ফটাঢোল

এজন বিশেষ মানুহ – অৰবিন্দ গোস্বামী

প্ৰকৃতিৰ বুকুত কি ৰহস্য লুকাই থাকে, কোনটো ঘটনাৰ আঁৰত কি উদ্দেশ্য আছে, সেয়া কোনেও নাজানে। তদুপৰি প্ৰাকৃতিক কিছুমান ঘটনা-পৰিঘটনাৰ ব্যাখ্যা কোনেও দিব নোৱাৰে।

একবিংশ শতিকাৰ আৰম্ভণিৰ কথা। বিজ্ঞান আৰু প্ৰযুক্তিয়ে ইতিমধ্যে ভাৰতবৰ্ষতো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ সময়।হঠাৎ যেন শামুকীয়া গতিৰ পৃথিৱীখনৰ কাম-কাজবোৰে দুৰন্ত গতি লাভ কৰিলে।

বিজয় মহন্ত নামৰ ত্ৰিশোৰ্ধ ডেকাজন তেতিয়াও বিয়া নামৰ জটিল যন্ত্ৰটোৰ মাজত সোমাই ককবকাই আছিল।কোনোবাই তাক তিৰোতাসেৰুৱা বুলি ক’লে তাৰ খং উঠিছিল যদিও সি একো প্ৰতবাদ কৰিব পৰা নাছিল। পত্নীৰ অত্যাচাৰত অতীষ্ঠ হৈয়ো সি মুখেৰে মাত মাতিব পৰা নাছিল।কেতিয়াবা বিজয়ে ভাবে যে পত্নীয়ে তাক পুনৰ কাম কৰিবলৈ ক’লেই সি সেইদিনা পত্নীক বাৰুকৈ ধমকি লগাব। ইয়াৰ ফলত হয়তো ঘৈণীয়েকে তাৰ আচল ভয়ানক মূৰ্তিটো দেখি ফেঁকুৰি ফেঁকুৰি কান্দি নিজে কৰা ভুলৰ বাবে তাৰ ওচৰত মাফ খুজিব আৰু সিও তাইক মাফ কৰি দিব।

পিছদিনাখনৰপৰা পত্নীয়ে তাক পুৱাই চাহ বনাই খুৱাব, ঘৰ বাঢ়নী-ঝাৰু লগাই চাফা কৰিব, বাচন-বৰ্তন ধুব, গা-পা ধুই আহি ভাত ৰান্ধিব আৰু তাক পুৱাই অফিচ যোৱাৰ আগমুহূৰ্তত গৰম গৰম ভাত খুৱাব। কেৱল এয়াই নহয় ঘৰৰ ডাষ্টবিনৰ জাবৰ পেলোৱা, মকৰা জাল গুচোৱা আৰু ল’ৰা-ছোৱালীলৈ টিফিন ঠিক কৰি দিয়া কামবোৰো পত্নীয়েই  কৰিব। অৰ্থাৎ সকলো ঠিক হৈ যাব।

এনেদৰে ভাবি ভাবি বিজয়ে ঘৰৰ কাম আধাতে পেলাই য’তে ত’তে টোপনি যায় আৰু পিছত পত্নীৰ ধমকি খাই পুনৰ কামত লাগে। বহুবাৰ প্ৰতিবাদস্বৰূপে পত্নীক ধমকি দিবলৈ বিজয়ে  মুখখন মেলিছে যদিও আৱাজটোহে ডিঙিৰ পৰা বাহিৰলৈ ওলাই নাহে। সেই সময়ত দেখোন তাৰ মাতটো প্ৰেচাৰ কুকাৰৰ হুইচেলটোৰ দৰে হয়গৈ আৰু এইটো হ’লেই বিজয়ৰ পত্নীয়ে পাকঘৰত থকা বেলনাৰ মাৰিডাল আনি বিজয়ৰ মূৰত তিনিকোব শোধায় আৰু তেতিয়া বিজয়ৰ মাতটো প্ৰেচাৰ কুকাৰৰ হুইচেলৰ পৰিবৰ্তে বাৰিষা কালৰ ভেকুলীৰ টোৰটোৰণিৰ দৰে হয়। ইয়াৰ পিছত আৰু এটা কোব মাৰিলেহে বিজয়ৰ মাতটো নৰ্মেল হয়। মাতটো প্ৰেচাৰ কুকাৰৰ হুইচেল বা  ভেকুলীৰ টোৰটোৰণিৰ দৰে হৈ থকা অৱস্থাত বিজয়ে ‘মোৰ মাতটো কি হ’ল!’ বুলি ভাবি অত্যন্ত ভয় খায় আৰু সেই ভয়তে পত্নীক ধমকি দি ঠিক কৰাৰ কথা মনৰ ভিতৰৰপৰা পলাই পত্ৰং দিয়ে। তদুপৰি বিজয়ৰ মাতটো যদি সদায় প্ৰেচাৰ কুকাৰৰ হুইচেল বা ভেকুলীয়ে টোৰটোৰোৱাৰ দৰে হৈ থাকে, তেন্তে বিজয়ে দেখোন সদায় কথাই প্ৰতি বেলনা মাৰিৰ কোবেই খাই থাকিব লাগিব! এই ভয়ে বিজয়ক আগতে ভাবি থকা সকলো কথা পাহৰাই পেলায়। মাতটো নৰ্মেল হ’লেই বিজয়ে ঘনাই উশাহ লয় আৰু তেতিয়া মুখেৰে মাথোঁ এটা কথাই ওলায়,

: কৰিম, কৰিম, কৰিম….ময়েই সকলো কৰিম সোণজনী!

বিজয় ব্যথিত হয়। এদিন জীৱনৰ এই দুখৰ কথাবোৰ চিন্তা কৰিয়েই বিজয়ে ৰাতি মনে মনে ঘৰৰ পৰা বাহিৰলৈ ওলাই গ’ল। লগত মৰমৰ কুকুৰটো আৰু হাতত কেটেপা এডাল।বিজয়ে মনতে ভাবিলে যে সি লাগিলে চৰাই-চিৰিকতি মাৰিয়েই খাই আদিম যুগৰ মানুহৰ দৰে জীয়াই থাকিব, তথাপি ঘৰলৈ ঘূৰি নাহে। সেই সময়ত তাৰ নিজকে ৰিপ ভান ৱিংকলে কেটচ্ কেইন শৃংগলৈ যোৱাৰ দৰে অনুভূত হ’ল।এইদৰে গৈ গৈ বিজয়ে এখন গাঁও পালেগৈ। বিজয়ৰ পৰিচিত গাঁওখনৰ ৰাস্তাৰ কাষতে থকা এটা পিটনিৰ পাৰত বিজয়ে মহৰ কামোৰ খাই বহি থাকিল।

হঠাৎ বিজয়ে কোনোবা অহাৰ উমান পাই ৰাস্তাৰ ফালে চালে।দূৰৰ পৰা বিজয়ে ধৰিব পৰা নাছিল কিন্তু কিবা এটা যে তাৰ ফালে কেৰেক কাৰাক শব্দ কৰি আহি আছে, সি ধৰিব পাৰিলে। অলপ ওচৰ পোৱাত বিজয়ে দেখিলে যে এজন বৃদ্ধ মানুহে ঠেলা এখনত কিছুমান মাটিৰ কলহ লৈ আহি আছে।তেওঁ বিজয়ৰ ওচৰতে ৰ’লহি আৰু ক’লে,

: বাচা তুমি কোন আৰু এই ৰাতিখন ইয়াত কি কৰি আছা?বাৰু তুমি যিয়েই নোহোৱা মোৰ ঠেলাখন ঠেলি মোক এই বেয়া ৰাস্তাডোখৰ পাৰ হোৱাত অলপ সহায় কৰি দিব পাৰিবানে?

