ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা : শংকৰজ্যোতি বৰা

সংখ্যাটোৰ আাঁৰৰ কথা খিনি প্ৰায় প্ৰতিটো সংখ্যাতে একে ধৰণৰ হয়৷মই দায়িত্ব লৈয়ে ভাবিছিলো এইবাৰ সংখ্যাৰ আঁৰৰ কথাখিনি অলপ বেলেগকৈ লিখিবলৈ চাম৷ ভবা নাছিলো,সছাকৈয়ে বেলেগ ধৰণেৰেই লিখিব লাগিব৷

জানুৱাৰী সংখ্যাটো সম্পাদনা কৰিব লাগিব বুলি ৰিন্টুদাই পূজাৰ সময়তে কৈ থৈছিল৷ মই নিজেও সাজু হৈছিলো৷ হঠাৎ দেউতাৰ আকস্মিক অসুখৰ বাবে দেউতাৰ লগত ব্যস্ত হৈ যাব লগা হ’ল৷ তাৰ পিছত মাৰ্চৰ কোনোবা এটা দিনত ৰিন্টুদাৰ ফোন৷ এপ্ৰিলত কাম কৰি মে’ সংখ্যাটো সম্পাদনা কৰিব লাগিব৷ ময়ো একো নভবাকৈ হ’ব বুলি কৈ থলো৷ গ্ৰুপত ঘোষণা কৰাৰ লগতে দেবজিতে মে’ সংখ্যা আলোচনীৰ হোৱাটছ এপ গ্ৰুপটোত সুমুৱাই দিলে৷ বিহু,মাৰ অসুখ আৰু অফিচৰ ব্যস্ততাৰ বাবে বিছ তাৰিখ কেতিয়া পালেহি গমেই নাপালো৷ কৰাৰ ভিতৰত লেখা বিচাৰি দুজনমানৰ লগত ফোনতে যোগাযোগ মাত্ৰ৷ বিছ তাৰিখে সম্পাদকৰ হাতত মাত্ৰ দুটা লেখা৷ টেনচন আৰম্ভ হৈ গ’ল৷ আকৌ এটা ৰাউণ্ড তাগিদা মৰা আৰম্ভ কৰিলো৷ মই মানুহক বৰকৈ জোৰ কৰি থাকি ভাল নেপাওঁ৷ মোকো কোনোবাই জোৰ কৰি থাকিলে ভাল লালাগে৷ এইটো স্বভাৱে ক্ষতিও কৰিছে নিজৰ বহুত৷ বিশেষকৈ চিনাকি কেইজনৰ ওপৰত বিশ্বাস আছিল অন্ততঃ মোক নিৰাশ নকৰে বুলি৷ প্ৰায় খিনিয়ে মোৰ বিশ্বাস ৰাখিলে৷ মইও জানো লেখা এটাত নিজৰ ভাৱ শব্দৰে সজাই পৰাই পাঠকলৈ আগবঢ়াই দিয়াতো ভুকুতে কল পকা ধৰণৰ কেতিয়াও নহয়৷ লগতে লেখকৰ নিজা আত্মসন্তুষ্টিৰ কথাও থাকে৷ যিয়েই নহওক.মোৰ অনুৰোধ ৰাখি আলোচনীলৈ লেখা পঠোৱা সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনালো৷ আজীৱন কৃতজ্ঞ হৈ ৰলো৷

প্ৰত্যেক বাৰ সংখ্যাৰ আঁৰৰ কথা পঢ়িলেই মোৰ সম্পাদনা সমিতিৰ লগত জড়িত সকলোলৈ শ্ৰদ্ধা সদায় বাঢ়ি যায়৷ কিহৰ তাড়নাত নিজৰ সময়,চিন্তা আদিৰে এই মানুহ খিনি আলোচনী খনৰ লগত জড়িত৷ মানসিক সন্তুষ্টিৰ বাহিৰে একো ব্যক্তিগত লাভালাভ নথকাকৈ এইসকলে যিখিনি এই আলোচনী খনৰ বাবে দিছে,সময়ে তেওঁলোকক নিশ্চয়কৈ স্বীকৃতি দিবই লাগিব৷ অন্তৰৰে সকলোলৈ প্ৰনিপাত জনাইছো৷

দুজনমানৰ নাম উল্লেখ কৰিব বিছাৰিছো৷ আলোচনী খন ৰিন্টুদাৰ নিজৰ মানসপুত্ৰৰ দৰে৷ কেনেকৈ নিজৰ সন্তানৰ দৰে আৰম্ভণিৰ পৰা এতিয়ালৈকে লালন পালন কৰি সগৌৰৱেৰে আজিৰ অৱস্থা পোৱাইছেহি আলোচনীখনৰ লগত জড়িত সকলোৱে জানে৷ ৰিন্টুদা যদি দেউতাক,অভিজিত কলিতা দা আৰু হেমন্ত কাকতি দা আলোচনীখনৰ বাবে বৰডেউতাকৰ দৰে অভিভাৱক৷ দুয়োলৈকে প্ৰনিপাত জনাইছো৷

দেৱজিৎ শৰ্মা আলোচনীখনৰ বাবে নিজৰ আইৰ নিচিনা৷ মাকে যেনেকৈ কেছুৱাৰ পৰা নিজৰ সন্তানক ডাঙৰ দীঘল কৰি নিজে খুটি খাব পৰা কৰে,দেবজিতেও তেনেকৈ প্ৰতিটো সংখ্যাতে আৰম্ভণিৰ পৰা আলোচনী খন ৰাইজে পঢ়িব পৰা হোৱালৈকে প্ৰতি দিশত চকু দি আলোচনীখন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে৷ দেবজিত নাথাকিলে যিকোনো সম্পাদকৰ নাজল নাথল অৱস্থা হোৱাটো খাটাং৷ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো দেবজিতলৈ৷

সাক্ষাৎকাৰৰ বাবে অলপ টেনছন হৈ গৈছিল৷ আকস্মিক প্ৰস্তুতিৰে অতি কম সময়তে সাক্ষাৎকাৰ গ্ৰহণ কৰি সহায় কৰি দিয়া বাবে অঞ্জন সাধনিয়াৰ দাদা আৰু জিমনি গগৈক বহুত বহুত ধন্যবাদ জনালো৷ লগতে এই সাক্ষাৎকাৰটো লিখিত ৰূপত প্ৰস্তুত কৰাত সহায় কৰা ভাতৃ সঞ্জীৱ ভট্টাচাৰ্য আৰু নয়নমনি হালৈলৈকো অশেষ কৃতজ্ঞতা৷

এখন হাত ভঙাৰ পিছতো বাওঁহাতেৰ মবাইলত লিখি নিজৰ পচিশতম চিনেমা খন লিখি আলোচনীলৈ দিয়া বাবে ডলীকো বিশেষ ভাবে ধন্যবাদ জনাইছো৷

অলংকৰণত ধুনীয়া কভাৰ ফটোখন অকাৰ লগতে এটা সুন্দৰ প্ৰবন্ধও লিখি ককায়েকক দিয়া বাবে ভনী আৰাধনা বৰুৱাকো বহুত বহুত ধন্যবাদ জনাইছো৷

ভাতৃ চন্দন বড়িক ধন্যবাদৰ লগতে আগন্তুক যুৰীয়া জীৱনৰ বাবেও বহুত বহুত শুভেচ্ছা৷ যোগেশ ভট্টাচাৰ্য,ধন্যবাদ নিদিওঁ৷ সোনকালেই লগ পাম৷

আলোচনী খনৰ আচল কামটোৱেই হ’ল বৰ্ণাশুদ্ধি৷ এইক্ষেত্ৰত সহায় কৰা প্ৰনীতা গোস্বামী বৰঠাকুৰ বা,চাবিনা,ৰিমজিম বৰঠাকুৰ আৰু পৰিস্মীতা গগৈক বহুত বহুত ধন্যবাদ জনালো৷

সময়ৰ মূৰামূৰিৰ বাবে দূটামান লেখাৰ বৰ্ণাশুদ্ধি দেৱজিতে চিনাকি কাৰোবাৰ জৰিয়তে কৰাই আনিছে৷ নাম নজনা সেই সকললৈকো অশেষ কৃতজ্ঞতা৷

ৰাজশ্ৰী শৰ্মা,বন্ধু দিগন্ত ভট্টাচাৰ্য,ভাস্কৰজ্যোতি দাস,ভাস্কৰজ্যোতি শৰ্মা আদিসকলে দি থকা উৎসাহ,ভনী নীলাক্ষিয়ে দি থকা সাহসৰ বাবে চিৰ কৃতজ্ঞ৷

সৰ্বশেষত আলোচনীখনৰ লগত জড়িত সম্পাদনা সমিতিৰ সমুহ সদস্যৰ লগতে আলোচনীখনৰ লগত আৱেগিক ভাৱে জড়িত সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছো৷ ফটাঢোলৰ এই যাত্ৰা অসমীয়া ব্যংগ সাহিত্যৰ পৃথিৱীখনত সদায় যুগমীয়া হৈ থাকক, তাৰে আশা ৰাখি সামৰিছো৷

*****

Leave a Reply

Your email address will not be published. Required fields are marked *