ফটাঢোল

সমPity নিদৰ্শন : নাজিফ হাজৰিকা

১৯৬৮ চন।

তাহানিৰ দিনৰ কথা কৈছোঁ। তেতিয়া মই ডেকা বয়সৰ আছিলোঁ। ধনশিৰি নদীৰ পাৰত আমাৰ গাঁওখন।
আমি গাওঁ‌খনৰ মানুহবোৰ মিলা-প্ৰীতিৰে ধুনীয়াকৈ বসবাস কৰিছিলোঁ।

পিছে আমাৰ ডেকা ল’ৰাখিনিৰ মাজত দুটা ভাগ আছিল। এচাম ল’ৰাই ফুটবল খেলে, আৰু আনটো চামে ক্ৰিকেট খেলে।

ফুটবল খেলাকেইটাই বেলেগকৈ প্ৰেক্টিছ কৰে আৰু ক্ৰিকেট খেলাকেইটাই বেলেগকৈ প্ৰেক্টিছ কৰে। গধূলি সদায় ল’ৰাখিনিয়ে এঘণ্টাকৈ প্ৰেক্টিছ কৰে।

খেলৰ সময়খিনিত এই দুইটা চাম কিন্তু সাংঘাতিক শত্ৰু। কেনেবাকৈ ফুটবলটো গৈ যদি ক্ৰিকেট ground -ত পৰে, হৈ গ’ল আৰু! তৰ্কাতৰ্কি, কাজিয়া আৰম্ভ হৈ যায়। ঠিক তেনেকৈ ক্ৰিকেটৰ বল গৈ যদি কেতিয়াবা ফুটবল ফিল্ডত পৰে, বছ্! কাজিয়া আৰম্ভ হৈ যায়।

মুঠতে নিজৰ নিজৰ খেল, নিজৰ নিজৰ ভাগে।

খেলৰ সময়ত ল’ৰাখিনি সাংঘাতিক serious। কোনো এটা পক্ষই সিটো পক্ষৰ মানুহক সোমাবলৈ দি খেলটো চেডেলি ভেদেলি কৰিব নিদিয়ে।

এই এঘণ্টা খেলৰ সময়খিনি বাদ দি কিন্তু বাকী সময়খিনিত দুইপক্ষৰ ল’ৰাই মিলিজুলি থাকে। চাকৰি একেলগে কৰে, ব্যৱসায় একেলগে কৰে, খেতি-বাতি একেলগে কৰে, আনন্দ-ফুৰ্তি একেলগে কৰে, মুঠতে সব একেলগে কৰে। মাত্ৰ খেলৰ সময়ত এঘণ্টা বহুত serious হৈ যায়।

এনেকৈয়ে দিনবোৰ পাৰ হৈ যায়। প্ৰজন্মৰ পিছত প্ৰজন্ম পাৰ হৈ যায়।

২০২২ চন।

আমি বুঢ়া হ’লো। মোৰ বয়স ৭৫ পাৰ হৈ গ’ল।

আজিকালি আমাৰ গাঁৱৰ ল’ৰাবোৰ নিশকতীয়া হৈ পৰিল। সিহঁতে না ভালকৈ ফুটবল খেলে, না ক্ৰিকেট খেলিব পাৰে। খেলা-ধূলাৰ প্ৰতি সিহঁতৰ ৰাপ নাই ইমান।

ইহঁতৰ মগজত আজিকালি এটা নতুন পোক সোমাইছে। সেইটো হৈছে “সম্প্ৰীতিৰ নিদৰ্শন দেখুওৱা”।

মই আকৌ আজিকালি গধূলি গধূলি লাখুটিডাল লৈ অলপ খোজ কাঢ়ো। আজিও খোজ কাঢ়ি আছিলোঁ। তেনেতে দেখিলোঁ‌ সিফালৰপৰা তিনিটা ল’ৰা আহি আছে।

এটাৰ গাত ক্ৰিকেটৰ ড্ৰেচ, আনটোৰ গাত ফুটবলৰ হাফপেন্ট আৰু জাৰ্চি। আৰু এটাৰ হাতত DSLR কেমেৰা এটা।

মই সুধিলোঁ,

: ক’লৈ যাৱ অ’ তহঁত?

: Photoshoot কৰিবলৈ যাওঁ আমি।

: কিহৰ photoshoot অ’ ?

: সম্প্ৰীতিৰ নিদৰ্শনৰ। সি ক্ৰিকেটৰ ড্ৰেচ পিন্ধি ইফালৰপৰা আহিব, ই ফুটবলৰ জাৰ্চি পিন্ধি সিফালৰপৰা আহিব। তাৰ পিছত ইটোৱে-সিটোক সাৱটি ধৰিব। তেতিয়াই photo এখন মাৰিম। “সম্প্ৰীতি”ৰ ধুনীয়া নিদৰ্শন হ’ব।

: ধুৰ্ মক্কেল! যা যা , ভাগ ইয়াৰপৰা।

সিহঁত পলাল।

অলপ দূৰ খোজ কাঢ়ি গৈ গৈ ৰাজহুৱা খেলপথাৰ পালোঁগৈ। দেখিলো ল’ৰা দুটামানে ফুটবলৰ পেনাল্টি বক্সৰ মুখত ফুটবল এটা আৰু ক্ৰিকেট বেট এখন লৈ কিবা কিবি কৰি আছে। হাতত ম’বাইল লৈ লৈ Video -ও কৰিছে। মই ওচৰ গৈ পাই সুধিলোঁ,

: কি কৰিছ ঔ তহঁতে?

: Videography কৰিছোঁ ককা।

: কিহৰ videography ?

: সম্প্ৰীতিৰ নিদৰ্শনৰ।

: সম্প্ৰীতি? ক্ৰিকেট বেটখন লৈ ইয়াত কি কৰিছ?

: মানে ককা, পেনাল্টি shoot সাধাৰণতে ভৰিৰে মৰা হয়। কিন্তু আমি এটা নতুন concept কৰিছোঁ‌। পেনাল্টি shoot -টো ভৰিৰে নহয়, ক্ৰিকেট বেটেৰে মাৰিম। দুইটা খেলৰ মাজত ধুনীয়া “সম্প্ৰীতি” show হ’ব। নতুন Concept ককা।

: বাপেৰৰ মূৰটো কৰিছ তহঁতে। ভাগ ভাগ ইয়াৰপৰা।

এইবুলি লাখুটি ডাল জোকাৰিলো। গোটেইকেইটা পলাই পত্ৰং দিলে।

আকৌ অলপ দূৰ গৈ দেখিলোঁ‌,

ফুটবল খেল এখন চলি আছে।

ম’বাইল, DSLR , ষ্টেণ্ড লৈ ল’ৰা দুটামান videography কৰাত ব্যস্ত। খেলপথাৰৰ বাহিৰত বেলেগ এটা ল’ৰাই ক্ৰিকেটৰ পেড , গ্লোভছ , হেলমেট পিন্ধি ready হৈ আছে।

মই ওচৰ পাই সুধিলোঁ,

: কি চলিছে অ’ ইয়াত?

: Short ফিল্ম এখন কৰিছোঁ‌ ককা।

: কিহৰ short ফিল্ম অ?

: “সম্প্ৰীতিৰ নিদৰ্শন”ৰ ফিল্ম।

: মানে ?

: মানে ককা, ফুটবল খেল চলি থকাৰ মাজতে ৰেফাৰিয়ে ব্ৰেক দিব। ল’ৰাবোৰ ভাগৰে-যুগৰে ফিল্ডত বহি পৰিব। তেনেকুৱাতে পানীৰ বটল লৈ , ক্ৰিকেটৰ পেদ , গ্লোভছ , হেলমেট পিন্ধি সি সোমাই যাব ফিল্ডৰ মাজলৈ। আৰু সকলো খেলুৱৈকে সি পানী খুৱাই দিব।

আমি বেকগ্ৰাউণ্ডত এটা ধুনীয়া music দি দিম।

সমাজলৈ এটা ধুনীয়া “সম্প্ৰীতি”ৰ মেছেজ যাব।

: এনেই বাৰু তহঁত আধা পাগল নে পুৰা পাগল?

: মানে ককা?

: হেৰৌ, পানী খুৱাবলৈ হেলমেট, গ্লোভছ, পেদ পিন্ধি যোৱাটো মূৰ্খই হ’ব লাগিব ন!

: নহয় মানে ককা, আমি সমাজলৈ “সম্প্ৰীতি”ৰ মেজেছ এটাহে …..

: চুপ, জধামূৰ্খহঁত। ভাগ ইয়াৰপৰা। চাল্লা “সম্প্ৰীতিৰ নিদৰ্শন”ৰ নামত ফুটবল-ক্ৰিকেট দুইটাৰে জান খাই দিলি তহঁতে। ভাগ . . .

গোটেইকেইটা পলাল সেইখিনিৰপৰা।

মই লাখুটিডাল লৈ লাহে লাহে আগবাঢ়ি গৈ থাকিলোঁ। মুখেৰে ভোৰ ভোৰাই গ’লোঁ,

“সম্প্ৰীতি বোলা বস্তুটো photoshoot, videography, short ফিল্মত নাথাকে হেৰৌ। বুকুত থাকে বুকুত। আৰু সেইটো দেখুৱাবলৈ গৈ খেলকেইটা বৰ্বাদ নকৰিলেও হয়। গজমূৰ্খহঁত . .”

*****

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *