকৈ সময় পাৰ কৰিবলৈ পাৰিছে। মোৰ যে কি অৱস্থা, কি ক’ম! তহঁতৰ দৰেতো নহয় বাইদেউ, আমাৰ বিধে বিধে ৰন্ধা-বঢ়া কৰিব লাগে। ৰবিবাৰে ৰাতিপুৱাই নিজৰ গাড়ী লৈ ওলাই যায় আৰু বজাৰৰ তাজা মাছ-পাচলি কিনি আনে। আনক, মই একো নকওঁ, সামৰ্থ্য আছে সেয়েহে কিনিছে।”
একেৰাহে ইমানবোৰ কথা কোৱাৰ বাবে আৰম্ভ হৈ গ’ল লতিকাৰ খক্ খক্ কাহ আৰু সেই সুযোগটোকেই প্ৰায় জপিয়াই কাঢ়ি ল’লে তাইৰ বায়েক শান্তিয়ে।
“ঐ লতিকা, কাহৰ ঔষধ খাইছনে নাই? আমাৰ আকৌ ভিনদেৱেৰাই মোৰ অকণমান কিবা এটা হ’লেই চকুৰে অন্ধকাৰ দেখে। ইস্ ওচৰত থাকিলে তোৰ কাৰণে দামী ঔষধ এটা পঠিয়াই দিব পাৰিলোহেঁতেন। মই জান, পাঁচ তোলাৰ সোণৰ হাৰ এডাল গঢ়ালোঁ। তই ওচৰত থকা হ’লে তোক কেইদিনমানৰ বাবে পিন্ধিবলৈ দিব পাৰিলোহেঁতেন, সেয়াও কৰিব পৰা নাই। মই কিমান ভাবো তোক আমাৰ ঘৰলৈ আনি কেইদিনমান জিৰণি ল’বলৈ দিম। কথাটো শুনি আমাৰ এওঁ ক’লে, এনেয়ে মানুহজন অলস প্ৰকৃতিৰ, ঘৈণীয়েক ঘৰত নাথাকিলে সি কামকৰা মানুহৰ ওপৰত ভৰসা কৰি চলিব লাগিব।”
জড় বস্তু ফোনটোৰো বোধহয় ইমান অবান্তৰ কথা আৰু সহ্য হোৱা নাছিল। গ’ল ফোনৰ লাইন কাটি। কি আৰু কৰিব! দুই ভনীয়েকে নিজৰ নিজৰ ঘৰত একে সময়তে ভাবিলে ‘যাঃ গা কেনে আছে সেয়া দেখোন সোধাই নহ’ল’। এই সাধাৰণ কথাটোৰ খবৰ পিছত ল’লেও হ’ব। অৱশ্যে ইয়াৰ পিছত যেতিয়া কথা পাতিব, তেতিয়া মনত ৰাখি জনাব লাগিব কিমান টকা মিটাৰৰ পৰ্দাৰ কাপোৰ কিনিলে অথবা জনোৱাটো দৰকাৰ যে আৰু এটা ৰুমত এ.চি লগোৱা হৈছে।
উত্তৰ দক্ষিণৰ দুয়োজন পতিদেৱতাই নিজৰ নিজৰ পত্নীৰ ফোনালাপ শুনিলে আৰু ভাবিলে এয়াই যদি ভনীয়েকহঁতৰ কথা পতাৰ নমুনা হয় তেনেহ’লে ফোনাফুনি কম কৰিলেই মঙ্গল।
☆ ★ ☆ ★ ☆
4:38 pm
ভাল লাগিল পঢ়ি