ফটাঢোল

তোমাৰ বাবেই-জয়ন্ত দাস

চৰিত্ৰ সমূহঃ

বিপুল বৰুৱা ( বিশিষ্ট ব্যৱসায়ী) অভিনয়ত হেমন্ত কাকতি৷

উৎপল ( বিপুল বৰুৱাৰ পুত্ৰ)  অভিনয়ত– মৃদুল নাথ৷

জুৰী ( উৎপলৰ পত্নী) অভিনয়ত– ৰাজশ্ৰী শৰ্মা৷

ৰীতা ( কলেজীয়া ছাত্ৰী/গায়িকা)  অভিনয়ত– ডলী তালুকদাৰ৷

চন্দ্ৰা ( ৰীতাৰ ভনীয়েক)  অভিনয়ত– বিতুপৰ্ণা দাস ( বিতুকলি)

ৰীতা আৰু চন্দ্ৰাৰ মাকৰ চৰিত্ৰত — কমলা দাস৷

বিকাশ ( উৎপলৰ বন্ধু) অভিনয়ত– যোগেশ ভট্টাচাৰ্য৷

আৰু ডাক্তৰৰ ভুমিকাত — ডাঃ পাৰ্থ সাৰথি ভূঞা৷

কেমেৰাঃ নয়নমনি

সাজসজ্জাঃ নীলাক্ষী কাকতি৷

সংগীতঃ মৃদল৷

কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাঃ জয়ন্ত দাস৷


১মঃ দৃশ্যঃ

বৃন্দাবন ৷ পৰ্দাত দেখা যাব সুদৃশ্য বৃন্দাবনৰ মন্দিৰ৷ ব্যস্ত দৰ্শনপ্ৰাৰ্থীৰ ইফালেসিফালে অহাযোৱা৷ পথৰ দুয়োফালে মহিলা ভিক্ষাৰীৰ ভীৰ৷ লাহে লাহে কেমেৰা উৎপল, জুৰী আৰু তেওঁলোকৰ ৯ বছৰীয়া সন্তানৰ ওপৰত স্হীৰ হব৷ তেওঁলোকক  চিৰিয়েদি নামি আহি থকা দেখা যাব৷ উৎপল  আৰু জুৰীয়ে ভিক্ষাৰীবোৰক বস্ত্ৰ আৰু ধনৰ টোপোলা দান দি থকা দেখা যাব৷

জুৰীঃ  ইমান ভিৰ৷ মই আৰু আগবাঢ়ি নাযাওঁ দেই৷ বাবুৰ লগত ইয়াতেই ৰৈ দিওঁ৷ তুমিয়েই বাকী থকা বস্ত্ৰখিনি ভিক্ষাৰী বোৰক দান কৰি আহা৷

উৎপলঃ  উম, ঠিক কথাই কৈছা৷ তুমি ইয়াতেই থাকা৷ ময়েই বস্তু কেইপদ দি আহোঁ৷

উৎপলক এফালৰ পৰা বস্ত্ৰ খিনি দান দি গৈ থাকে ৷ হঠাতে সি দুখোজমান পিছুৱাই আহি এজনী ভিক্ষাৰীৰ ফালে তন্ময় হৈ চাই থাকিব৷

উৎপলঃ  ( আচৰিত হৈ) তুমি? তুমি ইয়াত? কেনেকৈ? সূদূৰ অসমৰ পৰা আহি ইয়াত কিয়? কেনেকৈ তুমি ইমানখিনি পালা?

ভিক্ষাৰীঃ (শেতা হাহিৰে) চিনি পালে৷ দেখিছো আপোনাৰ চকুৰ নজৰ এতিয়াও বেছ সুন্দৰ হয়েই আছে৷ 

উৎপলঃ  কিন্ত কিয়? কিয় তুমি নিজকে শেষ কৰি দিছা?

ভিক্ষাৰীঃ সৌৱা নিশ্চয় আপোনাৰ পত্নী  আৰু সন্তান ৷ পত্নীয়ে আমাৰ ফালেই চাই আছে৷  বেলেগ কিবা ভাবিব তেওঁ৷ আপুনি ইয়াৰ পৰা সোনকালেই আতৰি যোৱাই মংগল৷

উৎপলঃ  তেওঁ যি ভাবে ভাবক৷ কিন্তু তুমি কিয় এনেকৈ তিলতিলকৈ নিজকে শেষ কৰিছা কোৱা মোক৷

ভিক্ষাৰীঃ ( শেতা হাঁহি মাৰি) উত্তৰ দিবলৈ চোন মোৰ হাতত একোৱেই নাই৷ 

উৎপলঃ  (ভিক্ষাৰীৰ হাতত ধৰি) মোক ক্ষমা কৰি দিয়া প্লিজ৷ আচলতে মই নিৰুপায়৷

ভিক্ষাৰীঃ ক্ষমা? কিহৰ ক্ষমা? আপুনি কি দোষ কৰিছেনো? ( প্ৰসংগ সলাই) পত্নীয়ে আপোনাৰ বাবে অপেক্ষা কৰি আছে, গতিকে ইয়াৰ পৰা আতৰি যাওঁক৷

উৎপলে ৰুমালেৰে চকুপানী মচি জুৰীৰ ফালে আগবাঢ়ি যোৱা দেখা যাব৷ জুৰীয়ে উৎপলৰ  ফালে আচৰিত হৈ চাই থাকিব৷


 2য় দৃশ্যঃ


হোটেল ময়ূৰ বৃন্দাবন৷ কোঠা নম্বৰ ৩০৫৷ ডিলাক্স কোঠাটোৰ বাৰাণ্ডাৰ চোফাখনত বহি জুৰীয়ে বাহিৰৰ ফালে চাই কিবা ভাবি থাকে৷  উৎপলে ৱাছৰুমৰ পৰা উলাই আহি টাৱেলৰে হাত মুখ মচি মচি জুৰীৰ সন্মুখৰ চোফাখনতে বহি পৰিব৷ 

উৎপলঃ জুৰী,  কি ভাবি আছানো?

