ফটাঢোল

চাৰ্টিফিকেট : আদিত্য জ্যোতি বৰঠাকুৰ

আজি দিনটো তাৰ মনটো কিবা উগুল-থুগুল লাগি আছে ৷ আচলতে যোৱা কেইদিনমানৰপৰা সি সাংঘাতিক মানসিক অশান্তিত কটাইছে।বৰ অদ্ভুদ ধৰণৰ ঘটনাবোৰ ঘটা যেন লাগি আছে তাৰ, বৰ অদ্ভুদ ধৰণৰ সপোনবোৰ দেখি আছে আজি কেইদিনমানৰ পৰা সি ৷

প্ৰায় এসপ্তাহতকৈ বেছি দিন কৰ্মৰ তাড়নাত ঢপলিয়াই ফুৰি আজি মনটো ভাল লাগক বুলি, লগতে পৰিয়ালকো সময় দিয়া হ’ব বুলি আজি সি ঘৰৰ সকলোকে লগত লৈ চহৰৰ দাঁতিকাষৰীয়া “ৰিজৰ্ট”খনলৈ ওলাই আহিছে ৷

ঘৰৰপৰা ওলাওঁতেই তাৰ গাড়ীৰ আগেৰে মেকুৰী এটা পাৰ হৈ যোৱাত তাৰ মূৰটোৱেই গৰম হৈ গ’ল….গাড়ী ৰখাই ৰাস্তাতে থুৱাই মেলি আগবাঢ়িল। মেকুৰীটোৱেও তালৈ বৰ বেয়াকৈ চোৱা যেন লাগিল….আকৌ ৰাস্তাত এটা শালিকা, মুঠতে তাৰ মূৰটো লাহে লাহে বেয়া হৈ আহিল ৷ ঘৰৰপৰা ওলাই “মেইন ৰাস্তা”ত উঠোঁতেই তাহাঁতৰ ঘৰত কাম কৰিবলৈ অহা মানুহজনীক দেখিও সি গাড়ীখন ৰখাই কৈ যোৱাতো দৰকাৰী বুলি নাভাবিলে।হওক, এদিন তাহাঁতৰ ঘৰত কাম নকৰিলেও তাহাঁতৰ একো হানি নহয় ৷

বজাৰৰ ওচৰৰ “ট্ৰেফিক পইণ্ট”টো পাওঁতেই তাৰ ঘৰৰ ওচৰৰ শইকীয়া খুড়াক বাইকত অহা পিলিঙা এটাই খুন্দিওৱা দেখিও তাৰ ৰ’বলৈ মন নগ’ল….মুঠতে দিনটো নষ্ট কৰিবলৈ তাৰ আজি মন নাই….তাতে আক’ হাস্পাতাল, পুলিচ আদিৰ ঝামেলা !!

এঘণ্টা মানৰ “ড্ৰাইভ”ৰ পাছত তাহাঁতি সেই ধুনীয়া আহল-বহল “ৰিজৰ্ট”খন পালেগৈ….দেওবাৰ যদিও তেতিয়ালৈকে মানুহৰ বৰ এটা হেম্‌গেম্‌ হোৱাগৈ নাই….মনৰ পছন্দৰ টেবুল এখনত তাৰ পৰিয়ালটো বহিলগৈ ৷

অলপ সময় বহাৰ পাছতেই তাৰ কিবা কঁপনি এটা অনুভৱ হোৱা যেন লাগিল….ঠিকেই ভূমিকম্পই হয়…লাহে লাহে জোকাৰণিৰ প্ৰাবল্য বাঢ়ি আহিল….ৰিজৰ্টখনত হুৱাদুৱা লাগিল,যি যেনেকৈ আছিল দৌৰাদৌৰি আৰম্ভ কৰি দিলে ৷ তাহাঁতিও দৌৰি গাড়ীত উঠিল…জোকাৰণি মাৰ যোৱাৰ কোনো নামেই লোৱা নাই….সি যিমান বেগেৰে পাৰে সিমান বেগেৰে “ৰিজৰ্ট”খনৰ পৰা ওলাই আহিল…”মেইন্‌ গে’ট”খন পাৰ হৈ ৰাস্তালৈ ওলাওঁতেই গেটৰ কাষত থকা প্ৰকাণ্ড গছজোপা বাগৰি পৰিল ৷

চাৰিওফালে এক বিশৃংখল পৰিবেশ….অ’ত ত’ত ভঙা গছ-গছনি, মানুহ, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ কোৰ্হাল….ভূমিকম্প বন্ধ হ’ল যদিও লগে লগে আৰম্ভ হ’ল প্ৰবল বৰষুণ ৷ ঠিক, আজি অলপ দিনৰপৰা সি দেখি অহা বেয়া সপোনবোৰ যেন তাৰ চকুৰ সন্মুখত ঘটি আছে….সি যেন বুজি উঠিছে কি ঘটিবলৈ গৈ আছে…আৰু ৰোৱাৰ সকাম নাই….কি ঘটিবলৈ গৈ আছে সি জানেই….প্ৰচণ্ড গতিত যিমান পাৰে সাৱধানেৰে সি আগবাঢ়ি গ’ল, সি জানে ক’লৈ যাব লাগিব….সকলো সেই দিশেই ধাৱমান ৷

একদম সপোনবোৰত দেখাৰদৰেই চাৰিওফালৰ অৱস্থা…এইকেইদিন সপোনত দেখি থকা এইখনেই সেইখন…এইখনেই নোৱাৰ (Noa) সেই নাওখন….ইয়াত উঠিয়েই বাচিব লাগিব সিহঁত, বেলেগ কথা ভবাৰ সময় আৰু নাই ৷ ইতিমধ্যেই মানুহ, জীৱ-জন্তু, চৰাই-চিৰিকতি উঠিছেই….খৰধৰ কৰিছে যদিও জীৱ-জন্তুখিনি যথেষ্ট শৃংখলাৰ মাজতে আগবাঢ়িছে…মানুহৰ মাজতহে নাওখনত উঠিবলৈ প্ৰচণ্ড হেতা-ওপৰা, মাৰ-পিত….সিও পাছ পৰি ৰোৱা নাই, মুঠতে নাওখনত পৰিয়ালটোক উঠাব পৰাটোৱেই শেষ কথা, বাকী দুনীয়াৰ লগত তাৰ মতলব নাই….যেনে তেনে আগবাঢ়ি গৈ সি নাৱৰ সন্মুখভাগত ওলালগৈ….আৰু অলপ গ’লেই সিহঁত বাচিবগৈ….বৰষুণ কমাৰ কোনো লক্ষণ নাই, সময়ো হাতত আৰু বেছি নাই….মানুহ, পশু-পক্ষীৰে সন্মুখত আটাইতকৈ ভিৰ বেছি ৷

“আমি জীৱশ্ৰেষ্ঠ মানুহ, আমাক উঠিবলৈ দিয়ক” – হঠাৎ সি চিঞৰি উঠিল…..সি যিমান জোৰেৰে পাৰে চিঞৰিলে….গোটেই পশু-পক্ষীবোৰে তালৈ চাবলৈ ধৰিলে….আৰু সৱেই তালৈ চাই চিঞৰিবলৈ ধৰিলে….যেন প্ৰচণ্ড জোৰেৰে হাঁহি হাঁহি তাক সুধিলে –

“মানুহ ডাঙৰীয়া, এই শ্ৰেষ্ঠত্বৰ চাৰ্টিফিকেটখন আপোনালোকক কোনে দিলে ?”

উচপ খাই উঠিল সি…..ৰাতিও পুৱাইছিল ইতিমধ্যে।

*****

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *