অনিমন্ত্ৰিত : প্ৰণীতা গোস্বামী বৰঠাকুৰ
কৈশোৰে পদূলি গৰকিবলৈ পালেহে, তয়ো বিনা নিমন্ত্ৰণে মোৰ ওচৰ পালিহি। শৈশৱৰ জপনাখন পাৰ হৈ, কৈশোৰক মই বৰ আগ্ৰহেৰে আকোঁৱালি লৈছিলোঁ, তই আহি সকলো খেলি-মেলি কৰি দিলিহি। মইতো তোক কেতিয়াও ভালপোৱা নাছিলোঁ, কিয় আহিলি তই মোৰ মনটো অশান্তি কৰি থাকিবলৈ!
তই অহাৰ পৰা মই ৰাতিও শান্তিৰে শুব নোৱাৰা হ’লোঁ। তোক ঢাকি ৰাখিবলৈ সকলো সময়তে আবৰি থকা মোৰ আপ্ৰাণ চেষ্টাই মনটোক ফ্ৰি হ’বলৈকে সুবিধা নিদিয়া হ’ল। কি কৰোঁ!… টি ভিৰ বিজ্ঞাপন, ৰাম বাবা, বৈদ্যনাথ সকলোকে আমন্ত্ৰণ জনায়ো তোৰ পৰা ৰেহাই নোপোৱা হ’লোঁ। তোক নাশ কৰিবলৈকে পুৱাতেই খালী পেটতে মায়ে যতনাই দিয়া সেই তিতা-কেঁহা পথ্যও বিনা প্ৰতিবাদে হজম কৰিব লগা হৈছে। নাজানো তই কিয় আমাৰ দৰে কুমলীয়া শৰীৰবোৰক দিগদাৰ দিয়হি।
মোৰ জীৱনলৈ আগমন হোৱা যৌৱনক মই প্ৰাণভৰি ভালপাবলৈ লৈছিলোঁ, মনটোকো সমাজৰ ছাঁ নপৰাকৈ উৰিবলৈ দিছিলোঁ। ইমান যে মাদকতা আছে এই জীৱনটোত! আস্ মনটো পুলকিত হৈ উঠে —-! স্কুলৰ ক্লাচবোৰো কিবা মিঠা মিঠা লগা হৈছে আজিকালি। আগতে পেঞ্চিল-ৰবৰৰ বাবে কাজিয়া কৰা অসুৰকেইটাকো কিবা ভাল লগা হৈছে দেখোন! কাজিয়া কৰিবলৈও মন নোযোৱা হৈছে সিহঁতৰ লগত। অলপ সময় পালেই যেন সিহঁতৰ লগত আড্ডা মাৰিম, এনে লাগে। কিয় হৈছে বাৰু এনেকুৱা! মাজে মাজে মোৰ এই নিমিশাজনীৰ ওপৰতহে বৈদ্দ্য খং উঠা হৈছে। আমাতকৈ তাই অলপ বগা, ধুনীয়া; সেই বুলিয়েই তাই আমাৰ ক্লাচৰকেইটাৰ উপৰি ওপৰ ক্লাচৰ দাদাবোৰৰ পৰাও ইমান পাত্তা পাব লাগেনে!… মুখেৰে নক’লেও তাইলৈ কিন্তু মোৰ বৰ হিংসা হয় জাননে! তয়ো কম নহয়, তাইৰ ঘৰলৈ যাবলৈ হ’লে বাট নেদেখ; আমাৰবোৰৰ ওপৰতহে তোৰ প্ৰভূত্ব দেখাৱ–! সেয়ে তোক মই একেবাৰেই ভাল নাপাওঁ। নখেৰে বাকুহি পেলাম যেন লাগে কেতিয়াবা তোক, তাতো মোৰেই ক্ষতি বুলি জানিহে ৰৈ যাওঁ।
কালি অবন্তিয়ে আহি কৈছিলহি বোলে দুৱৰি বনৰ লগত জালুক পিহি লগালে তই সাত জনমলৈও মোৰ ওচৰলৈ নাহ। শুনি মনটো নাচি উঠিছিল। আজি বন্ধ বাৰ যদিও সোনকালে উঠি মাক সহায় কৰিবলৈ অহা শান্তি বাইক কুটৰি কুটৰি দুৱৰি অলপ উঘলাই জালুকৰ লগত পিহি দিবলৈ খাটনি ধৰিলোঁ। পিহিও দিলে, গা ধোৱাৰ আগতে এলেপন লগালোঁ। দুই মিনিটৰ পাছতে যিটোহে পোৰণি ধৰিলে এৰুৱাই পেলাম যেন লাগিছিল। কিন্তু তোক বিনাশ কৰাৰ উৎফুল্লতাত বহুত ধৈৰ্য ধৰিলোঁ; বৈ যাওক গংগা-যমুনা — আই ড’ণ্ট কেয়াৰ। কেয়াৰ কৰোঁ মাথোঁ তোৰ মুজুৰা পৰা মুখখন চোৱাৰ। উফঃ কি পোৰণি!… আধা ঘণ্টাও ৰাখি থ’ব নোৱাৰিলোঁ—।
কাষৰ আইনাখনেহে মোক উদঙালে—
.. হায়ৈ, এয়া কি হ’ল–! মোৰ মুখখন দেখোন ৰঙা চকলা চকল হ’ল, কাইলৈ কেনেকৈ স্কুললৈ যাম! মাআআ—
ডাঙৰকৈ চিঞৰি মাৰ ওচৰ পালোঁগৈ।
মোক আচৰিত হৈ চোৱা দেখি মাক কি হ’ল আদ্যোপান্ত বিবৰি ক’লত পিঠিত বাঘ ঢকা দুটা মানহে পৰিল।
: দুটামান শালমইনা ওলাওঁতেই তোৰ ইমান ধৰফৰণি লাগিলনে, বয়সত এইবোৰ উঠেই– —
“উৱা…”
মাৰ মুখৰ গালি শুনি তাতে তভক লাগিলোঁ। তাৰমানে একো ডাঙৰ কথা হোৱা নাই–! ইস্ মায়ে কি বুজিব, ইমান যে বেয়া দেখি এইসোপা উঠিলে।
তোৰ নামটোৰ পাছত বাৰু ‘মইনা’ টো কিয় লগালে, তই যে কাৰো মইনা নহৱ দেই। দুই-একে আকৌ তোক ক’ডত
‘পি জি’ (প্ৰেম গুটি) বুলিও কোৱা শুনো। মোৰ কিন্তু তোক এটা নামেৰেও ভাল নালাগে। অনিমন্ত্ৰিত অতিথিৰ দৰে তই আহি একেবাৰে জেলুক লগাদি লাগি ধৰ, এৰা দিয়াৰ নামেই নলৱ যে। তোক খেদাবলৈ কত যে প্ৰচেষ্টা! উফ্!
তোক মই ‘শালমইনা’ ৰ ঠাইত ‘শাল-গুণ্ডা’ নাম দিলোঁ। আমাৰ দৰে বহুতৰ তই ‘জীনা হাৰাম’ কৰি দিছ। তোক নাশ কৰিবলৈ জংগী আন্দোলন এটাৰ বৰ প্ৰয়োজন হৈছে—!
*****
9:10 am
সঁচাকৈ দেই। জীনা হাৰাম কৰি দিয়ে এইকেইটাই। বঢ়িয়া লাগিল বা
10:55 am
বঢ়িয়া
1:00 pm
😂😂😂শালমইনা ৰসাতলে যাওঁক।
2:12 pm
বঢ়িয়া৷