ফটাঢোল

কমলৰ সংসাৰ-স্বপ্নালী কলিতা

কমলৰ কলথোকা মনাইক দিলে

চাৰিকুৰি চাৰিটকা কেচ্‌ ধন পালে 

বান্ধি ল’লে চুৰিয়াত

খোজ ল’লে বহু বাট

ফুৰ্টিপানীটুপি গিলি আংবাং গালে।


ঘৈণীয়ে দেখি বোলে হেৰৌ শগুনেখোৱা 

কলথোকা দি তাৰ ৰহইচটো চোৱা

ল’ৰাহাল অনাহাৰ

নাইপোৱা পাৰাপাৰ 

যমেযে কিয় তোক বিচাৰি নাইপোৱা।


চোঁচা মাৰি আহি বোলে কিনো কথা ক’লি 

একে মাৰে চিধা কৰিম কৈ থ’লো ছ’লি

ময়েই ঘৰৰ বচ্‌

নামাতিবি খচ্‌ খচ্‌

খাবলৈ নিদিলে দিম সকলোকে বলি।


কি ক’লি ক’লি বোলো যহনিয়েনিয়া

ভাবিছ তোৰ ভয়ত কঁপে মোৰ হিয়া 

ময়ো কম বুলি ভাবি 

সেই ভুল নকৰিবি 

একেঘাপে ছেও কৰি হ’ম তেজপিয়া।


বহাগৰ বিহু এটা বছৰত আহে 

কিবা এপদ ঘৰলৈ হাততেই নাহে

মদটুপি ঠিকখাবি

যেনে মন তেনে ক’বি 

সহ্যৰো সীমা টুটি আহিল লাহে লাহে।


শুনি কথা গুৰুতৰ ভাবিলে কমলে

মোৰচোন বাহাদুৰি গ’ল ৰসাতলে 

নোজোকোৱা ভাল হ’ব 

নহ’লেযে দেহা যাব

হেৰা শুনা বলি গ’ল মন ভুলাব’লে।  

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *