লালুকী পেহী-পাৰ্থ জ্যোতি বৰুৱা
পুৰা এপেট মানুহ গিলি লৈ উগাৰি আছে চিনেমা হলটোৱে। হাউচফুল। জনপ্ৰিয় অসমীয়া চিনেমা। হা: হা: হা:…আচৰিত হ’ব নালাগে। এতিয়াৰ নহয়, চৌত্ৰিশ বছৰৰ আগৰ কথা কৈছোঁ। এতিয়া পাক্কা হিষ্ট্রী হৈছেগৈ। তেতিয়া এনেকুৱাই হৈছিল। বহুদিনৰ মূৰত এখন অসমীয়া চিনেমাই মুক্তি পায়। পালে কিন্তু ৰক্ষা নাই। মানুহ হিল-দ’ল ভাঙি ওলাই আহে চিনেমা চাবলৈ। প্রমচ’নৰ বাবে তেতিয়া ঘৰে ঘৰে টিভিও সুলভ নাছিল, গাঁৱলৈ বাতৰি কাকতো নোসোমাইছিল। ফেইচবুকৰ কথা নকওঁৱেই বাৰু। তদুপৰি অভিনেতা অভিনেত্রীয়ে কলেজে কলেজে বা চহৰে চহৰে গৈ স্পেচিয়েল কেম্পেইন কৰিব লগীয়াও নহৈছিল। মুখে মুখেই বাগৰি ফুৰিছিল খবৰ। তেতিয়া ভাল চিনেমা আৰু বেয়া চিনেমা বুলি দুটা ভাগ নাছিল। এটাই ভাগ, অসমীয়া চিনেমা। গাঁৱৰ গোটেই মখাই বাছ ভাড়া কৰে। একেখন গাঁৱকে দুখন বাছ লাগে কেতিয়াবা। তিনিখন লাগিলেও আচৰিত হ’বলগীয়া একো নাই। কি উচাহ ! কি হেঁপাহ ! বৰ ভাল লাগিছিল।
১৯৮৪ চন। দিন, মাহ পাহৰিলোঁ। মুঠতে চিনেমাৰ নাম ‘ককা দেউতা নাতি আৰু হাতী’। হলটোৱে গিলি থোৱা এপেট মানুহৰ ভিতৰত আমাৰ গাঁৱৰ মতাই-মাইকীয়ে, ল’ৰাই-ছোৱালীয়ে নগদ দুকুৰি সাতটা মানুহ সোমাই আছে। নে’ম কাষ্টিং আৰম্ভ হৈছে। এপেট মানুহ যদিও আজিকালিৰ দৰে হৈ-হাল্লা কিন্তু নাই দেই। নাই যি নাই কাৰোৰে কাঁহ এটা শুনিবলৈও নাই। জবৰদস্ত চাইলেন্স। ইফালে বীৰেন দাইটিৰ টেনশ্যন। হলৰ ভিতৰলৈ নোসোমোৱাকৈ দুৱাৰমুখতে উচপিচাই আছে লেট্ৰিনত লাইন পাতি থকা মানুহৰ দৰে। আৰে, টেনশ্যনতো হ’বই। এমা-ডিমা কেঁচুৱাটোক লগত লৈ লালুকী পেহী আহি পোৱাহি নাই এতিয়াও। ইফালে চিনেমা চুৰু হ’লেই। হওঁতে লালুকী পেহী একেখন বাছতে আহিছিল। চহৰতে ভনীয়েকৰ ঘৰ। চিনেমা চাবলৈ আহোঁতেই এপাক সোমাই নগ’লে আকৌ বা কেতিয়াকৈ আহিব পাৰে ঠিক নাই বুলি ভাবি বাছৰ পৰা নামিয়েই ভনীয়েকৰ ঘৰলৈ লৰ মাৰিলে তেওঁ। যাবৰ সময়ত পিছে বীৰেন দাইটিক চিন্তা নকৰিবলৈ কৈ গৈছিল। চিনেমা আৰম্ভ হোৱাৰ আগতেই পাই যাবহি বুলিও খেটাং কৰি গৈছিল। পিছে এতিয়াও পোৱাহি নাই। নে’ম কাষ্টিংৰ পাছত কাহিনী আৰম্ভ হ’ল। পেহীৰ দেখা দেখি নাই। ইফালে বীৰেন দাইটিৰ সেইফালেদি ধোঁৱা ওলাইছেই। চিনেমা চাবলৈ পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, কিন্তু মানুহজনী ক’ৰবাত হেৰাব লাগিলে কম কথা হ’বনে বাৰু! পেহাই ডিঙি মুচৰিব তাৰ। গোটেই মানুহমখাৰ ৰিচ লৈছে সি। ধেমালি কথা নহয়।