জুৰীঃ ( থতমত খাই )  নাই, নাই৷ একো ভবা নাই৷

উৎপলঃ  অঁ, ৰবা হোটেল বয় জনে এতিয়াও কফি দি যোৱা নাই নেকি? কি যে হব! আহোতেই  কাউন্টাৰত কফিৰ কথা কৈ আহিলোঁ , ইমান সময় লাগেনে?

এনেতে কোঠাটোৰ কলিং বেল বাজি উঠে৷ উৎপলে দৰ্জাখন খুলি কফীৰ ট্ৰে খন লৈ একাপ কফি জুৰীলৈ আগবঢ়াই দিব৷ 

জুৰীয়ে চেনীৰ কিউব টো কফী কাপত দি চামুচেৰে লৰাই থাকি উৎপলৰ ফালে চাই সুধিব৷

জুৰীঃ  বাৰু এটা কথা কোৱাচোন, ব্ৰজধামত ভিক্ষাৰী বোৰক দান কৰি থাকোতে তুমি এজনী ভিক্ষাৰীৰ লগত অলপ বেছিকৈয়ে কথা পাতিছিলা৷ কিয়?

উৎপলঃ নাই এনেয়ে৷ কিবা ভাল লাগি গল দুআষাৰ কথা পাতিলোঁ৷

জুৰীঃ  (উচ্চস্বৰত) মিছা কথা৷ উভতিবৰ সময়ত তুমি তাইৰ হাতত ধৰি কিবা কোৱাও মই নিজ চকুৰে দেখিছোঁ৷ তাৰোপৰি হোটেললৈ উভতি আহোতেও গাড়ীত তুমি সামান্য দুই এটা কথাহে পাতিছিলা৷ আনকি তোমাৰ চকু দুটাও সেমেকি থকা  দেখিছিলো৷ গতিকে কোৱা উৎপল এনেকুৱা কি কথা আছে যাৰ বাবে তোমাৰ এনেকুৱা হঠাতে পট পৰিবৰ্তন? কোন সেই মায়াবী নাৰী?

উৎপলঃ আৰে  এনেয়ে অকমান কথা পাতিছোঁ বুলি কৈছোৱেই চোন৷

জুৰীঃ (খঙেৰে) তুমি কলেই হব নেকি? সেই শীৰ্ণ বিবৰ্ণ নাৰী গৰাকী কোন হয় মোক কবই লাগিব৷ এজনী সাধাৰণ নাৰীৰ বাবে তুমি মোক কথা লুকুৱাইছা?

উৎপলঃ (ভীষণ উত্তেজিত হৈ)   সাধাৰণ নাৰী নহয়, দেৱী হয় তেও,  দেৱী৷  জানিব বিছাৰিছা ন কোন হয়? আছে তোমাৰ সাহস? সহ্য কৰিব পাৰিবা? 

  জুৰীয়ে একেথৰে উৎপলৰ ফালে চাই থকা দেখা যাব৷ তাৰপিছত লাহৈকে কব৷

জুৰীঃ  অ মই সকলো জানিবলৈ প্ৰস্তুত৷ এনেকুৱা কি কাৰণ থাকিব পাৰে যাৰবাবে তুমি ইমান উত্তেজিত হৈছা৷

উৎপলঃ ( দূৰৈৰ আকাশ খনৰ ফালে চাই) সেয়া আজিৰ পৰা প্ৰায় ১১ বছৰমান আগৰ কথা৷ মই ইঞ্জিনিয়াৰিং পাছ কৰি চাকৰিত নতুনকৈ সোমাইছিলো হে মাথো৷ আমাৰ গাওঁখনৰ ওচৰৰ অইন এখন গাৱঁত ৰীতা নামৰ এজনী ছোৱালী আছিল৷ বৰ সুন্দৰ গীত গাইছিল তাই৷ মই গীটাৰ বজাইছিলো তাইৰ লগত৷  আমি একেলগে বহুতো ফাংচন কৰিছিলোঁ৷  লাহে লাহে আমি দুয়ো দুয়োৰো প্ৰেমত পৰিছিলোঁ৷ সময় আগবাঢ়ি গৈ থাকিল……..


৩য় দৃশ্যঃ (ফ্লেছ বেক)

শৰাইঘাট কলেজৰ প্ৰেক্ষাগৃহ৷ গোটেই গৃহটোৱেই কলেজৰ লৰা ছোৱালীৰ দ্বাৰা পৰিপূৰ্ণ ৷ বাৰ্ষিক কলেজ সপ্তাহ উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলি আছে৷ মঞ্চত ৰীতাই প্ৰাণধালি এটাৰ পিছত আনটো গীত পৰিবেশন কৰিছে৷ উৎপলেও খুব সুন্দৰকৈ গীটাৰ সংগত কৰি গৈছে৷ ৰীতাই তাইৰ অনুষ্ঠানৰ শেষৰ গীত টো পৰিবেশন কৰি আছে

” তোমালৈ মনত পৰে প্ৰতিটো প্ৰহৰেপ্ৰহৰে

নিশাবোৰে আমনি কৰে, এইয়া জানো ভালপোৱা”…..

গীতটো পৰিবেশন কৰি থাকোতেই ৰীতা কল্পনাৰ সাগৰত বুৰ যাব৷

ব্ৰহ্মপুত্ৰৰ বালিচৰত ৰীতা আৰু উৎপলে হাতত ধৰাধৰিকৈ দৌৰি থাকিব৷ হঠাতে ৰীতা বালিৰ ওপৰত ওলটি পৰিব৷  উৎপলে তাইক হাতত ধৰি উঠাবলৈ যাওঁতে সিওঁ পিছলি  পানী যুৱলীত পৰিব৷  একাচল পানী সি ৰীতাৰ মুখলৈ চটিয়াই দিব৷ লগেলগেই তাই বাস্তৱলৈ ঘুৰি আহিব৷

অনুষ্ঠান সম্পূৰ্ণ কৰিয়েই ৰীতাই উৎপলৰ স্কৰপিও গাড়ীখনত বহিব৷ চালকৰ আসনত উৎপল৷ পৰ্দাত  সিহতৰ গাড়ীখন কলেজ চৌহদৰ পৰা ওলাই অহা দেখা যাব৷ ইপিনে সাংস্কৃতিক অনুষ্ঠানৰ আন কাৰ্যসূচী বোৰ চলি থাকিব৷

উৎপলঃ (গাড়ী চলাই চলাই) আজিৰ অনুষ্ঠানটো বেছ ভাল হৈছে৷ তুমি বৰ সুন্দৰকৈ গীত কেইটা গাইছা৷

ৰীতাঃ আপুনিও বৰ সুন্দৰকৈ সহযোগ কৰিলে৷ বাকী বাদ্যযন্ত্ৰী বোৰেও বৰ ধুনীয়া বজাইছে৷

উৎপলঃ উম হয় কথাটো৷ (প্ৰসংগ সলনি কৰি) মই এটা কথা ভাবিছোঁ৷ এইবাৰ তোমাৰ ফাইনেল পৰীক্ষাটো শেষ হলে আঘোণলৈ আমাৰ বিয়াখন পাতিব বুলি ভাবিছোঁ৷

ৰীতাই কোনো উত্তৰ নিদি উৎপলৰ মুখলৈ চাই থাকে৷

উৎপলঃ কি হল একো নকলা যে৷ তুমি কিবা বেলেগ ভাবিছা নেকি?

ৰীতাঃ নাই নাই একো বেলেগ ভবা নাই৷ আপুনি যি ভাল দেখে কৰক৷ মই আপোনাৰ লগত চিৰ জীৱন আছোঁ৷

গাড়ীখন এটা  ধুনীয়া পূৰণি দিনীয়া অসম আৰ্হিৰ ঘৰৰ সন্মুখত ৰখিব৷ ” নিৰিবিলি” গাড়ীখনৰ হেডলাইটৰ পোহৰত ঘৰৰ নামটো স্পষ্টকৈ দেখা যাব৷

উৎপলঃ তোমালোকৰ ঘৰৰ এই “নিৰিবিলি” নামটো মোৰ বৰ ভাল লাগে৷

ৰীতাঃ দেউতাই দিয়া নাম৷ বাৰু বাই৷ ৰাষ্টাত কথা পাতি নাথাকো৷ মই যাওঁ৷ আপুনিও ঘৰলৈকে গৈ থাকক৷

উৎপলঃ (হাহিঁ হাহিঁ) কাইলৈ অফিচ বন্ধ৷ অলপ পলম হলেওঁ একো নহলহেঁতেন৷ বাৰু বাই৷ আঘোণ মাহ মনত ৰাখিবা৷

উৎপলে গাড়ীখন ঘূৰাই ঘৰলৈকে ৰাওঁনা দিব৷ ৰীতা তাইৰ কোঠালৈকে সোমাই যাব৷ কেমেৰাত ভনীয়েক চন্দ্ৰাই

 বিছনাত বাগৰি মবাইল চাই থকা দেখা যাব৷ বায়েকক দেখি বিছনাত উঠি বহিব৷

চন্দ্ৰাঃ আহি পালি? কেনে হল প্ৰগ্ৰেম?

ৰীতাঃ বেছ সুন্দৰ হৈছে৷ সকলোবোৰেই বৰ সুন্দৰকৈ সহযোগ কৰিছে৷

চন্দ্ৰাঃ (দুষ্টালিভৰা হাহিঁৰে) আৰু উৎপল দাই?

জুৰিঃ কৰিছে৷ তেৱোঁ বৰ ধুনীয়াকৈ গীটাৰ বজাইছে৷

চন্দ্ৰাঃ বাৰু বা কথা এটা সোধোঁ৷ তোক উৎপল দাই বহুত ভালপাই জানো, কিন্তু তোকেই বিয়া পাতিবনে?

ৰীতাঃ কিয় তেনেকৈ ভাবিছা?

চন্দ্ৰাঃ নহয় মানে সিহতৰ ঘৰখন বৰ ধনী যে৷ তাতে আকৌ তেৱো ইঞ্জিনীয়াৰ৷

ৰীতাঃ আকৰী এইবোৰ ভাবিব নালেগে৷ অহা আঘোণত আমাৰ বিয়া৷

চন্দ্ৰাঃ সচ্চা৷

মৰমতে বায়েকক আকোঁৱালি ধৰিব৷ তেনেতে কোঠালৈ মাক সোমাই আহিব৷

মাকঃ কি হল অ তহতৰ? তাই আহি পাইছেহে মাথো , মুখ হাত ধুই লবলৈ দেচোন৷ মই একাপ চাহ বনাই আনোগৈ৷

মাক পুনৰ পাকঘৰলৈ সোমাই যাব৷


৪ ৰ্থ দৃশ্যঃ

ফাকুৱাৰ ৰাতিপুৱাৰ দৃশ্য৷ ৰাষ্টাত সৰু বৰ সকলোৱেই হলিৰ আনন্দ লোৱাত ব্যস্ত৷ দূৰৈৰ পৰা কেমেৰাই উৎপলৰ হতৰ প্ৰাসাদোপম ঘৰখন  দেখুৱাব৷ বাৰাণ্ডাত উৎপলৰ দেউতাক বিপুল বৰুৱাক আৰামী চকীত বহি চাহৰ জুটি লৈ  লৈ  বাতৰি কাকত পঢ়ি থকা দেখা যাব৷ মাজতে হাতঘড়ী টোলৈ চায় উৎপলক মাতিব৷

বিপুলঃ উৎপল, চাওঁ এইফালে আহাচোন অকমান৷

উৎপলঃ (ঘৰৰ ভিতৰৰ পৰা) অ গৈছোঁ দেউতা৷

(দেউতাকৰ ওচৰ চাপি) কোৱাচোন কি হল৷

বিপুলঃ  চোৱা , তোৰ বিয়াখন পাতিম পাতিম বুলি পাতিবই পৰা নাই৷ কোনোফালেই চোন তোৰ ছোৱালী পছন্দ নহয়৷ বলচোন আজি মোৰ বন্ধু এজনৰ জীয়েককে চাই আহোঁ, কিজানি তোৰ পছন্দ হয়েই বা৷

দেউতাকৰ কথাশুনি উৎপলৰ মুখৰ ৰঙ সলনি হৈ পৰে৷

উৎপলঃ নালাগে নেকি দেউতা৷ তাতেই ফাকুৱাৰ বতৰ৷

বিপুলঃ সেইকাৰণেই তো যাবলৈ ওলাইছোঁ৷ ফাকুৱাৰ বন্ধত ছোৱালী ঘৰলৈ আহিছে৷ গুৱাহাটীৰ কলেজত পঢ়ি আছে৷ হোষ্টেলত থাকে৷ কাইলৈ আকৌ ৰাতিপুৱাই চহৰলৈ যাব৷ তাৰোপৰি খোলা দিনত তোৰো অফিচ নাথাকিব জানো? গতিকে বলচোন চাই আহোঁ আৰু এপাক ঘূৰিওঁ অহা হব৷ মাৰাক নিনিওঁ আজি ৷ তেওঁ বোলে আয়তীসকলৰ লগত নামঘৰলৈ যাব৷ বল বল সোনকালেই সাজু হৈ ল৷ ময়ো হওঁ৷

উৎপলঃ ( অনিচ্ছা স্বত্বেও) বাৰু দেউতা৷

(মুখৰ ভিতৰতে ভুৰভুৰাই)  কিমান নো আৰু ছোৱালীৰ ঘৰে ঘৰে গৈ মিছাকৈ ছোৱালী চাই ফুৰিম৷

উৎপলে ঘৰৰ ভিতৰলৈ সোমাই গৈ মটৰ চাইকেলৰ চাবিপাত আৰু পেন্টৰ জেপত এপিকেট ফাকুৱাৰ গুৰি লৈ ওলাই আহে ৷ চোতালত ৰখাই থোৱা মটৰ চাইকেলখন ষ্টাৰ্ট কৰে৷

বিপুলঃ হাৰে কত যোৱা?

উৎপলঃ তুমি সাজো হোৱা দেউতা৷ মই এইমাত্ৰ আহি আছোঁ৷

“তুমি মোৰ মৰমৰে মইনা তুমি মোৰ আকাশৰে জোন” — ৰীতাৰ ফোনৰ ৰিংটনটো বাজি উঠিব৷

চন্দ্ৰাঃ বা ফোন টো ৰিং হৈ আছে, কতনো আছ তই?

ৰীতাঃ অঁ গৈছো ৰহ৷

ততাতৈয়াকৈ আহি ফোনটো হাতত  লয়৷ স্ক্ৰীনত দেখা যায় উৎপল কলিং

ৰীতাঃ গুড মৰ্ণিং উৎপল দা৷

উৎপলঃ গুডমৰ্ণিং৷ আচ্ছা তুমি অলপ  ওলাই আহাচোন৷

ৰীতাঃ কলৈ

উৎপলঃ তোমালোকৰ গেটৰ বাহিৰতে মই ৰৈ আছোঁ৷

ৰীতাঃ গৈছোঁ বাৰু৷

(ৰীতা গেটলৈ ওলাই আহে৷) কওঁকচোন কিয় ইমান খৰখেদাকৈ মাতিলে?

উৎপলঃ ৰং সানিবলৈ৷

ৰীতাঃ আপুনিও সৰু লৰাছোৱালীৰ দৰেই হৈ আছে৷ ইমান ৰাতিপুৱাই নো ফাকু খেলিব লাগেনে?

উৎপলে ৰীতাৰ দুয়োখন গালতে ৰং সানি দিয়ে৷ তায়ো উৎপলৰ পেকেটৰ পৰা ফাকুগুৰি অলপ লৈ উৎপলৰ গালমুখে সানি দিয়ে৷

উৎপলঃ তোমাক এটা বেলেগ কাৰণত হে মাতিলোঁ৷ দেউতাৰ আকৌ পুৰণি ৰোগটোৱে ওক দিছে৷

ৰীতাঃ মানে৷

উৎপলঃ মানে আৰু কি৷ ছোৱালী চাব যাব লাগে

ৰীতাই  মুখেৰে একো নামাতে৷

উৎপলে পুনৰ কৈ যায়৷ 

ধেই আকৰী ইমান ভয় কৰিব নালাগে৷ মই আছোঁ নহয়৷ এইবাৰ আহিয়েই দেউতাক আমাৰ সকলো কথা কৈ দিম৷ বাৰু মই যাওঁ৷ বাই৷

ৰীতাঃ ( কপি উঠা দুটি উঠেৰে থোকাথুকি মাতেৰে) 

বাই৷


৫ম দৃশ্যঃ

সময় আবেলি৷ লেক চাইড পাৰ্ক, আমিনগাওঁ৷ পাৰ্কৰ ভিতৰত উৎপল আৰু ৰীতাক কথা পাতি থকা দেখা যাব৷ 

ৰীতাঃ ( হাঁহি হাঁহি) বাকী কথা পাছত আগতে ছোৱালী কেনে পালে কওঁক৷

উৎপলঃ কম ৰবা৷ প্ৰথমে শুনাচোন মাকে কি কি কলে ছোৱালীৰ বিষয়ে৷ তাইৰ দৰে ধুনীয়া আৰু কামজনা ছোৱালী বোলে সিহতৰ গাৱঁত আৰু ২য় জনী নাই৷ খানা বনোৱাতো বোলে পাকৈত৷  খিচিৰি, বিৰিয়ানী, পলাওঁ  এটা পাত্ৰতে এবাৰতে বনাই দিব পাৰে৷ গ্ৰীণ টি, ৰেড টি, হুৱাইট টি, ব্লেক টি চব টিয়েই বনোৱাত হেনো ওস্তাদ৷ আৰু মোক বোলে এনেকুৱা খানা বনাই খুৱাব মই হেনো চাৰপ্লাচ হৈ যাম৷

ৰীতাঃ কি চাৰপ্লাচ?

