সম্পাদকীয় : শংকৰজ্যোতি বৰা
দুদিনমান আগৰ কথা৷ আমাৰ গাঁৱৰ বিহুখনৰ বিহুৱতী প্ৰতিযোগিতা চলি আছিল৷ তাত বিচাৰকে বিহুৱতীক সোধা প্ৰশ্ন এটাত নতুন কথা এটা জানিবলৈ পালোঁ৷ সন্ধ্যাৰ সমাৰ্থক 'গধূলি' শব্দটোৰ অৰ্থ৷ যেতিয়া পথাৰৰ পৰা আবেলি গৰুৰ পালটো গাঁৱলৈ ওভতাই আনে, তেতিয়া জাক জাক গৰুৰ খোজত বাটৰ পৰা ধূলি উৰে৷ গো আৰু ধূলি, একেলগে গোধূলি বা গধূলি৷ আজিৰ গৰুৰ পাল নেদেখা ল'ৰা ছোৱালীয়ে এইটো নজনাটো মানি ল’ব পাৰি, মোৰ দৰে বয়সীয়া এটাই নজনাটো নিজেই মানিব নোৱাৰি৷ তেতিয়াই ভাবিছোঁ, আচলতে আমি কিমান জানো, কিমান শিকিছোঁ৷ মোৰ দৰে পঢ়ি ভালপোৱা ল'ৰা এটাই নিজৰ ভাষাৰ ইমান ধুনীয়া শব্দ এটাৰ অৰ্থই ভালকৈ নাজানো৷ ইমানদিনে নিজৰ মাতৃভাষাৰ বিষয়ে বহুত জানো বুলি থকা মোৰ দম্ভও তাতেই শেষ৷ বিখ্যাত মনিষী ব্ৰেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, “জ্ঞানৰ অন্বেষণেই এজন ব্যক্তিৰ প্ৰকৃত উপাৰ্জন৷“
জ্ঞানৰ অন্বেষণে এজন মানুহক আত্মবিশ্বাসী কৰি তোলে৷ এটা উদাহৰণ দিওঁ৷ উপৰোক্ত বিহুতলীখনৰে ঘটনা৷ জ্যোতিসংগীতৰ প্ৰতিযোগিতা চলি আছিল৷ প্ৰতিযোগীজনৰ বয়স মাত্ৰ এঘাৰ বছৰ৷ বিচাৰকৰ আসনত আমাৰ নগাঁৱৰ দুজন বিখ্যাত সংগীতজ্ঞ৷ যিকেইজনৰ সংগীতৰ দখলৰ ওপৰত কাৰো সন্দেহ নাই৷ শ্ৰদ্ধাৰ আৰিফুল হক আৰু দীপক শৰ্মা৷ কণমানিটোৱে গাই থকাৰ মাজতে দীপক শৰ্মা চাৰে তেওঁক ৰখালে৷ গানটোৰ লয়, তাল, মান (এই দিশত অমুকা সম্পূৰ্ণ অজ্ঞ) আদিৰ বিষয়ে কৈ এনেকৈ কিয় গাইছা, কোনে শিকাইছে বুলি সুধিলে৷ কণমানিটোৰ নিৰ্ভীক উত্তৰ, ইউটিউবত চাই শিকিছোঁ৷ তেখেতৰ নিচিনা এজনে এনেকৈ প্ৰশ্ন সুধিলে মঞ্চত থকা যিকোনোৰে কঁপনি উঠিব৷ কণমানিটোৰ উত্তৰ শুনি তেখেতে ইউটিউবত সকলো সঠিককৈ নাথাকে, তোমাৰ গুৰুৰ পৰা ভালকৈ শিকি ল’বা বুলি ক’লে৷ কথা সিমানতে শেষ হ’ব লাগিছিল, কিন্তু নহ’ল৷ কণমানিটিয়ে তেখেতক ওলোটাই ধৰিলে৷ তাৰ মতে গণশিল্পী শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱে গানটো এইটো মাত্ৰাতে গাইছে৷ সি নিজে ইউটিউবত শুনিছে৷ মণ্ডপত থকা সকলো হতবাক৷ বিচাৰক দীপক শৰ্মা চাৰে নিজে ইউটিউবত গানটো শুনি কণমানিটোৰ লগত সহমত প্ৰকাশ কৰিলে৷ লগতে ইমানদিনে সুধাকণ্ঠৰ কণ্ঠত এই গানটো নুশুনা বাবে আক্ষেপো কৰিলে৷ কণমানিটোৰ আত্মবিশ্বাসক প্ৰশংসা কৰি নতুন কথা এটা শিকোৱা বাবে তাক ধন্যবাদো জ্ঞাপন কৰিলে৷ মনত কিমান আত্মবিশ্বাস থাকিলে এটা কণমানিয়ে কেইবাশ মানুহৰ আগত নিজৰ বিশ্বাসক এনেদৰে প্ৰকাশ কৰিব পাৰিব৷ সংগীতৰ ওপৰত থকা তাৰ জ্ঞানেই তাক আত্মবিশ্বাসী কৰি তুলিছে৷ গানটো আছিল শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটা অনুপম সৃষ্টি, “আমাৰে সখীয়া আকুল বিয়াকুলে, সপোনৰ হাঁহিটি চায়৷“
জ্ঞান আৰু আত্মবিশ্বাসে এজন ব্যক্তিক জীৱনত সফল হোৱাত সহায় কৰে৷ এতিয়া সফলতা মানেনো কি? একদম সহজ ভাবে ক'বলৈ গ’লে, ইপ্সিত বস্তু এটা সময় মতে পোৱাটোৱেই সফলতা৷ আজিৰ যুগত এইটোৱেই পৰম সত্য৷ সফলতা বা প্ৰাপ্তি সকলোৱে পাইনে?গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈ গৈছে, “সময়তকৈ আগত আৰু ভাগ্যৰ বিনা অনুমতিত কোনেও একো লাভ কৰিব নোৱাৰে৷“ তেতিয়াহ’লে আমি সকলো এই প্ৰাপ্তি বা সফলতাৰ মোহত ইমান বলিয়া কিয়? আচাৰ্য্য চানক্যই কৈছিল, “সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বাহিৰে আন ৰাস্তা নাই৷“ আচলতে নিজৰ লক্ষ্য ঠিক কৰি লৈ সেইটো পাবলৈ কৰা নিৰন্তৰ প্ৰচেষ্টাই প্ৰাপ্তি৷ প্ৰাপ্তিৰ মাত্ৰা সন্তুষ্টিৰ ওপৰত৷ কোনোবাই সাত মহলীয়া অট্টালিকা এটা বনাই যিটো সন্তুষ্টি লাভ কৰিছে, কোনোবাই এচলীয়া খেৰৰ ঘৰ এটা বনায়ো একেই সন্তুষ্টি লাভ কৰিছে৷ প্ৰচেষ্টাৰ পিছতো নোপোৱাতো মই বা আমি পাব লগা বস্তু নাছিল বুলি মানি ল'ব পৰাটো বা সেইটো লাভ কৰিবলৈ নতুন উদ্যমৰে পুনৰ প্ৰচেষ্টা লোৱাটোৱেই প্ৰাপ্তিৰ বাট৷
সম্পাদকীয় লিখিবলৈ লৈ জ্ঞান আৰু আত্মবিশ্বাসৰ কথাই কিয় মনলৈ আহিছে৷ ফটাঢোলৰ সন্মানীয়সকলৰ আজ্ঞাক সন্মান জনাই দায়িত্ব ল'লোঁ হয়, তাৎক্ষণিকভাৱে বুজি উঠিলোঁ যে এনেকুৱা মানদণ্ডৰ আলোচনী এখন সম্পাদনা কৰিব পৰাকৈ জ্ঞান আৰু আত্মবিশ্বাস দুয়োটাতে মই পুতৌলগাকৈ দুখীয়া৷ তথাপিও দায়িত্ব ল'লোঁ যেতিয়া সাধ্যানুসাৰে প্ৰয়াস কৰিছোঁ৷ প্ৰথমেই আলোচনীখনলৈ লেখা পঠোৱা সকলক অন্তৰেৰে ধন্যবাদ জনাইছোঁ৷ সম্পাদনা সমিতিৰ সকলোলৈকেও বহুত বহুত ধন্যবাদ৷ এই সময়চোৱা জীৱনৰ এক অন্যতম প্ৰাপ্তি হৈ ৰ’ব৷ ৰৈ যোৱা ত্ৰুটিখিনিৰ বাবে সকলোৰে ওচৰত মাৰ্জনা বিচাৰিছোঁ৷ ফটাঢোল গ্ৰুপ আৰু ফটাঢোল আলোচনীখন এতিয়াৰ দৰেই সদায় সকলোৰে বাবে হাঁহিৰ কাৰক হৈ থাকক৷ হাঁহক, হহুঁৱাওক আৰু জীৱনতো উপভোগ কৰক৷
জীৱন জিন্দাবাদ৷
সম্পাদক৷
11:30 am
জীৱন জিন্দাবাদ
9:39 am
জীৱন জিন্দাবাদ ভাতৃ৷
1:15 pm
এটা শব্দতে ক’লোঁ । বঢ়িয়া !
9:40 am
ধন্যবাদ৷
2:08 pm
ভাল লাগিল, শংকৰ দা ।
9:41 am
ধন্যবাদ ভাতৃ৷
2:28 pm
বহুত ধুনীয়াকৈ কৰিলা৷
9:42 am
ধন্যবাদ দাদা৷
2:50 pm
সম্পাদকীয়টো পঢ়ি ভাল লাগিল দাদা
11:57 pm
সম্পাদকীয় শিতানত এইবাৰ বাৰুকৈয়ে সুকীয়া অনুভৱ, জ্ঞান অন্বেষণ আৰু আত্মবিশ্বাসৰ মিলন ।
9:43 am
ধন্যবাদ ভন্টী৷
3:05 pm
সম্পাদকীয়টো বহুত ভাল লাগিল৷
9:44 am
ধন্যবাদ ভনী৷
4:08 pm
সুন্দৰ অনুভব।ভাল লাগিল সম্পাদকীয়টো পঢ়ি।
9:46 am
ধন্যবাদ ঋতু৷
4:27 pm
ভাল লাগিল শংকৰ
10:48 pm
ধন্যবাদ দাদা৷
11:53 pm
ভাল লাগিল সম্পাদকীয়টো৷
9:46 am
ধন্যবাদ দাদা৷
5:40 am
নতুন কিবা এটা শিকিলো সম্পাদকীয় পঢ়ি, ভাল লাগিল ককাইদেউ!!
9:48 am
ধন্যবাদ ভাতৃ৷
8:19 am
জ্ঞান আহৰণৰ তেনেদৰে কোনো বয়স নাই, সফলতা আহৰনো থিক তেনেকুৱা ই। কিন্তু কৰ্ম কৰি হোৱাটোৱেই আমাৰ ধৰ্ম। সমাজৰ বিভিন্ন স্তৰৰ বিভিন্ন দায়িত্ব পালন কৰি অহা তোমাৰ লেখনিৰ অভিজ্ঞতাৰ চানেকি দেখা যায়। এই ধাৰাত তোমাক দেখি বৰ সন্তোষ পাওঁ।
9:49 am
ধন্যবাদ বন্ধু৷
10:44 am
ভাল লাগিল।
6:49 pm
সম্পাদকীয় বৰ সুন্দৰ হৈছে।বৰ দৰকাৰী কথাকেইটামান উল্লেখ কৰিলে।অহঙ্কাৰ থাকিলে জ্ঞান আহৰণ কৰিব নোৱাৰে।সেয়ে আনে দেখুৱাই দিয়া ভুল সহৃদয়েৰে গ্ৰহণ কৰি কৃতজ্ঞতাহে প্ৰকাশ কৰিব লাগে।অযথা তৰ্ক-বিতৰ্ক সদায় জ্ঞানলাভৰ ক্ষেত্ৰত প্ৰবল বাধা হৈ থিয় দিয়ে।
6:56 pm
গকদম সঠিক কথা৷সম্পাদকীয় পঢ়ি ভাল পাইছে বুলি গম পাই সন্তোষ পালো৷
11:19 am
ভাল লাগিল বন্ধু ৷ লিখি থাক ৷
11:20 am
ভাল লাগিল বন্ধু ৷ লিখি থাক ৷
2:01 pm
শংকৰ দা আপোনাৰ সম্পাদকীয়টো পঢ়ি খুৱ ভাল লাগিল ৷ কলমৰ যাত্ৰা দীৰ্ঘম্যাদী হওঁক