ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কাহিনী

হঠাৎ এদিন মেছেঞ্জাৰত এটা বাৰ্তা আহিল দেৱজিত শৰ্মা দাৰ পৰা। তেওঁ মোৰ যোগাযোগ নম্বৰটো বিচাৰিলে। মই বিশেষ চিন্তা নকৰি তেওঁক নম্বৰটো দিলোঁ। তেওঁ সেইদিনা ফোন নকৰিলে। ময়ো ফোন নম্বৰ দিয়া কথাটো পিছলৈ পাহৰিলোঁ। হঠাৎ এদিন তেওঁ মোক ফোন কৰি ফটাঢোল আলোচনীৰ মাৰ্চ সংখ্যাটোৰ বাবে সম্পাদকৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰিলে। মোৰ কৰ্মব্যস্ততাৰ বাবে মাৰ্চ সংখ্যাটোৰ সলনি এপ্ৰিল সংখ্যাটোৰ সম্পাদনা কৰাৰ গুৰু দায়িত্ব মূৰ পাতি ল’লো। দায়িত্ব ল’লো যদিও মনৰ মাজত হাজাৰটা প্ৰশ্নই উকমুকনি দি থাকিল। ভয়ো অলপ লাগি থাকিল। ইয়াৰ আগতে দুবাৰমান সম্পাদনাৰ সৈতে জড়িত হৈ এইটো কথা ইতিমধ্যে মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ যে এইটো এটা যথেষ্ট জটিল আৰু গধুৰ দায়িত্ব। তথাপিও দায়িত্ব ল’লো যেতিয়া কামটো সুকলমে সমাপ্ত কৰাৰ বাবে পৰিকল্পনাঃ কৰিবলৈ ধৰিলোঁ। অৱশ্যে দেৱজিত দাই গোটেই কামখিনিত মোক সম্পূৰ্ণ সহযোগিতা আৰু সাহস আগবঢ়াই থাকিল। এইখিনিতে আলোচনীখন সম্পূৰ্ণ কৰি প্ৰকাশ কৰাত মোক সহায় কৰি দিয়া পৰিশ্মীতা গগৈ,প্ৰণীতা গোস্বামী বৰঠাকুৰ বা,ঋতুপৰ্ণা মহন্ত,ৰিমঝিম বৰঠাকুৰ, সঞ্জীৱ ভট্টাচাৰ্য দা,দেবজিত শৰ্মা,ৰাজশ্ৰী শৰ্মা আৰু যোগেশ ভট্টাচাৰ্য,আৰাধনা বৰুৱা ,দিগন্ত ভট্টাচাৰ্য দা,হেমন্ত কাকতি দা,ৰিণ্টু দা,চন্দন বড়ি আৰু দিম্পল কলিতা প্ৰমুখ্যে আন আন কৰ্মকৰ্তা সকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া আছিল মোৰ ফটাঢোলৰ সম্পাদক হোৱাৰ আৰু আলোচনীখনৰ এপ্ৰিল সংখ্যাৰ আঁৰৰ কাহিনী।

জয়ন্ত প্ৰীতম

সম্পাদক, ফটাঢোল-ই আলোচনী

পঞ্চম বৰ্ষ,নৱম সংখ্যা

Leave a Reply

Your email address will not be published. Required fields are marked *