বিলৈ – চন্দামিতা শৰ্মা
কৰ্কশভাবে বাজি উঠা এৰ্লামৰ শব্দত, পৰম বিৰক্তিৰে বৰুৱানীয়ে চকু মেলিলে। গাৰুৰ কাষতে থোৱা মোবাইলটো এখন হাতেৰে খেপিয়াই আনি এৰ্লামটো বন্ধ কৰিলে। চকু লাগিছিল, হ’লেইনে ডেৰঘণ্টা? বিছনাত আহি ইউটিউব অন কৰি সন্ধিয়া সময়ত কেনেকুৱা মেকআপ বৰ্তমান ট্ৰেণ্ডত আছে তাৰে ভিডিঅ’ চাই থাকোঁতেনো কেতিয়া টোপনি আহিল, টলকিবই নোৱাৰিলে। কোনেবা মোবাইলডালত এৰ্লাম লগাই থৈছিল। নিশ্চয় ছোৱালীজনীয়ে। তাইৰ আকৌ সৱ কাম ঘড়ীৰ কাঁটাৰ লগত মিলাইহে!
সাৰ পালেও অলপ সময় বিছনাতে চকু দুটা মুদি পৰি ৰ’ল। সন্ধিয়া প্ৰ’গ্ৰাম এটা আছে। যেনেকৈ তেনেকৈ যাব পাৰি নেকি! ফেচিয়েল কৰা মুখখন যদি কমপ্লিট ফ্ৰেচ দেখাৰ লগতে জিলিকি নাথাকে তেন্তে আজিৰ প্ৰ’গ্ৰামৰ বাবে স্পেছিয়েলি তিনিহাজাৰটকীয়া ফেচিয়েলৰ মূল্যই বা কি থাকিব! তেওঁ বুলিহে তিনিহাজাৰত মান্তি হৈছে, অন্য চিনিয়ৰ অফিচাৰৰ ঘৈণীয়েকবোৰক দেখিছে নহয়, কেৱল ব্ৰেণ্ডেড পাৰ্লাৰবোৰতহে সোমায়। অৱশ্যে তেওঁলোকৰ হাজবেণ্ডবোৰৰ তলত কাম কৰা ঠিকাদাৰবোৰো কোটিটকীয়া যে! দিব, তেঁৱো দেখুৱাই দিব, মাৰ্চ মাহৰ আগে আগে গিৰিয়েকৰ হ’বলগা প্ৰমোচনটোৰ পিছত সকলোকে দেখুৱাই দিব তেঁৱো কিমান “ওপৰৰ মাল।”
যোৱা এমাহ ধৰি কমখন কষ্ট হোৱা নাই। ল’ৰা-ছোৱালীহালৰ এনুৱেল এক্সামৰ নামত কম টেনশ্যন খোৱা নাই। ছোৱালীজনী অৱশ্যে বুজন। তাই নিজৰ পঢ়া-পাতিৰ নামত খুবেই ছিৰিয়াছ। কথাও বৰ কমকৈ কয়। কেৱল দৰকাৰীকেইটাহে। বৰ ধীৰ-স্থিৰ। পিচে ছোৱালীমানুহ, অলপ ধীৰ-স্থিৰ হ’লেহে ভাল। পিচে অলপ সমস্যা ল’ৰাজনক লৈহে। ঘৰৰ সৰু যে সি বিচৰা বস্তুটো নাপালে অলপ হাহাকাৰ কৰে আৰু! কৰিবই, ঘৰৰ একমাত্ৰ ল’ৰা। বাপেকৰ খুব মৰমৰ। কিছুমান চকুচৰহাৰ মতে তাৰ টিউচনৰ নামত মাহেকত খৰছৰ হোৱা পৰিমাণ হেনো এটা সৰু পৰিয়াল চলি যাব পৰা সমানৰ। তাতে কি হ’ল? ল’ৰাটো বংশৰ ধ্বজাবাহক যে, সেইখিনি কথা বুজি নাপায়। কৰক ফুচ-ফাচ। তেওঁ হ’বলা খাতিৰ কৰা বিধৰ।
বিছনাৰ পৰা লাহেকৈ উঠি বৰুৱানী বেডৰুমৰ প্ৰকাণ্ড লুকিং মিৰৰখনৰ সম্মুখত থিয় দিলে। তন্নতন্নকৈ গাল, চকু আদি পৰীক্ষা কৰিলে। বঢ়িয়া। কোনেনো ক’ব তেওঁ যে বিয়াল্লিশ বছৰীয়া। চকু সামান্য ফুলি থাকিলেহে লুকটো ভাল আহে!