চিনেমা চলি আছে। হঠাৎ আমনিদায়ক পোহৰ এটা সোমাই আহিল হলটোৰ পেটৰ ভিতৰলৈ। হয়তো সকলোৱেই পোহৰটোৰ ফালে চাইছে বিৰক্তিৰে। কোনেনো খুলিছে দুৱাৰখন? লালুকী পেহী পালেহি। পেহীয়ে একো দেখা নাই। গোটেইখন অন্ধকাৰ। চোৰে চৰ মাৰিলেও নেদেখা এন্ধাৰ। ‘ঐ, চাকি জ্বলা আক’, কোলাত লআ আছে দেখা নাই নিকি ?’…পেহীয়ে টেঁটু ফালি চিঞৰিলে। পিছে কোনেনো চাকি জ্বলাই দিবহি বাৰু চিনেমা হলৰ ভিতৰত? বীৰেন দাইটিয়ে পেহীক এহাতত ধৰি আগবঢ়াই দিওঁতেই হলটোৰ একোণৰ পৰা ওপঙি আহিল জ্বলি থকা টৰ্চলাইট এটা। পেহীক টৰ্চলাইটৰ হাতত গতাই দি ওলাই আহিল বীৰেন দাইটি। ৰক্ষা তেও। মানুহজনীযে আহি পালেহি, সেয়াই ডাঙৰ কথা। বিৰাট ঝামেলা এটা শেষ হ’ল দেই…..এনে এটা ভাৱত হলৰ পৰা ওলাই আহিল বীৰেন দাইটি। পিছে তেতিয়াও হলৰ ভিতৰত শেষ হোৱা নাই ঝামেলা। কি হ’লনো? কি হ’লনো মানে ছিট নাই। ইফালে সিফালে ধুই ধাই ঘূৰিছে টৰ্চলাইট ছিট বিচাৰি। নাই। খালী নাই। যিফালেই যায় কেৱল মানুহ, মানুহ আৰু মানুহ। বিপাঙত পৰিছে টৰ্চলাইট। কি কৰা যায় এতিয়া? ‘মোৰ চকীখন ক’ত? ইমান দেয়ি লাগে নেকি?’…. ইফালে পেহী অধৈর্য হৈ পৰিছে। অৱশেষত ছিট এটা ওলাল। শেষৰ লাইনৰ একেবাৰে চুকত। মানুহৰ ভৰিত উজুটিয়াই উজুটিয়াই খুপি খুপি ছিটটো পায়গৈ মানে পেহীৰ টেমা ইতিমধ্যে বাৰুকৈয়ে গৰম হৈছে। ‘ইমান পইচা ভয়ি এতিয়া গেন্দু চকীখন দিছ ? জহনীত যোৱা বিয়েন। পইচা লওঁতে লব জানিলি?’….বীৰেন দাইটিৰ ওপৰত যে পেহীৰ খং উঠিছে খাটাং। যি কি নহওক, ছিটত গৈ বহিল লালুকী পেহী। পিছে বহিও শান্তি পোৱা নাই তেওঁ। ‘ঐ বিয়েন, বিয়েন…ঐ বিয়েন…বোলো ছিটটো ইমান ওখ যে…ঐ বিয়েন…ঐ হতছয়ি হোৱা, মাতষাও দিব নোৱাঅ এতিয়া’…..পিছে মাত দিবলৈ বীৰেন দাইটি হলৰ ভিতৰত থাকিলেহে ! ‘আপোনাৰ ছিটটো ভাল কৰি দিওঁ দিয়ক…কাষৰে মানুহজনে পেহীক কথাটো ক’বলৈহে পালে, একেবাৰে ঝেঙঝেঙাই উঠিল পেহী। ‘নালাগে এতিয়া ভাল কয়ি দিব।হুহ, কথা কবলৈ আহিছে? এতিয়া ছিট ভাল কয়িবলৈ সময় আছে? মুঠতে বিয়েনক মাত বুলিছো নহয়, মাত।’…..পেহীৰ মূৰ্তি দেখি চুৰ্ত্তি হেৰালে কাষৰ জনৰ। আচলতে পেহী বৰ চাপৰ। তেনেই পিটকণিজনী। ছিটত বহি পেহীয়ে ভৰি দুটা কোনোৰকম মজিয়াত লগাবগৈ পৰা নাই। পেহীৰ গালিবর্ষণ চলি আছে। ননষ্টপ। মাজে মাজে ‘ঐ ডাঙৰভাই মাক’, ‘ঐ বনগুটি মাক’, ‘ঐ বিহুৱা মাক’, ‘ঐ দিবাক মাক’…ইত্যাদি ইত্যাদি বুলি লগৰ কেইজনীকো চিঞৰ বাখৰ কৰি মাতি আছে। সিহঁতকেইজনীয়ে শুনিছে যদিও মাত দিবলৈ মন কৰা নাই। কাৰণ, লালুকী পেহীৰ য’তে ত’তে গণ্ডগোল লগাই ফুৰা স্বভাৱটো