মইও লিখিম আপদীয়া পদ্য-ৰঞ্জিত কুমাৰ শৰ্মা
পাঠকসকল, আপোনালোকে নিশ্চয় ‘আপদীয়া পদ্য’, ‘লিমাৰিক’, ‘পঞ্চপদী’ আদি নামেৰে পৰিচিত পাঁচশাৰীৰ পদ্যৰ বিষয়ে জানে৷ আপোনালোকে এনে পদ্য বা কবিতাৰ কথা নিশ্চয় শুনিছে বা এনে পদ্য দেখিছে, পঢ়িছে আৰু কোনো কোনোৱে লিখিছেও৷ পাঁচটা শাৰী থকা এই পদ্য ঘাইকৈ হাস্য-ব্যংগ ৰসৰ হয়৷ সেয়ে ইয়াৰ জনপ্ৰিয়তাও সুকীয়া৷ ইয়াৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মত আছে৷ কোনো কোনোৱে আয়াৰলেণ্ডৰ লিমাৰিক চহৰ বা আয়াৰলেণ্ডৰ শিশুৰ ওমলা ঘৰত লিমাৰিকৰ উৎপত্তি হোৱা বুলি কয়৷ কোনো কোনোৱে আকৌ পুৰণি ইংলেণ্ডৰ ক্লাব ঘৰসমূহত লিমাৰিকৰ উৎপত্তি হোৱা বুলিও কয়৷ কোনো কোনোৱে লিমাৰিকক ‘ধেমেলীয়া কবিতা’ আৰু ‘উপপদ্য’ বুলিও কয়৷ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে এই শ্ৰেণীৰ কবিতাক ‘খাপছাড়া’ নাম দিছিল৷ ‘সুগন্ধি পখিলা’ৰ কবি হীৰেণ ভট্টাচাৰ্যই এই শ্ৰেণীৰ পদ্যক ‘পদ-ধেমালি’ বুলি কৈছিল৷ মূলতঃ হাস্যৰস আৰু খুহুতীয়া বা ধেমেলীয়া কথাক লৈ লিমাৰিক লিখা হৈছিল যদিও পাছলৈ ব্যংগাত্মক ৰূপতো লিমাৰিক বা আপদীয়া পদ্য লিখিবলৈ লোৱা হয়৷ এইবোৰ কথা অধিকাংশ পাঠকে জানেই৷ সেইবিষয়ে চৰ্বিতচৰ্বণ কৰিব খোজা নাই৷ কেৱল ভি ডি অ’টো শেষলৈ চাব…৷ অঃ! কিবাহে লিখিলোঁ! শুদ্ধ কৰি দিছোঁ দেই৷ মানে লেখাটো শেষলৈ পঢ়িব৷
প্ৰকৃত কথাটো হ’ল, ‘আদাক দেখি উঠিল গা, কেঁতুৰীয়ে বোলে মোকো খা’ ধৰণে আনক দেখি শৰ্মা ৰঞ্জিতেও আপদীয়া পদ্য বা লিমাৰিক বুলি কিবাকিবি লিখাৰ চেষ্টা কৰিছোঁ৷ তাৰবাবেই আগতীয়াকৈ সামান্য দুটামান কথা লিখিলোঁ৷ এইখিনিতে আৰু দুটামান কথা লিখিব লাগিব, নহ’লে মই ‘আপদীয়া পদ্য’ বা ‘লিমাৰিক’ বুলি লিখা পদ্যকেইটা আপোনালোকে বুজি নাপাবও পাৰে! মানে কথাটো হ’ল, আমাৰ দৰে পণ্ডিত কবিসকলৰ সকলো কবিতা পাঠকে বুজি নাপাবও দিয়কচোন৷ অৱশ্যে সকলোৱে বুজি পাবলগীয়া বুলি কথাও নাথাকে নহয়! তথাপি পাঠকক কিছু জ্ঞান দিব পাৰিলে অন্ততঃ আত্মতৃপ্তি লাভ কৰিব পাৰিম! নে কি কয়? হেঃ হেঃ হেঃ …!
লিমাৰিক বা আপদীয়া পদ্যবোৰৰ পাঁচ শাৰীৰ বা পাঁচটা চৰণৰ হয়৷ সহজ ভাষাত প্ৰথম দুটা শাৰী বা চৰণ আৰু শেষৰটো শাৰী বা চৰণৰ শেষৰ শব্দৰ ছন্দ মিল থাকে৷ আনহাতে তিনি আৰু চাৰি নম্বৰ শাৰীৰ শেষৰ শব্দৰ ছন্দ মিল থাকে৷ তৃতীয় আৰু চতুৰ্থ শাৰী বাকী তিনিটাতকৈ চুটি হয়৷ লিমাৰিকৰ পাঁচ শাৰীৰ গাঁথনি এনেকুৱা হয়— ‘ক-ক, খ-খ, ক’৷ এইখিনি মূল কথা৷ কিন্তু শব্দ আৰু আখৰৰ সংখ্যাৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন বিন্যাস-ৰীতিৰে লিমাৰিক বা আপদীয়া পদ্য লিখিছে৷ এইবুলিও ক’ব পাৰি যে বিভিন্নজনে লিখা লিমাৰিকবোৰত ছন্দ আৰু সম্পৰ্কৰ ফালৰ পৰা শাৰী বা চৰণৰ মূল গাঁথনিটো (ক-ক, খ-খ, ক) ঠিকে থাকিলেও শব্দ আৰু আখৰৰ সংখ্যা বেলেগ বেলেগ হোৱা দেখা গৈছে৷ উদাহৰণস্বৰূপে কোনো কোনোৱে প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰীত পাঁচটাকৈ শব্দ ৰখাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ শাৰীত তিনিটাকৈ শব্দ ৰাখিছে৷ কোনো কোনোৱে তৃতীয় আৰু চতুৰ্থ শাৰীত চাৰিটাকৈ বা ইয়াতকৈ কম-বেছি শব্দও দিছে৷ সেইদৰে প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰীত শব্দৰ সংখ্যাও ভিন ভিন হোৱা দেখা গৈছে৷
মন কৰিবলগীয়া যে লিমাৰিকে একশ্ৰেণীৰ কাব্য হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল ঊনৈশ শতিকাতে৷ ‘এডৱাৰ্ড লিয়েৰ’য়ে ১৮৪৬ চনত প্ৰকাশ কৰা তেওঁৰ লিমাৰিকৰ সংকলন ‘এ বুক অব ননচেন্স’ জনপ্ৰিয় হয়৷ তেওঁ লিমাৰিকবোৰতো ছন্দৰ ‘ক-ক, খ-খ, ক’ বিন্যাস-ৰীতি দেখা পোৱা যায় যদিও তেওঁ শব্দৰ সংখ্যাৰ ক্ষেত্ৰত কোনো ধৰা-বন্ধা ৰীতি লোৱা নাছিল যেন লাগে৷ অৱশ্যে দুই-এটা লিমাৰিকৰ বাহিৰে বাকীবোৰত তৃতীয় আৰু চতুৰ্থ শাৰীৰ শব্দৰ সংখ্যা বাকীকেইটা শাৰীত থকা শব্দৰ সংখ্যাতকৈ কম থকা পৰিলক্ষিত হয়৷
ড° মহেন্দ্ৰ বৰাদেৱক প্ৰথম অসমীয়া লিমাৰিকৰ স্ৰষ্টা বুলি জনা যায়৷ ১৯৭০ চনত প্ৰকাশিত তেওঁৰ কবিতা পুথি ‘এই নদীয়েদি’ত প্ৰথমবাৰলৈ কেইটামান লিমাৰিক সংযোজন কৰিছিল৷ মহেন্দ্ৰ বৰাদেৱে তেওঁৰ লিমাৰিকবোৰত মূল বৈশিষ্ট্য বা গাঁথনি অক্ষুণ্ণ ৰাখি প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰীত চৈধ্যটাকৈ আখৰ বা বৰ্ণ ব্যৱহাৰ কৰিছিল আৰু তৃতীয়-চতুৰ্থ শাৰীদুটাত আঠটাকৈ আখৰ বা বৰ্ণ ব্যৱহাৰৰ চেষ্টা কৰিছিল৷ মহেন্দ্ৰ বৰাদেবে লিখা আখৰৰ বিন্যাস-ৰীতিতেই লিমাৰিক লিখা উচিত বুলি আজিৰ একাংশ লিমাৰিক লিখোঁতাই পোষকতা কৰিছে৷ বহুতেই অৱশ্যে বৰাদেৱে লিখা ৰীতিত লিমাৰিক লিখা নাই বা নিলিখেও৷ ছন্দসহ লিমাৰিকৰ মূল বৈশিষ্ট্য অটুট ৰাখি আখৰ আৰু শব্দৰ সংখ্যাৰ ক্ষেত্ৰত নিৰ্ধাৰিত নিয়মত থকাতকৈ মুকলি থাকিয়েই লিমাৰিক বা আপদীয়া পদ্য ৰচনা কৰা ৰীতিক অধিকে প্ৰাধান্য দিছে৷ মন কৰিবলগীয়া যে কবি নৱকান্ত বৰুৱাইও মহেন্দ্ৰ বৰাদেৱৰ ৰীতিত লিমাৰিক লিখা নাছিল৷ কিন্তু তেওঁৰ শব্দৰ বাছনি আছিল অতি শক্তিশালী৷
সেয়ে অমুকাইয়ো ভাবিছোঁ, লিখিম লিমাৰিক বা আপদীয়া পদ্য ৷ লিখিম মানে? লিখিয়েই পেলালোঁ৷ কিন্তু ইমানবোৰ নিয়ম-নীতি, বিন্যাস-ৰীতিৰ মাজত কবিতা বা পদ্য লিখিব পাৰিনে? তথাপি চেষ্টা কৰিছোঁ, শব্দৰ ফালৰ পৰা ‘৫-৫, ৩-৩, ৫’ হওক আৰু বৰ্ণ বা আখৰৰ ফালৰ পৰাও ‘১৪-১৪, ৮-৮, ১৪’ হওক৷ এতিয়া আপোনালোকে পঢ়ি অমুকাক কিমান গালি পাৰে পাৰি থাকক, মই পলালোঁ৷ টা টা, বাই বাই৷
(১)
অলিয়ে গলিয়ে আছে সুৰাৰ দোকান
সুযোগ আহিছে হেৰা হোৱা মহীয়ান
লৱৰি ঢাপলি যোৱা
ৰঙীন বটল কিনা
সুৰা যে এতিয়া ৰাজভঁৰালৰ প্ৰাণ৷
(২)
আদহীয়া বৰলাই হেনো পাতে বিয়া
সখীয়েকক ক’লে বোলে কইনা চোৱা
পাত্ৰী পালেই বিচাৰি
সুধিবা কথা খুঁচৰি
কৰিবই বৰলাই হিয়া দিয়া নিয়া৷
(৩)
গাওঁ সভাৰ সভাপতি শৰ্মা ভূষণ
সভাই সভাই দিয়ে সাৰুৱা ভাষণ
দুৰ্নীতি নাশিব কয়
নকৰে কালৈকো ভয়
নিজ প্ৰাসাদত আছে বিলাসী বাহন৷
(৪)
ৰজাই বান চায় কৰি নৌকাবিহাৰ
উৰা জাহাজত উঠি দেখে পৰিষ্কাৰ
পীড়িতই খাদ্য পায়
এবেলা এমুঠি খায়
নেতা-বিষয়াই কৰে ঘৰ জাতিষ্কাৰ৷
(৫)
নিৰ্বাচন আহিলেই খেল জমি উঠে
ডিঙি ফুলাই নেতাৰ ভাষণ বৰষে
জনতা ঐ জনাৰ্দন
নেতাৰ কি প্ৰলোভন
গাদীৰ লোভ জানো কাহানিবা আঁতৰে!
(৬)
মহন্তৰ পো খোৱাত নাই দিগদাৰ
পত্নীয়ে বোলে বিশেষ নাই আবদাৰ
মাছেই মঙহে খায়
দিনটো শুই কটায়
হাঁহ নাপালে পিচে লগায় হাহাকাৰ৷
(৭)
হওক বুঢ়া গৰুৰ চিন ঘাঁহনিত
কিয় যাব লাগে মহন্তই মাহনিত
টিকা চোঁচৰোৱা হাঁহ
মহন্তই বোলে বাঃ
হাঁহে-মাহে কোমোৰা উঠিব কেৰাহীত৷
(৮)
ৰতিকান্ত বুঢ়াৰ আছে দুজনী ঘৈণী
দুয়োজনীয়েই মনে মনে খাই খৈনী
দুয়ো সতিনী দন্দুৰী
নিজকে বোলে সুন্দৰী
বুঢ়াৰ বেজাৰ সতিনী নহ’ল বৈনী৷
☆ ★ ☆ ★ ☆