উৎপলঃ বুজি পোৱা নাই তুমি? মাকে চাৰপ্ৰাইজ কে চাৰপ্লাচ বুলি কৈছে৷

ৰীতাঃ (হাহিঁৰে) তেতিয়া হলে আপুনি ভাল চেফ এজনীও লাভ কৰিব৷

(উৎপলেও হাহিঁ দিয়ে৷)

কিন্তু এনেকৈ ছোৱালী চোৱাতো মই বেয়া পাওঁ উৎপল দা৷ কিমান আশাৰে বা ছোৱালী বোৰে এনেকৈ এজন অচিন পুৰুষৰ সন্মুখত নিজৰ পৰীক্ষা দিয়ে৷ লৰাজনে পছন্দ কৰিলেতো বেছ ভাল কিন্তু অপছন্দ কৰিলে কিমান বা মনোকষ্ট পায় ভাবিয়েই বেয়া লাগে৷ আপুনিও এনেকৈ ছোৱালী চাই ফুৰাটো বেয়া কথা৷ পাৰিলে ঘৰত আমাৰ কথাটো কৈ দিয়াই ভাল নেকি?

উৎপলঃ আজিয়েই দেউতাক সকলো কথা খুলি কম৷ বলা সন্ধিয়া হবৰ হল ঘৰলৈকে যাওঁ৷

ৰীতাঃ বলক৷


৬ষ্ঠ দৃশ্যঃ

বিপুল বৰুৱা ড্ৰয়িং ৰুমৰ চোফাত বহি যেন কাৰোবাৰ বাবে অপেক্ষা কৰি আছে৷ এনেতে উৎপল কোঠাটোলৈ সোমাই আহে৷ উৎপলক দেখি দেউতাকে চোফাত বহিবলৈ ইংগিত দিয়ে৷

বিপুলঃ বহচোন৷ অলপ কথা আছে৷

উৎপলঃ কি দেউতা?

বিপুলঃ ছোৱালী জনী কেনে পালি?

উৎপলঃ ভাল দেউতা৷ বৰ ভাল ছোৱালী৷

বিপুলঃ গুড৷ এয়াহে মোৰ লৰা৷ বিয়াখন মই বহাগতে পাতিম বুলি স্থীৰ কৰিছোঁ৷

উৎপলঃ (অলপ ইতস্ততঃ কৰি)  দেউতা ছোৱালী জনীক মই বিয়া পাতিব নোৱাৰিম৷

বিপুলঃ কিন্তু কিয়?

উৎপলে চোফাৰ পৰা উঠি কোঠাটোৰ এটা কোণলৈ গৈ দেউতাকৰ মুখলৈ নোচোৱাকৈ কয়

উৎপলঃ কাৰণ মই ছোৱালী এজনীক ভাল পাওঁ৷ ৰীতা নাম তাইৰ৷ তাইক বিয়া পাতিম বুলি মই কথা দিছোঁ৷

বিপুলঃ ( প্ৰচণ্ড জোৰেৰে চিঞৰি) কি কলি?  ৰীতা মানে সেই গানবাজনা কৰা ছোৱালীজনীক বিয়া পাতিবি? সেইবাবেহে ফাংচনে ফাংচনে তাইৰ লগত ঘূৰিছিলি?  এইখিনিৰ বাবেহে মই তোক পঢ়াশুনা কৰাই ডাঙৰ মানুহ কৰিলোঁ? শুন ময়ো মোৰ বন্ধুক তেওঁৰ ছোৱালীৰ লগতেই মোৰ লৰাৰ বিয়া হব বুলি  কথা দি আহিছোঁ৷ গতিকে মোৰো শেষ কথা তোৰ বিয়া মোৰ বন্ধুৰ ছোৱালীৰ লগত হে হব৷

উৎপলঃ অসম্ভৱ দেউতা৷

বিপুলঃ কি সম্ভৱ, কি অসম্ভৱ মই ভালকৈয়ে  জানো৷  আৰু শুন মই তোক সকিয়াই দিলোঁ, সেই ছোৱালী জনী যদি এইখন ঘৰৰ বোৱাৰী হয় তেতিয়াহলে তোৰ দেউতাক আৰু জীৱিত নেদেখিবি৷

উৎপলঃ দে…উ…তা… 

তুমি এইয়া কি কথা কৈ দিলা দেউতা প্লিজ এবাৰ ভাবি চোৱা৷ (উৎপলে হুকহুকাই কান্দিব ধৰে)


৭ ম দৃশ্যঃ

আদিত্য কনচালটেঞ্চি চাৰ্ভিছ৷ পৰ্দাত  সু   বৃহৎ কাৰ্যালয় টো দেখা যাব৷ লাহে লাহে কেমেৰা উৎপলৰ কাৰ্যালয়ৰ কোঠাটোত প্ৰবেশ কৰিব৷  কোঠাটোত উৎপল আৰু তাৰ বন্ধু বিকাশে কথাপাতি থকা দেখা যাব৷

বিকাশঃ ঘটনাই  ভয়ংকৰ ৰূপ লৈছে৷ কোনো ফালেই চোন সমাধান সূত্ৰ নোলায়৷ আমি এবাৰ খুড়াদেউক বুজাই চাওঁ নেকি?

উৎপলঃ একো লাভ নাই৷ মাঁৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰিছিলোঁ৷ কিন্তু নাই তেওঁ নামানে৷ হিমালয়ৰ দৰে অটল৷ বৰং মাক হে বহুত তৰ্জনগৰ্জন কৰিলে৷

বিকাশঃ তই কি ভাবিছ?

উৎপলঃ একো উৱাদিহেই পোৱা নাই৷ কাকো মই হেৰুৱাব নিবিচাৰো৷ মাঁ ও নিৰুপায়৷ তেৱোঁ দেউতাৰ বিপৰীতে যাব নোৱাৰে৷ 

বিকাশঃ ( কিছু সময় মনে মনে থাকি) ৰীতাৰ লগত এবাৰ কথাখিনি পাতিচোৱা ভাল হব নেকি? কিজানিবা কিবা ভাল উপায় ওলায়েই৷

উৎপলঃ   উম ময়ো ভাবিছো৷ আজি অফিচৰ পৰা বাহিৰে বাহিৰে গৈ ৰীতাৰ লগত কথা পাতিম৷ (হুমুনিয়াহ কাঢ়ি) নাজানো জীৱনটোৱে কোনফালে গতি কৰিব গৈ আছে৷


৮ ম দৃশ্যঃ

সন্ধিয়াৰ নৈ ঘাট৷ উৎপল আৰু ৰীতা বহি আছে৷ কিবা জৰুৰী কথা আছে বুলি ৰীতাক ইয়ালৈকে লৈ আহিছে৷ কিন্তু সি একো কব পৰা নাই৷ উৎপলৰ সেমেকা চকুযুৰি ৰীতাই আন্ধাৰৰ বাবে দেখা পোৱা নাই৷  একো বুজিব নোৱাৰি ৰীতাই উৎপলক প্ৰশ্ন কৰিছে৷ 

ৰীতাঃ হঠাতে যে এনেকৈ মাতিলে কওঁকচোন কি হল?

ইতিমধ্যে ঢলহৈ বাগৰি অহা চকুপানীত উৎপলৰ গাল মুখ তিতি গৈছে৷

উৎপলঃ মই বৰ বিপদত পৰিছোঁ৷ আমাৰ সন্বন্ধটো দেউতাই মানি লব খোজা  নাই৷ তেওঁ কোনো পধ্যেই আমাৰ বিয়াত সন্মতি নিদিয়ে৷

উৎপলৰ প্ৰতিটো শব্দই যেন ৰীতাৰ কলিজা বিদীৰ্ণ কৰি গৈছে৷ নিথৰ দৃষ্টিৰে মাথো  তাৰ ফালে চাই আছে৷ কিছু সময় নিৰ্বাক হৈ থাকি কৈছে৷

ৰীতাঃ এইয়া আপুনি কি শুনালে?

একো উত্তৰ দিব পৰা নাই উৎপলে৷ শেতা জোনৰ পোহৰত সি ৰীতাক বুকুৰ মাজত আকোঁৱালি লৈছে৷ কেমেৰাত দেখা যাব ৰীতাই কান্দিছে৷ চকলোৰ ঢলত উৎপলৰ চোলাটো তিতি গৈছে৷ উৎপলেও কান্দিছে৷  কিছুসময় পিছত ৰীতা কিছু সুস্থিৰ হল৷ তাই চুৰ্ণীখনৰে উৎপলৰ চকুপানীখিনি মচি থোকাথুকি মাতেৰে কলে

ৰীতাঃ  চাও নাকান্দিব৷ পুৰুষ মানুহে কান্দিব নাপায়৷ দেউতাৰ কথা আমি মানি চলা উচিত৷

উৎপলঃ  কি কৈছা তুমি? কোৱা মোক এৰি থাকিব পাৰিবা তুমি? পাৰিবা??

ৰীতাঃ পাৰিব লাগিব উৎপল দা৷ আপোনাৰ বাবে,  আপোনলোকৰ ঘৰখনৰ বাবে মই এইখিনি সামান্য ত্যাগ কৰিব পাৰিবই লাগিব৷ কিয়নো মই আপোনাক মোৰ প্ৰাণতকৈও ভাল পাওঁ৷

পুনৰ এবাৰ উৎপলৰ বুকুত মুখখন গুজি ৰীতা কান্দোনত ভাগি পৰিল৷

উৎপলঃ ( জোৰেৰে চিঞৰি) নাই নহব৷ সেইটো হব নোৱাৰে৷

ৰীতাঃ আপুনি উত্তেজিত হৈ পৰিছে৷ কথাবোৰ ভালকৈ চিন্তা কৰক৷ দেউতাৰ মনত দূখ দিয়াতো অনুচিত৷

উৎপল যেন নিৰ্বাক, নিস্পন্দ৷

ৰীতাঃ বলক দাদা বহু পলম হল৷ মোক ঘৰলৈকে লৈ বলক৷

নৈ ঘাটৰ ওচৰৰ কোনো দোকানৰ পৰা জিতুল সোণোৱালৰ ” বহুৰাতি হল জানা, বহুগান আজি হল গোৱা” গীতটি ভাহি আহে৷

ৰীতাহতৰ ঘৰলৈকে উৎপলৰ গাড়ী আগবাঢ়ে৷

কোনোমতে অলস উদাস ভাবে ৰীতা ঘৰ সোমাই৷ মুৰৰ চুলি অবিন্যস্ত৷ সিক্ত দুচকু৷ ভনীয়েক চন্দ্ৰাই তাইক দেখিয়েই চিঞৰি উঠে৷

চন্দ্ৰাঃ হাৰে, কি হল তোৰ? কিডাল ৰূপ লৈ ঘৰ সোমাইছ আইনাখনত চাই ল এবাৰ৷

ৰীতাই মুখেৰে একো নামাতে মাত্ৰ ভনীয়েকক বুকুত আকোঁৱালি লৈ হুকহুকাই কান্দিব ধৰে৷ কান্দোনৰ শব্দ শুনি মাকো ওচৰলৈকে দৌৰি আহে৷

মাকঃ মাজনী কি হৈছে তোৰ কচোন? কিয় এনেকৈ কান্দিছা?

ৰীতাই এইবাৰ মাকৰ ডিঙিত ধৰি কান্দি কান্দি কয়৷

ৰীতাঃ মা মোৰ সকলো আশা শেষ হৈ গল৷ উৎপল দাৰ লগত মোৰ বিয়া অসম্ভৱ৷ ( প্ৰচণ্ড জোৰে বিজুলীৰ ঢেৰকেনী শুনা গল লগতে চিকমিকনি৷)

মাকঃ কিয়, কি হল?

ৰীতাঃ সেইবোৰ বহুত কথা মা৷ মুঠতে আমাৰ বিয়াখন নহয়৷ 

মাঁকেও চকলো ৰখাব নোৱাৰে৷ চাদৰৰ আচলেৰে ৰীতাৰ চকুপানী খিনি মচি দি চোফাখনত বহাই দিয়ে৷

চন্দ্ৰাঃ (খঙত উগ্ৰমূৰ্তি ধৰি)  সি তোক গদ্দাৰি কৰিব বুলি মই জানিছিলোঁৱেই৷ চাওঁ লাঠি এডাল দে মই তাৰ পিঠি ফালি থৈ আহোঁ৷ চিনি পোৱা নাই আমাক৷ দুখীয়া হলো বুলিয়েই ইমান প্ৰতাৰণা কিয় সহ্য কৰিম৷ মই ইয়াৰ বদলা লমেই৷


৯ ম দৃশ্যঃ 

দিনে দিনে ৰীতাৰ শৰীৰ বেয়া হৈ আহিব ধৰে৷ শোৱা , খোৱা প্ৰায় বাদ দিয়াৰ দৰেই৷ অকলেই কোঠাৰ ভিতৰতেই সোমাই থাকে৷ মাজে মাজে কান্দে, মাজে মাজে খুব জোৰেৰে হাঁহি দিয়ে৷ শৰীৰটোৰ নামত অকল হাড় চাল খিনিহি ৰৈছেগৈ৷ মাজতে মনৰোগ বিশেষজ্ঞ ডাঃ পাৰ্থপ্ৰতিম বৰাক

দেখাইছিল৷ বিভিন্ন ঔষধ পাতি দিছে কিন্তু ভাল হৈ উঠা নাই৷ তেওঁৰ মতে সময়ৰ লগে লগে সকলো কথা পাহৰি যাব আৰু ভাল হৈ উঠিব৷ কিন্তু ভাল হব চাৰি দিনে দিনে বেয়াৰ ফালেহে গৈছে৷ আনকি কেতিয়াবা তাই ঘৰৰ পৰা ওলাই বাহিৰলৈ দৌৰো মাৰে৷ চুবুৰীয়াৰ সকলোৰে মুখেমুখে এটাই কথা- ৰীতা পাগলী-ৰীতা পাগলী৷

আজি পুনৰ তেখেতৰ ওচৰলৈকে নিবলৈ আয়োজন কৰি আছে৷ এনেতে ৰীতাহতৰ ঘৰৰ কলিং বেল টো বাজি উঠে৷ চন্দ্ৰাই বাহিৰলৈ ওলাই আহিয়েই উৎপলক দেখি  আচৰিত হয়৷

চন্দ্ৰাঃ আপুনি কিয় আহিছে আমাৰ ঘৰলৈ? আৰু কি লাগে? বাইদেউৰ জীৱনটো শেষ কৰি পেলালে তথাপিওঁ হেপাহ পলোৱা নাইনে?

উৎপলঃ তাইৰ অসুখৰ কথা গম পাইছো৷ সেয়ে মই চিকিৎসাৰ বাবে সহায় হওঁক বুলি ৫০ হাজাৰ টকা লৈ আহিছিলোঁ৷

চন্দ্ৰাঃ ( হাতযোৰ কৰি) হাতযোৰ কৰিছোঁ, প্লিজ আপুনি ইয়াৰ পৰা আতৰি যাওক৷ ইমান চলনা আমাৰ লগত নকৰিব৷ আৰু শুনক প্ৰেম কৰিলে কলিজাত অলপ দম ৰাখি আগবাঢ়িব৷ আচ্ছা এটা কথা কওঁকচোন বাইদেউৰ লগত প্ৰেম কৰোতে আপুনি দেউতাৰ অনুমতি লৈ আগবাঢ়িছিল নে, তেতিয়াহলে বিয়াৰ বাবে তেওঁৰ অনুমতিৰ কিহৰ প্ৰয়োজন?

চন্দ্ৰাই ভিতৰলৈ সোমাই আহি দৰ্জাখন বন্ধ কৰি দিয়ে৷ উৎপলে লাহে লাহে সিহতৰ চোতালৰ পৰা ওলাই আহে৷


১০ ম দৃশ্যঃ 

মনৰোগ বিশেষজ্ঞ পাৰ্থপ্ৰতিম বৰাৰ কক্ষ৷ সন্মুখত ৰীতা, চন্দ্ৰা আৰু মাক৷

মাকঃ চাৰ, মাজনীয়ে অকনো ভাল হৈ উঠা নাই৷ দিনকদিনে বেয়াৰ ফালেহে গতি কৰিছে৷ চাওঁকচোন তাইৰ শৰীৰটো৷ অকল হাড় কেইডাল হে আছে৷ ( মাকে উচুপি উঠে)

ডাক্তৰঃ আচলতে তেওঁ মনত গভীৰ আঘাত পাইছে৷ ভাবিছিলো সময়ৰ লগে লগে সকলোবোৰ পাহৰি গৈ আকৌ নতুন জীৱন আৰম্ভ কৰিব৷ কিন্তু সেয়া হৈ নুঠিল৷ গতিকে মোৰ বোধেৰে  আজিয়েই আপোনালোকে তাইক জি এম চি ত ভৰ্ত্তি কৰাই দিয়ক৷ নহলে পৰিস্থিতি আৰু বেয়ালৈ গতি কৰিব পাৰে৷

ৰীতাহতৰ গাড়ীখন এইবাৰ জি এম চি লৈ  আগবাঢ়ে৷


১১ তম দৃশ্যঃ

পুনৰ হোটেল ময়ূৰ বৃন্দাবনৰ ৩০৫ নং কোঠা৷ উৎপলৰ কফি কাপ ট্ৰে খনৰ ওপৰতেই চেচা হৈ গল ৷ জুৰিয়ে একান্তমনে উৎপলৰ কথাবোৰ শুনি গৈ আছে৷ চকুলোৰে উপচি পৰিছে দুয়োটা চকু৷ উৎপলেও তাৰ সেমেকা দুচকু ৰুমালেৰে মচি পুনৰ আৰম্ভ কৰিলে৷

উৎপলঃ তাৰপিছত জি এম চিত ৰীতাক সিদিনাই ভৰ্ত্তি কৰিলে৷ এজাক বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্ত্বাৱধানত তাইৰ চিকিৎসা সেৱা আৰম্ভ হল৷ লাহে লাহে  সুস্থিৰ হবলৈ ধৰিলে আৰু শাৰীৰিক অৱস্থাও ভাললৈ আহিব ধৰিলে৷ ক্ৰমাৎ হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়াৰ সময় আহি পৰিল৷ কিন্তু হঠাতে এদিন এটা দুঃসংবাদে সকলোকে আচৰিত কৰি তুলিলে৷ ৰীতা নিখোজ৷ জি এম চি ৰ পৰা চিকিৎসাধীন অৱস্থাতে ৰীতা নিখোজ হল৷ বহু বিছাৰ খোছাৰ কৰা হল যদিওঁ তাইক পোৱা নগল৷ কিন্তু আজি হঠাতে ভগৱানে তাইৰ লগত মোক সাক্ষাৎ কৰাই দিলে৷ 

কথাবোৰ কৈ কৈ উৎপল ভাগৰি পৰিছিল৷ চোফাখনত বহি দিলে সি৷

জুৰীঃ তুমি ঠিকেই কৈছা৷ সচাকৈয়ে তাই দেৱী হয়৷ তোমাক ইমান ভালপায়৷ ইমান ত্যাগ তোমাৰ বাবে৷ বলা আমি তাইক লৈ আহোঁ আমাৰ মাজলৈ৷ তাই আমাৰ লগত থাকিব৷

উৎপলে জুৰিৰ ফালে একেথৰে চাই থাকে৷

পৰ্দাত দেখা যাব জুৰি আৰু উৎপলৰ গাড়ীখন পুনৰ ব্ৰজধামলৈ তীব্ৰবেগেৰে গতি কৰিছে৷ জুৰি আৰু উৎপলে গাড়ীৰ পৰা নামিয়েই ৰীতাক লগপোৱা ঠাইখিনিলৈ দৌৰি গল৷ কিন্তু ঠাইখিনিত ৰীতাক দেখাপোৱা নগল৷

ওচৰতে থকা মানুহজনীক জুৰীয়ে সুধিলে,

জুুৰীঃ কহা গয়ী ৱ ঔৰত?

মানুহজনীয়ে পত্ৰ এখন ৰীতালৈ আগবঢ়াই দিলে৷

উৎসুকতাৰে ৰীতাই চিঠিখন মেলি ললে৷ উৎপলো ওচৰ চাপি আহিল৷

“মই জানো আপুনি  আকৌ এবাৰ মোক বিছাৰি ইয়ালৈকে   আহিব৷ সেয়ে পত্ৰখন লিখিলোঁ৷ 

মোৰ জীৱনৰ আজিৰ দিনটো চৰম প্ৰাপ্তিৰ দিন৷ মৃত্যুৰ আগতে আপোনাক আকৌ এবাৰ লগ পোৱাটো মোৰ বাবে পৰম সৌভাগ্য৷ এতিয়া অন্তত শান্তিৰে চকু মুদিব পাৰিম৷ “

উৎপলে প্ৰচণ্ড জোৰেৰে ৰীতা ৰীতা বুলি চিঞৰি ইফালেসিফালে দৌৰিব ধৰিলে৷ তাৰ চিঞৰ প্ৰতিধ্বনিত হৈ তাৰেই কাণত বাজিব ধৰিলে৷ গোটেই ব্ৰজবাসীয়েই চাগে সিদিনা উৎপলৰ চিঞৰ শুনিছিল কিন্তু ৰীতাই তাৰ চিঞৰ নুশুনিলে৷ তাই বহু দূৰ- দিগন্তলৈ আতৰি গল৷

সমাপ্ত৷

☆ ★ ☆ ★ ☆

4 Comments

  • কৰবী দেৱী

    একে উশাহতে পঢ়ি শেষ কৰিলোঁ। সঁচাকৈ আবেগিক হৈ পৰিলোঁ। ৰীতাৰ ত্যাগক শ্ৰদ্ধা জনালোঁ। জুৰীৰ চৰিত্ৰটিয়েও আকৰ্ষিত কৰিলে। বৰ সুন্দৰ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    পঢ়িলোঁ৷ ট্ৰেজেডী!

    Reply
  • অৰবিন্দ গোস্বামী

    ভাল লাগিল কাহিনীটো।সুন্দৰ প্ৰেমৰ কাহিনী।

    Reply
  • জয়ন্ত দাস

    পঢ়ি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *