ভাৰতীয় চলচ্চিত্ৰ জগতত ব্যঙ্গ : বিকাশ দত্ত
“আগে ইছি ফ্লাই-অ’ভাৰ কে নিছে লৌগ ঘৰ বচায়েংগে!”
মালিগাঁৱত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দান সেই বৃহৎ ট্ৰেফিক জামত ফচি থাকোঁতেই হঠাৎ কুন্দন শ্বাহৰ ক্লাছিক “জানে ভী দৌ য়াৰো” (১৯৮৩) ছবিখনৰ এই সংলাপটোলৈ মনত পৰিল। প্ৰকৃতাৰ্থত এখন সুস্থ সবল কমেডি অৰ্থাৎ ব্যঙ্গ ছবিৰ নাম ক’লেই এই ছবিখনৰ নাম প্ৰথম তিনিটা স্থানত নিশ্চয়কৈ থাকিব। দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক প্ৰেক্ষাপট, সংবাদ মাধ্যমৰ ভীতিগ্ৰস্ততা, গতিশীল কাহিনী, সমাজ জীৱনৰ অগতানুগতিক অথচ স্থিতিশীল কথনশৈলীৰ বাবে “জানে ভী দৌ য়াৰো” নিশ্চিতভাৱে এখন উপভোগ্য ছবি। সততে কোৱা হয় যে ব্যঙ্গ হ’ল কিতাপ, চলচ্চিত্ৰৰ আটাইতকৈ কঠিন genre যাক সফলভাৱে উপস্থাপন কৰিলে বাহ বাহ ল’ব পাৰি আৰু বিফল হ’লে সেয়া দৰ্শক বা পাঠকে ধুলিস্যাৎ কৰিবও পাৰে। ৪০ ৰ দশকৰ পৰা আৰম্ভ হোৱা ভাৰতীয় ছবি উদ্যোগত ব্যঙ্গ সাহিত্য বা ব্যঙ্গ চিত্ৰনাট্যৰ আভাস খুব কম আছিল যদিও সেই সময়ৰ সমাজ ব্যৱস্থা বা আৰ্থ-সামাজিক দিশত ব্যঙ্গই স্থান লাভ কৰাত বিফল হোৱাৰ এটা মূল কাৰণ আছিল ব্ৰিটিছ ঔপনিৱেশিক শাসন। অৱশ্যে স্বৰাজোত্তৰ কালত নিৰ্মিত বেছিভাগ ছবি হয়তো ৰোমাণ্টিক আছিল বা এখন সামাজিক ছবি আছিল য’ত এগৰাকী সৰ্বহাৰা মাক, তেওঁৰ দুই পুত্ৰৰ সৈতে হোৱা জীৱন সংগ্ৰাম ইত্যাদি ইত্যাদি। কিন্তু তাৰ পিছতেই কিছুসংখ্যক ছবিয়ে ভাৰতীয় ছবিৰ প্ৰেক্ষাপট সলনি কৰে চিটুৱেছন কমেডিৰ জৰিয়তে। এইক্ষেত্ৰত পোন প্ৰথমতেই নাম ল’ব লাগিব শতিকাৰ ছুপাৰষ্টাৰ শিল্পী কিশোৰ কুমাৰৰ। ১৯৬২ ৰ “হাফ টিকেট”ৰ সেই বিখ্যাত সংলাপটো কোনে পাহৰিব পাৰে, “তৌণ্ড মে চুপায়ে হে ছিৰাগ এ আলাডিন”!
