পাপন : যোগেশ ভট্টাচাৰ্য
: অ’ই আমি এইবাৰ বেলেগকৈ বিহু পাতিম?
চানা ভজাৰ পেকেটটোত থকা অৱশিষ্টখিনি মুখত বাকী দি চোবাই চোবাই বিপুলে ক’বলৈ ধৰিলে। নতুনকৈ বনোৱা সৰু দলংখনৰ সৰু আদ্দাটোত উপস্থিত থকা আটাইকেইজনে তাৰ কথাত হয়ভৰ দিলে যদিও বিষ্ণুৰ চকুত প্ৰশ্নবোধক চিন এটা দেখা গ’ল। পেকেটটো সি বিপুলৰ হাতৰ পৰা লৈ নিজৰ মুখত বাকী দিয়াত দুটা ফলা বুট তাৰ জিভাৰ আভ্যন্তৰীণ ভাগত পৰিলগৈ। সেই দুটাকেই তিনিবাৰমান চোবাই গিলি বিষ্ণুৱে ক’লে,
: বিহু পাতিম বুলিলেই পাতিব পাৰিবি নেকি? পইচা নালাগিব?
: পইচা আহি যাব। চান্দা তুলিবহে লাগে, হৈ যাব।
বিপ্লৱে বিষ্ণুৰ হাতৰ পৰা চানাৰ পেকেটটো লৈ জোকাৰি চাই একো নাপাই হাতেৰে মোহাৰি পেলাই দি ক’লে।
: চান্দা তোলা ইমান সহজ কাম বুলি ভাবিছ? দুলালদাহঁতৰ লগত যোৱাবাৰ বিহুত চান্দা তুলিবলৈ মই গৈছিলোঁ। আৰে ভাই, কেইঘৰমানে চান্দাৰ নাম শুনিলে এনেকুৱা কৰে যেন আমি কিডনি বিচাৰিহে গৈছোঁ। শইকীয়া খুড়াই চাৰিদিন বিচাৰি যোৱাৰ পিছত পঞ্চাশ টকা দিছিল। হাজৰিকা খুড়াৰ আকৌ লগত কেচ পইচা কোনোদিনেই নাথাকে। গুগুল পে কৰি দিম বুলি কয়, কিন্তু মোবাইলটো উলিয়াই কয়, “নেটৱৰ্ক বেয়া আজি, কাইলৈ আহিবা।” তেনেকৈ তিনিদিন যোৱাৰ পিছত পয়ত্ৰিশ টকামান গুগুল পে কৰি দিয়ে। গতিকে এনেকুৱা মানুহৰ পৰা চান্দা তুলি বিহু পাতিব পৰাটো একপ্ৰকাৰ পৰমবীৰ চক্ৰ পাবলগীয়া সাহসিকতাৰ কাম। সেইবাবে মোৰ কথা শুন, আগৰ দৰে দুলালদাহঁতৰ লগতেই একেলগে পাতোগৈ ব’ল।
দুলালৰ নাম শুনি বিপুল জাঙুৰ খাই উঠিল।
: না না ভাই, দুলালদাহঁতৰ লগত বিহু পতাৰ কথা নক’বি। লাগিলে বিহু নাপাতোৱেই, কিন্তু সিহঁতৰ লগত বিহু পাতি বহুৱা বনিবলৈ ইচ্ছা নাই আৰু।
: কিন্তু একেটা চুবুৰিতে দুখনকৈ বিহু পাতিলে ৰাইজে আপত্তি নকৰিব জানো? দুটাকৈ বিহু পাৰ্টিক চান্দা দিব জানো?
: সেইবিলাক মোৰ ওপৰত এৰি দে তহঁতে। চান্দা তোলা কাম মোৰ। তহঁতে মাত্ৰ হাতে কামে লাগি দিলেই হ’ল।
: এই বিপুলে এইবাৰ দুলালদাহঁতৰ লগত বিহু পাতিবলৈ খোজা নাই কিয়?