বিজয় মান্তি হ’ল আৰু ঠেলাখন ঠেলি মানুহজনক বোকা ৰাস্তাডোখৰ পাৰ হোৱাত অলপ সহায় কৰি দিলে। সেইখিনি সময়ত বিজয়ৰ মনলৈ আহিছিল যে ৰিপ ভান ৱিংকলৰ দৰে ২০ বছৰ শুই থাকিব পৰা কিবা কলহকেইটাৰ ভিতৰত থকা হ’লে বিজয়ে তাকে খাই শুই থাকিলেহেঁতেন। ফলত সি মৰিবও নালাগে আৰু দুনীয়াৰ এই জঞ্জালবোৰৰপৰাও মুক্তি পাই যাব।

সঁচাই তাক আচৰিত কৰি মানুহজনে ঠেলাখন ৰখালে আৰু তাক তাৰ পৰা কলহ এটা নমাই দি ক’লে, 

: ডেকা ল’ৰা…তুমি মোক সহায় কৰিলা আৰু সেয়ে মই তোমাক এই কলহটো দিলোঁ।

: দেউতা কি আছেনো ইয়াত?

: সেয়া মই নকওঁ। কিন্তু ইমানেই ক’ম যে ইয়াত এক বিশেষ দ্ৰব্য আছে, যিখিনি খাই তুমিও ‘বিশেষ’ হৈ পৰিবা।

এইবুলি কৈ মানুহজনে ঠেলাখন লৈ আন্ধাৰত বিলীন হৈ গ’ল।

বিজয়ে কলহটো সন্মুখত লৈ কিছুপৰ থিয় হৈ থাকিল।বিজয়ৰ পুনৰ সেই ৰিপ ভাল ৱিংকলৰ কাহিনীটো মনত পৰিল। সৰুৰে পৰা কিবা এটা ভাল লগা কাহিনীটোৰ সৈতে বিজয়ৰ কাহিনীৰ মাজত পাৰ্থক্য নিচেই তাকৰ। সন্মুখত থকা কলহৰ জুলীয়া দ্ৰব্যখিনি পি খাই সিয়ো ২০ বছৰ শুই নাথাকেতো! তেনে হ’লেতো ভালেই কথা। পিচে কলহৰ ভিতৰৰ দ্ৰব্যখিনিৰ পৰা কিবা সাজপানী সাজপানী (অসমীয়া মানুহে ঘৰত বনোৱা সুৰা) যেন গোন্ধ এটাহে আহিল। বিজয়ৰ মনটো ভাল লাগি গ’ল। বহুদিনৰ মূৰত আজি সি সাজপানী খাবলৈ পাব। তাতে আকৌ এইখিনি খাই বোলে সি কিবা ‘বিশেষ’ হৈ পৰিব। কথাখিনি ভাবি তাৰ ভাল লাগি গ’ল।

পিচে এই পিটনিৰ পাৰত বহি সাজ খাই বেহুচ হৈ পৰি থাকিলে মানুহে তাক মৰিলে বুলি চাঙীত উঠাই নি শ্মশানত জ্বলাই দিলে তাৰ কি হ’ব ! না..না…এনে ঠাইত এইবোৰ বস্তু খাব নোৱাৰি। ৰিপ ভান ৱিংকলৰ দৰে কোনো মানুহ নথকা ঠাইত গৈ সাজখিনি খাব লাগিব। এইবুলি ভাবি বিজয়ে কলহটো কান্ধত উঠাই ল’লে আৰু কাষৰে হাবিখনলৈ ৰাওনা হ’ল। লগৰ কুকুৰটোৱে বিজয়ক অনুসৰণ কৰিলে। সেই হাবিখনৰ এজোপা প্ৰকাণ্ড গছত সি কেতিয়াবাই এটা খোৰোং দেখিছিল। তাত যেনে তেনে মানুহ এটা সোমাই বহি থাকিব পাৰে। বিজয়ে মোবাইলৰ পোহৰেৰে খোৰোঙৰ ভিতৰখন চাই ল’লে। নাই…তাত বাঘ, ঘোং বা সাপ একো নাই। কলহটো লৈ বিজয় গছৰ খোৰোংটোৰ ভিতৰলৈ সোমাই গ’ল। কুকুৰটো গছৰ খোৰোঙৰ সন্মুখতে বহি ৰ’ল।