সকলোৱেই জানে। তদুপৰি মুখখনো বৰ চোকা। নিজৰটোৰ বাহিৰে আন কাৰোৰে কথা নুশুনে। গতিকে এইসময়ত লালুকীক মাত দিলে চিনেমা চোৱা নহ’ব আৰু। তাতে চিনেমাখনত ইণ্টাছটো লাগিছেহে। ‘হেৰৌ, টিকাটো পেলাবলৈকে নোজোৰে। এনেহেন কম দামী ছিট এটা দিব লাগেনে বাও। হাউ খাই ময়িবি বিয়েন। চাই থাক তই। আজি তো কাঅনে মো লআটোৱেও কষ্ট পাইছে জানিছ? ঘলে’ গৈ দিম আজি তোক’…..পেহীৰ ননষ্টপ ফায়াৰিংত ধৰাশায়ী কাষৰ দৰ্শক। কিবা এষাৰ কৈ বিপদ চপাই ল’ব খোজা নাই কোনোৱেও। সাংঘাটিক অশান্তিত চাই আছে চিনেমা। ‘ঐ টৰ্চ, কোন এইজনী? মনে মনে থাকিবলৈ ক। নহলে উলিয়াই দে’…..কোনোবা কেইটামানে দুবাৰমান আপত্তি কৰা শুনিলোঁ। পিছে টৰ্চৰ দেখাদেখি নাই। হাউচফুল। গতিকে নিচিন্তমনে টৰ্চ হয়তো ব্যস্ত হৈ আছেগৈ কোনোবা ঘুমটিৰ সন্মুখত ৰৈ তামোল চোবোৱাত। গতিকে উপায় নাই। সমানে সমানে চলি থাকিল চিনেমা আৰু পেহীৰ ফায়াৰিং। মুঠতে মহা পয়মাল।
ইন্টাৰভেল। লাইটবোৰ পিটিক পাটাককৈ জ্বলি উঠিল চাৰিওফালে। পোহৰ হৈ পৰিল হলৰ পেট। এইবাৰ আৰু কোনে পাই পেহীক ! অতদেৰি বান্ধি ৰখাৰ পাছত যেন পোহৰ পাই ফাটাংকৈ খুলি গ’ল ধৈৰ্যৰ বান্ধ। ‘ঐ বিয়েন জহনীত যোৱা’ বুলি কৈ মানুহৰ ভৰি উজুটিয়াই মুজুটিয়াই ওলাই আহিল পেহী। এইবাৰ ৰণচণ্ডী পেহী। ডাঙৰ পৰ্দাখনৰ ফালে চাই তৰ্জন গৰ্জন পেহীৰ। ইন্টাৰভেলত মানুহমখা সৰুপানী চুবলৈ উঠিছিলে যদিও পেহীৰ ভাওনা দেখি সকলোৰে সৰুপানী গায়ব। হাতত টৰ্চ লৈ পেহীৰ ফালে দৌৰি আহিল দুটা মানুহ। এইকেইটাই চাগে ওপঙা টৰ্চ। ‘ঠিক আছে, বলকচোন আপোনাৰ ছিটটো দেখাব আমাক’… বুলি মানুহদুটাই পেহীক লৈ গ’ল শেষৰ লাইনৰ চুকৰ ছিটটোৰ ফালে। প্ৰথমে পেহী। পিছে পিছে টৰ্চ। গৈ পাই পেহীয়ে ‘এইটো ছিটত বহিব পায়ি নেকি?’ বুলি সুধিবলৈ নাপাওঁতেই টৰ্চ লৈ থকা এজনে ফল্ডিং ছিটটো তললৈ নমাই ছিটটোত বহিব পৰা কৰি দিলে। ‘এতিয়া বহক’…বুলি কৈ আঁতৰি আহিল মানুহদুজন। ফায়াৰিং পেহী হঠাৎ ঠাণ্ডা হৈ গ’ল। বহি চালে ছিটটোত। এৰা, ভালেই দেখোন বহিবলৈ। ‘আমাৰ ঘৰৰ চকীবোৰ এনেকুৱা নহয় পাই’ বুলি নিজে নিজকে কৈ পেহীয়ে আৰামকৈ ঢকঢকীয়া বগা পৰ্দাখনৰ ফালে চালে। ঠিক তেনেতে পুণৰ লাইটবোৰ নুমাই গ’ল। ইন্টাৰভেলৰ পাছত আকৌ চলিল কাহিনী…….ককা দেউতা নাতি আৰু হাতী….
☆ ★ ☆ ★ ☆
8:08 am
এইটো কিন্তু সাংঘাটিক লিখিলে দেই।আশীৰ দশকৰ দিনবোৰলৈ মনত পৰি গ’ল।লালুকী পেহী চকুৰ আগত জীৱন্ত হৈ উঠিল।উজনিৰ ভাষা ……তামাম।বৰ ভাল লাগিল।
9:33 am
আমাৰ লৰালিলৈ মনত পৰি গ’ল।
11:32 am
মজা লাগিল