ফুল – ৰাজীৱ ডেকা
পুৱা চকু নেমেলোঁতেই কলিং বেল বাজিল। ঘড়ীত চাৰে আঠ। দুৱাৰ খুলি দেখোঁ অফিচৰ কৰ্মচাৰী নগেন। তাৰ চকুৱে মুখে পাৰ ভাঙি ওলাই আহিব খোজা উৎকণ্ঠা আৰু উচ্ছাহ। সুধিলোঁ,
: কি হ’ল? ইমান পুৱাই যে।
: কিয়! আপুনিয়ে দেখোন ফোন কৰিছিল কালি গধূলি!বস্তুখিনি আনিছোঁ। ফোন কৰাৰ পিছতে কিনি থৈছোঁ।কালিয়েই।
মনত পৰিল যে কালি নগেনক ময়ে ফোন কৰিছিলোঁ। মালিকৰ ঘৰৰ সত্য নাৰায়ণ পূজাৰ ফুলকেইপাহ মালিকে মোকেই যোগাৰ কৰিবলৈ দিছিল। মইনো ক’ত ফুল বিচাৰি যাম! অফিচৰ পিয়ন নগেনকে দায়িত্বটো দিলোঁ। টকা বিশটা দিলেই এসোপা ফুল পুৱাই আনি মোৰ হাতত তুলি দিবহি বুলি নগেনৰ ওপৰত মোৰ বিশ্বাস। এইবোৰ কামত সি ওষ্টাদ!আগতেও মোৰ অনেক সৰু-সুৰা কাম নগেনে কৰি থৈছে।
: ক’ত আছে?
: স্কুটীৰ ডিকিত। দাদা, কিবা প্ৰগ্ৰাম আছে নেকি আজি?
নগেনে সুধিলে।
: মোৰ নহয় অ’। ঘৰৰ মালিকৰ।
: অঅঅঁ। আপোনাৰ নহয় মানে! মই ভাবিছিলোঁ… আপোনাৰ হোৱা হ’লেটো কথাই নাছিল…
তাৰ মুখত অনাহকতে এক শোকৰ ছাঁ বিয়পি পৰিল। মালিকৰ ঘৰৰ প্ৰ’গ্ৰাম বুলি শুনি নিমিষতে জয় পৰি ৰোৱা তাৰ মুখ দেখি মোৰ বুজিবলৈ বাকী নাথাকিল যে মোৰ পূজা বুলি ভাবিহে অতি আন্তৰিকতাৰে সি ফুলখিনি গোটাইছে। মালিকৰ বুলি জনাহেঁতেন ইমান আন্তৰিকতা আৰু তৎপৰতাৰে কামটো নকৰিলেহেঁতেন। নগেনৰ কথাখিনি সম্পূৰ্ণ নহওঁতেই মই পুনৰ সুধিলোঁ,
: কালি গধূলিয়ে কিনিলি যে? কিয়?
: ইমান পুৱাই নাপাম বুলি ভাবিলোঁ দাদা। যিহে দিন কাল সকলো বস্তুৰেই অভাৱ। তাতে আৰু মানুহৰ কমখন খোৱা-কমোৰানে। এই বস্তুবোৰ আৰু য’তে-ত’তে নাপায় নহয় দাদা! আপুনি ফোন কৰাৰ লগে লগেই সেয়ে মই গুচি গৈছোঁ আনিবলৈ! ভাগ্য ভাল যে পালোঁ!
নগেনে ঠিকেই কৈছে। আজিকালি সকলো বস্তুৰেই অভাৱ। আগতে ঘৰৰ পদূলিয়ে পদূলিয়ে ফুল আছিল। আজিকালি নাই। চহৰতো নায়েই! চহৰত যাৰ ঘৰত ফুল আছে তেওঁলোকৰ ঘৰৰ গেটত লিখি থোৱা থাকে- “কুকুৰৰ পৰা সাৱধান।” এই বাক্যশাৰী পঢ়ি উঠিও কোনোবা দুৰ্দান্ত সাহসী ভক্তই ফুল চিঙিবলৈ চৌহদত প্ৰৱেশ কৰিলে ভগৱন নিজেই প্ৰকট হৈ আৱেগিক হৈ ক’ব- “হ’ব বৎস! মোৰ কাৰণে ইমান কষ্ট কৰিব নালাগে। মই সন্তুষ্ট হৈছোঁ তোমাৰ এই দুঃসাহসিক কাৰ্যত!”
: যা যা লৈ আন সোনকালে। অফিচলৈ যাবলৈ ৰেডী হ’বৰ হ’লেই।
নগেনক ক’লোঁ।
একান্ত বাধ্য ছাত্ৰৰ দৰে নগেনেও কোঠাৰ পৰা দৌৰ মাৰি ওলাই গ’ল। তাক সেয়ে ভাল লাগে। কিবা এটা কাম পাচিলে সি নকৰাকৈ নেৰে! অতি উৎসাহেৰে ক্ষন্তেকতে কামটো শেষ কৰে!
অলপ পাছতেই ওঁঠত এটা সুহুৰি লৈ, নতুনকৈ পাখি গজা পখীৰ দৰে হাত মেলি দুই হাতে দুটা ক’লা পলিথিনৰ টোপোলা লৈ আহি নগেনে মোৰ হাতত তুলি দিলেহি। এনে লাগিল যেন সৰগৰ পৰা মেনকাকহে পলুৱাই লৈ আহি মোৰ হাতত অৰ্পন কৰিছে! তেতিয়াও তাৰ ওঁঠত মান্না দেই গোৱা সেই বিখ্যাত অসমীয়া গানটোৰ সুৰ।
পলিথিনৰ অস্বাভাৱিক আকৃতি দেখি টোপোলা দুটা খুলি চালোঁ।
: আৰে এয়া কি আনিলি?
গিলাচত ফিল্টাৰৰ পানী বাকি থকাৰ পৰা ঘূৰি চাই থতমত খাই সি ৰৈ গ’ল। মান্না দেৰ গানৰ সুৰ গুচি তাৰ মুখত প্ৰশ্নবোধক।
: কিয়! ব্ৰেণ্ড পছন্দ হোৱা নাই নেকি দাদা?
: ধেৎ, কি ব্ৰেণ্ডৰ কথা ক’ব আহিছ! মই পূজাৰ কাৰণেহে দুটামান ফুল লৈ আহিব কৈছিলোঁ তোক। মালিকৰ ঘৰত পূজা। ফুলখিনি মালিকে মোকেই যোগাৰ কৰিবলৈ দায়িত্ব দিছিল। ধেৎতেৰী। কি কৰি পেলালি ও!!!
শিল পৰা কপৌৰ দৰে ফিল্টাৰৰ কাষত থিয় হৈ থাকিল নগেন।
: মই কি জানো! জিঅ’ নেটৱৰ্ক বেয়া কাৰণে মই পূজা শব্দটো নুশুনিলোঁ। সেয়ে ‘দুটা ফুল’ আনিব দিয়া বুলি ভাবি আপোনাৰ পছন্দৰ ব্ৰেণ্ডৰ এই ফুল দুটা লৈ আহিলোঁ।
সেমেনা সেমেনি কৰি নগেনে কৈ গ’ল।
মহা বিপাঙত পৰিলোঁ। কি কৰা যায়! শেষত সিদ্ধান্ত এটাকে লৈ পেলালোঁ। নগেন তেতিয়াও একে ঠাইতে। হাতত আধা গিলাচ পানী।
: দে, হ’ব দে। আনিছ যেতিয়া উপায়টো নাই। পেলাইটো দিব নোৱাৰি, এইহেন আকালৰ দিনত। থৈয়ে যা আৰু। আৰু ক’বি আজি মই অফিচ নাযাওঁ। মালিকৰ ঘৰত পূজা।
হ’ব দাদা বুলি কৈ কেইমূহূৰ্তমান সেমেনাসেমেনি কৰি নগেন যাবলৈ ওলাল।
: আৰু শুন। আজি গধুলি এপাক মাৰিবি। মালিকৰ পূজা আছে। বুজিলি।
তাৰ মুখখন আকৌ দুপৰীয়াৰ ৰ’দৰ দৰে জিলিকি উঠিল। এইবাৰ সি পানীখিনি খালে আৰু হ’ব দাদা বুলি কৈ কাঁড় এপাটৰ দৰে ৰূমৰ পৰা ওলাই গ’ল। ওঁঠত তাৰ পুনৰ বাজি উঠিল মান্না দেৰ সেই বিখ্যাত গানটোৰ সুৰ। যোৱাৰ আগতে ফুল দুটাৰ দামটো তাৰ হাতত তুলি দিলোঁ।
ঘৰৰ মালিক বৰ একা-চেকা। কথা কমকৈ কয়। কথা ক’লেও যেন মুখৰ পৰা দুই এখন এশটকীয়া নোটহে ওলাই পৰিব! ল’ৰা-ছোৱালীহাল অসমৰ বাহিৰত থাকে কাৰণে তথাপিও দুই এটা ঘৰুৱা কাম মালিকে মোকেই কৰিব দিয়ে। মেডিচিন আনি দিয়া, ইলেক্ট্ৰিচিটিৰ বিলখন দি অহা আদিকে ধৰি দুই এটা সৰু কাম সময় সুবিধা হ’লে মই কৰি দিও। সেই কাৰণেই পূজাৰ কাৰণে ফুলকেইটা মালিকে মোকেই যোগাৰ কৰিব কৈছিল! ইমান কাম কৰি দিয়াৰ পিছতো কিন্তু মালিকে মোৰ লগত এক সুৰক্ষিত দূৰত্ব বজাই ৰাখে, যাতে সময়ত ভাড়াটো আদায় কৰিব পাৰে। আনকি এদিনো মোৰ ভাড়া ৰূমৰ ভিতৰত প্ৰৱেশ কৰা নাই। কিবা কাম থাকিলে দুৱাৰত নক কৰি বাহিৰৰ পৰা কৈ থৈ যায়।
চেহ! নগেনৰ ওপৰত মই এনেকৈ ভৰসা কৰিব নালাগিছিল! এতিয়া মোৰ কাৰণে যদি পূজাখনত কিবা বিজুতি-বিলম্ব হয়, তেন্তে অতি বেয়া কথা হ’ব। কথাটো ভাবি মোৰ উৱাদিহ নোপোৱাৰ দৰে অৱস্থা হ’ল। কিন্তু সম্মুখত থকা ক’লা পলিথিনৰ পেকেট দুটাত চকু পৰাৰ লগে লগেই মনলৈ এক সন্তুষ্টি আৰু প্ৰশান্তিৰ অনাবিল সৰগীয় মলয়া বৈ আহিল। পলিথিনৰ পেকেট দুটাই দি যোৱা সাহসৰ ওপৰত ভিত্তি কৰিয়েই যি হয় হ’ব বুলি ভাবি ঘৰৰ মালিকৰ নম্বৰ ডায়েল কৰিলোঁ। অপৰাধীৰ দৰে গোটেই ঘটনাটো লাহে লাহে তেখেতক বিবৰি ক’লোঁ।
গোটেই কথাখিনি তেখেতে গম্ভীৰভাৱে শুনিলে। শুনি কিছুসময় তেখেত মৌন হৈ ৰ’ল। সেই কেইছেকেণ্ড মোৰ কেবা শতিকা যেন লাগিল। ফোনৰ সিটো পাৰৰ পৰা মোৰ কাৰণে আহিব ধৰা ভদ্ৰ ভাষাত কেইটামান তিৰস্কাৰমূলক শব্দ শুনিবলৈ মই ৰৈ থাকিলোঁ। তাৰ পিছত লাহে লাহে তেখেতে ক’লে,
: হ’ব দিয়া তেন্তে। উপায়টো নাই। যি হ’ল হ’ল। ফুলিখিনি ময়ে যোগাৰ কৰিম বাৰু।
আৰু কওঁ নকওঁকৈ ক’লে,
: হেৰি নহয়, মানে পূজা শেষ হোৱাৰ পিছত আমি একেলগে তোমাৰ ৰূমত এবাৰ লগ হ’ম দিয়া। নে কি?
*****
2:28 pm
হাঁ হাঁ৷ ভাল লাগিল৷
4:54 pm
বঢ়িয়া
7:57 pm
মজা
8:58 am
😂😂 ভাল লাগিল