নিপুৱে ভাটৌৰ কাণত ফুচফুচাই সুধিলে।
চুবুৰীটোৰ সকলো খবৰ নখদৰ্পণত ৰখা আৰু অকণো ভুল নোহোৱাকৈ কোনোবাই কোৱা কথা ক’ৰবাত শুনি আহি সলসলীয়াকৈ কৈ দিব পৰা গুণৰ বাবে ভাটৌ নাম পোৱা ভবেনে নিপুৰ কাণত ফুচফুচাই ক’লে,
: বিপুল আৰু দুলালদাৰ মস্ত ফাইট।
: কিহৰ ফাইট ঔ? চান্দা তুলি ৰোৱা পইচাৰ ভাগ নাপালে নেকি বিপুলে?
: নহয় ঔ, দুলালদাৰ ভনীয়েকক বিপুলে বাইকত উঠাই নিয়া দেখি দুলালদাই দম দিলে তাক।
: আচ্ছা, এইটো কেচ। তাৰমানে সি পাৰ্চনেল মেটাৰৰ বাবে বেলেগকৈ বিহু পাতিব ওলাইছে?
: অকল সেইটোৱেই নহয় ৰ। যোৱাবাৰ কমিটিৰ মানুহ বুলি কৈ সি দহজনী ছোৱালীৰ বাবে দহখন চকী বুক ৰাখিছিল। পিছত দুলালে নিজৰ অঙহী বঙহীক সেই দহখনত বহুৱালে। ঠিয় হৈ ফাংচন চাবলগীয়া হোৱাত বিপুলক ছোৱালীকেইজনীয়ে কৈছিল সি হেনো এনেই কমিটিত আছে। আচলতে সি হেনো দুলালৰ লগুৱাহে। সেইটো কথাতে খং তাৰ।
: ঐ, তহঁতে কি ফুচফুচাই আছ?
বিপুলে নিপু আৰু ভবেনৰ পিনে এক প্ৰকাৰৰ নেতাসূচক চাৱনিৰে চালে।
: নাই মানে তাকেই আলোচনা কৰি আছোঁ যে বিহুৰ কালেকচন কেনেকৈ কৰিব পাৰোঁ।
: অঁ, কালেকচনেই মেইন। দুলালদাহঁতৰ লগত থাকিলে লাভ বুলি নিমন্ত্ৰিত অতিথিয়ে এৰি থৈ যোৱা গামোচাকেইখনহে ভাগত পাওঁ।
: হয় দে, ঠিক কৈছ। সেই সস্তীয়া পলিষ্টাৰৰ গামোচাৰে গা মচিলে গা খজুৱাই। ইমান খহটা গামোচা যে গালত অলপ জোৰে ঘহি দাড়ি খুৰাবই পাৰি। আমাক কামত ঠিকেই খটুৱাই, লাভৰ ভাগ হ’লে নিদিয়ে।
: সেইবাবে আমি নিজে বিহু পাতিম এইবাৰ।
: ঠিক আছে, বুজিলোঁ। কিন্তু পইচাৰ কালেকচন কেনেকৈ হ’ব?
: চব হৈ যাব। তহঁতে মাত্ৰ মই কোৱাৰ দৰে কৰি যাবি।
বিহুলৈ এমাহ থাকোঁতেই বিপুলহঁতে মানুহৰ ঘৰে ঘৰে চান্দা উঠাবলৈ গ’ল। দুই এঘৰে দহ বিশ টকা দিলে যদিও বেছিভাগেই সিহঁতক চান্দা নিদিলে। দুখন বিহুৰ বাবে দুবাৰকৈ চান্দা কোনে দিব? দুলালহঁতৰ বিহুৰ আৰ্টিষ্ট ভাল হয়৷ যোৱাবাৰ টিকটকত গান গোৱা অতিথি শিল্পী আনিছিল দুলালে। সেইখনত চান্দা দিবলৈ এৰি নতুনকৈ বিহুৰ আয়োজন কৰা বিপুলহঁতক চান্দা কিয়নো দিব মানুহে?
চান্দা উঠোৱাত বিফল হৈ বিপুলে এটা বুধি পাঙিলে। বিহুলৈ পোন্ধৰদিনমান থাকোঁতেই বিপুলৰ নিৰ্দেশত সিহঁতে সৰু ফিল্ড এখনৰ ঘাহ-বন চাফ কৰি ৰেডি কৰিলে। সন্ধিয়া কেৰম এখন লৈ সিহঁতে ফিল্ডৰ সোমাজত টিনপাত দি সাজি উলিওৱা চালিখনৰ তলত কেৰম খেলিবলৈ লাগি গ’ল। কেৰম দেখি খেল চাবলৈ কিছু মানুহ সিহঁতৰ চাৰিওফালে গোট খালে। কিন্তু চালিখনৰ খুটাত ওলোমাই থোৱা সৰু পেষ্টাৰখন দেখিহে মানুহবোৰৰ চকু কপালত উঠিল। পোষ্টাৰখনত লিখা আছিল,
(এইবাৰৰ বিহুৰ মুখ্য আকৰ্ষণ: PAPON)
পোষ্টাৰ দেখি শইকীয়াই সুধিলে,
: তোমালোকে দুলালহঁতৰ লগত বিহু নাপাতা নেকি এইবাৰ?
: নাই খুড়া, আমি বেলেগকৈ পাতিম। কিন্তু বৰ ডাঙৰকৈ পাতিবহে নোৱাৰিম। দেখিছেই নহয়, অকমানি ফিল্ডখন ভাগত পৰিছে আমাৰ।
: এহ, কি কোৱাহে। যিজন শিল্পী মাতিছা, ধেমালি নেকিহে? বিহু ভাল হ’ব তোমালোকৰ। মানুহেই মানুহ হ’ব।
: পিছে খুড়া মানুহ বহুৱাবলৈ ঠায়েই নাই আমাৰ। চকী ভাৰাত আনিবলৈয়ো পইচা নাই। কালেকচন ভাল নহয়। আপোনালোকৰ খুড়ীয়ে তিনিদিন ফিৰালে আপুনি ঘৰত নাই বুলি কৈ।
: ধেই, তোমালোকে ঘৰে ঘৰে চান্দা বিচাৰি কিয় যোৱা? মই মানুহখিনিক কৈ দিম, তোমালোকক ইয়াতে আহি চান্দা দি যাব। মই এতিয়াই পাঁচশ টকাৰে বহনি কৰি যাওঁ। অসুবিধা হ’লে আৰু অলপ দিম। চকী মেজ যি লাগে হীৰেনৰ টেণ্ট হাইচৰ পৰা আনিবা, মই তাক কৈ দিম আধা পইচা ল’বলৈ। আৰু হেৰি, মানে সন্মুখৰ সাতখনমান চকী মোৰ নামত বুক কৰি থ’বা। বিহু বুলি খুলশালী দুজনী আৰু ল’ৰা-ছোৱালী দুহাল আহিব আমাৰ ঘৰলৈ।
: হ’ব খুড়া, ধন্যবাদ। এইবাৰ আপুনি দিনৰ ভাগত আমাৰ বিহুত থাকিব। গামোচা এখনেৰে সম্বৰ্ধনা জনাম আপেনাক। নে দুলালহঁতৰ বিহুলৈ যাব?
: নাই নাই, দুলালহঁতৰ প্ৰতিবছৰ সেই একেজনেই আৰ্টিষ্টক কোনে চাবলৈ যাব? তোমালোক নতুন ল’ৰাবোৰক আমি সহায় নকৰিলে দেশৰ প্ৰগতি কেনেকৈ হব?
শইকীয়া যোৱাৰ পিছত আৰু বহুতো লোকে কেৰম খেল চাবলৈ আহি ‘PAPON’ বুলি লিখা পোষ্টাৰ দেখি নিজেই চান্দা দি থৈ গ’ল। ৰাতি দহ বজাত সিহঁতে নগদ বাইশ হেজাৰ চাৰিশ আশী টকা গণিলে। পিছদিনা অঞ্চলটোত বিপুলৰ নাম ৰৈ বৈ গ’ল। সিহঁতৰ অঞ্চলটোৰ দৰে সৰু ঠাই এডোখৰৰ বিহু মঞ্চত পাপনক অনাটো ধেমালি কথা নহয়। পাপনক ওচৰৰ পৰা চাবলৈ, সম্মুখৰ চিট পাবলৈ যিয়ে যেনেকৈ পাৰে বিপুলহঁতৰ কেৰম খেলা নতুন আদ্দালৈ নিজে গৈ চান্দা দি আহিবলৈ ধৰিলে। এজন তৰ্জাৰ দোকানীয়ে চালিখন ভাঙি এটা তৰ্জাৰ ক্লাবঘৰ বনাই দিলে। যোৱাবাৰ বিপুলে চিট দিব নোৱাৰা বাবে তাক দুলালৰ লগুৱা বুলি কোৱা ছোৱালীকেইজনীয়েও ৰাস্তাত দেখিলে হাঁহি মাৰি ‘বিপুল দা ক’লৈ যায়’ বুলি মাত লগোৱা হ’ল। এক কথাত ক’বলৈ হ’লে দুদিন আগৰ ‘ধদুৱা বিপুল’ এতিয়া সকলোৰে ‘মৰমৰ বিপুল’ হৈ পৰিল।
: এইবাৰ দুলালদাহঁতে তিনিদিনৰ সলনি এদিনতে বিহু সামৰিব বোলে।
কৃষ্ণই আহি বিপুলক খবৰটো দিলে।
: বেটাহঁতৰ চান্দা উঠা নাই এইবাৰ। মানুহে আমাকেই বেছিকৈ চান্দা দিছে। এইবাৰ দুলালে গম পাব কাৰ লগত লাগি লৈছে। সি তিনিদিন বিহু পাতিয়েই গোটেই বছৰটো বিহু কমিটিৰ চেক্ৰেটেৰী বুলি লেবেল দিয়ে। চল্লিশৰ ওপৰ হ’ল তাৰ বয়স, তথাপি কি চেনী দিয়ে চাবিচোন। আৰু ছোৱালীবোৰেও বিয়াই সবাহে তাকেই বেৰি ধৰে, বিহুত নাচিবলৈ গাবলৈ চান্স পাবলৈ। হেৰৌ তহঁতে যাক “দুলাল দা ইমান ধুনীয়া চাৰ্ট পিন্ধিছে” বুলি চেনী দিয় সি তহঁতৰ খুড়াৰ বয়সৰ। টাইমত বিয়া পতাহেঁতেন তাৰ জীয়েকে তহঁতৰ ক্লাছত একেলগে পঢ়িলেহেঁতেন।
: হ’ব ৰচোন, ইমান গৰম নহ’বি। এইবাৰটো আমাৰ পকেট গৰম। গতিকে মাথা ঠাণ্ডা ৰাখ আৰু এইটো ভাব যে পাপনক কেনেকৈ আনিবি? অকল পোষ্টাৰত লিখিলেই নহ’ব ন।
: সেইটো মোৰ ওপৰত এৰি দে। তহঁতে মাত্ৰ মই কৰিবলৈ কোৱা কামৰ অলপো হেৰফেৰ নকৰিবি।
: ঠিক আছে, এতিয়া কি কৰোঁ ক।
: বিহু কেনচেল বুলি ঘোষণা কৰি দে।
: আৰে, কি কৈছ? চান্দাসোপা তুলিলোঁ যে।
: ঘূৰাই দিম বুলি ক’বি। বাজেট কম হৈছে বুলি ক’বি। পেণ্ডেল ষ্টেজৰ বাবে পইচা নোজোৰে।
: মিচামিচি কষ্ট কিয় কৰিলোঁ পইচা ঘূৰাই দিব লাগে যদি?
: মোৰ কথামতে কৰ। পইচা ঘূৰাই দিব লগা নহয়, ওলোটা লাভহে হ’ব আমাৰ।
কথামতে কাম। মনোজ আৰু ভবেন ভাটৌৱে সন্ধিয়া প্ৰচাৰ কৰি দিলে বাজেটৰ বাবে বিহু কেনচেল বুলি। পিচদিনা গাঁৱৰ মানুহে সিহঁতৰ আদ্দাত ভীৰ কৰিলে।
: ভাইটি, বিহু কেনচেল নকৰিবা। লাগিলে আমি আৰু অলপ পইচা উঠাও। পাপনৰ লগত চেল্ফি উঠিম বুলি আমাৰ মাকে জীয়েকে নতুন কাপোৰ কিনিছে। কিবা এটা কৰা।
মহন্ত ঠিকাদাৰে বিনয়ৰ সুৰেৰে ক’লে।
: ভাইটি, টেণ্টৰ বস্তুৰ খৰছ নালাগে মোক। তুমি মাত্ৰ ষ্টেজৰ যোগাৰ কৰা।
টেণ্ট হাউচৰ মালিক হীৰেণে ক’লে।
: চাওক খুড়া, আপোনালোকে আৰু পইচা উঠালেও ষ্টেজ আৰু লাইটৰ পইচা নুজুৰিব। চাউণ্ড চিষ্টেমতেই এসোপা টকা গ’ল আমাৰ। গতিকে মই ভাবিছোঁ যে বিয়াত দৰা কইনাই বহা সৰু ষ্টেজ এখনেই লঁও, হীৰেণ খুড়াই যদি আমাক কমতে দিয়ে যদি।
: কমত কিয় ল’বা? ফ্ৰীতে ল’বা যোৱা। মোৰ ছোৱালীজনীক মাত্ৰ পাপনৰ লগত চেল্ফি এটা উঠাই দিয়াৰ ব্যৱস্থা কৰি দিবা।
: অ, তেনেকৈ হ’লে ভালেই। আৰু ডিস্কো লাইটৰ খৰছখিনি বাদ দি পেকেট লান্সৰ ব্যৱস্থা কৰোঁ। সৰু সৰু বাল্ব লগাই দিলেও পোহৰ হ’বই। আমি গান শুনিবহে লাগে। চাউণ্ড চিষ্টেম বঢ়িয়া চাই আনিছোঁ।
: হ’ব হ’ব ভাইটি। বিহু ফাংচন কেনচেল নকৰিবা।
বিহুৰ দিনা বিপুলহঁতৰ ফাংচনত মানুহ নধৰা হ’ল। দুলালহঁতে নিজৰ নিজৰ পৰিয়াল আৰু দুই এজন আলহি অতিথিৰে দিনতে বিহু সামৰিলে। সন্ধিয়া দুলালহঁতে নিজেও অলপ দূৰৈত ঠিয় হৈ ৰ’ল একমাত্ৰ পাপনক চাবৰ বাবে।
অৱশেষত ৰাইজৰ উৎকণ্ঠাৰ অন্ত পেলাই সাত বজাত বিলাসী গাড়ী এখনত উঠি পাপন আহি পালে। আহিয়েই বিশেষ কথা নোকোৱাকৈ পাপনে এটাৰ পিছত আনটো জনপ্ৰিয় গান গাবলৈ ধৰিলে। সাতটামান গান গোৱাৰ পিছত পাপন যাবলৈ ওলাল। বিপুলে বিহুৰ ভিআইপিকেইজনৰ, অৰ্থাৎ বেছিকৈ চান্দা দিয়াকেইজনৰ ঘৈণীয়েক জীয়েকহঁতক পাপনৰ লগত ফটো উঠাৰ ব্যৱস্থাও কৰি দিলে। ৰাতি সকলোৱে বিপুলক ভূয়সী প্ৰশংসা কৰি ঘৰমুৱা হ’ল।
পিছদিনা পুৱা বিপুলহঁতে ৰৈ যোৱা সত্তৰহেজাৰ টকা নিজৰ মাজত ভগাবলৈ ক্লাবত গোট খালে। ভবেনে সুধিলে,
: সঁচা কথা ক ভাই বিপুল, পাপনক কেনেকৈ যোগাৰ কৰিলি? আৰু পাপনক পইচা দিয়াৰ পিছতো ইমান টকা কেনেকৈ ৰৈ গ’ল?
: হে হে, সেইটো পাপন নাছিলেই। পাপনৰ ডুপ্লিকেটহে আছিল। পাপনক মাতিবলৈ ডাঙৰ ডাঙৰ বিহু কমিটিৰেই সামৰ্থ নাই। মই মাত্ৰ ভাৰাত অনা গাড়ীখনৰ বাবেহে দহ হেজাৰ খৰচ কৰিছোঁ।
: আৰে কি ক ভাই, ইমান একেই দেখাত।
: অলপ পাৰ্থক্য আছে। ভালদৰে চালে গম পায়। সেইবাবে মই লাইট বেছিকৈ লগোৱা নাই আৰু ষ্টেজখনো চাপৰ কৰিছোঁ, যাতে সহজে মানুহে ধৰিব নোৱাৰে। তাক সেইবাবে মই চানগ্লাছ খুলিবলৈ মানা কৰি দিছোঁ।
: কিন্তু পাপনৰ দৰে একেই গাইছে যে?
: ধেই, সি একো গোৱা নাই। সি মাত্ৰ ওঁঠ লৰাইছে। অৰিজিনেল পাপনৰ গানেই পেন ড্ৰাইভৰ পৰা চাউণ্ড বক্সত বাজি আছিল।
: যদি ধৰা পৰিলহেঁতেন?
: আৰে ধৰা নপৰে, সি টিকটকত ওঁঠ লৰাই গান গাই ঘাগু হৈ গৈছে।
: চেল্ফিবোৰ যে লৈছে চবেই, তাতে যদি গম পাই কোনোবাই?
: চি এফ এলৰ পোহৰত দামী দামী অপ্প’ ভিভ’ ফোনকেইটাইও ক্লিয়েৰ পিকচাৰ উঠাব নোৱাৰে। তথাপি ধৰা পৰিলে বেকআপ প্লেন আছে মোৰ।
“কি প্লেন?” বুলি সুধিব নাপালেই ভবেনে, ক্লাবৰ সম্মুখত চাৰিজন মানুহ গোট খালে। তাৰ পিছত আৰু পাঁচজনমান। আৰু লাহে লাহে গাৱৰ সকলো মানুহ গোট খালে।
: ভাইটি তুমি কালি পাপনৰ গান শুনাম বুলি আমাক ঠগিলা।
: মই ক’ত ঠগিলোঁ?
: কালিৰজন যে পাপন নাছিল আমি গম পাইছোঁ ।
: কেনেকৈ গম পালে?
: আমাৰ ছোৱালীয়ে গম পাইছে।
: চেল্ফি তোলা ফটো চাই গম পাইছে?
: নহয়, ফটোতটো ধৰিবই নোৱাৰি। কিন্তু কালি পাপনৰ বেলেগ ঠাইত প্ৰগ্ৰেম আছিল। আমাৰ ছোৱালীয়ে টিভিত দেখিছে। দুখন ঠাইত একেজন পাপন কেনেকৈ থাকিব পাৰে?
: আচ্ছা, আমাৰ বিহুত অহাজন পাপন বুলি আপোনালোকক কোনে কৈছিল?
: তুমিয়ে কৈছিলা।
: মই নিজে মুখেৰে কৈছিলোঁনে?
: নাই, পোষ্টাৰত তেনেকৈ লিখিছিলা।
: হয় নেকি? ভালদৰে চাওকচোন।
শইকীয়াই ক্লাবৰ বাহিৰত লগাই থোৱা পোষ্টাৰখন আকৌ এবাৰ পঢ়িলে।
( মুখ্য অতিথি : BAPON)
: অ, ইয়াতচোন পাপন নহয়, বাপনহে লিখা আছে।
: তেনেহ’লে মই কেনেকৈ ঠগিলোঁ আপোনালোকক? মইটো এবাৰো পাপনৰ নাম মুখেৰে লোৱা নাই। আপোনালোকে নিজেই আহি চান্দা দি গৈছে।
: হ’লেও, পাপন বুলি বাপনৰ গান শুনালা।
: গান শুনি বেয়া পাইছে?
: নাই, গান ভালেই গাইছে।
: ফটোত দেখি গম পায় নেকি পাপন নহয় বুলি?
: গম তেনেকৈ নাপায়।
: তেনেহ’লে কি প্ৰব্লেম আছে? মানুহক দেখাবহে আপুনি পাপনৰ লগত ফটো উঠা বুলি। কোনেনো প্ৰমাণ বিচাৰিব?
: হ’লেও।
: আচ্ছা, অহাবাৰ জুবিনক মাতিম বিহুত, হ’বনে?
: সঁচাকৈ জুবিনক মাতিবা ন?
: গেৰাণ্টি। জত উকাৰে জু, বত ইকাৰে বি আৰু দন্ত্য ন। লিখি লওক লাগিলে।
: না, না, তোমাৰ ওপৰত বিশ্বাস আছে আমাৰ। এইবাৰ আমাৰ পোষ্টাৰ পঢ়োঁতে ভুল হ’ল। হেঃহেঃ। তোমাৰ একো ভুল নাই। চান্দাটো আজিয়েই দি যাম নেকি?
: নালাগে যাওক। অহাবাৰ দিলেই হ’ব।
মানুহবোৰ যোৱাৰ পিছত ভবেনে সুধিলে,
: পাপন গুচি বাপন কেনেকৈ হ’ল?
: আৰে P ৰ তলত ব্লেক টেপ মাৰি B বনাই থৈছোঁ ৰাতিয়েই।
: আৰু অহাবাৰ জুবিনক কেনেকৈ মাতিবি? এইবাৰ নিজ মুখে বানান জোটাই জুবিন বুলি কৈছ তই।
: জুবিন গাৰ্গ বুলিটো কোৱা নাই। এইজন চা, জুবিন কলিতা।
এইবুলি বিপুলে পকেটৰ পৰা কাগজ এখন উলিয়াই দেখুৱালে। সাইলাখ জুবিন গাৰ্গৰ দৰে দেখিবলৈ, মাত্ৰ চুলিখিনি অলপ মিলাই কাণফুলি আৰু ডিঙিত চেইন পিন্ধাই দিলে নকল বুলি ধৰাৰ সাধ্য নাই কাৰো।
*****
11:30 am
ভাল ঠগালে/বৰ্ণালে দেই বিহুৰ বতৰত। যেনে দৰ্শক তেনে কলাকাৰ। চৰম নিদৰ্শন। ধন্যবাদ।
1:05 pm
কি বদমাছ! মজা৷
1:31 pm
😂😂,বৰ বদমাছ হে
1:39 pm
কি সাংঘাতিক বুদ্ধি। হাঃ হাঃ হাঃ
পঢ়ি বহুত ভাল লাগিল।
3:49 pm
ধেৎ তেৰি! মজা লাগিল কিন্তু
7:44 pm
এএএ মজাআআআ।
12:07 am
মজা৷
1:18 am
বাম্পাৰ৷ মজা লাগিল৷ অহাবাৰ জুবিনৰ লগত চেল্ফী উঠিবলৈ যাম৷
8:08 pm
এনে বুদ্ধি!
9:08 pm
হা হা কি চালু ৰে
7:24 am
মজা লাগিল