এখন সুস্থিৰ ব্যঙ্গ চিত্ৰনাট্য আৰু কিশোৰ কুমাৰৰ স্বপ্লান্বেসী চাৰিত্ৰিক উপস্থাপন, নিশ্চয়কৈ এখন ক্লাছিক ছবি। তাৰ পিছৰ ব্যঙ্গাত্মক ছবিৰ ভিতৰত ১৯৬৮ ৰ “পড়োচন”ৰ সেই বিখ্যাত গীত “এই চতুৰ নাৰ বড়ী হৌচিয়াৰ”ত কিশোৰ কুমাৰ, মেহমুদ আৰু সুনীল দত্তৰ স্বন্দ-খৰিয়াল শতিকাযুৰি সকলোৰে মনত সজীৱ হৈ থাকিব। প্ৰকৃতাৰ্থত এখন ব্যঙ্গ ছবি তথা আৰ্থ-সামাজিক প্ৰেক্ষাপটত প্ৰতিগৰাকী যুৱক-যুৱতীৰ মন মগজুত ঘৰ কৰিবলৈ সক্ষম হৈছিল “পড়োচন”। একেদৰে পিছৰখিনি সময়ছোৱাত হৃষিকেশ মুখাৰ্জীৰ “চুপকে চুপকে” (১৯৭৫) আৰু ৰমেশ চিপ্পীৰ “সীতা ঔৰ গীতা” (১৯৭২) ৰ দৰে স্বল্পখ্যাত ছবিসমূহক বলিউদৰ একোখন সুন্দৰ ব্যঙ্গ ছবি বুলি সততে মনত পেলোৱা হয়। আৰু এই ছবিসমূহ আছিলেই তেনেকুৱা। নুশুনাটোক শুনাবলৈ আৰু নোকোৱাটোক ক’বলৈ পৰিচালক চিত্ৰনাট্যকাৰ তথা অভিনেতা অভিনেত্ৰীয়ে মাৰ্জিত সংলাপৰ জৰিয়তেই প্ৰতিগৰাকী দৰ্শকৰ মাজলৈ লৈ গৈছিল ছবিৰ কাহিনীক। আৱেগ, পৰিয়ালৰ মাজৰ টনা-আজোৰা, সম্বন্ধৰ গভীৰতা, মানৱীয় প্ৰমূল্যবোধেৰে একোখন ছবি নিৰ্মাণ কৰা হৈছিল ৭০-৮০ ৰ দশকত, যিবোৰ ছবি একে সময়তে আধুনিকো আছিল, আনহাতে একেটা সময়তে নিজৰ মূলসুঁতিক পাহৰিবলৈও দিয়া নাছিল। এতিয়া হয়তো এই ছবিসমূহ চালে আমি খুব ভালদৰে হৃদয়ংগম কৰিব নোৱাৰিম, কিন্তু ছবিকেইখনে আমাৰ মুখমণ্ডলত এক হাঁহি বিৰিঙাবলৈ সক্ষম হয়। অৱশ্যে ৯০-২০০০ ৰ দশকত এই ব্যঙ্গ ছবিৰ পৰা চিটুৱেছন কমেডি আঁতৰি যায় আৰু এক নিম্নখাপৰ চিত্ৰনাট্যৰ পয়োভৰ দেখিবলৈ পোৱা যায়। দুতলীয়া সংলাপ, মহিলা চৰিত্ৰৰ অৱনমিত উপস্থাপন বা এক “পুৰুষতান্ত্ৰিক” চিন্তাধাৰাৰ অতিমাত্ৰিক উপস্থাপনৰ বাবেই হয়তো ছবিসমূহে মিশ্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছিল। অৱশ্যে তাৰ মাজতে ভালেকেইখন কমেডি ছবিয়ে দৰ্শকৰ সঁহাৰি লাভ কৰে আৰু সময়ৰ গতিত একোখনকৈ কাল্ট ক্লাছিক হিচাপেও অভিহিত হয়। ইয়াৰ ভিতৰত অন্যতম আছিল ৰাজকুমাৰ সন্তোষীৰ আমিৰ খান, ছলমান খান অভিনীত “অন্দাজ অপনা অপনা” (১৯৯৫)। বলিউদৰ পূৰ্বৰ সেই চিটুৱেছন কমেডিক এক নতুন ৰূপেৰে উপস্থাপন কৰাত সফল হৈছিল এই ছবিখন। একেদৰে পিছৰটো দশকত ৰাজকুমাৰ হিৰাণীৰ “মুন্নাভাই ছিৰিজ”, “৩ ইডিয়টছ”, “পিকে”, লগতে ২০১৬ ৰ “ফেৰাৰী কি চৱাৰী”ও একোখন সুন্দৰ আধুনিক ব্যঙ্গ ছবি বুলি বিনাদ্বিধাই ক’ব পাৰি। অৱশ্যে ইয়াৰ মাজতে কিছুসংখ্যক নিম্ন মানদণ্ডৰ ছবিও আমাৰ মাজলৈ আহিছিল। কিন্তু এই লেখাটোত সেইখিনি ছবি বিষয় উল্লেখ কৰাতো যুক্তিসংগত নহ’ব।
শেহতীয়াকৈ হিন্দী ছবি “মিমি” আৰু মালায়লম ছবি “মিন্নল মুড়লী”ৰ নাম নিশ্চয়কৈ ক’ব পাৰি। ছাৰগেছিৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আধাৰিত “মিমি”ৰ কাহিনী আৰু চিত্ৰনাট্য খুবেই ভাল বুলি ক’ব নোৱাৰিলেও ছবিখন এখন উপভোগ্য ছবি বুলিয়েই ক’ব পাৰি। একেদৰে কম বাজেটত নিৰ্মিত এখন ছুপাৰহিৰো ছবি “মিন্নল মুড়লী” এখন তাৎক্ষণিক ভাৱে মতামত দিব পৰা এখন সুন্দৰ ছবি বুলি ক’ব পাৰি। কাহিনীক সাধাৰণ ভাৱে ৰাখি, সততে ব্যৱহাৰ হোৱা ভিজুৱেল এফেক্টছক নুন্যতম অথচ ৰূপায়ণগত ত্ৰুটিৰ উম্মেষ নঘটোৱাকৈ ক্ষীপ্ৰতাৰে সংযোজন কৰি দৰ্শকক এখন মূলসুঁতিৰ উপভোগ্য ছবিৰূপে উপস্থাপন কৰাৰ বাবে “মিন্নল মুড়লী”ক প্ৰশ্ন অবিহনে এক সফল চিনেকৰ্ম বুলি ক’ব পাৰি।
ছবিখন নেটফ্লিক্সত উপলব্ধ। কমেডিৰ লগতে একশ্যন আৰু কাহিনীৰ গভীৰতাৰ প্ৰতি আগ্ৰহী চিনেমাৰসিক দৰ্শকে “মিন্নল মুড়লী” চাব পাৰে।
লেখাটোত হলিউদ বা অন্যান্য ছবিৰ উল্লেখ কৰা হোৱা নাই। কিন্তু তাৰ মাজতে এখন অসমীয়া ছবিৰ নাম ল’বলৈ মন গৈছে। ২০০৩ চনৰ “ককাদেউতাৰ ঘৰ-জোঁৱাই” ছবিখন হয়তো আমি সকলোৱেই চাইছোঁ। মই মাৰ লগত প্ৰাগজ্যোতি চিনেমাহলত চোৱা মনত আছে। বেলকণিৰ টিকট ২৭ টকা আছিল তেতিয়া। বিশ্বাস কৰিব পাৰে যে আমি শাৰী পাতি টিকট কাটিছিলোঁ। আচৰিত যেন লাগে যদিও এয়া সত্য কথা। প্ৰতিখন অসমীয়া চিনেমা চোৱাৰ বাবেই অসমৰ চুকে-কোণে দৰ্শকে টিকট কাটিবলৈ হেতা-ওপৰা লগোৱা স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ ২০০৩ চনতেই। কিন্তু এতিয়া কি হ’ল সেয়া আমি ক’ব নোৱাৰোঁ। ব্যঙ্গ, ড্ৰামা, একশ্যন ছবিৰ ভৰপূৰ সমাহাৰেৰে নিৰ্মিত প্ৰতিখন অসমীয়া ছবিয়েই হিট হৈছিল। সেই দিন ঘূৰি অহাতো বিচাৰোঁ।
ব্যঙ্গ ছবিজগতৰ এক অবিচ্ছেদ্য অংগ। এটা চিৰিয়াছ দৃশ্যত সামান্য Satire বা Sarcastic শাৰী কিছুমানেও আমাক মন্ত্ৰমুগ্ধ কৰিব পাৰে। ড্ৰামা, আৱেগ, মানৱীয় প্ৰমূল্যবোধ, গীত বা একশ্যন এই আটাইবোৰেই ছবি এখনৰ অবিচ্ছেদ্য অংগ। কিন্তু ব্যঙ্গ কিছু পৃথক। কাহিনীৰ একঘেয়ামী সমান্তৰাল গতিৰ গিয়েৰ সলনি কৰি লাভ কৰা সামান্য “ঝাটকা”টোৱেই ব্যঙ্গ, অৰ্থাৎ কমেডি। “মুন্নাভাই”ৰ কথাৰে ক’বলৈ গ’লে কমেডি বা ব্যঙ্গ এটা “ঝাডু কি ঝপ্পী”!
*****