: ইচ, চাৰি বাজিবৰ হ’লেইচোন। মিনিমাম দুঘণ্টা লাগিব ৰেডী হওঁতে। উফ্ টাইমবিলাক বৰ সোনকালে পাৰ হৈ যায়।
ৱাল ক্লকটোলৈ চাই বৰুৱানীৰ ইচাট-বিচাট লাগিল। ধেমালি নেকি? ইমান পপুলাৰ মেকআপ আৰ্টিষ্টজনৰ এপইণ্টমেণ্ট পোৱাই দিগদাৰ তাতে যদি আকৌ তেখেত আহি একমিনিটো ৰখিব লাগে, কম বেয়া কথা নহ’ব জানো! বুজি পায় তেখেতসকলৰ দৰে মানুহৰ সময়ৰ মূল্য কিমান।
: বাইদেউ আজি 4 তাৰিখ হ’ল। পইচাকেইটা পালে ভাল আছিল।
সৰা-মচা কামৰ বাবে মাহেকীয়া বন্দৱস্তিৰ মানুহজনীৰ কথাত বৰুৱানীৰ টিঙিচকৈ খংটো উঠি আহিল। এই সৰুজাতৰ মানুহবোৰৰ লগত বৰ দিগদাৰ। তেওঁ আছে কিহৰ প্ৰিপাৰেশ্যনত বিজি আৰু এইজনীয়ে লাগি আছে সেই পইচাকেইটাত। একেবাৰে সময়ৰ মূল্য নুবুজে। মাহটো শেষ হৈছেহে মাথোঁ। দুদিনমান দেৰী হ’লেই হাহাকাৰ। একো নুবুজে এইমখাই।
: দুদিনমান পিছত দিম। দৰমহা হোৱাই নাই নহয়।
যথাসম্ভৱ লেনিয়াই লেনিয়াই কোৱা বৰুৱানীৰ কথাত মানুহজনী সেমেনাসেমেনিকৈ আঁতৰি গ’ল।
হঠাতে খটংকৈ উঠা শব্দত বৰুৱানী সচকিত হৈ উঠিল। প্ৰায় দৌৰি যোৱাদি পুতেক থকা ৰূমৰ পিনে গ’ল। উফ্, ৰক্ষা, প্ৰায়ে হোৱাৰ দৰে আজি কোনো দামী বস্তু মাটিত বিলীন হোৱা নাই! বলটো ৱালত মৰা খুন্দাৰহে শব্দ। ল’ৰা মানুহ, অকণমান ধেমালি কৰিবই।
: আজি কিন্তু খোৱাৰ লগতে পেকিং কৰিব নোৱাৰো দেই।
মাকৰ পিনে নোচোৱাকৈ পুত্ৰই কোৱা কথাত বৰুৱানীয়ে একো নামাতিলে ।
: ইচ, মই যেন মোৰ কাৰণেহে আনো? কি হ’ল তাতে! হেৰৌ, থাক থাককৈ কিমান যে খোৱা বস্তু সজোৱা থাকে। তাৰে যেনিবা দুই এপদ ঘৰলৈ আনিলোৱেই, কিনো মহাভাৰতখন অশুদ্ধ হ’ল? সেইবোৰ খাবলৈকেতো মানুহক নিমন্ত্ৰণ দিয়ে। ইমানবোৰ খাদ্য জানো খাই শেষ কৰিব পাৰে। তাৰে যেনিবা অলপ আনিলোঁৱেই! ঘৰৰ গেছ চিলিণ্ডাৰ ৰাহি ন’হব জানো। শক্তি সঞ্চয় কৰাটোহে মূল লক্ষ্য হ’ব লাগে। হায়াৰ ছেকেণ্ডাৰীলৈকে বিজ্ঞান শাখাৰ পঢ়িছিলোঁ, নাজানিমনে?
মুখৰ ভিতৰতে ভোৰভোৰাই ভোৰভোৰাই নিজৰ ৰূমলৈ ঘূৰি গ’ল।
ৱাল আলমাৰিটো খুলি সন্ধিয়া পিন্ধিবৰ বাবে ড্ৰেছ এযোৰ চিলেক্ট কৰিবলৈ ল’লে। কেইবাযোৰো নাকচ কৰাৰ পিছত একেবাৰে শেষত, যোৱা মাৰ্চমাহত গিৰিয়েকে এক বুজন অংকৰ বিল এখন পাছ কৰি দিয়াৰ সুবাদতে এক মোটা অংকৰ লগতে গিফ্ট হিচাপে পোৱা একেবাৰে খাঁটি মুগাৰ সাজ উলিয়াই ল’লে। আফটাৰ অল ষ্টেণ্ডাৰ্ডৰ কথা আছে! পিচে সমস্যা ছোৱালীজনীক লৈহে, তাই যে একেবাৰে মডাৰ্ন নহয়। বৰ সাধাৰণ হিচাপে থাকে। তাইৰ আপত্তি স্বত্বেও ধুমধামকৈ পতা তোলনি বিয়াখনত কমখনটো সোণৰ অলংকাৰ উঠা নাছিল। পিচে কি হ’ব, সেইবোৰলৈ তাইৰ একেবাৰে ৰাপ নাই।
লুকিং মিৰৰখনৰ সম্মুখত থিয় দি কাপোৰসাজ এবাৰ পুনৰ গাত দি চালে। ওঁঠেৰে এটা গৰ্বৰ হাঁহি খেলি গ’ল।
এপইণ্টমেণ্টৰ সময়তকৈ আধাঘণ্টা পলমকৈ উপস্থিত হোৱা মেকআপ আৰ্টিষ্টজনে নিজৰ কাম আৰম্ভ কৰাৰ কিছু সময় পিছত মি: বৰুৱাও ঘৰ আহি পালে। সুন্দৰকৈ সাজি-কাচি ওলোৱা বৰুৱানীয়ে, দামী শ্বপিংমলৰ পৰা কিনা ব্ৰেণ্ডেড পোচাক পিন্ধা গিৰিয়েক আৰু পুতেকলৈ চাই সন্তোষৰ হাঁহি মাৰিলে। এয়াহে ষ্টেণ্ডাৰ্ড থকা মানুহৰ কাম! অতি সাধাৰণভাবে ৰেডী হোৱা জীয়েকৰ পিনে চাই মনত অসন্তুষ্টি হ’লেও মুখেৰে একো নকৈ গাড়ীত বহিল।
গৰ্বিত মন। নহ’বনে? গাত চল্লিশহেজাৰটকীয়া কাপোৰ, তাতকৈ তিনিগুণ দামৰ অলংকাৰ পৰিধান কৰাৰ পিছত গৰ্ব নোহোৱাটোহে আচৰিত! আজি বিয়াঘৰত তেওঁক ঘূৰি ঘূৰি নোচোৱাকৈ থকা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা যে হ’ব, সেয়া নিশ্চিত।
: ই কি? বিয়াৰ দেখোন একো উমঘাম নোহোৱা যেন পাইছোঁ। ইমান নি:শব্দ পৰিৱেশ! তুমি দেখোন কৈছিলাহে বৰ জাকজমক বিয়া।
বিয়াঘৰলৈ যোৱা উপপথটোৰে সোমাবলৈ লওঁতে মি: বৰুৱাই বৰুৱানীলৈ চাই ক’লে।
: ৰ’বহে। ষ্টেণ্ডাৰ্ড বিয়াবিলাক সেই আপোনাৰ গাঁৱৰ হোৱাই নোহোৱাকৈ কৰা স্ফূৰ্তি আৰু গণ্ডগোল কৰা বিয়া পাইছে নেকি? গাড়ী আগবঢ়াওক। বিয়া ঘৰলৈ ব’লক।
গাড়ী আগবাঢ়িল, বিয়া ঘৰলৈ।
: এয়া কি বিয়া ঘৰৰ গে’টতচোন মস্ত তলা? বিয়া কি হ’ল? আজিয়ে আছিল দেখোন! হে হৰি! কি কথা।
বিয়া ঘৰৰ সম্মুখত গাড়ীখন ৰখোৱাৰ লগে লগে বৰুৱানীয়ে প্ৰায় চিঞৰি উঠাৰ দৰে উঠিল।
: হেৰা তুমি চিঠিখন ভালকৈ চাইছিলানে? মই আজি এখন বৰ ভাল মিটিং এৰি থৈ আহিলোঁ এই বিয়াখনৰ নামত। বহুত লোকচান খালোঁ আজি। ধেত্, ভালকৈ চোৱাচোন চিঠিখন। তোমাকচোন ফোনো কৰিছিল, নিমন্ত্ৰণ দিবলৈ, তেতিয়া কি কৈছিল?
অলপ খঙেৰে কোৱা কথাত বৰুৱানীয়ে হোৱাটছএপ খুলি ল’লে।
চিঠিখন চাই বৰুৱানী মূৰ্চ্ছা যোৱাৰ উপক্ৰম হ’ল।
: হে হৰি, চিঠিখনত বিয়াৰ দিনটোহে চালোঁ, বিয়াখন যে বেলেগ এখন চহৰত হ’ব, সেয়াচোন নাঁচালোৱেই।
হাঁহিব নে কান্দিবই একো থিৰাং কৰিব নোৱাৰি, কঁপি উঠা মাতেৰে বৰুৱানীয়ে লাহেকৈ ক’লে।
প্ৰছণ্ড খঙত গাড়ী ষ্টাৰ্ট দিয়া গিৰিয়েক আৰু বিয়া খাবলৈ নাপালেও কোনোবা হোটেলত দকচি খাইহে ঘৰলৈ উভতাৰ সংকল্প লোৱা পুতেকলৈ চাই বৰুৱানীও লাহেকৈ গাড়ীত উঠিল। মূৰত ঘূৰি থাকিল বিয়াত জিলিকি থাকিবলৈ কৰা তিনি হাজাৰটকীয়া ফেচিয়েল, মেকআপ আৰ্টিষ্টক দুইঘণ্টাৰ বাবে দিয়া ছহেজাৰ টকা।
সাধাৰণতে খুব কমকৈ কথা কোৱা বৰুৱানীৰ জীয়েকে ধীৰ স্বৰেৰে ক’লে,
“মা ওচৰৰ বস্তু সঠিককৈ দেখা নোপোৱাটো বিজ্ঞানত মায়’পিয়া নে হাইপাৰমেট্ৰ’পিয়া বুলি কয়?”
☆ ★ ☆ ★ ☆
11:32 am
ভাল লাগিল