ফটাঢোল

পঞ্চপদী- হেমেন ডেকা

(১)

ধাৰণা হয় তেওঁ যেন মধ্যযুগীয় ৰজা

সাম্ৰাজ্যবাদীৰ সংগ লৈ পাই বৰ মজা

অবিবেচক অচেতন

অহংকাৰত পতন

ওপৰ গধূৰ হ’ল উচ্চাকাংক্ষাৰ বোজা৷


(২)

হঠাতে হেৰাল সহস্ৰজনৰ হৰ্ষ

হিংস্ৰ নৰৰ সৰ্বনাশী সংঘৰ্ষ

হায়েনাৰ চিৎকাৰ

হৰিণৰ হাহাকাৰ

হৰিৎ প্ৰান্তত ৰক্তবন্যা অনিবাৰ্য৷


(৩)

তেজত তগবগাই থাকে যুঁজাৰু প্ৰবৃত্তি

প্ৰতিপত্তিৰ যুঁজত হ’লে হওক বিপত্তি

মাৰণাস্ত্ৰৰ গৰ্জন

নিমাখিতৰ ক্ৰন্দন 

জন্তুৰ সৈতে ৰিজালেও নাই কোনো আপত্তি৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *