ককাৰ মৃত্যু (লেখক : মাৰুফ মহম্মদ) : ভাবানুবাদ : অঞ্জু মহন্ত
মানুহজনে এটা চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে।
মানুহজন এনেয়ে বেয়া নহয়। মিছা কথা এটা দুটা যে নকয় সেয়াও নহয়। অৱশ্যে মিছলীয়া বুলি তেওঁৰ কোনো বদনাম নাই। তথাপিও এটা বিষয়ত তেওঁৰ সম্পৰ্কে অফিচৰ মানুহবোৰৰ সন্দেহ জাগে। বিষয়তো হ’ল সঘনাই ছুটি বিচৰা। এনেয়ে ছুটি লোৱাত কাৰো আপত্তি নাই। অৱশ্যে এটা ছুটিৰ বিষয়ে অফিচৰ মানুহবোৰে অলপ গুঞ্জন তোলে বা ইজনে সিজনৰ মুখলৈ চোৱাচুই কৰে। তিনি বছৰ আগেয়ে মানুহজনে অফিচৰ বৰচাহাবৰ পৰা ককাকৰ মৃত্যু হোৱা বাবে ছুটি লৈছিল। তেতিয়া সেই বিষয়টো লৈ কাৰো মনত তেনেকুৱা একো প্ৰশ্ন উঠা নাছিল। সকলোৱে ঘটনাটো এটা সাধাৰণ ঘটনা বুলি মানি লৈছিল। কিন্তু তিনিবছৰ পিছত আকৌ যেতিয়া ককাকৰ মৃত্যুৰ বাবে বৰচাহাবৰ পৰা ছুটি বিচাৰিছিল তেতিয়াও বৰচাহাবে ছুটি মঞ্জুৰ কৰিছিল। কাৰণ তিনিবছৰ আগৰ ঘটনাটো তেওঁৰ মনত নাছিল। অৱশ্যে মানুহজনৰ লগত এটা কোঠাত বহি যিসকলে কাম কৰিছিল তেওঁলোকৰ কিছুমানেও ঘটনাটো পাহৰি গৈছিল। কাৰণ ককাকৰ লগত থকা সম্পৰ্কৰ কিছু দূৰত্ব আৰু ককাক মানেই বুঢ়া মানুহ, মৃত্যু তেওঁৰ বাবে একো অস্বাভাৱিক ঘটনা নহয় সেইবাবে৷
অৱশ্যে যি দুই এজনৰ ঘটনাটো মনত আছিল তেওঁলোকৰ অলপ সন্দেহ হৈছিল। যিয়েই নহওক, এটা বছৰ পিছত মানুহজনে আকৌ ককাকৰ মৃত্যুৰ বাবে ছুটি বিছাৰিলে। এইবাৰ কিন্তু বৰচাহাবৰ মনত সন্দেহ হ’ল আৰু আনসকলে মিচিকিয়া হাঁহি মাৰি ভাবিলে, ভাল মানুহ বুলি ভাবিছিলোঁ এতিয়াহে গম পালোঁ অতি ধূৰ্ত মানুহ৷ যিয়েই নহওক, বৰচাহাবে দৰখাস্ত হাতত লৈ মানুহজনৰ মুখৰ ফালে চাই তীক্ষ্ণ কণ্ঠেৰে ক’লে, “আপোনাৰ ককা কিমান বাৰ মৰে? যোৱাবছৰ এবাৰ মৰিছিল নহয়!” মানুহজনে ক’লে, “হয় ছাৰ, ঠিকেই কৈছে যোৱা বছৰ মৰিছিল। এইবছৰো মৰিল, ছাৰ আপোনাৰ মনত নাই তিনি বছৰ আগতেও মৰিছিল বৰচাহাবে মানুহজনৰ কথা শুনি থৰ লাগিল। ভাবিলে, কি কয় মানুহজনে! এজন মানুহ তিনিবাৰ কেনেকৈ মৰে।
মানুহজন : ছাৰ মই মিছলীয়া,ধান্দাবাজ, প্ৰতাৰক নহয়। সঁচাকৈয়ে মোৰ ককা মৰিছে, এবছৰ আগতেও মৰিছিল, তিনিবছৰ আগতেও মাৰিছিল এই সকলোবোৰ সঁচা। ইয়াত কোনো ৰহস্য বা ছলচাতুৰী নাই।
বৰচাহাব : মানে?
মানুহজন : ছাৰ আচলতে মোৰ আইতাক গাঁৱৰ মানুহে কয়, পৈয়েকৰ মূৰখাইতী। ভদ্ৰলোকসকলে কয়, অপয়া। কিছুমানে কয়, সুন্দৰী কিন্তু মৃত্যুদূতী।
মানুহে তেওঁৰ সৌন্দৰ্যৰ বাবে পাগল হৈ বিয়া পাতে
আৰু অলপদিন পিছতেই মৰে। এই পৰ্যন্ত তিনিজন ককা মৰিল। নিজৰ আইতা পেলাই দিবওতো নোৱাৰোঁ।
*****