ফটাঢোল

“চ…ৰ্…গী..য় ৰাইচ!!(“অনসূয়া বৰঠাকুৰ)

ড° প্ৰসন্ন চলিহাক চিনি পাইনে? অৱশ্যে আপুনি যদি কাকত-আলোচনীৰ নিয়মীয়া পাঠক, অসমৰ চুকে-কোণে থাকিলেও ছাৰক চিনি নোপোৱাৰ প্ৰশ্নই নুঠে। তেখেত জয়মতী কুঁৱৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী হৈ অৱসৰ লোৱা আজি ১৪ বছৰেই হ’ল, এই বয়সতো অতুলনীয় কৰ্মস্পৃহাৰে, ছাৰে লিখি উলিয়াইছে সাতখনকৈ গ্ৰন্থ। সেয়ে অঞ্চলটোৰ লগতে জিলাখনৰো যিকোনো অনুষ্ঠানৰ চলিহা ছাৰ এগৰাকী নিৰ্ধাৰিত বিশিষ্ট অতিথি। তেখেতৰ ৬খন গ্ৰন্থ, অনাড়ম্বৰভাৱে ঘৰত আৰু ওচৰ-পাজৰৰ সৰু-সুৰা অনুষ্ঠানতেই উন্মোচন কৰা হ’ল। সেয়া সামাজিক মাধ্যমে ডেকা-বুঢ়া সকলোকে নিজৰ মায়াজালেৰে বেৰি পেলোৱাৰ আগৰ সময়ৰ কথা! প্ৰায় ৬ বছৰ বিৰতিৰ অন্ততঃ অসমীয়া ব্যাকৰণ, বাক্য-বিন্যাস আৰু আমি সচৰাচৰ কৰা ভুলবোৰক লৈ ছাৰে লিখি উলিয়াইছে এখন বৃহৎ কলেৱৰৰ গ্ৰন্থ। মহানগৰীত থকা জ্যেষ্ঠ পুত্রই এইবাৰ বৰকৈ জোৰ দিছে উন্মোচন অনুষ্ঠানটো মহানগৰীৰ বিখ্যাত ভৱনত, বিশিষ্ট ব্যক্তিৰ সমাৱেশত তেখেতৰ ৭৫তম জন্মদিনৰ দিনা কৰিবলৈ। প্ৰসন্ন চলিহায়ো মনে-মনে তাকেই বিচাৰি আছিল কিয়নো যোৱা তিনিবছৰৰপৰা, সামাজিক মাধ্যমৰ এগৰাকী নিয়মীয়া ব্যৱহাৰকাৰী হোৱাৰেপৰা তেখেতে উপলব্ধি কৰিছে যে প্ৰচাৰ আৰু প্ৰসাৰ হে সফলতা বা জনপ্ৰিয়তাৰ মূল চাবিকাঠি!

অনুষ্ঠানৰ দুদিন আগত সপৰিয়ালে তেখেত মহানগৰীত থকা বৰপুত্রৰ ঘৰত উপস্থিত হ’ল। বৰপুত্রৰ বৰকন্যা অৰ্থাৎ তেখেতৰ বৰ নাতিনী ‘তনভী’ এই অনুষ্ঠানটো লৈ খুব আশাবাদী (সুগঢ়ী, লনি ছোৱালীজনীৰ নাম তন্বী ৰাখিছিল যদিও মুখ বাগৰি কেতিয়াৰপৰা তনভী হ’ল তেখেতে নিজেও নাজানে)। মহানগৰীৰ এখন অভিজাত বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্রী তনভীয়ে বিদ্যালয়ৰ বক্তৃতা প্ৰতিযোগিতাত কিছুদিন আগতে বিজয়ী হৈ অলপ অত্যুৎসাহীও হৈ আছে। তাই পৰিয়ালৰ সকলোৰে আগত সদম্ভে ঘোষণা কৰি ক’লে যে ককাকৰ অনুষ্ঠানৰ ‘এংকৰিং’ বোলে তাই কৰিব। লগে লগেই মাকে প্ৰতিবাদ কৰিলে ” তনভী, আছামিজত হে হ’ব প্ৰগ্ৰেমটো, তুমি ইংলিছ স্পিছ হে ভাল দিয়া, আৰু আছামিজত এংকৰিং বুলি ন…….”

“হ’ব মা, মোৰ বিছৱাছ(?) আছে মই ককাৰ ‘হুনুস্তানৰ(?) হাত-ধৰোঁতা'(?) হ’ব পাৰিম কিন্তু ককাই ‘মোতছে'(?) বেছি ‘অনা-নিয়া'(?) পেহীকহে বিছৱাছ কৰে”। 

কাণখন সামান্য গধুৰ হোৱাৰ(!) বাবেইনে কি জানো চলিহা ছাৰৰ, নাতিনীৰ কথাকেইটা বুজিবলৈ সময় লাগিল। অৱশ্যে অনুষ্ঠানটো ঠিক হওঁতেই তেখেতে আকাশবাণী কেন্দ্ৰৰ অস্থায়ী ঘোষিকা অনন্যা কাকতিক এই দায়িত্বভাৰ দিয়াৰ কথাটো মিছা নহয়। সম্পৰ্কত ড° চলিহাৰ ভাগিনী বুলি নহয়, ভাষা-সাহিত্যৰ এগৰাকী অনুৰাগী বাবেহে ঘোষিকা হিচাপে অনন্যা ছাৰৰ প্ৰথম পছন্দ। পিছে এতিয়াহে তেওঁ বৰ বিমোৰত পৰিল। এফালে মৰমৰ নাতিনীয়েকৰ আবদাৰ আৰু আনফালে ভাগিনীয়েকক দিয়া কথা! শেষত যেনিবা বৰপুত্রৰ তৎপৰতাত কথাটো সুকলমে সমাধা হ’ল। তনভীয়েও এই কথাষাৰ মানি ল’লে যে জন্মদিন উদযাপনৰ কাৰ্যসূচী ভাগৰ ঘোষিকা তাই আৰু  গ্ৰন্থ উন্মোচনীৰ আঁত-ধৰোঁতা ‘অনা-নিয়া’ পেহীয়েক হ’ব।

অৱশেষত বহু প্ৰত্যাশিত সেই দিনটো আহিল! পৰিয়ালৰ সকলো লোক একেলগে সাহিত্য ভৱনলৈ বুলি ওলাল। ৰাস্তাতে অনন্যাকো গাড়ীত উঠাই ল’লে। তেওঁলোক গৈ পোৱাৰ পিছতেই বিশিষ্ট লোক দুজনমান আহি পালে, বাকী দুজন অলপ পলমকৈহে পাবহি। ঘৰৰ মানুহৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ল যে জন্মদিনৰ কেক কটা আৰু বৃক্ষৰোপণ কাৰ্যসূচী তনভীয়ে আৰম্ভ কৰিয়েই দিয়ক, তেতিয়া অতিথি দুজন  আহি পালেই পৰৱৰ্তী ‘গ্ৰন্থ উন্মোচনী’ অনুষ্ঠানলৈ তেওঁলোক আগবাঢ়িব পাৰিব। 

ৰোমান লিপিত লিখি অনা কথাখিনিৰে তনভীয়ে আৰম্ভ কৰিলে ” চৰ্দাৰ (শ্ৰদ্ধাৰ?) ৰাইচ(ৰাইজ?) আঝিৰ (আজিৰ?) এই বিশেষ দিনটোত…….(কথাষাৰ সম্পূৰ্ণ হোৱাৰ আগতেই দৰ্শকৰ মাজত ফুচফুচনি আৰম্ভ হ’ল)। 

“আঝি হৈছে আমাৰ চৰগীয়(শ্ৰদ্ধেয়?) ককাৰ ৭৫তম….(এইবাৰ ইজনে-সিজনৰ মুখলৈ চাই সশব্দে হাঁহিবলৈ ল’লে)। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তাই নিজৰমতেই কৈ গ’ল ” চ..ৰ..গী..য় ৰাইচ, আপোনালোক ইমান অধইচ'(অধৈৰ্য) নহ’বচোন….

ইতিমধ্যে দৰ্শকৰ শাৰীত বহি থকা খুড়াৱক, খুড়ীয়েক মঞ্চলৈ ঢাপলি মেলা দেখি তনভীয়েও কেৰাহীকৈ কাষলৈ চাওঁতে দেখিলে মঞ্চত বহি থকা ককাৱক চকীৰপৰা ঢলি পৰিছে আৰু ‘অনা-নিয়া’ পেহীয়েকে কাগজ এখনেৰে বিচিবলৈ লৈছে। একো তৎ ধৰিব নোৱাৰি তায়ো লৰালৰিকৈ গৈ সেইখিনি পালেগৈ। ভৱনটোত হুৱা-দুৱা লাগিল। দেউতাকে ডাক্তৰলৈ ফোন লগালে। হয়তো প্ৰসন্ন চলিহাক তাৎক্ষণিক বিভাগত ভৰ্তি কৰিব লাগিব!

ড° প্ৰসন্ন চলিহাৰ সপ্তম গ্ৰন্থখন উন্মোচিত হ’বনে? ৭৫ তম জন্মদিৱস উদযাপন কৰাৰ সুযোগ মিলিবনে? নে সঁচাকৈয়ে তেখেত…

 (এই কথাখিনি আপোনালোকে সবিশেষ  জানিবলৈ আৰু কিছুদিন অপেক্ষা কৰিব লাগিব। চাওক, মই হৈছোঁ দৰ্শকৰ শাৰীত উপস্থিত থকা এজন গৰম খবৰ যুগুতোৱা মানুহ, ভাবিলোঁ ঘটনাটো ঘটাৰ লগে-লগেই আপোনালোককো গৰমে গৰমে ভাগটো দিওঁ!)

☆ ★ ☆ ★ ☆

5 Comments

  • খুব ভাল লাগিল৷

  • Anonymous

    আন্তৰিক ধন্যবাদ 🙏

  • জিতু

    ভাল লাগিল।

  • অৰবিন্দ গোস্বামী

    বৰ ভাল লাগিল দেই পঢ়ি।

  • কৰবী দেৱী

    বাস্তৱিক। খুব সুন্দৰ।