বিজয়ে কলহৰ মুখখনত কলপাতেৰে এক বিশেষ কায়দাত লগোৱা হাফৰৰ দৰে অংশটো আঁতৰাই দিয়াৰ লগে লগে সাজপানীৰ উগ্ৰ গোন্ধটো তাৰ নাকত খুন্দিয়াই তাক বলীয়া কৰি তুলিলে। লগত কোনো ডিচপৰ্জেবল গ্লাছ নথকাত সি প্ৰকাণ্ড কলহটো ডাঙি সাজপানী পিবলৈ লাগিল। এনেতে কুকুৰটোলৈ মনত পৰাত সি খোৰোঙৰ বাহিৰলৈ মূৰটো উলিয়াই তাকো এচলুমান খাবলৈ দিলে। যি কি নহওক, আজি কুকুৰটোৱেই তাৰ সঙ্গী। সেয়ে তাক এৰি কিবা খোৱাৰ প্ৰশ্নই নাহে। সাজপানীখিনি বৰ সোৱাদ আছিল।কুকুৰটোৱেও টকালি পাৰি পাৰি সাজপানী খোৱা দেখি তাৰ বৰ ভাল লাগিছিল। অলপ সময়ৰ পিছত সি বুজি উঠিছিল যে তাৰ নিচা হৈছে। লাহে লাহে বিজয়ৰ দেহা অৱশ হৈ আহিছিল আৰু কোনসময়ত সি টোপনি গ’ল সেয়া সি গমকে নাপালে।

বিজয়ে পুৱতি নিশা সাৰ পালে। ৰাতি খোৱা সাজপানীৰ নিচাত যেন বিজয়ে মূৰটো ডাঙিবই নোৱাৰিব, তাৰ এনে লাগিল। ৰিপ ভান ৱিংকলে ২০ বছৰ শুই থাকিও এদিন এৰাতিমান শোৱা যেনহে অনুভৱ কৰিছিল। কিন্তু ৰিপ ভানে শুই উঠি নিজৰ দাড়িখিনি বহুত দীঘল অৱস্থাত পাইছিল, কাষত কুকুৰটোক দেখা নাছিল আৰু গাঁৱলৈ গৈ গম পাইছিল যে সি ২০ বছৰ শুই থাকিল।

ৰাতিৰ কথাখিনি স্পষ্টকৈ মনত পৰাত বিজয় জাঁপ মাৰি উঠিল। লগে লগে বিজয়ে নিজৰ দাড়িখিনিত হাত দি চালে।হঠাৎ তাৰ মনত পৰিল যে তাৰ দাড়ি সৰ্বমুঠ দহ-বাৰডালমানহে গজে। সেইকেইডালকে যথাস্থানত বিচাৰি বিজয় আচৰিত হ’ল। হয়তো! দাড়িৰ নামত থকা কলঙ্ককেইডাল যথেষ্ট দীঘল হৈ গ’ল। নিজৰ গাটো আঠা আঠা যেন লগাত ভালদৰে চাই বিজয়ে দেখিলে যে তাৰ গোটেই গাটোত মকৰা জাল, ধূলি-মাকতি আৰু পোক পৰুৱাৰ বাহ। তাৰ ছালখন শুকাই ঠায়ে ঠায়ে বগা বগা পৰিছে। বিজয় আচৰিত হোৱাতকৈও আনন্দিতহে বেছি হ’ল।সি মনতে ভাবিলে যে তাৰ পত্নী নিশ্চয় গাত বল নথকা বুঢ়ী হৈছেগৈ আৰু পুত্ৰ নিশ্চয় ডেকা হ’ল। সি চাগৈ বিয়া-বাৰুও পাতিলে। এতিয়া ঘৰলৈ গ’লে ল’ৰাই খুৱাব, বোৱাৰীয়ে প্ৰতিপাল কৰিব….আঃ! কি সুন্দৰ হৈ পৰিব জীৱন! গছৰ খোৰোঙৰ ভিতৰৰ পৰাই বিজয়ে ভগৱানক সেৱা এভাগি জনালে। তথাপি বিজয়ে সি যে ২০ বছৰ শুই থাকিল, কথাষাৰ মানিবলৈ অলপ টান পালে কাৰণ তাৰ বয়সটো প্ৰায় একে যেন অনুভৱ হ’ল। বিজয়ে ততাতৈয়াকৈ খোৰোঙৰ বাহিৰলৈ ওলাল আৰু দেখিলে যে তাৰ সৈতে সাজ খোৱা কুকুৰটো নাই আৰু কুকুৰটোৰ ঠাইত তাৰ জঁকাটোহে পৰি আছে। এইবাৰ বিজয় নিশ্চিত হ’ল যে সি হয়তো ২০ বছৰ বা তাতকৈ অধিক শুলে। এনেদৰে নাটকীয়ভাৱে পত্নীৰ অত্যাচাৰৰপৰা মুক্তি পাব বুলি বিজয়ে সপোনতো কল্পনা কৰা নাছিল।

ততাতৈয়াকৈ বিজয় নিজৰ গাঁৱলৈ বুলি ৰাওনা হ’ল। কিন্তু ই কি! গাঁৱত দেখোন সি প্ৰায়বোৰ চিনাকি মানুহৰেই মুখ দেখা পাইছে আৰু মানুহবোৰে তাক আগুৰি ধৰি চিঞৰ-বাখৰ লগাইছে।

: ঐ বিজয়….ইমানদিনে ক’ত পলাই আছিলিগৈ?

: ঐ বিজয়…আমি তই মৰিলি বুলিহে ভাবিছিলোঁ!

: যি নহওক দে, মানুহটো ঘূৰি আহিছে কম ডাঙৰ কথানে?

: মই আকৌ তই কিবা আলফা চালফাত সোমালি বুলিহে ভাবিছিলোঁ।

: ঔ….এইটো আমাৰ বিজয়েই নে! গোটেইটো পাকিস্তানৰ সন্ত্ৰাসবাদীটোৰ নিচিনা হৈ আহিছে।

: ঐ কোনোবা চোৰ ডকাইৰ গেঙত সোমাই আছিলি নেকি?

নানাজনৰ নানা প্ৰশ্ন, নানা সন্দেহ। এজনেতো তেওঁক মাৰ্ডাৰ কেচত ফচি ক’ৰবাৰ জেলত সোমাই আছিলি নেকি বুলিও সুধিয়েই পেলালে।

সকলোৰে মন্তব্যই বিজয়ৰ মগজুত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। ঘটি থকা ঘটনাবোৰৰ পৰা এটা কথা সহজেই অনুমেয় হৈছিল যে বিজয়ে ৰিপ ভান ৱিংকলৰ দৰে একুৰি বছৰ শুই থকা নাছিল। এয়াও সত্য যে সি ঘটনাৰ পিছদিনাখনো ঘূৰি অহা নাই। বিজয়ে কোনো উত্তৰ নিদিয়াকৈ সকলোৰে কথাবোৰ মনে মনে শুনি থাকিল।

: ইঃ! ক’লেই হ’ল নেকি! ছয়মাহ দিন সি নাই যেতিয়া নিশ্চয় অন্য কাৰোবাৰ লগত সংসাৰ তৰিছেগৈ!

এইষাৰ কথা কিন্তু বিজয়ৰ কাণত সোমাই চিধা মগজুত খুন্দা মাৰিলেগৈ। মানে সি ছয়মাহ শুই আছিল। কথাষাৰ ভাবি তাৰ প্ৰছণ্ড খং উঠিল কাৰণ ছয় মাহ শুই তাৰ একো লাভ নহ’ল।না বিজয়ৰ পত্নী বুঢ়ী হ’ল আৰু না বিজয়ে পত্নীৰপৰা মুক্তি পালে। ওলোটা কেচটো বেয়ালৈহে ঢাল খালে। তদুপৰি বিজয়ৰ পত্নীয়ে এতিয়া কেচটো কিধৰণে লয়, সেয়া বৰ ডাঙৰ প্ৰশ্ন।

মানুহবোৰে বিজয়ক ঠেলি-হেঁচি আগুৰি ধৰি তাৰ ঘৰলৈ বুলি লৈ গ’ল। বিজয়ে ঘৰৰ গেটৰ সন্মুখ পাইছিলহে, এনেতে বিজয়ৰ পত্নীয়ে ৰাউচি জুৰি কান্দিবলৈ লাগিল। বিজয়ে পত্নীৰ ওচৰলৈ আহি ক’লে,

: হুঃ! মই থাকোঁতে মোক দুনীয়াৰ কাম কৰালা। এতিয়া লাজ লাগিছে চাগৈ! এতিয়া বুজিছাতো মই তোমাৰ জীৱনৰ কিমান ইম্পৰ্টেণ্ট ফেক্টৰ।

হঠাৎ বিজয়ৰ পত্নীয়ে চকুৰ পানী মোহাৰি গৰজি উঠিল,

: মনে মনে থাকক। আপুনি মোৰ জীৱনৰ একোডাল ইম্পৰ্টেণ্ট ফেক্টৰ চেক্টৰ নহয়। এজনী থাকোঁতে ক’ৰবাত বেলেগ এজনী গোটাই তাইৰ লগত ছয়মাহ থাকি মুখত ছাই ঘঁহি আহিছেগৈ। লাজ লগা নাই আপোনাৰ। ল’ৰা ডেকা হ’লহি আৰু আপুনি পৰকীয়া প্ৰেমত মচগুল! লাজ কোনে পাব লাগে? মই নে আপুনি? মই আপোনাৰ কথা বহুত আগতেই গম পাওঁ। ফোন আহিলে যে মোৰপৰা আঁতৰি গৈ কথা পাতেগৈ, মই তেতিয়াই বুজিছিলোঁ। ছিঃ! ছিঃ! কেনেকুৱা মতা মানুহ ঔ এইটো! মোলৈ বহুত ভাল ভাল দৰা আহিছিল। মোৰহে ফুটা কপাল যে মই আপোনাৰ মিঠা মিঠা কথাত ভোল গৈ আপোনালৈ বিয়া হৈ আহিলোঁ। মোৰ এতিয়া কি হ’ব ঔ ৰাইজ!

….বুলি বিজয়ৰ পত্নীয়ে এইবাৰ আকৌ ৰাউচি জুৰিবলৈ লাগিল।

এনেতে অত্যুৎসাহী সাংবাদিক এজন  বিজয়ৰ সন্মুখত যেন আকাশৰপৰা সৰি পৰিল।

: এয়া আপোনালোকে দেখিছে…ভালদৰে চাওক। এইজন এজন মানুহ…হয়, আপোনালোক আচৰিত নহ’ব…এইজন মানুহেই হয়। আজিৰ পৰা ছমাহৰ আগতেই ব্যক্তিজন নিৰুদ্দেশ হৈছিল। আজি এখেত আহি হঠাৎ নিজ গাঁৱত ওলাইছেহি। পৰিয়ালটোৱে আজি ছমাহ ধৰি ঘৰৰ মূল ব্যক্তিজন ক’ত আছে বা জীয়াই আছেনে মৰিল বুলি শঙ্কিত হৈ থকাৰ সময়তে আজি নাটকীয়ভাৱে ব্যক্তিজন তেওঁৰ নিজ গৃহত উপস্থিত হৈছেহি। এয়া আপোনালোকে দেখিছে তেখেতৰ জপৰা চুলি….মানুহজনৰ দাড়ি কম যদিও থকাকেইডাল প্ৰায় ৮ ছেণ্টিমিটাৰমান দীঘল হৈ আছে।ব্যক্তিজন নিৰুদ্দেশ হোৱাৰ কথা পুলিচ প্ৰশাসনক অৱগত কৰা হৈছিল যদিও পুলিচ প্ৰশাসনে পৰিয়ালটোক মানুহজন বিচাৰি উলিওৱাত কোনোধৰণে সহায় নকৰিলে বুলি দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্যই ইতিমধ্যে মন্তব্য কৰিছে। উক্ত ঘটনাটোৱে আৰক্ষী প্ৰশাসনৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। মানুহজনক আপোনালোকে আকৌ এবাৰ চাওক(বিজয়ে হাতেৰে মুখ লুকুৱায়)। হয়তো তেখেত অত্যন্ত মানসিক চাপত আছে, যথেষ্ট অসুস্থ যেন লাগিছে তেখেতক।এয়া কোনো অপহৰণ কাণ্ড হ’ব পাৰে, হয়তো এনে হ’ব পাৰে যে তেখেত কোনো নিষিদ্ধ ঘোষিত সংগঠনত সোমাই মোহভঙ্গ ঘটি পুণৰ মূলসুঁতিলৈ ঘূৰি আহিছে। কিন্তু তেওঁৰ এই নিৰুদ্দেশৰ আঁৰত কোনো পৰকীয়া প্ৰেম কাহিনী থাকিব পাৰে বুলি তেখেতৰ পত্নীয়ে কিছুসময় আগতে সন্দেহ ব্যক্ত কৰি মত প্ৰকাশ কৰিছে। তেখেত ক’ত আছিল, ক’লৈ গৈছিল এই সম্পৰ্কে এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।

খঙৰ ভমকতে বিজয়ে সাংবাদিকজনক গালি পাৰিবলৈ মুখ মেলোঁতেই মুখৰ পৰা প্ৰেচাৰ কুকাৰৰ হুইচেলৰ দৰে আৱাজ ওলাল। বিজয়ৰ কাষত থকা মানুহবোৰ ভয়তে ছিটিকি পৰিল। এনেতে বিজয়ৰ পত্নীয়ে বেলনা মাৰিডাল আনি মূৰত তিনিকোব শোধোৱাত এইবাৰ বিজয়ে টোৰটোৰাবলৈ ধৰিলে। পুনৰ এক কোব। এইবাৰ বিজয় নৰ্মেল হ’ল যদিও মুখেৰে একো নামাতিলে।

বিজয়ক স্থানীয় পুলিচ প্ৰশাসনৰ তত্বাৱধানত প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু তাৰ পাছত সোধ-পোচৰ বাবে পুলিচ থানালৈ অনা হয়।থানাত বিজয়ে নিজৰ সমস্ত কাহিনী বিৱৰি কোৱাত স্থানীয় পুলিচ প্ৰশাসন আচৰিত হয় আৰু কথাটো অসম চৰকাৰক অৱগত কৰে। এই খবৰ অসম চৰকাৰে লাভ কৰাত এটা চিকিৎসক আৰু বৈজ্ঞানিকৰ দল বিজয়ৰ ঘৰলৈ ৰাওনা হয়। চিকিৎসক আৰু বৈজ্ঞানিকৰ দলটোৱে বিজয়ৰ পত্নীৰ সৈতে কথা-বতৰা পাতি বিজয়ৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ কৰিবৰ বাবে তাক টিমটোৰ লগত নিব বিচাৰে। তেওঁলোকে বিজয়ৰ পত্নীক জনায় যে বিজয়ৰ পৰিয়ালৰ সমস্ত খৰচ-পাতি অসম চৰকাৰে বহন কৰিব আৰু বিজয়ক এমাহৰ ভিতৰত ‘নাচা’লৈ ‘গৱেষণাৰ মডেল’ হিচাপে পঠোৱা হ’ব।

তেতিয়াৰ পৰা বিজয়ৰ ওপৰত ‘নাচা’ত গৱেষণা চলি আছে।বৰ্তমান ‘নাচা’ত থকা বিজয়ে ভাবে যে সেইদিনাখন ৰাতি ৰাস্তাত লগ পাই কলহ দিয়া মানুহজনে এনেই কোৱা নাছিল যে জুলীয়া দ্ৰব্যবিধ পান কৰি বিজয় কোনো এজন ‘বিশেষ মানুহ’ হৈ পৰিব।

বিজয়ে চাগৈ এতিয়া ৰাতি চিঞৰে—–

“নহওঁ ঔ মই ‘বিশেষ মানুহ’। ইয়াতকৈ মোৰ আগৰ জীৱনটোৱেই বহুত ভাল আছিল।”

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *