ফটাঢোল

ফটাপ্ৰশ্ন

(১)কমলা দাস:

গৰুৰ নিচিনাকৈ মানুহৰো নেজ এডাল থকা হ’লে কি কি সুবিধা আৰু অসুবিধা হ’লহে‍ঁতেন?

উত্তৰঃ-
প্ৰথমতে এনে এটা গুৰুত্বপূৰ্ণ সামাজিক সমস্যাৰ ওপৰত প্ৰশ্ন উঠোৱা বাবে আপোনাক ধন্যবাদ জনাইছোঁ‌। আজিৰ দিনত নেজ নথকাসকলে নেজ থকাবিলাকতকৈয়ো অধইচ ব্যৱহাৰ প্ৰদৰ্শন কৰা দেখা গৈছে। দুটাকৈ সুবিধা আৰু অসুবিধা তলত দিয়া হ’ল,

সুবিধা

– মহ মাখি খেদিবলৈ হাত ব্যৱহাৰ নকৰিলেও হ’ব।

– কবি সকলে নাৰীৰ ৰূপ বৰ্ণনা কৰিবলৈ আৰু এটা অংগ বেছিকৈ পাব।


অসুবিধা

– স্কুলত “চাৰ ! পিছৰ বেঞ্চৰ পৰা বিজয়ে মোৰ নেজডাল টানি আছে “——ধৰণৰ কমপ্লেইন আহিব।

– দৰ্জীৰ খৰছ বাঢ়িব…ইত্যাদি।


(২) জয়ন্ত কুমাৰ ডেকা:

‘ত‌ই’ সম্বোধন খুবেই আপোনজনৰ ক্ষেত্ৰত অথবা বিপৰীতজনক নিজতকৈ তুচ্ছ গণ্য কৰিবলৈ ব্যৱহৃত হয়। ম‌ই কোৱা নাই , অগ্ৰজসকলৰ মুখত শুনি ডাঙৰ হৈছো।প্ৰশ্নটো হৈছে আজিকালিৰ অধিকাংশ অসমীয়া পিতৃ-মাতৃয়ে নিজৰ সন্তানক ‘ত‌ই’ৰ স্থানত ‘তুমি’ সম্বোধনত বেছি প্ৰাধান্য দিয়ে ( বিশেষকৈ ছোৱালী সন্তানক )।মানে আপোন বুলি নলয় নেকি?

আৰু দ্বিতীয়তে সততে শ্ৰম মৰ্যাদাৰ কথা কোৱাসকলে পাচলি বজাৰৰ যুৱ ব্যৱসায়ীক ( যি সম্প্ৰদায়ৰে নহ‌ওক, নাৰী বা পুৰুষো কথা নাই ) যেতিয়া ‘ত‌ই’ সম্বোধন কৰি দৰ-দাম কৰি থাকে,তেতিয়া সেইজনক আপোন বুলি লয় নে নিজতকৈ তুচ্ছ বুলি লয়?

উত্তৰঃ- ‘তই’ অলপ গণ্ডগোলীয়া শব্দ।কেতিয়াবা আপোন বুলি ভাবি মাতিলে শুনোতাজনে তাৰ তুচ্ছ্যাত্মক ভাৱটোহে গ্ৰহণ কৰিব পাৰে। তেনেহ’লে ঘৰৰ ৰাজকুমাৰ ৰাজকুমাৰীসকল কেনেবাকৈ অফেণ্ডেড হৈ ৰোহ ঘৰত সোমাই যাব পাৰে। গতিকে ‘তুমি’ চলাই থকা হয়, তাত এই সন্দেহটো নাই।

৩) শ্ৰুতিমালা মিশ্ৰ:

এই যে আমাৰ চাৰিওফালে লগনীয়া প্ৰজাতি এচাম থাকে, ইটোৰ কথা সিটোৰ আগত লগায়, এই কামটোৰদ্বাৰা তেওঁলোকে কি এনেকুৱা আনন্দ পায় বাৰু ?

উত্তৰঃ- আনৰ ঘৰত জুই লগাই দি আঁতৰৰপৰা চাই থকাৰ যি আনন্দ, সেয়াই পায় আকৌ!

৪)নয়নজ্যোতি বৰঠাকুৰ:

“তিনিশ ষাঠিজোপা ৰুবা কল,
মাহেকে-পষেকে চিকুণাবা তল ।
পাত পচলা লাভত খাবা,
লংকাৰ বাণিজ্য হাততে পাবা।”

ইমান কলগছ ৰুই বাৰী চিকুণাই কেৱল পচলা খালেই লংকাৰ বাণিজ্য হাতত কিদৰে পায় বাৰু?আৰু এতিয়া সেই লংকাত বাণিজ্য কৰিলে আৰৱপতি হ’ব পাৰিমনে ?

উত্তৰঃ নহয় হে, পাত পচলা ব’নাচ বুলিহে কৈছে, আচলি ইনকাম কল আৰু কলডিলৰপৰাহে আহে। খাৰ বনালেও বিক্ৰী হ’ব। সেয়ে গোটেই অসমখন কিনি কল লগাব পাৰিলে আৰৱপতি হোৱাৰ সম্ভাৱনা নোহোৱা নহয়, তিনিশ ষাঠিজোপাৰে নহ’ব।

*****

2 Comments

  • বঢ়িয়া । ফটহু কাই । এইবাৰ মই কল ৰুমেই ৰুম । মোৰ আৰৱপতি হোৱাৰ যুগ পৰিল আৰু দেই ।

    Reply
  • কমলা দাস

    মজা লাগিল উত্তৰ বোৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *